অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

মীৰা (১৯৪৫ চলচ্চিত্ৰ)

মীৰা ১৯৪৫ চনৰ ভাৰতীয় তামিল ভাষাৰ এখন ঐতিহাসিক সংগীতপ্ৰধান চলচ্চিত্ৰ, যাৰ পৰিচালনা এলিছ আৰ ডুংগানে কৰিছিল। প্ৰযোজনা টি সদাশিৱমৰ আৰু ৰচনা কল্কি কৃষ্ণমূৰ্তিৰ। ষোড়শ শতিকাৰ ৰহস্যবাদী আৰু কবি মীৰাবাঈৰ জীৱনৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে।

হালনাগাদ: ৩১ মাৰ্চ ২০২৫ ১৬৬ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

মীৰা ১৯৪৫ চনৰ ভাৰতীয় তামিল ভাষাৰ এখন ঐতিহাসিক সংগীতপ্ৰধান চলচ্চিত্ৰ, যাৰ পৰিচালনা এলিছ আৰ ডুংগানে কৰিছিল। প্ৰযোজনা টি সদাশিৱমৰ আৰু ৰচনা কল্কি কৃষ্ণমূৰ্তিৰ। ষোড়শ শতিকাৰ ৰহস্যবাদী আৰু কবি মীৰাবাঈৰ জীৱনৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে।১

সদাশিৱমে এনে এখন চিনেমা নিৰ্মাণ কৰিব বিচাৰিছিল, যাৰ দ্বাৰা তেওঁৰ গায়িকা পত্নী এম এছ চুব্বালক্ষ্মীৰ সংগীত সাধাৰণ মানুহৰ বাবে উপলব্ধ হ’ব। সেয়েহে তেওঁ এটা ভাল কাহিনী বিচাৰিবলৈ ধৰিলে; চুব্বালক্ষ্মীয়ে মীৰাৰ কাহিনী বাছি লৈছিল।২৩ মাদ্ৰাজৰ নিউটন ষ্টুডিঅ’ত ছবিখনৰ নিৰ্মাণ আৰম্ভ হৈছিল যদিও বিশ্বাসযোগ্যতা আৰু ঐতিহাসিক শুদ্ধতা বজাই ৰাখিবলৈ প্ৰধানকৈ উত্তৰ ভাৰতৰ জয়পুৰ, বৃন্দাবন, উদয়পুৰ, চিতোৰ আৰু দ্বাৰকা আদি ঠাইত চিত্ৰগ্ৰহণ কৰা হৈছিল।৪

১৯৪৫ চনৰ ৩ নৱেম্বৰ, দীপাৱলীৰ দিনা মুক্তি পোৱা মীৰা সমালোচনা আৰু ব্যৱসায়িকভাৱে এক বৃহৎ সফলতা লাভ কৰে। ইয়াৰ হিন্দী ডাব সংস্কৰণ এটা নিৰ্মাণ কৰা হয়, য'ত কেইটামান দৃশ্য পুনৰ শ্বট কৰা হয় আৰু দুবছৰৰ পিছত ২১ নৱেম্বৰ ১৯৪৭ত৫ মুক্তি দিয়া হয় আৰু সফলতাও লাভ কৰে। হিন্দী সংস্কৰণে চুব্বালক্ষ্মীক ৰাষ্ট্ৰীয় চেলিব্ৰিটি কৰি তোলাৰ পিছতো অভিনেত্ৰী হিচাপে এইখন তেওঁৰ শেষ ছবি। তাৰ পিছত তেওঁ কেৱল নিজৰ সংগীত কেৰিয়াৰত মনোনিৱেশ কৰাৰ সিদ্ধান্ত লয়।৬

তথ্যসূত্ৰ

  1. ↑ Guy, Randor. (16 July 2015). Overshadowed by peer. দ্য হিন্দু
  2. ↑ Guy, Randor. (7 January 2002). She danced her way to stardom. দ্য হিন্দু
  3. ↑ (1945). மீரா. Chandraprabha Cinetone
  4. ↑ Devika Bai, D. (11 May 2014). Tamil classics from American director. New Straits Times
  5. ↑ Raman, Mohan V. (16 September 2016). In Only Five Films, M.S. Subbulakshmi Made Her Way to the Stars. The Wire
  6. ↑ Seshan, A. (11 September 2015). When M S Subbulakshmi brought Meera to life. Business Standard

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ নাৰী সম্পৰ্কীয় চলচ্চিত্ৰতামিল চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মীৰা (১৯৪৫ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৫০০৪৭৪ (৩১ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।