ভাৰতৰ নাৰী সম্পৰ্কীয় চলচ্চিত্ৰ
২০৬ প্ৰবন্ধ
-
উৎসৱ (চলচ্চিত্ৰ)
উৎসৱ ( Utsav ) ১৯৮৪ চনত শশী কাপুৰৰ প্ৰযোজনা আৰু গিৰীশ কৰ্ণাডৰ পৰিচালনাত নিৰ্মিত এখন হিন্দী এৰোটিক ড্ৰামা ছবি। শুদ্ৰকৰ মৃচ্ছকটিকম নাটকৰ আধাৰত নিৰ্মিত এই ছবিখন। ইয়াৰ হিন্দী আৰু ইংৰাজী ভাষাত একেলগে চিত্ৰগ্ৰহণ কৰা হৈছিল। ইংৰাজী সংস্কৰণৰ পোষ্ট প্ৰডাকচনৰ কাম লণ্ডনত কৰা হৈছিল।
-
এক চালিছ কি লাষ্ট লোকেল
এক চালিছ কি লাষ্ট লোকেল ( Ek Chalis Ki Last Local ) ২০০৭ চনৰ সঞ্জয় খাণ্ডুৰীৰ পৰিচালনাত নিৰ্মিত বলীউডৰ এখন দুঃসাহসিক কমেডী থ্ৰিলাৰ, য'ত অভয় দেওল আৰু নেহা ধুপিয়াই অভিনয় কৰিছে। ২০০৭ চনৰ ১৮ মে'ত ছবিখন মুক্তি পায়।
-
ওৰু নল্লা নাল পাথু সোলৰেন
ওৰু নল্লা নাল পাথু সোলৰেন (এটা শুভ দিনত জনাম) ২০১৮ চনৰ ভাৰতীয় তামিল ভাষাৰ ক'লা কমেডী চলচ্চিত্ৰ। ইয়াৰ লেখক আৰু পৰিচালক পি অৰুমুগা কুমাৰ। ছবিখনত অভিনয় কৰিছে বিজয় সেঠুপতি, গৌতম কাৰ্তিক, গায়ত্ৰী আৰু নিহাৰিকা কনিডেলাই৷ ভিজি চন্দ্ৰশেখৰ, ৰমেশ থিলাক, ডেনিয়েল এনি পোপ আৰু ৰাজকুমাৰে সহযোগী চৰিত্ৰত…
-
ঔৰত (১৯৪০ চলচ্চিত্ৰ)
ঔৰত ( Aurat ) ১৯৪০ চনত মেহবুব খানৰ পৰিচালনাত নিৰ্মিত আৰু চৰ্দাৰ আখতাৰ, সুৰেন্দ্ৰ, ইয়াকুব, কানহাইয়ালাল আৰু অৰুণ কুমাৰ আহুজাই অভিনয় কৰা এখন ভাৰতীয় ছবি। ছবিখনৰ ইংৰাজী শিৰোনাম “Woman” বুলিও পৰিচিত। ঔৰত ছবিখনৰ সংগীত অনিল বিশ্বাস আৰু সংলাপ ৱাজাহত মিৰ্জাৰ।
-
কমলা (১৯৮৪ চলচ্চিত্ৰ)
কমলা (Kamla ) ১৯৮৪ৰ চনত জগমোহন মুন্ধ্ৰে প্ৰযোজিত আৰু পৰিচালিত এখন হিন্দী ছবি, য'ত দীপ্তি নাভাল, শাবানা আজমী, মাৰ্ক জুবেৰে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। নাভালৰ চৰিত্ৰৰ নামেৰে ছবিখনৰ নামকৰণ কৰা হৈছে। বিজয় তেণ্ডুলকাৰে ১৯৮১ চনত তেওঁৰে ৰচিত একে নামৰ নাটকৰ আধাৰত কমলাৰ চিত্ৰনাট্য ৰচনা কৰে।
-
কলকাতা নিউজ (চলচ্চিত্ৰ)
কলকাতা নিউজ ( Calcutta News ) ২০০৮ চনৰ ভাৰতীয় মালয়ালম ভাষাৰ ৰোমান্টিক থ্ৰিলাৰ হৰৰ ছবি। ৰচনা আৰু পৰিচালনা ব্লেছিৰ। ছবিখনত অভিনয় কৰিছে দিলীপ, ইন্দ্ৰজিত সুকুমাৰণ, মীৰা জেচমিন আৰু বিমলা ৰমনে। সংগীত দেৱজ্যোতি মিশ্ৰৰ।
-
কাঁচলী: লাইফ ইন এ শ্লাফ
কাঁচলী: লাইফ ইন এ শ্লাফ ( Kaanchli: Life in a Slough) ২০২০ চনৰ এখন ভাৰতীয় পিৰিয়দ নাট্যধৰ্মী ছবি, যিখনৰ প্ৰযোজক আৰু পৰিচালক আছিল দেদীপ্য যোশী। ইয়াত অভিনয় কৰিছে সঞ্জয় মিশ্ৰ, শিখা মালহোত্ৰা, ললিত পৰিমু আৰু নৰেশপাল সিং চৌহানে। অনুপ জালোতাই উপস্থাপন কৰা ছবিখনৰ সহ-প্ৰযোজক শোভা দেৱী।
-
কানা (চলচ্চিত্ৰ)
কানা (Kanaa) হৈছে ২০১৮ চনৰ ভাৰতীয় তামিল ভাষাৰ ক্ৰীড়া নাটক ছবি, য'ত অভিনয় কৰিছে সত্যৰাজ, ঐশ্বৰ্য ৰাজেশ, শিৱকৰ্থিকেয়ান, আৰু দৰ্শন। ছবিখনৰ লেখক আৰু পৰিচালক অৰুণৰাজা কামৰাজে, তেওঁৰ পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিছে। ২০১৮ চনৰ ২১ ডিচেম্বৰত ছবিগৃহত মুক্তি পাইছিল।
-
কুইন (২০১৪ চলচ্চিত্ৰ)
কুইন ( Queen ) ২০১৪ চনত নিৰ্মিত এখন মহিলা প্ৰধান ভাৰতীয় হিন্দী ছবি। ইয়াৰ পৰিচালনা বিকাশ বেহেলে কৰিছে। প্ৰযোজনা অনুৰাগ কাশ্যপ, বিক্ৰমাদিত্য মটৱানে, আৰু মধু মন্তেনাৰ। ছবিখনত কংগনা ৰানাৱটে মুখ্য চৰিত্ৰত অভিনয় কৰিছে; লিজা হেইডন আৰু ৰাজকুমাৰ ৰাৱে সহযোগী চৰিত্ৰত অভিনয় কৰিছে।
-
কেলেণ্ডাৰ গাৰ্লছ (২০১৫ চলচ্চিত্ৰ)
কেলেণ্ডাৰ গাৰ্লছ ( Calendar Girls ) ২০১৫ চনৰ ভাৰতীয় হিন্দী ভাষাৰ এখন নাট্যধৰ্মী ছবি, যাৰ পৰিচালনা মধুৰ ভাণ্ডাৰকাৰে কৰিছে। সংগীতা আহীৰ আৰু ভাণ্ডাৰকাৰ এণ্টাৰটেইনমেণ্টে ছবিখন প্ৰযোজনা কৰিছে।
-
কৰুথম্মা
কৰুথম্মা ( Karuthamma ) হৈছে ১৯৯৪ চনৰ ভাৰতীয় তামিল ভাষাৰ নাট্যধৰ্মী চলচ্চিত্ৰ, যাৰ প্ৰযোজনা আৰু পৰিচালনা কৰিছে ভাৰতী ৰাজাই। ছবিৰ কাহিনী এম ৰথ্নাকুমাৰৰ এটা গল্পৰ পৰা লোৱা হৈছে। ছবিখনৰ তাৰকা অভিনয় শিল্পী ৰাজা, ৰাজাশ্ৰী আৰু মহেশ্বৰী।
-
খুন ভৰী মাংগ্
খুন ভৰী মাংগ্ (Khoon Bhari Maang ) ১৯৮৮ চনৰ ৰাকেশ ৰোশন পৰিচালিত আৰু প্ৰযোজিত এখন ভাৰতীয় হিন্দী ভাষাৰ একচন থ্ৰিলাৰ ছবি। অষ্ট্ৰেলিয়াৰ মিনি-ছিৰিজ ৰিটাৰ্ণ টু ইডেনৰ (১৯৮৩) আধাৰত নিৰ্মিত ছবিখনত ৰেখাই এগৰাকী ধনী বিধৱাৰ চৰিত্ৰত অভিনয় কৰিছে, যাক দ্বিতীয় স্বামীয়ে প্ৰতিশোধ ল'বলৈ হত্যাৰ চেষ্টা চলায়।
-
গজ গামিনী
গজ গামিনী হ'ল এম. এফ. হুচেইনৰ দ্বাৰা লিখিত আৰু পৰিচালিত এখন ভাৰতীয় বোলছবি। এই বোলছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে মাধুৰী দীক্ষিত-এ। ২০০০ চনৰ ১ ডিচেম্বৰত মুক্তি পোৱা এই বোলছবিখন বক্স অফিচত বিফল হৈছিল।
-
গাৰ্লচ উইল বি গাৰ্লচ (২০২৪ বৰ্ষৰ চলচ্চিত্ৰ)
গাৰ্লচ উইল বি গাৰ্লচ (Girls Will Be Girls) হৈছে শুচি তালাতিৰ দ্বাৰা লিখিত আৰু পৰিচালিত ২০২৪ বৰ্ষৰ এখন কৈশোৰ চলচ্চিত্ৰ। প্ৰীতি পাণিগ্ৰাহী, কেনি কুশ্ৰুতি, আৰু কেশৱ বিনয় কিৰণে ইয়াত অভিনয় কৰিছে।
-
গিদ্ধ
গিদ্ধ (Giddh; অৰ্থ: শগুণ) ১৯৮৪ চনত নিৰ্মিত হিন্দী ভাষাৰ এখন ছবি, যাৰ পৰিচালনা টি. এছ. ৰংগাৰ। ইয়াত স্মিতা পাটিল, ওম পুৰী আৰু নানা পাটেকাৰ আদিয়ে অভিনয় কৰিছে। দেৱদাসী পৰম্পৰাৰ বিৰুদ্ধে সংগ্ৰাম কৰা লোকসকলৰ অসহায়তাক গভীৰভাৱে চিত্ৰিত কৰাৰ বাবে ছবিখনে ৩২তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত বিশেষ জুৰী লাভ কৰে।
-
গুলাব গেং
গুলাব গেং (Gulaab Gang ) ২০১৪ চনৰ ভাৰতৰ নাৰী সংগ্ৰামক কেন্দ্ৰ কৰি নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ এখন একচন নাট্যধৰ্মী ছবি। পৰিচালনা আৰু সহ-লেখন সৌমিক সেনৰ; প্ৰযোজনা সৌহম শ্বাহ আৰু অনুভৱ সিনহাৰ।
-
গোমতী কে কিনাৰে
গোমতী কে কিনাৰে (Gomti Ke Kinare) ১৯৭২ চনত নিৰ্মিত এখন বলীউডী নাট্যধৰ্মী ছবি। এইখন সাৱন কুমাৰ টাকৰ প্ৰথম পৰিচালিত ছবি। ইয়াত অভিনয় কৰিছে মীনা কুমাৰী আৰু মুমতাজে। এইখনে আছিল মীনা কুমাৰীৰ শেষ মুক্তি পোৱা ছবি আৰু ৩১ মাৰ্চত মৃত্যুৰ ৮ মাহৰ পিছত ১৯৭২ চনৰ ২২ নৱেম্বৰত মৰণোত্তৰভাৱে মুক্তি পাইছিল।
-
গ্ৰুহলক্ষ্মী
গ্ৰুহলক্ষ্মী (অনু: গৃহলক্ষ্মী: Gruhalakshmi) এইচ এম ৰেড্ডী প্ৰযোজিত আৰু পৰিচালিত, ১৯৩৮ চনৰ ভাৰতীয় তেলেগু ভাষাৰ এখন নাট্যধৰ্মী ছবি। ৰামানুজাচাৰ্য্যুলু, কাঞ্চনমালা, কান্নাম্বা আৰু চিত্তুৰ নাগয়া অভিনীত এই ছবিখন ৰোহিনী পিকচাৰ্ছৰ প্ৰথম প্ৰযোজনা আৰু চিত্তুৰ নাগয়াৰ প্ৰথম ছবি আছিল।
-
চন্দ্ৰমুখী (২০২২ চলচ্চিত্ৰ)
চন্দ্ৰমুখী ( Chandramukhi ) ২০২২ চনত চিন্ময় মাণ্ডলেকাৰৰ দ্বাৰা ৰচিত আৰু প্ৰসাদ অওকৰ দ্বাৰা পৰিচালিত ভাৰতীয় মাৰাঠী ভাষাৰ এখন সংগীতিক ৰোমান্টিক নাট্যধৰ্মী ছবি, প্লেনেট মাৰাঠী, গোল্ডেন ৰেচিঅ' ফিল্মছ, ফ্লাইং ড্ৰেগন এণ্টাৰটেইনমেণ্ট এণ্ড ক্ৰিয়েটিভ ভাইবে ছবিখন নিৰ্মাণ কৰিছে।
-
চন্দ্ৰলেখা (১৯৪৮ চলচ্চিত্ৰ)
চন্দ্ৰলেখা (Chandralekha) ১৯৪৮ চনৰ এখন ভাৰতীয় ঐতিহাসিক দুঃসাহসিক ছবি। জেমিনি ষ্টুডিঅ'ৰ এচ এচ বসনে ছবিখনৰ পৰিচালনা আৰু প্ৰযোজনা কৰিছিল। এছ টি আৰ ৰাজকুমাৰী, এম কে ৰাধা আৰু ৰঞ্জন অভিনীত এই ছবিখন দুজন ভাতৃ বীৰসিংহ আৰু শশাংকৰ কাহিনী, যিয়ে পিতৃৰ ৰাজ্যৰ শাসনৰ অধিকাৰ পাবলৈ আৰু এজনী গাঁওৰ নৃত্যশিল্পী…
-
চিটি লাইটছ (২০১৪ চলচ্চিত্ৰ)
চিটি লাইটছ ( City Lights) ২০১৪ চনৰ হনছল মেহতা পৰিচালিত এখন ভাৰতীয় নাট্যধৰ্মী ছবি, য'ত ৰাজকুমাৰ ৰাও আৰু অভিনেত্ৰী পাত্ৰলেখাই মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ই বাফটাৰ বাবে মনোনীত ব্ৰিটিছ ছবি “মেট্ৰ' মেনিলা”ৰ (২০১৩) পুনৰ্নিৰ্মাণ।
-
চেতনা (১৯৭০ চলচ্চিত্ৰ)
চেতনা ( Chetna ) ১৯৭০ চনত নিৰ্মিত বলীউডৰ এখন নাট্যধৰ্মী ছবি, পৰিচালক আছিল বি.আৰ. ইছাৰা। অভিনয় কৰিছে শত্ৰুঘ্ন সিনহা, অনিল ধৱন আৰু ৰেহানা চুলতানে। ছবিখনৰ কাহিনী বেশ্যাৰ পুনৰ্বাসনৰ বিষয়টোক কেন্দ্ৰ কৰি ৰচনা কৰা হৈছে। অভিনেত্ৰী ৰেহানা চুলতানৰ সাহসিক দৃশ্যৰ বাবে চেতনা অধিক বিখ্যাত।
-
চোৰী চোৰী চুপকে চুপকে
চোৰী চোৰী চুপকে চুপকে ( Chori Chori Chupke Chupke ) ২০০১ চনত আব্বাছ–মস্তান পৰিচালিত ভাৰতীয় হিন্দী ভাষাৰ এখন ৰোমান্টিক নাট্যধৰ্মী ছবি; চিত্ৰনাট্য আৰু কাহিনী ক্ৰমে জাভেদ ছিদ্দিকী আৰু নীৰজ ভোৰাৰ।
-
চৰম
চৰম ( Charam ) ১৯৮৩ চনৰ এখন ভাৰতীয় মালয়ালম ছবি; পৰিচালনা পি.এ.বেকাৰৰ আৰু প্ৰযোজনা চি.এইচ.খালিদৰ। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে প্ৰেম নাজিৰ আৰু মীনা মেননে। ছবিখনত বোম্বাইৰ ৰেড লাইট এলাকাত নিৰুদ্দেশ হোৱা কন্যাৰ সন্ধান কৰা এজন অধিবক্তাৰ কাহিনী বৰ্ণিত হৈছে।
-
ছামডে
ছামডে (Someday) হৈছে ২০২১ চনৰ ভাৰতীয় হিন্দী ভাষাৰ নাটকীয় চুটি ছবি, যিখন শেফালী শ্বাহে লিখা আৰু তেৱেঁই পৰিচালনা কৰিছে তথা মুখ্য চৰিত্ৰত অভিনয় কৰিছে। এই চলচ্চিত্ৰখনত ক’ভিড-১৯ মহামাৰীৰ সময়ত স্বাস্থ্যকৰ্মীসকলৰ মানসিক চাপ আৰু পাৰিবাৰিক দূৰত্বৰ বেদনাক সংবেদনশীলভাৱে উপস্থাপন কৰা হৈছে।
-
ছিক্ৰেট ছুপাৰষ্টাৰ
ছিক্ৰেট ছুপাৰষ্টাৰ (Sathi Leelavathi) ২০১৭ চনৰ, অদ্বৈত চন্দনৰ দ্বাৰা ৰচিত আৰু পৰিচালিত ভাৰতীয় হিন্দী ভাষাৰ সংগীতপ্ৰধান নাট্যধৰ্মী ছবি। আমিৰ খান প্ৰডাকচন ষ্টুডিঅ'ৰ অধীনত আমিৰ খান আৰু কিৰণ ৰাৱে ছবিখন প্ৰযোজনা কৰিছে। ছবিখনত অভিনয় কৰিছে জাইৰা ৱাছিম, আমিৰ খান, মেহেৰ বিজ আৰু ৰাজ অৰ্জুনে।
-
ছিৰি ফাৰহাদ (১৯৫৬ চলচ্চিত্ৰ)
ছিৰি ফাৰহাদ ১৯৫৬ চনত মুক্তি পোৱা ভাৰতীয় হিন্দুস্তানী ভাষাৰ এখন ৰোমান্টিক নাট্যধৰ্মী ছবি, যাৰ পৰিচালক আৰু প্ৰযোজক আছিল আস্পি ইৰাণী। শ্বাহনামে ৰ খুশ্ৰু আৰু শিৰিৰ আধাৰত এই ছবিখন নিৰ্মিত।
-
জাহান আৰা (চলচ্চিত্ৰ)
জাহান আৰা ১৯৬৪ চনৰ বিনোদ কুমাৰ পৰিচালিত ইতিহাস আধাৰিত এখন হিন্দী ভাষাৰ ছবি। এইখন কুমাৰৰ প্ৰথম পৰিচালিত ছবি।[2] ইয়াত পৃথ্বীৰাজ কাপুৰ, ভাৰত ভূষণ, মালা সিনহা,আৰু শশীকলাই মুখ্য চৰিত্ৰত অভিনয় কৰিছে। জাহান আৰা মালা সিনহাই নাম ভূমিকাত অভিনয় কৰা জাহানাৰা বেগমৰ জীৱনৰ আধাৰত নিৰ্মিত এখন ঐতিহাসিক ৰোমাঞ্চ।
-
জীৱন ধাৰা
জীৱন ধাৰা (Jeevan Dhaara) হ'ল ১৯৮২ চনৰ টি. ৰামা ৰাওৰ দ্বাৰা পৰিচালিত এখন ভাৰতীয় হিন্দী ভাষাৰ চলচ্চিত্ৰ। চলচ্চিত্ৰখন ১৯৭৪ চনৰ তামিল ছবি আৱাল অৰু থোদাৰ কাথাই ৰ পুনৰ্নিৰ্মাণ।
-
জুলী (১৯৭৫ চলচ্চিত্ৰ)
জুলী (Julie) ১৯৭৫ চনৰ এখন হিন্দী ৰোমাণ্টিক ড্ৰামা ছবি, যাৰ পৰিচালনা আছিল কে. সেতুমাধৱনৰ আৰু ৰচনা আছিল চক্ৰপাণিৰ। ছবিখনত লক্ষ্মীয়ে নাম ভূমিকাত অভিনয় কৰিছিল আৰু এয়া অভিনেত্ৰীগৰাকীৰ প্ৰথম হিন্দী ছবিত অভিনয় আছিল।