লক্ষ্মী Lakshmi) ২০১৪ চনৰ নাগেশ কুকুনুৰৰ দ্বাৰা ৰচিত আৰু পৰিচালিত ভাৰতীয় হিন্দী ভাষাৰ এখন জীৱনীমূলক সামাজিক সমস্যাৰ ছবি। ইয়াত শ্বেফালী শ্বাহ, ৰাম কাপুৰ, সতীশ কৌশিক, আৰু কুকুনুৰৰ সৈতে শিৰোনাম চৰিত্ৰত অভিনয় কৰিছে মোনালি ঠাকুৰে। ভাৰতৰ গ্ৰাম্য অঞ্চলত পৰ্দাৰ আঁৰত অব্যাহত থকা মানৱ সৰবৰাহৰআৰু শিশু বেশ্যাবৃত্তিৰ কঠোৰ বাস্তৱতা ছবিখনত বিবৃত হৈছে।
ছবিখনে ২০১৪ চনৰ ১৩ জানুৱাৰীত পাম স্প্ৰিংছ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ কাহিনীৰ বাবে শ্ৰেষ্ঠ চলচ্চিত্ৰ - মাৰ্চিডিজ বেঞ্জ দৰ্শক বঁটা লাভ কৰে।১ পূৰ্বে ২০১৪ চনৰ ১৭ জানুৱাৰীত মুক্তি পোৱাৰ আশা কৰা হৈছিল যদিও চেঞ্চৰশ্বিপৰ সমস্যাৰ বাবে পলমকৈ২৩ ২০১৪ চনৰ ২১ মাৰ্চত মুক্তি ছবিখন মুক্তি পায়।৪ টৰন্টো ৰিল ৱৰ্ল্ড, ৱাশ্বিংটন ডি চি, নিউয়ৰ্ক ইণ্ডিয়ান আৰু মেলবৰ্ণ ইণ্ডিয়ান চলচ্চিত্ৰ মহোৎসৱত এই ছবিখন আনুষ্ঠানিক নিৰ্বাচন হিচাপে প্ৰদৰ্শিত হয়।৫ ২০১৪ চনৰ জুন মাহত ১৬তম লণ্ডন এছিয়ান চলচ্চিত্ৰ মহোৎসৱ লক্ষ্মী ছবিখনেৰে মুকলি কৰা হয়।৬
মুক্তি
২০১৩ চনৰ নৱেম্বৰ মাহত কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণীকৰণ ব’ৰ্ডে (CBFC) প্ৰথমবাৰৰ বাবে ছবিখন চায় আৰু কিছুমান দৃশ্য "আপত্তিজনক" বুলি বিবেচনা কৰে। পৰৱৰ্তী সময়ত ইয়াক সংশোধন সমিতিৰ দ্বাৰা চোৱাৰ কথা আছিল। কিন্তু জানুৱাৰী মাহৰ আৰম্ভণিলৈকে ছবিখন কমিটীয়ে চোৱা নাছিল আৰু সেয়েহে ১৭ জানুৱাৰীৰ ভাৰতীয় প্ৰিমিয়াৰৰ তাৰিখ বাদ দিবলগা হৈছিল।৭
ভাৰতত মুক্তি পোৱাৰ পূৰ্বে এই ছবিখনৰ প্ৰিমিয়াৰ ১৩ জানুৱাৰীত ২০১৪ চনৰ পাম স্প্ৰিংছ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত হয়, য'ত ই সমালোচকৰ প্ৰশংসা লাভ কৰে আৰু দৰ্শকৰ ভোটৰ ওপৰত ভিত্তি কৰি শ্ৰেষ্ঠ কাহিনীৰ বাবে দৰ্শকৰ বঁটা লাভ কৰে।৮
তথ্যসূত্ৰ
- ↑ Lakshmi wins Audience Award. India West
- ↑ Theater Release of Lakshmi. The Times of India
- ↑ (8 January 2014). Lakshmi Release Delayed. The American Bazaar
- ↑ (5 March 2014). Lakshmi. The Times of India
- ↑ Luminosity Pictures
- ↑ Luminosity Pictures
- ↑ (8 January 2014). CBFC has no time to see my film. Mumbai Mirror
- ↑ (14 January 2014). Kukunoor's Lakshmi wins award at Palm Springs festival. Hindustan Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লক্ষ্মী (২০১৪ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৬৩৬১৪০ (১৮ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।