ভালো মেয়ে খাৰাপ মেয়ে (Bhalo Maye Kharap Maye) ২০১৯ চনত তমল দাসগুপ্তৰ পৰিচালনাত নিৰ্মিত এখন বাংলা নাট্যধৰ্মী ছবি।১২৩ সুচিত্ৰ ভট্টাচাৰ্যৰ একে নামৰ উপন্যাসৰ আধাৰত নিৰ্মিত এই ছবিখন ২০১৯ চনৰ ১৩ ছেপ্টেম্বৰত৪ শ্ৰীজিতা ফিল্মছ এণ্ড এণ্টাৰটেইনমেণ্টৰ বেনাৰত মুক্তি পায়।৫ যদিও পূৰ্বে ছবিখনৰ বিষয়ে বহু কথা কোৱা হৈছিল, মুক্তিৰ পিছত সমালোচকৰ অনুকূলতা লাভ কৰাত ব্যৰ্থ হয়।৬
প্লট
পেছাদাৰী বাৰ ডান্সাৰ ৰিয়া ফাৰ্নাণ্ডেজ কলকাতাৰ পাৰ্ক চাৰ্কাছত নিবনুৱা মদ্যপায়ী স্বামী শ্বেবী আৰু কেঁচুৱাটোৰ সৈতে থাকে। এদিন মাজনিশা ঘৰলৈ উভতি আহোঁতে বাৰৰ তিনিজন গ্ৰাহকে জোৰকৈ ৰিয়াক তুলি নি ধৰ্ষণ কৰে। ন্যায়ৰ বাবে যুঁজিলেও নিম্ন আদালতত গোচৰত পৰাস্ত হয়। কলকাতা উচ্চ ন্যায়ালয়ৰ এগৰাকী প্ৰখ্যাত অধিবক্তা সমীৰণ সেনে তেওঁৰ গোচৰটো গ্ৰহণ কৰে আৰু ৰিয়াই আইনী যুদ্ধত জয়ী হয়। কিন্তু সঁচা কথাটো হ’ল সমীৰণে কেৱল খ্যাতি লাভৰ উদ্দেশ্যেৰেহে গোচৰটো লৈছিল আৰু ধৰ্ষিতা মহিলাগৰাকীক ন্যায় দিবলৈ নহয়। মদ্যপান কৰা সমীৰনে পত্নী উৰ্মিৰ আগত এই কথা স্বীকাৰ কৰে। উৰ্মিয়ে স্বামীৰ স্বভাৱ উপলব্ধি কৰে আৰু পুৰুষ প্ৰধান সমাজত এগৰাকী বাৰ ডান্সাৰৰ লগত তেওঁৰ স্থিতি বেলেগ একো নহয়। তেওঁ সমীৰন এৰি যোৱাৰ সিদ্ধান্ত লয়।৭
তথ্যসূত্ৰ
- ↑ Bhalo Meye Kharap Meye (2019) - Review, Star Cast, News, Photos. Cinestaan
- ↑ BookMyShow. Bhalo Maye Kharap Maye Movie (2019) · Reviews, Cast & Release Date in Kolkata. BookMyShow
- ↑ (2015-11-21). Three films in KIFF 2015 Bengali Panorama. Business Standard India. Press Trust of India
- ↑ (2019-09-09). জুটিতে শ্ৰীলেখা ও অনন্যা, পৰ্দায় এবাৰ ‘ভাল মেয়ে খাৰাপ মেয়ে’. bengali.news18.com
- ↑ Tamal Dasgupta’s ‘Bhalo Meye Kharap Meye’ shows how women get victimized every day - Times of India. The Times of India
- ↑ Bhalo Meye Kharap Meye Movie Review. The Times of India
- ↑ (2019-09-09). বড়পৰ্দায় অনন্যা চট্টোপাধ্যায়, সৌজন্যে ‘ভাল মেয়ে খাৰাপ মেয়ে’. Indian Express Bangla
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভালো মেয়ে খাৰাপ মেয়ে” প্ৰবন্ধৰ সংশোধন ৬৩৭৫৮৭ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।