অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

গুলাব গেং

গুলাব গেং (Gulaab Gang ) ২০১৪ চনৰ ভাৰতৰ নাৰী সংগ্ৰামক কেন্দ্ৰ কৰি নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ এখন একচন নাট্যধৰ্মী ছবি। পৰিচালনা আৰু সহ-লেখন সৌমিক সেনৰ; প্ৰযোজনা সৌহম শ্বাহ আৰু অনুভৱ সিনহাৰ।

হালনাগাদ: ১৯ মাৰ্চ ২০২৫ ২২২ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

গুলাব গেং (Gulaab Gang ) ২০১৪ চনৰ ভাৰতৰ নাৰী সংগ্ৰামক কেন্দ্ৰ কৰি নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ এখন একচন নাট্যধৰ্মী ছবি।১২ পৰিচালনা আৰু সহ-লেখন সৌমিক সেনৰ; প্ৰযোজনা সৌহম শ্বাহ আৰু অনুভৱ সিনহাৰ। ইয়াত মাধুৰী দীক্ষিত আৰু জুহি চাওলাই মুখ্য চৰিত্ৰত অভিনয় কৰিছে আৰু প্ৰথমবাৰৰ বাবে ১৯৯০ দশকৰ দুগৰাকী মহিলা ছুপাৰষ্টাৰে একেলগে অভিনয় কৰা দেখা গৈছে।

২০১৪ চনৰ ৭ মাৰ্চত মুক্তি পোৱা গুলাব গেঙে ছবিখনক প্ৰথম দিনটোতেই ফ্লপ ঘোষণা কৰা হয়।৩ সমালোচকৰ পৰা ই মিশ্ৰিত সমালোচনা লাভ কৰিছিল; কিন্তু চাওলাৰ অভিনয়ে সমালোচকৰ ব্যাপক প্ৰশংসা লাভ কৰে আৰু কেইবাজনো সমালোচকে ইয়াক "বছৰৰ শ্ৰেষ্ঠ অভিনয়" বুলি গণ্য কৰে।৪

৬০তম ফিল্মফেয়াৰ বঁটাত গুলাব গেং ছবিখনত কৰা অভিনয়ৰ বাবে চাওলাক শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ বাবে মনোনয়ন লাভ কৰে যদিও বঁটা পাবলৈ সক্ষম নহ’ল।

নিৰ্মাণ

যিহেতু ছবিখন ভাৰতৰ গ্ৰাম্য অঞ্চলৰ ওপৰত আধাৰিত, সেয়েহে বহু অভিনেতাই গ্লেমাৰবিহীন চৰিত্ৰত অভিনয় কৰিব লগা হৈছিল।৫ প্ৰথম অৱস্থাত অভিনেত্ৰী টাবুক মুখ্য চৰিত্ৰত অভিনয় কৰিবলৈ যোগাযোগ কৰা হৈছিল যদিও ধনৰ অভাৱৰ বাবে চিত্ৰগ্ৰহণ আৰম্ভ কৰিব পৰা নগ'ল।৬ ২০১২ চনৰ এপ্ৰিল মাহত সৌমিক সেনে মাধুৰী দীক্ষিতৰ সৈতে যোগাযোগ কৰে।৭ পিছলৈ দীক্ষিতে আনুষ্ঠানিকভাৱে তেওঁৰ ফেচবুক পেজৰ জৰিয়তে ছবিখনত অংশগ্ৰহণ কৰাৰ কথা ঘোষণা কৰে।৮ পিছত টাবুক দ্বিতীয় মুখ্য চৰিত্ৰত অভিনয় কৰিবলৈ যোগাযোগ কৰা হৈছিল, তেওঁ তাক নাকচ কৰিছিল। গুলাব গেঙত প্ৰথমবাৰৰ বাবে প্ৰাক্তন প্ৰতিদ্বন্দ্বী৯ চাউলা আৰু দীক্ষিতক একেলগে পৰ্দাত দেখা যায়।১০ ২০১২ চনৰ ডিচেম্বৰ মাহত তনিষ্ঠা চেটাৰ্জী, দিব্য জগদালে আৰু প্ৰিয়ংকা বসুৱে এই দলটোৰ সদস্যৰ চৰিত্ৰত অভিনয় কৰিবলৈ চুক্তিবদ্ধ হয়।১১

তথ্যসূত্ৰ

  1. ↑ Madhuri Dixit: Action-drama in 'Gulaab Gang' is many steps ahead of 'Beta'. Indian Express
  2. ↑ Gulaab Gang Movie Review & Film Summary (2014). Roger Ebert.com
  3. ↑ (1 May 2012). Madhuri Dixit gets abusive. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  4. ↑ (2 September 2012). 'Gulab Gang' shooting to start in October. banglanews24
  5. ↑ (27 April 2012). Madhuri Dixit to play gangster in 'Gulab Gang'. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
  6. ↑ (1 May 2012). Madhuri Dixit signs Anubhav Sinha's next. হিন্দুস্তান টাইমছ
  7. ↑ (21 November 2012). 'Gulab Gang' makes history with Madhuri, Juhi on board. Daily Times
  8. ↑ Chaudhuri, Diptakirti. (2012). Kitnay Aadmi Thay. Westland. পৃ. 301. ISBN 978-9381626191
  9. ↑ (14 May 2012). Happy Birthday Madhuri Dixit (2 of 5). Times of India
  10. ↑ timesofindia.indiatimes.com | 2012-10-08 | gulab gang soumik sen film
  11. ↑ (13 January 2013). Madhuri Dixit wraps up 'Gulab Gang' schedule

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ নাৰী সম্পৰ্কীয় চলচ্চিত্ৰহিন্দী চলচ্চিত্ৰ২০১৪ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গুলাব গেং” প্ৰবন্ধৰ সংশোধন ৪৯৪৪৪৪ (১৯ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।