অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

খুন ভৰী মাংগ্

খুন ভৰী মাংগ্ (Khoon Bhari Maang ) ১৯৮৮ চনৰ ৰাকেশ ৰোশন পৰিচালিত আৰু প্ৰযোজিত এখন ভাৰতীয় হিন্দী ভাষাৰ একচন থ্ৰিলাৰ ছবি। অষ্ট্ৰেলিয়াৰ মিনি-ছিৰিজ ৰিটাৰ্ণ টু ইডেনৰ (১৯৮৩) আধাৰত নিৰ্মিত ছবিখনত ৰেখাই এগৰাকী ধনী বিধৱাৰ চৰিত্ৰত অভিনয় কৰিছে, যাক দ্বিতীয় স্বামীয়ে প্ৰতিশোধ ল'বলৈ হত্যাৰ চেষ্টা চলায়।

হালনাগাদ: ২৩ এপ্ৰিল ২০২৬ ১৭৪ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

খুন ভৰী মাংগ্ (Khoon Bhari Maang ) ১৯৮৮ চনৰ ৰাকেশ ৰোশন পৰিচালিত আৰু প্ৰযোজিত এখন ভাৰতীয় হিন্দী ভাষাৰ একচন থ্ৰিলাৰ ছবি। অষ্ট্ৰেলিয়াৰ মিনি-ছিৰিজ ৰিটাৰ্ণ টু ইডেনৰ (১৯৮৩) আধাৰত নিৰ্মিত১ ছবিখনত ৰেখাই এগৰাকী ধনী বিধৱাৰ চৰিত্ৰত অভিনয় কৰিছে, যাক দ্বিতীয় স্বামীয়ে প্ৰতিশোধ ল'বলৈ হত্যাৰ চেষ্টা চলায়। ৰেখাৰ বাবে ছবিখন পুনৰ উভতি অহাৰ এক প্ৰয়াস আছিল। সমালোচকৰ প্ৰশংসা পোৱাৰ উপৰিও ছবিখনে ব্যৱসায়িক সফলতাও লাভ কৰিছিল। ৩৪তম ফিল্মফেয়াৰ বঁটাত শ্ৰেষ্ঠ ছবি আৰু শ্ৰেষ্ঠ পৰিচালককে (ৰোশন) ধৰি সাতটা মনোনয়ন পোৱাৰ লগতে ৰেখাই দ্বিতীয় শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে। ১৯৮৮ চনৰ ১২ আগষ্টত খুন ভৰী মাংগ্ মুক্তি পায়।২

সঁহাৰি

খুন ভৰী মাংগ্ৰ প্ৰতি সমালোচনা ইতিবাচক আছিল, সমালোচকৰ অধিকাংশ প্ৰশংসা ৰেখাৰ অভিনয়ৰ প্ৰতি আছিল। ২০০০ চনত দ্য হিন্দুৰ ভৱনা সোমায়াই হিন্দী চিনেমাৰ যোৱা দুটা দশকৰ পৰ্যালোচনা কৰি লিখা এটা প্ৰবন্ধ লিখিছিল: "ৰাকেশ ৰোশনে ৰেখাক খুন ভৰী মাংগত জীৱনজোৰা চৰিত্ৰ এটা আগবঢ়াইছে।"৩ দ্য ট্ৰিবিউনত এম এল ধৱনে ১৯৮৮ চনৰ বিখ্যাত হিন্দী ছবিসমূহ নথিভুক্ত কৰাৰ সময়ত যুক্তি দিছিল: "খুন ভৰী মাংগৰ সহায়ত ৰাকেশ ৰোশনে এই মিথটো ধ্বংস কৰি পেলালে যে নায়কক নায়ক জৰুৰী আৰু নায়িকাসকল কেৱল অন্তৰাল আৰু পুতলাস্বৰূপ হিচাপে কাম কৰিবলৈহে থাকে।"৪

তথ্যসূত্ৰ

  1. ↑ (26 August 2018). The law is catching up but is it enough to deter Bollywood plagiarism?
  2. ↑ (12 August 1988). Khoon Bhari Maang. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ. পৃ. 4
  3. ↑ Somaaya, Bhawana. (24 November 2000). The highs and lows — a recollection. দ্য হিন্দু
  4. ↑ Somaaya, Bhawana. (24 November 2000). The highs and lows — a recollection. দ্য হিন্দু

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ নাৰী সম্পৰ্কীয় চলচ্চিত্ৰহিন্দী চলচ্চিত্ৰ১৯৮৮ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “খুন ভৰী মাংগ্” প্ৰবন্ধৰ সংশোধন ৬০২১৬৪ (২৩ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।