অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

গিদ্ধ

গিদ্ধ (Giddh; অৰ্থ: শগুণ) ১৯৮৪ চনত নিৰ্মিত হিন্দী ভাষাৰ এখন ছবি, যাৰ পৰিচালনা টি. এছ. ৰংগাৰ। ইয়াত স্মিতা পাটিল, ওম পুৰী আৰু নানা পাটেকাৰ আদিয়ে অভিনয় কৰিছে। দেৱদাসী পৰম্পৰাৰ বিৰুদ্ধে সংগ্ৰাম কৰা লোকসকলৰ অসহায়তাক গভীৰভাৱে চিত্ৰিত কৰাৰ বাবে ছবিখনে ৩২তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত বিশেষ জুৰী লাভ কৰে।

হালনাগাদ: ১১ মাৰ্চ ২০২৫ ১১৯ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

গিদ্ধ (Giddh; অৰ্থ: শগুণ) ১৯৮৪ চনত নিৰ্মিত হিন্দী ভাষাৰ এখন ছবি, যাৰ পৰিচালনা টি. এছ. ৰংগাৰ। ইয়াত স্মিতা পাটিল, ওম পুৰী আৰু নানা পাটেকাৰ আদিয়ে অভিনয় কৰিছে।১ দেৱদাসী পৰম্পৰাৰ বিৰুদ্ধে সংগ্ৰাম কৰা লোকসকলৰ অসহায়তাক গভীৰভাৱে চিত্ৰিত কৰাৰ বাবে ছবিখনে ৩২তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত বিশেষ জুৰী লাভ কৰে।২

প্লট

ভাৰতৰ কৰ্ণাটক-মহাৰাষ্ট্ৰ সীমান্তৰ এখন দুৰ্গম গাঁৱত দুখীয়া বাসিন্দাসকলে দেৱদাসী পৰম্পৰা অনুসৰণ কৰে আৰু সেই পৰম্পৰা অনুসৰি যুৱতী ছোৱালীবোৰক দেৱী য়েল্লাম্মাৰ সেৱাত আগবঢ়োৱা হয়। জমিদাৰ, পুৰোহিত আৰু অন্য পুৰুষসকলে এই দেৱদাসী ছোৱালীবোৰক যৌন শোষণ কৰে আৰু বীৰপ্পনৰ দৰে দালালে সিহঁতক বোম্বেৰ বেশ্যালয়লৈ লৈ যায়। ভাষ্য নামৰ এজন মজদুৰ আৰু তেওঁৰ পত্নী হনুমীয়ে শক্তিশালী সামন্ত দেশাইৰ বিৰুদ্ধে গৈ মাষ্টাৰজীৰ সহায়ত লক্ষ্মীক দেৱদাসী হোৱাৰ পৰা বচাবলৈ সিদ্ধান্ত লয় আৰু ই প্ৰথাৰ বিৰুদ্ধে জাগৰণৰ নেতৃত্ব দিয়ে।৩

তথ্যসূত্ৰ

  1. ↑ Giddh. Indian Cine.ma: Online Archive of Indian Film
  2. ↑ 32nd National Film Festival-1985. International Film Festival of India
  3. ↑ Alternate Movies. Parallel Cinema

সম্পৰ্কিত শ্ৰেণী

হিন্দী চলচ্চিত্ৰ১৯৮৪ বৰ্ষৰ চলচ্চিত্ৰভাৰতৰ পতিতাবৃত্তি সম্পৰ্কীয় চলচ্চিত্ৰভাৰতৰ নাৰী সম্পৰ্কীয় চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গিদ্ধ” প্ৰবন্ধৰ সংশোধন ৪৯০৪৬০ (১১ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।