ভাৰতৰ নাৰী সম্পৰ্কীয় চলচ্চিত্ৰ
২০৬ প্ৰবন্ধ
-
ফায়াৰ (১৯৯৬ চলচ্চিত্ৰ)
ফায়াৰ ( Fire) দীপা মেহতা ৰচিত আৰু পৰিচালিত ১৯৯৬ চনৰ এখন ভাৰত-কানাডিয়ান ইৰ’টিক ৰোমান্টিক নাট্যধৰ্মী ছবি। ইয়াক শাবানা আজমী আৰু নন্দিতা দাসে অভিনয় কৰিছে। মেহতাৰ এলিমেণ্টছ ত্ৰিল’জীৰ এইখন প্ৰথম ছবি; পৰৱৰ্তী ছবি দুখন হ’ল আৰ্থ (১৯৯৮) আৰু ৱাটাৰ (২০০৫)।
-
ফিজা
ফিজা (Fiza) ২০০০ চনৰ হিন্দী ভাষাৰ এখন ক্ৰাইম থ্ৰিলাৰ ছবি। ছবিৰ কাহিনী আৰু পৰিচালনা খালিদ মহম্মদৰ। ইয়াত কৰিশ্মা কাপুৰে নাম ভূমিকাত অভিনয় কৰিছে। লগতে ঋত্বিক ৰোশনে তেওঁৰ উগ্ৰবাদী ভাতৃ আৰু জয়া বচ্চনে তেওঁলোকৰ মাতৃৰ চৰিত্ৰত অভিনয় কৰিছে।
-
বাড়ীৱালী
বাড়ীৱালী ( Land Lady ) ঋতুপৰ্ণ ঘোষৰ পৰিচালনাত ২০০০ চনত মুক্তি পোৱা পশ্চিম বংগৰ পৰা নিৰ্মিত এখন বাংলা ছবি। ছবিখনত অভিনয় কৰিছে কিৰন খেৰ, ৰূপা গাংগুলী, আৰু চিৰঞ্জীত চক্ৰৱৰ্তীয়ে।
-
ভূমিকা (চলচ্চিত্ৰ)
ভূমিকা (Bhumika) ১৯৭৭ চনৰ শ্যাম বেনেগালৰ পৰিচালনাত নিৰ্মিত এখন ভাৰতীয় হিন্দী ছবি। ছবিখনত অভিনয় কৰিছে স্মিতা পাটিল, আমোল পালেকাৰ, অনন্ত নাগ, নাছিৰুদ্দিন শ্বাহ আৰু অমৰীশ পুৰীয়ে।
-
মণিকৰ্ণিকা: দ্য কুইন অফ ঝান্সী
মণিকৰ্ণিকা: দ্য কুইন অফ ঝান্সী ( Manikarnika: The Queen of Jhansi) ২০১৯ চনৰ ভাৰতীয় হিন্দী ভাষাৰ এখন মহাকাব্যিক ঐতিহাসিক জীৱনীমূলক একচন নাট্যধৰ্মী ছবি। এইখন ঝান্সীৰ ৰাণী লক্ষ্মীবাইৰ জীৱনৰ আধাৰত নিৰ্মিত। পৰিচালনা কৰিছে কৃষ্ণ জাগৰলামুদী আৰু কংগনা ৰানাৱতে। চিত্ৰনাট্য ভি বিজয়েন্দ্ৰ প্ৰসাদৰ।
-
মম (চলচ্চিত্ৰ)
মম (Mom) হৈছে ২০১৭ চনৰ ভাৰতীয় হিন্দী ভাষাৰ ক্ৰাইম থ্ৰিলাৰ ছবি ৰবি উদ্যাৱাৰৰ পৰিচালনাত, যাৰ চিত্ৰনাট্য গিৰীশ কোহলীৰ। ছবিখনত শ্ৰীদেৱীয়ে এগৰাকী ভিজিলেণ্টৰ চৰিত্ৰত অভিনয় কৰিছে যিয়ে পাৰ্টিত সতি-সন্ততিৰ ওপৰত যৌন নিৰ্যাতন চলোৱাৰ পিছত প্ৰতিশোধ ল’বলৈ ওলাইছে।
-
মাত্ৰুভূমি (চলচ্চিত্ৰ)
মাত্ৰুভূমি: এ নেচন উইডাউট ৱ’মেন ( Matrubhoomi: A Nation Without Women) ২০০৩ চনৰ মনীষ ঝাৰ ৰচfl আৰু পৰিচালিত এখন ভাৰতীয় ডিচট’পিয়ান ট্ৰেজেডী ছবি। ছবিখনে লিংগ ভাৰসাম্যৰ ওপৰত নাৰী ভ্ৰুণ হত্যা আৰু নাৰী শিশু হত্যাৰ প্ৰভাৱ আৰু তাৰ ফলত সমাজৰ স্থিতিশীলতা আৰু দৃষ্টিভংগীৰ পৰীক্ষা কৰিছে।
-
মিছ কমলা
মিছ কমলা (Miss Kamala) ১৯৩৬ চনৰ ভাৰতীয় তামিল ভাষাৰ এখন ছবি, যিখন টি পি ৰাজলক্ষ্মীয়ে ৰচনা আৰু পৰিচালিনা কৰিছে। ৰাজলক্ষ্মীৰেই কমলাৱল্লী নামৰ উপন্যাসৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে।
-
মিৰ্ছ মছালা
মিৰ্ছ মছলা (Mirch Masala)) ১৯৮৭ চনত মুক্তি পোৱা কেতন মেহতা পৰিচালিত এখন হিন্দী মনস্তাত্বিক থ্ৰিলাৰ ছবি। ইয়াত নাছিৰুদ্দিন শ্বাহ আৰু স্মিতা পাটিলে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ছবিখন প্ৰযোজনা কৰিছিল NFDC-এ।
-
মেৰী বেটী ছানী লিয়নি বননা চাহতী হ্যায়
মেৰী বেটী ছানী লিয়নি বননা চাহতী হ্যায় ২০১৭ চনৰ ভাৰতীয় হিন্দী ভাষাৰ এখন চুটি ছবি যিখনৰ পৰিচালনা আৰু প্ৰযোজক আছিল ৰাম গোপাল বাৰ্মা ছবিখনত অভিনয় কৰিছে নয়না গাংগুলী, মকৰান্দ দেশপাণ্ডে আৰু দিব্যা জগদলেই। এই ছবিখনৰ জৰিয়তে চুটি ছবিৰ ক্ষেত্ৰখনত আত্মপ্ৰকাশ কৰিছিল ৰাম গোপাল বাৰ্মাই।
-
মৰ্দানী
মৰ্দানী ( Mardaani) ২০১৪ চনৰ এখন ভাৰতীয় হিন্দী ভাষাৰ একচন থ্ৰিলাৰ ছবি। পৰিচালক প্ৰদীপ সৰকাৰ আৰু প্ৰযোজক আদিত্য চোপ্ৰা। ছবিখনত ৰাণী মুখাৰ্জীৰ লগত সহযোগী চৰিত্ৰত অভিনয় কৰিছে যীশু সেনগুপ্ত, তাহিৰ ৰাজ ভাছিন আৰু সানন্দ বাৰ্মাই।
-
সুকুমাৰী (চলচ্চিত্ৰ)
সুকুমাৰী (Sukumari) ঢাকাৰ নবাব পৰিয়ালে নিৰ্মাণ কৰা, ১৯২৯ চনৰ এখন চুটি ছবি। সুকুমাৰী ব্ৰিটিছ ভাৰতৰ ঢাকাত (বৰ্তমান বাংলাদেশ) নিৰ্মিত প্ৰথমখন ছবি। নবাব পৰিয়ালৰ উৎসাহত অনুপ্ৰাণিত হৈ অম্বুজা প্ৰসন্ন গুপ্তাই ১৯২৭ চনত এই পৰীক্ষামূলক চুটি নিৰ্বাক ছবিখন পৰিচালনা কৰে।
-
হিৰোইন (২০১২ চলচ্চিত্ৰ)
হিৰোইন ( Heroine ) ২০১২ চনৰ, মধুৰ ভাণ্ডাৰকাৰৰ পৰিচালিত আৰু ৰচিত এখন ভাৰতীয় হিন্দী ভাষাৰ নাট্যধৰ্মী ছবি। ভাণ্ডাৰকাৰ ছবিখনৰ সহ-প্ৰযোজকো। বৰ্তমান কেৰিয়াৰৰ অৱনতি ঘটা, এসময়ৰ সফল চলচ্চিত্ৰ অভিনেত্ৰী এগৰাকীৰ জীৱনক কেন্দ্ৰ কৰি হিৰোইনৰ ছবিৰ কাহিনী আগবাঢ়িছে। ছবিৰ নায়িকা কৰীনা কাপুৰ।
-
ৰুদালি (চলচ্চিত্ৰ)
ৰুদালি (Rudaali) কল্পনা লাজমী পৰিচালিত ১৯৯৩ চনত মুক্তি পোৱা হিন্দী ভাষাৰ এখন ভাৰতীয় নাট্যধৰ্মী ছবি। বাংলা লেখিকা মহাশ্বেতা দেৱীৰ ১৯৭৯ চনত ৰচিত একে নামৰ চুটিগল্পৰ আধাৰত কল্পনা লাজমী আৰু গুলজাৰে ৰুদালিৰ কাহিনী লিখিছে।
-
অস্তিত্ব
অস্তিত্ব (অস্তিত্ব অনুবাদ/অস্তিত্ব/পৰিচয়) হৈছে ২০০০ চনত মাৰাঠী আৰু হিন্দী ভাষাত একেলগে নিৰ্মিত এখন ভাৰতীয় ছবি। ছবিখনৰ ৰচনা আৰু পৰিচালনা মহেশ মঞ্জৰেকাৰৰ। ছবিখনত অদিতি পণ্ডিত নামৰ এগৰাকী সুখী বিবাহিত মহিলাৰ কাহিনী কোৱা হৈছে। তেওঁৰ স্বামী হৈছে শ্ৰীকান্ত পণ্ডিত।
-
আই এম (২০১০ চলচ্চিত্ৰ)
আই এম ( I Am ) ২০১০ চনৰ অ’নিৰৰ পৰিচালনাত ভাৰতীয় হিন্দী ভাষাৰ চলচ্চিত্ৰ সংকলন। এইখন চাৰিখন চুটি ছবিৰ সংকলন: "ওমৰ", "আফিয়া", "অভিমন্যু", আৰু "মেঘা"। প্ৰতিখন ছবিৰ কাহিনীত এক ধৰণৰ সংশয়ে ক্ৰিয়া কৰি আছে আৰু আটাইকেইখনে বাস্তৱ জীৱনৰ কাহিনীৰ ওপৰত আধাৰিত।
-
আই এম জীজা
আই এম জীজা ( I Am Jeeja ) চলচ্চিত্ৰ নিৰ্মাতা স্বাতী চক্ৰৱৰ্তীৰ পৰিচালনাত নিৰ্মিত এখন ভাৰতীয় তথ্যচিত্ৰ, যিয়ে মস্তিষ্কৰ পক্ষাঘাত ৰোগত আক্ৰান্ত ভাৰতীয় প্ৰতিবন্ধী অধিকাৰ কৰ্মী জীজা ঘোষৰ কাহিনী বৰ্ণনা কৰিছে। এই ছবিৰ জৰিয়তে স্বাতীয়ে বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ জীৱন আৰু যুদ্ধ দেখুৱাবলৈ চেষ্টা কৰিছে।
-
আড়াই
আড়াই (অৰ্থ: পোছাক) হৈছে ৰত্না কুমাৰৰদ্বাৰা ৰচিত আৰু পৰিচালিত, আৰু ভি ষ্টুডিঅ'ৰদ্বাৰা প্ৰযোজিত ২০১৯ চনৰ ভাৰতীয় তামিল ভাষাৰ থ্ৰিলাৰ ছবি। ছবিখনত অনন্যা ৰামপ্ৰসাদ, বিবেক প্ৰসন্ন, আৰু ৰাম্য সুব্ৰমণিয়ামৰ সৈতে মুখ্য চৰিত্ৰত অভিনয় কৰিছে অমলা পলে।
-
আন্ধী (চলচ্চিত্ৰ)
আন্ধী ১৯৭৫ চনত সঞ্জীৱ কুমাৰ আৰু সুচিত্ৰা সেন অভিনীত আৰু পৰিচালক গুলজাৰ দ্বাৰা নিৰ্মিত এখন ভাৰতীয় ৰাজনৈতিক নাট্য ছবি। সেই সময়ত অভিযোগ কৰা হৈছিল যে ছবিখন তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ জীৱন আৰু বিচ্ছিন্ন স্বামীৰ সৈতে তেওঁৰ সম্পৰ্কৰ ওপৰত আধাৰিত, কিন্তু বাস্তৱত কেৱল পটভূমিটোহে ৰাজনীতিবিদ…
-
আভাল অৰু থোদৰ কথাই
আভাল অৰু থোদৰ কথাই (Aval Oru Thodar Kathai; অনুবাদː তেওঁ এক অন্তহীন কাহিনী) ১৯৭৪ চনত কে. বালাচন্দৰৰ দ্বাৰা ৰচিত আৰু পৰিচালিত এখন ভাৰতীয় তামিল ভাষাৰ নাটকীয় বোলছবি। মুখ্য চৰিত্ৰত অভিনয় কৰিছিল সুজাথাই, প্ৰথমখন তামিল ছবিত আছিল তেওঁৰ প্ৰথম অভিনয়। কমল হাছান, বিজয়কুমাৰ, জয় গণেশ, এম. জি.
-
আভাল পাৱম
আভাল পাৱম (She is Poor) হৈছে হৈছে এম কে অৰুন্ধৱা ৰাজাৰ দ্বাৰা পৰিচালিত ২০০০ চনৰ এখন তামিল ভাষাৰ ড্ৰামা চলচ্চিত্ৰ। প্ৰভুকান্ত আৰু ঋতিকাই অভিনয় কৰা ছবিখনৰ সহযোগী চৰিত্ৰত অভিনয় কৰিছে ঈশ্বৰী কে গণেশে। কে ৰাজনে প্ৰযোজনা এই ছবিখনে ২০০০ চনৰ ২২ ডিচেম্বৰত মুক্তি লাভ কৰিছিল।
-
আম্ৰপালি (চলচ্চিত্ৰ)
আম্ৰপালি ( Amrapali) ১৯৬৬ চনত নিৰ্মিত এখন ঐতিহাসিক হিন্দী ভাষাৰ চলচ্চিত্ৰ। লেখ টেণ্ডনে পৰিচালনা কৰা চলচ্চিত্ৰখনত সুনীল দত্ত আৰু বৈজয়ন্তীমালাই মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ছবিখনৰ সংগীত আছিল শংকৰ–জয়কিষাণৰ। এই ছবি বৰ্তমান বিহাৰৰ অন্তৰ্গত বৈশালীৰ নগৰবধু (বেশ্যা) আম্ৰপালিৰ জীৱনৰ ওপৰত আধাৰিত।
-
আয়না (১৯৭৪ চলচ্চিত্ৰ)
আয়না ( Aaina ) ১৯৭৪ চনত কে বালাচন্দৰৰ ৰচিত আৰু পৰিচালিত ভাৰতীয় হিন্দী ভাষাৰ এখন নাট্যধৰ্মী ছবি। তামিল ছবি আৰংগেট্ৰামৰ (১৯৭৩) পুনৰ্নিৰ্মাণ এই ছবিখনত মুমতাজে মুখ্য চৰিত্ৰত আৰু এ কে হেংগল, নিৰুপা ৰয়, ললিতা পাৱাৰ, জয়াসুধা আৰু মদন পুৰীয়ে সহযোগী চৰিত্ৰত অভিনয় কৰিছে।
-
আশ্চৰ্য ফাক ইট
আশ্চৰ্য ফাক ইট (Ascharya Fuck It) (চলচ্চিত্ৰখনৰ পোষ্টাৰত Ascharya F#*k It নামেৰে বিশ্লেষণ কৰা হৈছে।; ইয়াক আচাৰ্যচকিত বুলিও কোৱা হয়!) ছবিখনত প্ৰিয়ংকা বসু, বৈভৱ ৰাজ গুপ্তা, অংকিত ৰাজ, অনংশা বিশ্বাস আৰু সন্তোষ জুভেকাৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে।
-
আৰতি (১৯৬২ চলচ্চিত্ৰ)
আৰতি ( Aarti ) ১৯৬২ চনত ফণী মজুমদাৰৰ পৰিচালিত আৰু তাৰাচান্দ বৰজাত্যৰ প্ৰযোজনাত নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ এখন ছবি। ছবিখনত মীনা কুমাৰীয়ে আৰতিৰ শিৰোনাম চৰিত্ৰত অভিনয় কৰিছে। আন আন গুৰুত্বপূৰ্ণ চৰিত্ৰত আছে অশোক কুমাৰ, প্ৰদীপ কুমাৰ আৰু শশীকলা।
-
ইংলিছ ভিংলিছ
ইংলিছ ভিংলিছ হৈছে গৌৰী শ্বিণ্ডেৰ দ্বাৰা ৰচিত আৰু পৰিচালিত ২০১২ চনৰ ভাৰতীয় হিন্দী ভাষাৰ এখন কমেডী-ড্ৰামা ছবি। ছবিখনত শ্ৰীদেৱীয়ে জলপান আৰু মিঠাই তৈয়াৰ কৰা এগৰাকী ক্ষুদ্ৰ উদ্যোগী শশী গডবোলেৰ চৰিত্ৰত অভিনয় কৰিছে।
-
ইটছ এ গাৰ্ল: দ্য থ্ৰী ডেডলিয়েষ্ট ৱৰ্ডছ ইন দ্য ৱৰ্ল্ড
ইটছ এ গাৰ্ল: দ্য থ্ৰী ডেডলিয়েষ্ট ৱৰ্ডছ ইন দ্য ৱৰ্ল্ড (It's a Girl: The Three Deadliest Words in the World; অসমীয়া অনুবাদ: এইজনী এজনী ছোৱালী: পৃথিৱীৰ আটাইতকৈ ঘাটক তিনিটা শব্দ) হৈছে ২০১২ চনৰ এখন তথ্যচিত্ৰ; য’ত কন্যা শিশু হত্যা প্ৰথাৰ বিষয়ে অন্বেষণ কৰা হৈছে।
-
ইতি মৃণালিনী
ইতি মৃণালিনী ( An Unfinished Letter ) ২০১১ চনত বাংলা চলচ্চিত্ৰ নিৰ্মাতা অপৰ্ণা সেনৰ দ্বাৰা পৰিচালিত এখন ভাৰতীয় নাট্যধৰ্মী ছবি। সেনে ৰঞ্জন ঘোষৰ সৈতে সহযোগিতাৰে কাহিনী আৰু চিত্ৰনাট্য ৰচনা কৰিছিল। এই ছবিখনৰ প্ৰযোজক আছিল শ্ৰী ভেংকটেশ ফিল্মছ প্ৰাইভেট লিমিটেডৰ শ্ৰীকান্ত মহতা আৰু মহেন্দ্ৰ ছোনীয়ে।
-
উথিৰিপুক্কল
উথিৰিপুক্কল (ইং অন. Unstrung Flowers) ১৯৭৯ চনত নিৰ্মিত ভাৰতীয় তামিল ভাষাৰ নাট্যধৰ্মী ছবি, যাৰ ৰচনা আৰু পৰিচালনা মহেন্দ্ৰন। পুধুমাইপিথানৰ "চিত্ৰন্নাই" (সতি-সন্ততি) চুটিগল্পৰ আধাৰত নিৰ্মিত ছবিখনত বিজয়ন, অশ্বিনী আৰু মধু মালিনীয়ে অভিনয় কৰিছে।
-
উপাসানে
উপাসানে ১৯৭৪ চনৰ এখন কানাড়ী সংগীতপ্ৰধান নাট্যধৰ্মী ছবি, যাৰ পৰিচালক পুত্তন্না কানাগালে। ৰাশি ভাতৃদ্বয়ে প্ৰযোজনা কৰা এই ছবিখন, দেৱকী মূৰ্তি ৰচিত একে নামৰ উপন্যাসখনৰ আধাৰত নিৰ্মিত।