অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ছিক্ৰেট ছুপাৰষ্টাৰ

ছিক্ৰেট ছুপাৰষ্টাৰ (Sathi Leelavathi) ২০১৭ চনৰ, অদ্বৈত চন্দনৰ দ্বাৰা ৰচিত আৰু পৰিচালিত ভাৰতীয় হিন্দী ভাষাৰ সংগীতপ্ৰধান নাট্যধৰ্মী ছবি। আমিৰ খান প্ৰডাকচন ষ্টুডিঅ'ৰ অধীনত আমিৰ খান আৰু কিৰণ ৰাৱে ছবিখন প্ৰযোজনা কৰিছে। ছবিখনত অভিনয় কৰিছে জাইৰা ৱাছিম, আমিৰ খান, মেহেৰ বিজ আৰু ৰাজ অৰ্জুনে।

হালনাগাদ: ১১ মে’ ২০২৫ ২২৪ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

ছিক্ৰেট ছুপাৰষ্টাৰ (Sathi Leelavathi) ২০১৭ চনৰ, অদ্বৈত চন্দনৰ দ্বাৰা ৰচিত আৰু পৰিচালিত ভাৰতীয় হিন্দী ভাষাৰ সংগীতপ্ৰধান নাট্যধৰ্মী ছবি। আমিৰ খান প্ৰডাকচন ষ্টুডিঅ'ৰ অধীনত আমিৰ খান আৰু কিৰণ ৰাৱে ছবিখন প্ৰযোজনা কৰিছে।১২৩ ছবিখনত অভিনয় কৰিছে জাইৰা ৱাছিম, আমিৰ খান, মেহেৰ বিজ আৰু ৰাজ অৰ্জুনে।৪ ছবিখনত গায়িকা হোৱাৰ ইচ্ছা কৰা এগৰাকী কিশোৰী, নকাব পৰিধান নিজৰ পৰিচয় ছদ্মবেশত ৰাখি ইউটিউবত ভিডিঅ' আপলোড কৰা আৰু মাক, পিতৃ আৰু গুৰুৰ সৈতে থকা তেওঁৰ সম্পৰ্কৰ কাহিনী কোৱা হৈছে।৫ ছবিখনত নাৰীবাদ, লিংগ সমতা আৰু ঘৰুৱা হিংসাকে ধৰি সামাজিক বিষয়সমূহৰ বিষয়ে আলোচনা কৰা হৈছে।৬ এইখন হিন্দী চলচ্চিত্ৰৰ ৱাছিমৰ কৰ্মজীৱনৰ শেষ ছবি।

ছবিখনে সমালোচকৰ পৰা সামগ্ৰিকভাৱে ধনাত্মক সমালোচনা লাভ কৰে।৭ ৱাছিমে ব্যতিক্ৰমী কৃতিত্বৰ বাবে ৰাষ্ট্ৰীয় শিশু বঁটা লাভ কৰে।৮ ৬৩তম ফিল্মফেয়াৰ বঁটাত ছিক্ৰেট ছুপাৰষ্টাৰে দহটা মনোনয়ন পায়, য’ত শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ অভিনেত্ৰী (ৱাছিম), শ্ৰেষ্ঠ সহযোগী অভিনেতা (খান) অন্তৰ্ভূক্ত আছিল। ইয়াৰে শ্ৰেষ্ঠ অভিনেত্ৰী (সমালোচক) (ৱাছিম), শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী (বিজ), শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পীকে (মেঘনা মিশ্ৰ) ধৰি তিনিটা ফিল্মফেয়াৰ বঁটা লাভ কৰে। দংগলৰ (২০১৬) পিছত এই ছবিখন ৱাছিম আৰু খানৰ দ্বিতীয়খন সহযোগিতামূলক প্ৰকল্প।

ছিক্ৰেট ছুপাৰষ্টাৰ সৰ্বকালৰ অন্যতম লাভজনক ছবি হিচাপে পৰিগণিত হয়, যিখনে ১৫০ মিলিয়ন টকা (২.৩ মিলিয়ন মাৰ্কিন ডলাৰ) সীমিত বাজেটত বিশ্বজুৰি ৯.০৫ বিলিয়ন টকা ($১৫৪ মিলিয়ন) উপাৰ্জন কৰে, বিনিয়োগৰ ওপৰত ৬০০০% তকৈ অধিক ৰিটাৰ্ণ পায়। ইয়াৰ উপৰিও এই ছবিখন এগৰাকী নায়িকাক লৈ ২০১৭ চনৰ সৰ্বাধিক উপাৰ্জন কৰা হিন্দী ছবি, সৰ্বকালৰ সপ্তম সৰ্বাধিক উপাৰ্জনকাৰী হিন্দী ছবি আৰু বিদেশত দ্বিতীয় সৰ্বাধিক উপাৰ্জনকাৰী ভাৰতীয় ছবি।

তথ্যসূত্ৰ

  1. ↑ (1 May 2016). Aamir Khan's next titled Secret Superstar. Bollywood Hungama
  2. ↑ (17 March 2015). Aamir Khan to play an alcoholic in his next film, post Dangal?. ইণ্ডিয়া টুডে
  3. ↑ (18 October 2017). Secret Superstar movie review: Aamir Khan, Zaira Wasim, Meher Vij starrer has EQ and IQ
  4. ↑ (20 October 2017). Secret Superstar explores a beautiful mother-daughter friendship forged under oppressive circumstances. Firstpost
  5. ↑ (18 October 2017). 'Secret Superstar' review: A rousing coming-of-age film. The New Indian Express
  6. ↑ Secret Superstar. Rotten Tomatoes
  7. ↑ (16 November 2017). Secret Superstar actor Zaira Wasim receives exceptional achievement award from President Kovind. হিন্দুস্তান টাইমছ
  8. ↑ Advait Chandan on 'Secret Superstar' and the 21st century zeitgeist. Reuters

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ নাৰী সম্পৰ্কীয় চলচ্চিত্ৰহিন্দী চলচ্চিত্ৰ২০১৭ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছিক্ৰেট ছুপাৰষ্টাৰ” প্ৰবন্ধৰ সংশোধন ৫০৭৫৪১ (১১ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।