অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

চোৰী চোৰী চুপকে চুপকে

চোৰী চোৰী চুপকে চুপকে ( Chori Chori Chupke Chupke ) ২০০১ চনত আব্বাছ–মস্তান পৰিচালিত ভাৰতীয় হিন্দী ভাষাৰ এখন ৰোমান্টিক নাট্যধৰ্মী ছবি; চিত্ৰনাট্য আৰু কাহিনী ক্ৰমে জাভেদ ছিদ্দিকী আৰু নীৰজ ভোৰাৰ।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ২১৪ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

চোৰী চোৰী চুপকে চুপকে ( Chori Chori Chupke Chupke ) ২০০১ চনত আব্বাছ–মস্তান পৰিচালিত ভাৰতীয় হিন্দী ভাষাৰ এখন ৰোমান্টিক নাট্যধৰ্মী ছবি; চিত্ৰনাট্য আৰু কাহিনী ক্ৰমে জাভেদ ছিদ্দিকী আৰু নীৰজ ভোৰাৰ। ছলমান খান, ৰাণী মুকেৰ্জী আৰু প্ৰীতি জিন্তাই মুখ্য চৰিত্ৰত অভিনয় কৰা এই ছবিখনৰ সংগীতৰ ৰচনা অনু মালিক আৰু গীতৰ কথা লিখিছে সমীৰে। ছবিখনত বিবাহিত দম্পতী এহালে এগৰাকী যুৱতী বেশ্যাক ছাৰোগেট মাতৃ হিচাপে নিযুক্তি দিয়াৰ কাহিনী কোৱা হৈছে। ভাৰতত ছাৰোগেছি প্ৰসৱৰ দৰে নিষিদ্ধ বিষয় এটা উত্থাপন কৰাৰ বাবে ছবিখন মুক্তিৰ সময়ত বিতৰ্কৰ সৃষ্টি কৰিছিল।১

প্ৰথম অৱস্থাত ২০০০ চনৰ ২২ ডিচেম্বৰত মুক্তি পাবলগীয়া চোৰী চোৰী চুপকে চুপকেৰ মুক্তিত কেইবামাহো পলম হয়।২ কাৰণ চৰকাৰে প্ৰযোজক নাজিম ৰিজৱী আৰু বিত্তীয় সাহায্য প্ৰদানকাৰী ভাৰত শ্বাহক গ্ৰেপ্তাৰ কৰাৰ লগতে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই ছবিখনৰ প্ৰিন্টো জব্দ কৰে। চৰকাৰে সন্দেহ কৰে যে এই ছবিখন নিৰ্মাণৰ বাবে মুম্বাইৰ পাতাল জগতৰ ছোটা শ্বাকিলে ধন লগাইছে।৩ ২০০১ চনৰ মাৰ্চ মাহত ব্যপকভাবে মুক্তি পোৱা ছবিখনে ব্যৱসায়িক সফলতা লাভ কৰে আৰু ২০০১ চনৰ ভাৰতৰ ষষ্ঠ সৰ্বাধিক উপাৰ্জন কৰা ছবি হিচাপে পৰিগণিত হয়।৪

এগৰাকী বেশ্যা তথা ছাৰ’গেট মাতৃৰ ভূমিকাত অভিনয় কৰা প্ৰীতি জিণ্টাই সমালোচকৰ প্ৰশংসা পোৱাৰ লগতে ৪৭তম ফিল্মফেয়াৰ বঁটাত শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ মনোনয়ন লাভ কৰে। এইটোৱে আছিল ছবিখন লাভ কৰা একমাত্ৰ মনোনয়ন।৫ ছবিখনৰ যোগেদি ভাৰতৰ জনপ্ৰিয় সংস্কৃতিৰ সৈতে ছাৰ’গেছিৰ দৰে বিষয় এটাক জড়িত কৰা হৈছে।৬ এই ছবিখনক তামিল ভাষাত অৱন আৱল আধু নামেৰে পুনৰ নিৰ্মাণ কৰা হয়।

তথ্যসূত্ৰ

  1. ↑ Mittal, Madhur. (3 October 1999). Abbas–Mastan's masti. The Tribune
  2. ↑ Rediff Entertainment Bureau. (13 December 2000). Showbuzz! Chori Chori Chupke Chupke producer arrested. Rediff.com
  3. ↑ (12 February 2001). Judge allows release of 'Chori Chori Chupke Chupke'. Rediff.com
  4. ↑ Top Hits 2001. Box Office India
  5. ↑ Preity Zinta: Awards & nominations. Bollywood Hungama
  6. ↑ Majumdar, Anindita. (2018). Surrogacy. Oxford University Press. পৃ. 19–23. ISBN 978-0-19-909654-1

সম্পৰ্কিত শ্ৰেণী

হিন্দী চলচ্চিত্ৰ২০০১ বৰ্ষৰ চলচ্চিত্ৰভাৰতৰ পতিতাবৃত্তি সম্পৰ্কীয় চলচ্চিত্ৰভাৰতৰ নাৰী সম্পৰ্কীয় চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চোৰী চোৰী চুপকে চুপকে” প্ৰবন্ধৰ সংশোধন ৬৩৭১১৬ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।