গ্ৰুহলক্ষ্মী (অনু: গৃহলক্ষ্মী: Gruhalakshmi) এইচ এম ৰেড্ডী প্ৰযোজিত আৰু পৰিচালিত, ১৯৩৮ চনৰ ভাৰতীয় তেলেগু ভাষাৰ এখন নাট্যধৰ্মী ছবি। ৰামানুজাচাৰ্য্যুলু, কাঞ্চনমালা, কান্নাম্বা আৰু চিত্তুৰ নাগয়া অভিনীত এই ছবিখন ৰোহিনী পিকচাৰ্ছৰ প্ৰথম প্ৰযোজনা আৰু চিত্তুৰ নাগয়াৰ প্ৰথম ছবি আছিল।১ ১৯২৯ চনত সোমৰাজু ৰামানুজ ৰাওৰ মঞ্চ নাটক ৰংগুন ৰাউডীৰ অভিযোজন কৰা এই ছবিখন ব্যৱসায়িকভাৱে সফল হৈছিল।২ গ্ৰুহলক্ষ্মী কাঞ্চনমালাক তেলেগু চিনেমাৰ প্ৰথম "প্ৰাণৱন্ত" ছোৱালী হিচাপে পৰিচয় কৰাই দিয়াৰ বাবে উল্লেখযোগ্য। ছবিখনে কামুকতাৰ সাহসী চিত্ৰয়াণৰ বাবে ব্যাপক চৰ্চা লাভ কৰে।৩ এই ছবিখন কে.ভি. ৰেড্ডীৰ আৰম্ভণিৰ কেৰিয়াৰৰ চিন স্বৰূপ আছিল, যিয়ে এজন বিখ্যাত চলচ্চিত্ৰ নিৰ্মাতা হোৱাৰ আগতে ৰোহিনী পিকচাৰ্ছৰ কেচিয়াৰ হিচাপে কাম কৰিছিল।৪
তথ্যসূত্ৰ
- ↑ Gruhalakshmi (1938). Idlebrain.com
- ↑ S. V., Rama Rao; C. V. R., Manikyeswari. (8 September 2018). భాగ్యచక్రము · ఫ్లాష్ బ్యాక్ @ 50. Andhra Bhoomi
- ↑ Narasimham, M. L. (2019-01-22). The song from ‘Gruhalakshmi’ released in 1938 featured an item number and a ‘seductive heroine’. The Hindu
- ↑ వేణుగోపాల్, డా. నాగసూరి. (2021-08-21). తెలుగు సినిమా స్వర్ణయుగంలో మూలస్తంభం. Sakshi
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গ্ৰুহলক্ষ্মী” প্ৰবন্ধৰ সংশোধন ৪৯৫৭৫১ (২২ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।