অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

চৰম

চৰম ( Charam ) ১৯৮৩ চনৰ এখন ভাৰতীয় মালয়ালম ছবি; পৰিচালনা পি.এ.বেকাৰৰ আৰু প্ৰযোজনা চি.এইচ.খালিদৰ। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে প্ৰেম নাজিৰ আৰু মীনা মেননে। ছবিখনত বোম্বাইৰ ৰেড লাইট এলাকাত নিৰুদ্দেশ হোৱা কন্যাৰ সন্ধান কৰা এজন অধিবক্তাৰ কাহিনী বৰ্ণিত হৈছে।

হালনাগাদ: ১৮ জুলাই ২০২৬ ২৫৮ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

চৰম ( Charam ) ১৯৮৩ চনৰ এখন ভাৰতীয় মালয়ালম ছবি; পৰিচালনা পি.এ.বেকাৰৰ আৰু প্ৰযোজনা চি.এইচ.খালিদৰ।১ ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে প্ৰেম নাজিৰ আৰু মীনা মেননে। ছবিখনত বোম্বাইৰ ৰেড লাইট এলাকাত নিৰুদ্দেশ হোৱা কন্যাৰ সন্ধান কৰা এজন অধিবক্তাৰ কাহিনী বৰ্ণিত হৈছে।২৩ মালয়ালমৰ স্বতন্ত্ৰ চিনেমাত এই ছবিখনক এক অগ্ৰগতি হিচাপে গণ্য কৰা হয়। ইয়াৰ সংগীত ৰচনা কৰিছে জি দেৱৰাজনে।

কাহিনী

পত্নীৰ মৃত্যুৰ পিছত বেৰিষ্টাৰ জেমছে কন্যা প্ৰীতিৰ সৈতে থাকে। জেমছ নিজৰ কামত অতি ব্যস্ত হোৱাৰ বাবে প্ৰীতিয়ে ঘৰত অকলশৰে থাকে আৰু নিজকে বিচ্ছিন্ন অনুভৱ কৰে। এদিন প্ৰীতি নিৰুদ্দেশ হয়। তেওঁ জীয়েকক উন্মাদভাৱে বিচাৰিবলৈ আৰম্ভ কৰে। চাৰ্লি নামৰ এজন মানুহৰ সৈতে তাইৰ সম্পৰ্কৰ কথা প্ৰকাশ পায়। জেমছে চাৰ্লিৰ বিষয়ে সোধা-পোছা কৰে যদিও কোনো তথ্য নাপায়।

কিছুদিনৰ পাছত দেউতাকে গম পায় প্ৰীতি বম্বেত আছে। জেমছে নিজৰ কন্যাক বিচাৰি বোম্বেলৈ যাত্ৰা কৰে। তেওঁ এখন ফেশ্বন আলোচনীৰ কভাৰত প্ৰীতিৰ নগ্ন ছবি এখন দেখা পায়। কেৰালাৰ এখন আলোচনীৰ মালিকৰ বেশত জেমছে প্ৰীতিৰ অৱস্থানৰ বিষয়ে অধিক তথ্য পাবলৈ দেশাই নামৰ এজন নগ্ন ফটো তোলা ফটোগ্ৰাফাৰৰ লগত বন্ধুত্ব কৰে যদিও তেওঁ বিশেষ একো তথ্য নাপায়। অৱশ্যে তেওঁ আৱিষ্কাৰ কৰে যে চাৰ্লিয়ে গোপন নামৰ এজন ফটোগ্ৰাফাৰৰ সৈতে বন্ধুত্ব কৰিছিল। জেমছে তেওঁক বিচাৰি উলিয়ায়। গোপনৰ পৰা তেওঁ গম পায় যে প্ৰীতি বৰ্তমান চহৰখনৰ ৰেড লাইট এলেকাৰ এগৰাকী যৌনকৰ্মী।

সঁহাৰি

ছবিখনে সমালোচকৰ প্ৰশংসা লাভ কৰিছিল যদিও ব্যৱসায়িকভাৱে সফলতা লাভ কৰা নাছিল। তথাপিও এই ছবিখনক মালায়ালম স্বতন্ত্ৰ চিনেমাৰ এক অগ্ৰগতি বুলি গণ্য কৰা হয়।৪ বেকাৰৰ বেছিভাগ ছবিয়ে কেৰেলা ৰাজ্যিক চলচ্চিত্ৰ বঁটা আৰু ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আহৰণ কৰিবলৈ সক্ষম হয় যদিও তেওঁ “চৰম”ক কোনো বঁটাৰ বাবে পঠিয়াবলৈ অস্বীকাৰ কৰিছিল। কাৰণ তেওঁ ছবিখনত ব্যৱসায়িক লাভৰ বাবে কিছুমান যৌন আৰু অবাঞ্চিত দৃশ্য সংযোজন কৰাত আপত্তি কৰিছিল।৫

তথ্যসূত্ৰ

  1. ↑ K. N. Shaji (31 May 2013). "ബക്കർ, പവിത്രൻ, ജോൺ കലയും കലാപവും". Samakalika Malayalam Vaarika (in Malayalam)
  2. ↑ Socrates K. Valath (22 March 2019). "കണ്ടും കേട്ടും സിനിമ ചെയ്യാന് പഠിച്ച പി.എ. ബക്കര്" . Southlive.in (in Malayalam). Retrieved 12 March 2023
  3. ↑ Saju Gangadharan (11 February 2023). "'കക്ഷത്തിലെ പൂട കാട്ടുന്നവരുടെ പട'ത്തില് പ്രേംനസീര്: ചാരത്തിന്റെ കഥ". Samayam.com (in Malayalam). Retrieved 12 March 2023
  4. ↑ Ashish Rajadhyaksha; Paul Willemen. (1998). Encyclopaedia of Indian Cinema. BFI Publishing Oxford University Press. পৃ. 85
  5. ↑ "Remembering P A Backer". The New Indian Express. 16 November 2012. Retrieved 12 March 2023

সম্পৰ্কিত শ্ৰেণী

মালায়লম চলচ্চিত্ৰ১৯৮৩ বৰ্ষৰ চলচ্চিত্ৰভাৰতৰ পতিতাবৃত্তি সম্পৰ্কীয় চলচ্চিত্ৰভাৰতৰ নাৰী সম্পৰ্কীয় চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চৰম” প্ৰবন্ধৰ সংশোধন ৬১৮০২৬ (১৮ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।