অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

চন্দ্ৰলেখা (১৯৪৮ চলচ্চিত্ৰ)

চন্দ্ৰলেখা (Chandralekha) ১৯৪৮ চনৰ এখন ভাৰতীয় ঐতিহাসিক দুঃসাহসিক ছবি। জেমিনি ষ্টুডিঅ'ৰ এচ এচ বসনে ছবিখনৰ পৰিচালনা আৰু প্ৰযোজনা কৰিছিল। এছ টি আৰ ৰাজকুমাৰী, এম কে ৰাধা আৰু ৰঞ্জন অভিনীত এই ছবিখন দুজন ভাতৃ বীৰসিংহ আৰু শশাংকৰ কাহিনী, যিয়ে পিতৃৰ ৰাজ্যৰ শাসনৰ অধিকাৰ পাবলৈ আৰু এজনী গাঁওৰ নৃত্যশিল্পী…

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ৭৯১ শব্দ · ৪ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

চন্দ্ৰলেখা (Chandralekha) ১৯৪৮ চনৰ এখন ভাৰতীয় ঐতিহাসিক দুঃসাহসিক ছবি। জেমিনি ষ্টুডিঅ'ৰ এচ এচ বসনে ছবিখনৰ পৰিচালনা আৰু প্ৰযোজনা কৰিছিল। এছ টি আৰ ৰাজকুমাৰী, এম কে ৰাধা আৰু ৰঞ্জন অভিনীত এই ছবিখন দুজন ভাতৃ বীৰসিংহ আৰু শশাংকৰ কাহিনী, যিয়ে পিতৃৰ ৰাজ্যৰ শাসনৰ অধিকাৰ পাবলৈ আৰু এজনী গাঁওৰ নৃত্যশিল্পী চন্দ্ৰলেখাক বিয়া কৰোঁৱাক লৈ বিবাদত লিপ্ত হৈছে।

১৯৪০ৰ দশকৰ আৰম্ভণিতে ছবিখনৰ নিৰ্মাণৰ প্ৰস্তুতি আৰম্ভ হৈছিল। একেৰাহে দুখন বক্স অফিচ হিট ছবিৰ পিছত বসনে ঘোষণা কৰিছিল যে তেওঁৰ পৰৱৰ্তী ছবিৰ নাম হ’ব চন্দ্ৰলেখা। কিন্তু যেতিয়া তেওঁ ছবিখনৰ বাবে এক বিজ্ঞাপন অভিযান আৰম্ভ কৰিছিল, তেতিয়া তেওঁৰ হাতত কেৱল এগৰাকী নায়িকাৰ নামহে আছিল, যাক তেওঁ নাকচ কৰিছিল। বসনৰ অন্যতম কাহিনীকাৰ ভেপ্পাথুৰ কিট্টুই জৰ্জ ডব্লিউ এম ৰেইনল্ডছৰ উপন্যাস ‘’ৰবাৰ্ট মেকেয়াৰ: দ্য ফ্ৰেন্স বেণ্ডিত ইন ইংলেণ্ড’’ৰ এটা অধ্যায়ৰ আধাৰত এটা কাহিনী প্ৰস্তুত কৰিছিল। মূল পৰিচালক টি জি ৰাঘৱচাৰীয়ে বসনৰ সৈতে মতানৈক্যৰ বাবে ছবিখন আধাতকৈও অধিক সময় থাকোঁতে এৰি থৈ যায়।১২

মূলতঃ তামিল ভাষাত আৰু পিছলৈ হিন্দী ভাষাত নিৰ্মিত চন্দ্ৰলেখাৰ নিৰ্মাণত পাঁচ বছৰ (১৯৪৩–১৯৪৮) লাগিছিল। এই ছবিখনৰ চিত্ৰনাট্য, চিত্ৰগ্ৰহণ আৰু অভিনেতা-অভিনেত্ৰী সলনি কৰা হৈছিল আৰু সেই সময়ত এইখন ভাৰতত নিৰ্মিত আটাইতকৈ ব্যয়বহুল ছবি আছিল। বসনে নিজৰ সকলো সম্পত্তি বন্ধকত ৰাখি নিজৰ গহনা বিক্ৰী কৰি ছবিখন সম্পূৰ্ণ কৰিছিল, যাৰ চিত্ৰগ্ৰহণকাৰী কমল ঘোষ আৰু কে ৰামনোথ আছিল। ভাৰতীয় আৰু পাশ্চাত্য শাস্ত্ৰীয় সংগীতৰ দ্বাৰা বহুলাংশে অনুপ্ৰাণিত ছবিখনৰ সংগীত ৰচনা কৰিছিল এম ৰাজেশ্বৰ ৰাও আৰু এম ডি পাৰ্থসাৰথী। গীত ৰচনা কৰিছিল পাপনাসম শিৱন আৰু কোথামংগলমে।৩৪ His wife Gnanambal persuaded Vasan to cast Radha in the role.৪৫

১৯৪৮ চনৰ ৯ এপ্ৰিলত মুক্তি লাভ কৰা চন্দ্ৰলেখা ছবিখনে সাধাৰণতে ইতিবাচক সমালোচনা লাভ কৰিছিল যদিও ইয়াৰ নিৰ্মাণ খৰচ ওলোৱা নাছিল। বসনে কিছু পৰিৱৰ্তন কৰি হিন্দী সংস্কৰণটোৰ পৰিচালনা কৰিছিল, য'ত পুনৰ দৃশ্যগ্ৰহণ কৰা দৃশ্য, সামান্য পৰিৱৰ্তিত অভিনেতা-অভিনেত্ৰী, আঘাজনী কাশ্মীৰী আৰু পণ্ডিত ইন্দ্ৰৰ হিন্দী সংলাপও অন্তৰ্ভূক্ত আছিল। সেই বছৰৰ ২৪ ডিচেম্বৰত মুক্তি পোৱা হিন্দী সংস্কৰণটো বক্স অফিচত সফলতা লাভ কৰে। ৬ ছবিখনৰ মুক্তিৰ লগে লগে সমগ্ৰ ভাৰতবৰ্ষতে দক্ষিণ ভাৰতীয় চলচ্চিত্ৰই বিশিষ্ট স্থান লাভ কৰিছিল আৰু ই দক্ষিণ ভাৰতীয় প্ৰযোজকসকলক উত্তৰ ভাৰতত তেওঁলোকৰ হিন্দী ছবিৰ বিপণন কৰিবলৈ অনুপ্ৰাণিত কৰিছিল।

হিন্দী সংস্কৰণ

চন্দ্ৰলেখাৰ হিন্দী সংস্কৰণটোৱেই আছিল বসনৰ হিন্দী ভাষাৰ প্ৰথমখন ছবি।৭ এই সংস্কৰণৰ বাবে বসনে কেইবাটাও দৃশ্য পুনৰ শ্বুট কৰিছিল আৰু কেইজনমান অন্য অভিনেতা-অভিনেত্ৰী ব্যৱহাৰ কৰিছিল।৮ আঘাজানী কাশ্মীৰী আৰু পণ্ডিত ইন্দ্ৰই হিন্দী সংস্কৰণৰ সংলাপ লিখিছিল।৯ আনহাতে গীতিকাৰ আছিল ইন্দ্ৰ আৰু ভাৰত ব্যাস। দুয়োটা সংস্কৰণৰ সংগীত ৰচনা কৰা ৰাজেশ্বৰ ৰাওক হিন্দী সংস্কৰণত বাল কৃষ্ণ কল্লাই সহায় কৰিছিল। আনহাতে পাৰ্থসাৰথি আৰু বৈদ্যনাথনে হিন্দী সংস্কৰণৰ পটভূমি সংগীত ৰচনা কৰিছিল। তামিল সংস্কৰণটো ১৮,০০০ ফুটতকৈও (৫,৫০০ মিটাৰ) দীঘল আছিল, কিন্তু হিন্দী সংস্কৰণটোৰ দৈৰ্ঘ্য আছিল ১৪,৪৯৫ ফুট (৪,৪১৮ মিটাৰ)।১০

যদিও হিন্দী সংস্কৰণত ৰাজকুমাৰী, ৰাধা আৰু ৰঞ্জনে পুনৰ একে চৰিত্ৰত অভিনয় কৰিছিল, তথাপিও ৰাধা আৰু ৰঞ্জনৰ চৰিত্ৰৰ নাম সলনি কৰা হৈছিল। আন অভিনেতাসকলৰ ভিতৰত এন.এছ.কৃষ্ণন, টি.এ.মথুৰাম, টি.ই.কৃষ্ণমাচাৰী, পট্টাই কৃষ্ণমূৰ্তি আৰু এন. সীতাৰমণক কেবল তামিল সংস্কৰণত দেখা গৈছিল। যশোধৰা কাটজু আৰু এচ কে চোপ্ৰাই কেবল হিন্দী সংস্কৰণত অভিনয় কৰিছিল। ১১

গ্ৰন্থপঞ্জী

  • Armes, Roy. (1987). Third World Film Making and the West. University of California Press. ISBN 0-520-05690-6
  • Ashokamitran. (2016). Fourteen Years with Boss. Penguin Books. ISBN 978-0-14-342329-4
  • Banerjee, Shampa; Srivastava, Anil. (1988). One Hundred Indian Feature Films: An Annotated Filmography. Routledge. ISBN 978-1-135-84098-3
  • Baskaran, S. Theodore. (1996). The Eye of the Serpent: An Introduction to Tamil Cinema. East West Books
  • Baskaran, S. Theodore. (2009). History Through the Lens: Perspectives on South Indian Cinema. Orient Blackswan. ISBN 978-8125035206
  • Blamey, David; D'Souza, Robert; Dickey, Sara. (2005). Living Pictures: Perspectives on the Film Poster in India. Open Editions. ISBN 978-0-949004-15-4
  • Chander, Prakash. (2003). India: Past and Present. APH Publishing. ISBN 81-7648-455-5
  • Dwyer, Rachel; Patel, Divia. (2002). Cinema India: The Visual Culture of Hindi Film. Reaktion Books. ISBN 0-19-566347-0
  • Garga, B. D. (2005). Art of Cinema. Penguin Books. ISBN 978-0-670-05853-2
  • Gokulsing, K. Moti; Dissanayake, Wimal. (2004). Indian Popular Cinema: A Narrative of Cultural Change. Trentham Books. ISBN 1-85856-329-1
  • Gooptu, Sharmistha. (2010). Bengali Cinema: An Other Nation. Lotus Collection, Roli Books. ISBN 978-81-7436-816-4
  • Gopal, Sangita; Moorti, Sujata. (2008). Global Bollywood: Travels of Hindi Song and Dance. University of Minnesota Press. ISBN 978-0-8166-4578-7
  • Gulazāra; Nihalani, Govind; Chatterjee, Saibal. (2003). Encyclopaedia of Hindi Cinema. Popular Prakashan. ISBN 81-7991-066-0
  • Guy, Randor. (1997). Starlight, Starbright: The Early Tamil Cinema. Amra Publishers
  • National Film Development Corporation of India. (1998). Indian cinema: A Visual Voyage. Ministry of Information and Broadcasting. ISBN 978-8123006468
  • Pillai, Swarnavel Eswaran. (2015). Madras Studios: Narrative, Genre, and Ideology in Tamil Cinema. Sage Publications. ISBN 978-93-5150-212-8
  • Raghavendra, M. K. (2009). 50 Indian Film Classics. HarperCollins. ISBN 978-81-7223-866-7
  • Rajadhyaksha, Ashish; Willemen, Paul. (1998). Encyclopaedia of Indian Cinema. British Film Institute and Oxford University Press. ISBN 0-19-563579-5
  • Ranade, Ashok. (2006). Hindi Film Song: Music Beyond Boundaries. Promilla & Co. ISBN 81-85002-64-9
  • Shah, Panna. (1950). The Indian film. Greenwood Press. ISBN 978-0-8371-3144-3
  • Thompson, Kristin; Bordwell, David. (2003). Film History – An Introduction. McGraw-Hill Education. ISBN 978-0-07-115141-2
  • Thoraval, Yves. (2000). The Cinemas of India. Macmillan India. ISBN 0-333-93410-5
  • Vijayakar, Rajiv. (2009). The History of Indian Film Music: A Showcase of the Very Best in Hindi Cinema. Bennett, Coleman & Company. ISBN 978-8189906818

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Guy 1997, পৃ. 245
  2. ↑ Banerjee Srivastava 1988, পৃ. 58
  3. ↑ Guy 1997, পৃ. 246
  4. ↑ Guy, Randor. (20 April 1991). Chandralekha: The finest ever entertainer. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ. পৃ. 19
  5. ↑ Guy 1997, পৃ. 246–247
  6. ↑ Guy, Randor. (5 October 2013). The forgotten heroes. দ্য হিন্দু
  7. ↑ Pillai 2015, পৃ. 116
  8. ↑ (1948). Chandralekha. Gemini Studios
  9. ↑ (1948). Chandralekha. Gemini Studios
  10. ↑ Pillai 2015, পৃ. 186
  11. ↑ (1948). Chandralekha. Gemini Studios

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ নাৰী সম্পৰ্কীয় চলচ্চিত্ৰ১৯৪৮ বৰ্ষৰ চলচ্চিত্ৰতামিল চলচ্চিত্ৰহিন্দী চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চন্দ্ৰলেখা (১৯৪৮ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৬৩৯৬০৬ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।