অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

জীৱন ধাৰা

জীৱন ধাৰা (Jeevan Dhaara) হ'ল ১৯৮২ চনৰ টি. ৰামা ৰাওৰ দ্বাৰা পৰিচালিত এখন ভাৰতীয় হিন্দী ভাষাৰ চলচ্চিত্ৰ। চলচ্চিত্ৰখন ১৯৭৪ চনৰ তামিল ছবি আৱাল অৰু থোদাৰ কাথাই ৰ পুনৰ্নিৰ্মাণ।

হালনাগাদ: ৫ ফেব্ৰুৱাৰী ২০২৫ ৩৬৫ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

জীৱন ধাৰা (Jeevan Dhaara) হ'ল ১৯৮২ চনৰ টি. ৰামা ৰাওৰ দ্বাৰা পৰিচালিত এখন ভাৰতীয় হিন্দী ভাষাৰ চলচ্চিত্ৰ। চলচ্চিত্ৰখন ১৯৭৪ চনৰ তামিল ছবি আৱাল অৰু থোদাৰ কাথাই ৰ পুনৰ্নিৰ্মাণ।১ ছবিখনত মুখ্য চৰিত্ৰত ৰেখাই অভিনয় কৰাৰ লগতে ৰাজ বাব্বাৰ, ৰাকেশ ৰোশন, অমল পালেকাৰ, কানৱালজিত সিং আৰু চি‍ম্পল কাপাডিয়াই অভিনয় কৰিছে। চলচ্চিত্ৰখনে মূলসুঁতিৰ ধাৰাক সমান্তৰাল চিনেমাৰ সৈতে সংযোগ কৰিছে‍। ৰেখাই ইয়াত কৰা অভিনয়ৰ বাবে‍ ফিল্মফেয়াৰ শ্ৰেষ্ঠ অভিনেত্ৰী বঁটাৰ বাবে মনোনয়ন লাভ কৰিছিল, যিটো আছিল চলচ্চিত্ৰখনৰ বাবে একমাত্ৰ মনোনয়ন আৰু ছবিখনে বক্স অফিচত সফলতা লাভ কৰাৰ কৃতিত্ব ৰেখাকে দিয়া হয়।২৩

প্লট

সংগীতা (ৰেখা) এগৰাকী যুৱতী, শক্তিশালী আৰু আদৰ্শবাদী ছোৱালী। কুৰি বছৰ বয়সতো যিগৰাকী তেওঁৰ সমসাময়িকসকলৰ দৰে নহয়, এতিয়াও বিবাহিত নহয় কিয়নো তেওঁ এটা ডাঙৰ পৰিয়ালৰ চোৱাচিতা কৰাৰ দায়িত্ব ল'ব লগা হৈছে‍। তাইৰ দেউতাকে পৰিয়াল ত্যাগ কৰিছে আৰু তাইৰ মাক এগৰাকী গৃহিণী। তাইৰ মাতাল ভাতৃ (ৰাজ বব্বৰ বিবাহিত হোৱাৰ পিছতো কৰ্মহীন আৰু তিনিজন সন্তানৰ পিতৃ), এগৰাকী সৰু ভনী গীতা (মধু কাপুৰ বিধৱা), সংগীতাৰ আন এগৰাকী ভনীয়েক আৰু এজন সৰু ভাতৃ আছে যিয়ে‍ পঢ়া-শুনা কৰি আছে। এই পৰিয়ালৰ সকলো সদস্যই একেটা ছাদৰ তলত বসবাস কৰে। সংগীতা হৈছে পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী সদস্য।

সংগীতাই গোপনে সেই দিনটোৰ সপোন দেখে যিদিনাখন তেওঁৰ নিজৰ স্বামী আৰু সন্তানসহ এখন সংসাৰ হ'ব। প্ৰেম (কানৱালজিত) তাইৰ দীৰ্ঘদিনীয়া বন্ধু আৰু তেওঁ তাইৰ প্ৰেমত পৰে। এদিন বাছত তেওঁক বিচাৰি নোপোৱাৰ পিছত তাই তেওঁৰ প্ৰতি থকা নিজৰ অনুভৱ উপলব্ধি কৰে। তেওঁলোকে ডেটিং আৰম্ভ কৰে আৰু তাই তেওঁক নিজৰ পৰিয়ালৰ মানুহৰ সৈতে চিনাকি হ'বলৈ‍ ঘৰলৈ মাতি‍ আনে‍। তাইৰ বিধৱা ভনীয়েকগৰাকীয়েও প্ৰেমৰ প্ৰেমত পৰে। সংগীতাই যেতিয়া এই বিষয়ে গম পায় তেতিয়া তাই প্ৰেমক তাইক পাহৰি তাৰ পৰিৱৰ্তে তাইৰ ভনীয়েকক বিয়া কৰাবলৈ কয় আৰু সি মান্তি হয়।

কিছু দুৰ্ভাগ্যজনক ঘটনাৰ পিছত ভায়েক আৰু তাইৰ বেষ্ট ফ্ৰেণ্ড (চিম্পল কাপাডিয়া) জড়িত সংগীতাৰ বছে (ৰাকেশ ৰোশনে) সংগীতাৰ ভায়েকক নিজৰ কোম্পানীত চাকৰিৰ প্ৰস্তাৱ দি সংগীতাক প্ৰেমৰ প্ৰস্তাৱ দিয়ে। অৱশ্যে, বিয়াৰ দিনা সংগীতাৰ ভায়েকক তেওঁৰ ওচৰত ধন দাবী কৰা এজন গুণ্ডাই হত্যা কৰে। নিজৰ পৰিয়ালক সমৰ্থন অব্যাহত ৰখাৰ স্বাৰ্থতে সংগীতাই নিজৰ বিয়াখন বন্ধ কৰিব লগীয়া হয়। চলচ্চিত্ৰখনৰ শেষাংশত সংগীতাই বাছৰ কণ্ডাক্টৰক কয় যে তেওঁ এনে এগৰাকী মহিলা যাৰ এগৰাকী মাতৃ, এগৰাকী বিধৱা ভনীয়েক, দুজন ভাই-ভনী আৰু তিনিটিা সৰু ল'ৰা-ছোৱালী আছে; তেওঁ নিজৰ বাবে সপোন সন্ধান কৰিব নোৱাৰে।

চৰিত্ৰ ৰূপায়ণ

  • সংগীতা হিচাপে ৰেখা
  • ৰাকেশ ৰোশন
  • অমল পালেকাৰ
  • ৰাজ বাব্বাৰ
  • প্ৰেম হিচাপে কানৱালজিত সিং
  • কল্পনা হিচাপে চিম্পল কপাডিয়া
  • ছুলোচনা লাটকাৰ
  • গীতাৰ চৰিত্ৰত মধু কাপুৰ

সংগীত

গান।গায়ক
জীৱন ধাৰাএছ. পি. বালাসুব্ৰমনিয়াম
গংগাৰাম কানৱাৰাকিশোৰ কুমাৰ
সময় কে দৰ্পনসুৰেশ ৱাডকাৰ, আশা ভোছলে
জলদি আ মেৰে পৰদেচি বাবু জলদি ছে আ না দেৰ লগাঅনুৰাধা পৌডৱাল, অলকা যাগ্নিক, কবিতা কৃষ্ণমূৰ্তি
পাইদা কৰকে‍ছেলিম প্ৰেমৰাগী

তথ্যসূত্ৰ

  1. ↑ Articles: Movie Retrospect: Retrospect: Antuleni Katha - 1976
  2. ↑ 1st Filmfare Awards 1953
  3. ↑ BoxOffice India.com

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ নাৰী সম্পৰ্কীয় চলচ্চিত্ৰহিন্দী চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জীৱন ধাৰা” প্ৰবন্ধৰ সংশোধন ৪৭০৬৭৬ (৫ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।