অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

কুইন (২০১৪ চলচ্চিত্ৰ)

কুইন ( Queen ) ২০১৪ চনত নিৰ্মিত এখন মহিলা প্ৰধান ভাৰতীয় হিন্দী ছবি। ইয়াৰ পৰিচালনা বিকাশ বেহেলে কৰিছে। প্ৰযোজনা অনুৰাগ কাশ্যপ, বিক্ৰমাদিত্য মটৱানে, আৰু মধু মন্তেনাৰ। ছবিখনত কংগনা ৰানাৱটে মুখ্য চৰিত্ৰত অভিনয় কৰিছে; লিজা হেইডন আৰু ৰাজকুমাৰ ৰাৱে সহযোগী চৰিত্ৰত অভিনয় কৰিছে।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ২১৮ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

কুইন ( Queen ) ২০১৪ চনত নিৰ্মিত এখন মহিলা প্ৰধান ভাৰতীয় হিন্দী ছবি। ইয়াৰ পৰিচালনা বিকাশ বেহেলে কৰিছে। প্ৰযোজনা অনুৰাগ কাশ্যপ, বিক্ৰমাদিত্য মটৱানে, আৰু মধু মন্তেনাৰ। ছবিখনত কংগনা ৰানাৱটে মুখ্য চৰিত্ৰত অভিনয় কৰিছে; লিজা হেইডন আৰু ৰাজকুমাৰ ৰাৱে সহযোগী চৰিত্ৰত অভিনয় কৰিছে।১ ছবিখনত নতুন দিল্লীৰ পাঞ্জাৱী ছোৱালী ৰাণী মেহৰাৰ কাহিনী আছে, যিয়ে তেওঁৰ হবলগীয়া স্বামীয়ে তেওঁলোকৰ বিয়াখন বাতিল কৰাৰ পিছত অকলে পেৰিছ আৰু আমষ্টাৰডামলৈ হানিমুনৰ বাবে যাত্ৰা কৰে।২

বেহেলে চৈতালী পৰমাৰ আৰু পাৰবীজ শেখৰ সৈতে সহযোগিতাৰে কুইনৰ চিত্ৰনাট্য লিখিছিল। ছবিখনৰ সংলাপ লিখিছিল অন্বিতা দত্ত গুপ্তাই। অমিত ত্ৰিবেদীয়ে সংগীত ৰচনা কৰিছিল আৰু গুপ্তনে গীতৰ কথা লিখিছিল। কুইনৰ প্ৰধান চিনেমেট’গ্ৰাফী ২০১২ চনত আৰম্ভ হৈছিল আৰু সম্পূৰ্ণ হ'বলৈ ৪৫ দিন সময় লাগিছিল।৩ ছবিখন পৰিচালনা, চিত্ৰনাট্য আৰু ৰানাউটৰ অভিনয়ৰ বাবে সমালোচকৰ প্ৰশংসা লাভ কৰে। বিভিন্ন সমালোচক আৰু প্ৰকাশনে ইয়াক ২০১৪ চনৰ শ্ৰেষ্ঠ ভাৰতীয় ছবি হিচাপে উল্লেখ কৰে। এইখন এগৰাকী মহিলা নায়িকাক লৈ সৰ্বাধিক উপাৰ্জন কৰা ভাৰতীয় ছবিসমূহৰ ভিতৰত অন্যতম।৪ ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্তৰত ছবিখনে কেইবাটাও বঁটা আৰু প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে। ৬০তম ফিল্মফেয়াৰ বঁটাত ছবিখনে ১৩টা মনোনয়ন লাভ কৰাৰ বিপৰীতে শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ পৰিচালক, আৰু শ্ৰেষ্ঠ অভিনেত্ৰীকে ধৰি আগশাৰীৰ ৬টা বঁটা লাভ কৰে। ৬২তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত ছবিখনে শ্ৰেষ্ঠ হিন্দী চলচ্চিত্ৰ আৰু শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰে।

বঁটা

৬২তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা

  • শ্ৰেষ্ঠ হিন্দী পূৰ্ণদৈৰ্ঘ্য ছবি

৬০তম ফিল্মফেয়াৰ বঁটা

  • শ্ৰেষ্ঠ ছবি
  • শ্ৰেষ্ঠ পৰিচালক
  • শ্ৰেষ্ঠ অভিনেত্ৰী
  • শ্ৰেষ্ঠ অৱহ সংগীত
  • শ্ৰেষ্ঠ সম্পাদনা
  • শ্ৰেষ্ঠ চিনেমেটোগ্ৰাফী

তথ্যসূত্ৰ

  1. ↑ (21 March 2014). Bursting with creativity. MiD DAY
  2. ↑ (7 March 2014). 'Queen' review: Kangana Ranaut is the 'Queen' of hearts
  3. ↑ (26 December 2014). Top 5 Films 2014-Anupama Chopra. YouTube
  4. ↑ (2019-03-08). Queen: The complicated legacy of the film that celebrated feminism. Qrius

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ নাৰী সম্পৰ্কীয় চলচ্চিত্ৰশ্ৰেষ্ঠ হিন্দী ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ীফিল্মফেয়াৰ বঁটা বিজয়ী২০১৩ বৰ্ষৰ চলচ্চিত্ৰহিন্দী চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুইন (২০১৪ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৬৩৬৯২৬ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।