অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ছিৰি ফাৰহাদ (১৯৫৬ চলচ্চিত্ৰ)

ছিৰি ফাৰহাদ ১৯৫৬ চনত মুক্তি পোৱা ভাৰতীয় হিন্দুস্তানী ভাষাৰ এখন ৰোমান্টিক নাট্যধৰ্মী ছবি, যাৰ পৰিচালক আৰু প্ৰযোজক আছিল আস্পি ইৰাণী। শ্বাহনামে ৰ খুশ্ৰু আৰু শিৰিৰ আধাৰত এই ছবিখন নিৰ্মিত।

হালনাগাদ: ১০ ফেব্ৰুৱাৰী ২০২৫ ৩৬৪ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

ছিৰি ফাৰহাদ ১৯৫৬ চনত মুক্তি পোৱা ভাৰতীয় হিন্দুস্তানী ভাষাৰ এখন ৰোমান্টিক নাট্যধৰ্মী ছবি, যাৰ পৰিচালক আৰু প্ৰযোজক আছিল আস্পি ইৰাণী। শ্বাহনামে ৰ খুশ্ৰু আৰু শিৰিৰ আধাৰত এই ছবিখন নিৰ্মিত। ১ ৰাজকুমাৰী শিৰিক তেওঁৰ শৈশৱৰ প্ৰেমিক ফাৰহাদক লগ পোৱাত বাধা আৰোপ কৰা হয় আৰু তেওঁক অন্য এজন ৰজাক বিয়া কৰাবলৈ বাধ্য কৰোৱা হয়। ছবিখনত শিৰিৰ চৰিত্ৰত অভিনয় কৰিছে মধুবালাই আৰু ফাৰহাদৰ চৰিত্ৰত অভিনয় কৰিছে প্ৰদীপ কুমাৰে। {cn|date=October 2024}}

এছ মহিন্দৰৰ দ্বাৰা ৰচিত জনপ্ৰিয় সংগীত অন্তৰ্ভূক্ত কৰা ছবিখনৰ আংশিক শ্বুটিং গেভাকালাৰত কৰা হৈছিল। লেখক ৰেখা মেনন আৰু মোহন দীপৰ মতে এই ছবিখন মধুবালা আৰু প্ৰদীপ কুমাৰৰ কেৰিয়াৰৰ বক্স অফিচৰ অন্যতম বৃহৎ সফলতা আছিল। ২৩

প্লট

এই ছবিখনত দুজন মহান প্ৰেমিক শিৰি আৰু ফাৰহাদৰ কাহিনী কোৱা হৈছে। শৈশৱতে দোকান এখনত দেখা এটা ধুনীয়া হৰিণৰ প্ৰতি ৰাজকুমাৰী শিৰিৰ আকৰ্ষণ গঢ় লৈ উঠিছিল। ৰাজপ্ৰসাদলৈ হৰিণটোক লগত লৈ যোৱাৰ সময়ত তাই প্ৰতিশ্ৰুতি দিয়ে যে হৰিণাটোৰ গৰাকী, এজন ভাস্কৰ্য শিল্পীৰ দুখীয়া সন্তান, ফাৰহাদে প্ৰতিদিনে ৰাজপ্ৰসাদলৈ আহি তাইৰ আৰু হৰিণাটোৰ সৈতে খেলিব পাৰিব।

ফাৰহাদে তেনেকৈয়ে কৰিয়েই থাকে আৰু সামাজিক বিভেদৰ মাজতো শিৰি আৰু ফাৰহাদ অতি ঘনিষ্ঠ বন্ধু হৈ পৰে আৰু অৱশেষত এই বন্ধুত্বই প্ৰেমত পৰিণত হয়। কিন্তু শিৰিৰ প্ৰবল অনিচ্ছাৰ মাজতো ছাহেনছাহ হুছৰোৰ লগত তাইৰ বিয়াৰ বন্দোৱস্তী হয়। ইয়াৰ ফলত প্ৰথমে ফাৰহাদক ক্ষুব্ধ হৈ পৰে আৰু তাৰ পিছত তেওঁ অনাই বনাই ঘূৰি ফুৰিবলৈ লয়।

ছবিখনৰ বাকী অংশত ফাৰহাদে কেনেকৈ শিৰিৰ শহুৰেকৰ ৰাজপ্ৰসাদত উপস্থিত হয় আৰু কেনেকৈ তেওঁৰ স্বামী হুছৰোৱে তেওঁক প্ৰতিশ্ৰুতি দিয়ে যে যদি তেওঁ শিৰিক গা ধুব পৰাকৈ শিলৰ পাহাৰৰ পৰা গাখীৰৰ হ্ৰদ এটা সৃষ্টি কৰিবলৈ সক্ষম হয়, তেন্তে তেওঁক "যিকোনো বস্তু"ৱে দিব। প্ৰতিশ্ৰুতি অনুসাৰে ফাৰহাদ তেওঁৰ লক্ষ্যত উপনীত হয়। এনেতে ফাৰহাদৰ শত্ৰুৱে তেওঁক জনায় যে শিৰিৰ ইতিমধ্যে মৃত্যু হৈছে। ফল স্বৰূপে ফাৰহাদেও গাখীৰৰ হ্ৰদত জপিয়াই আত্মজাহ দিয়ে। পিছে প্ৰকৃতাৰ্থত শিৰিৰ মৃত্যু হোৱা নাছিল আৰু তাই যেতিয়া গম পায় যে ফাৰহাদ আৰু নাই, তেতিয়া তায়ো একেটা হ্ৰদতে জপিয়াই আত্মহত্যা কৰে।

সামৰণিত দুয়োজন প্ৰেমিক-প্ৰেমিকাই শান্তিৰে স্বৰ্গৰ চিৰি বগাই, ইজনে সিজনৰ হাতত ধৰি শেষত পুনৰ মিলন ঘটে আৰু তেনেকৈয়ে ছবিখনৰ সামৰণি পৰে।

গ্ৰহণ

. টাইমছ অৱ ইণ্ডিয়াৰ মতে, ১৯৫৬ চনৰ ৩ ফেব্ৰুৱাৰীত বম্বেত শিৰি ফাৰহাদক চিত্ৰগৃহত মুক্তি দিয়া হয়। ৪ শিৰি ফাৰহাদ দৰ্শকৰ মাজত অতিশয় জনপ্ৰিয় বুলি প্ৰমাণিত হয়। ৫ [[মধুবালা]ৰ জীৱনীকাৰ মোহন দীপৰ মতে, ছবিখন আৰ্থিকভাৱে সফল হৈছিল; ইয়াৰ সফলতাই মধুবালা আৰু প্ৰদীপ কুমাৰৰ যুটিক খ্যাতি আনি দিছিল। ৬ শিৰি ফাৰহাদ অভিনেত্ৰী অমীতাৰ বাবে এখন breakthrough ছবি সাব্যস্ত হৈছিল।

তথ্যসূত্ৰ

  1. ↑ Filippo Carlà-Uhink; Anja Wieber. (2020). Orientalism and the Reception of Powerful Women from the Ancient World. Bloomsbury Publishing. পৃ. 265. ISBN 978-1-350-05011-2
  2. ↑ Highest Grossing Hindi Movies of 1956. IMDb
  3. ↑ Deep 1996, পৃ. 90
  4. ↑ Shirin Farhad Movie: Showtimes, Review, Trailer, Posters, News & Videos · eTimes. The Times of India
  5. ↑ Menon, Rekha. (1963). Cultural Profiles: Banaras. Allahabad. Lucknow. Bangalore. Mysore. Bombay. Poona. Inter-National Cultural Centre
  6. ↑ Deep 1996, পৃ. 90

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ নাৰী সম্পৰ্কীয় চলচ্চিত্ৰভাৰতীয় লোককথাৰ আধাৰত নিৰ্মিত ছবি১৯৫৬ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছিৰি ফাৰহাদ (১৯৫৬ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪৭৪৪০২ (১০ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।