অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

জুলী (১৯৭৫ চলচ্চিত্ৰ)

জুলী (Julie) ১৯৭৫ চনৰ এখন হিন্দী ৰোমাণ্টিক ড্ৰামা ছবি, যাৰ পৰিচালনা আছিল কে. সেতুমাধৱনৰ আৰু ৰচনা আছিল চক্ৰপাণিৰ। ছবিখনত লক্ষ্মীয়ে নাম ভূমিকাত অভিনয় কৰিছিল আৰু এয়া অভিনেত্ৰীগৰাকীৰ প্ৰথম হিন্দী ছবিত অভিনয় আছিল।

হালনাগাদ: ২৯ আগষ্ট ২০২৬ ১৭৮ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

জুলী (Julie) ১৯৭৫ চনৰ এখন হিন্দী ৰোমাণ্টিক ড্ৰামা ছবি, যাৰ পৰিচালনা আছিল কে. সেতুমাধৱনৰ আৰু ৰচনা আছিল চক্ৰপাণিৰ। ছবিখনত লক্ষ্মীয়ে নাম ভূমিকাত অভিনয় কৰিছিল আৰু এয়া অভিনেত্ৰীগৰাকীৰ প্ৰথম হিন্দী ছবিত অভিনয় আছিল। ইয়াৰ উপৰিও ইয়াত বিক্ৰম মকানদাৰ নাদিৰা, ৰীতা ভাদুৰী, ওম প্ৰকাশ, উৎপল দত্ত আৰু শ্ৰীদেৱী আছিল। শ্ৰীদেৱীয়ে ইয়াত প্ৰথমটো উল্লেখযোগ্য হিন্দী চৰিত্ৰত অভিনয় কৰিছে। ছবিখন সমালোচনাত্মক আৰু ব্যৱসায়িকভাৱে সফলতা লাভ কৰিছিল।১

এইখন মালয়ালম ছবি “চট্টাকাৰী”ৰ (১৯৭৪) পুনৰ্নিৰ্মাণ, যিখনত লক্ষ্মীয়েই মুখ্য চৰিত্ৰত অভিনয় কৰিছিল আৰু চট্টাকাৰীৰ মালয়ালম আৰু হিন্দী সংস্কৰণৰ যোগেদি তেওঁ মালায়লম আৰু হিন্দীত আত্মপ্ৰকাশ কৰিছিল।২ ২০০৬ চনত মুক্তি পোৱা কানাড়া পুনৰ্নিৰ্মিত জুলীত তেওঁ অভিনয় কৰা নাছিল, যিখনৰ নাম ভূমিকাত ৰাম্যা আৰু নায়কৰ চৰিত্ৰত ডিনো ম'ৰিয়াই অভিনয় কৰিছিল।৩ মালয়ালম ৰিমেক “চট্টাকাৰী”ত (২০১২) জুলীৰ মাকৰ চৰিত্ৰটোও নাকচ কৰি কয় যে তেওঁ বিচাৰে যে দৰ্শকে তেওঁক গাভৰু আৰু সুন্দৰী জুলী হিচাপে স্মৰণ কৰক। এই সংস্কৰণৰ নাম ভূমিকাত ছমনা কাছিমে অভিনয় কৰে।৪ অভিনেত্ৰী উৰ্বশীয়ে ইয়াৰ তামিল পুনৰ্নিৰ্মাণ “ওহ মানে মানে”ত (১৯৮৪) জুলীৰ চৰিত্ৰত অভিনয় কৰিছিল।

বঁটা

১৯৭৬: ২৩তম ফিল্মফেয়াৰ বঁটা

  • শ্ৰেষ্ঠ অভিনেত্ৰী- লক্ষ্মী
  • শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী- নাদিৰা
  • শ্ৰেষ্ঠ সংগীত পৰিচালক- ৰাজেশ ৰোশন
  • বিশেষ বঁটা-প্ৰীতি সাগৰ (“মাই হাৰ্ট ইজ বিটিং” গীতটোৰ বাবে)

তথ্যসূত্ৰ

  1. ↑ Das, Tina. (21 July 2024). 'Julie' tackled pre-marital sex and pregnancy sensitively. It still fell prey to stereotypes. ThePrint
  2. ↑ (2009-01-23). Friday Review Thiruvananthapuram: Timeless, ageless. দ্য হিন্দু
  3. ↑ (2004-12-31). Julie: A big disappointment. Ia.rediff.com
  4. ↑ Lakshmi wants to remain as Julie. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ নাৰী সম্পৰ্কীয় চলচ্চিত্ৰ১৯৭৫ বৰ্ষৰ চলচ্চিত্ৰহিন্দী চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জুলী (১৯৭৫ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৬৩৩৩৫৮ (২৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।