অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

চন্দ্ৰমুখী (২০২২ চলচ্চিত্ৰ)

চন্দ্ৰমুখী ( Chandramukhi ) ২০২২ চনত চিন্ময় মাণ্ডলেকাৰৰ দ্বাৰা ৰচিত আৰু প্ৰসাদ অওকৰ দ্বাৰা পৰিচালিত ভাৰতীয় মাৰাঠী ভাষাৰ এখন সংগীতিক ৰোমান্টিক নাট্যধৰ্মী ছবি, প্লেনেট মাৰাঠী, গোল্ডেন ৰেচিঅ' ফিল্মছ, ফ্লাইং ড্ৰেগন এণ্টাৰটেইনমেণ্ট এণ্ড ক্ৰিয়েটিভ ভাইবে ছবিখন নিৰ্মাণ কৰিছে।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ২৫১ শব্দ · ১ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

চন্দ্ৰমুখী ( Chandramukhi ) ২০২২ চনত চিন্ময় মাণ্ডলেকাৰৰ দ্বাৰা ৰচিত আৰু প্ৰসাদ অওকৰ দ্বাৰা পৰিচালিত ভাৰতীয় মাৰাঠী ভাষাৰ এখন সংগীতিক ৰোমান্টিক নাট্যধৰ্মী ছবি,১ প্লেনেট মাৰাঠী, গোল্ডেন ৰেচিঅ' ফিল্মছ, ফ্লাইং ড্ৰেগন এণ্টাৰটেইনমেণ্ট এণ্ড ক্ৰিয়েটিভ ভাইবে ছবিখন নিৰ্মাণ কৰিছে। বিশ্ব পাটিলে লিখা একে নামৰ উপন্যাসৰ আধাৰত নিৰ্মিত এই ছবিখনত তামাছাৰ আগশাৰীৰ গায়িকা আৰু নৰ্তকী চন্দ্ৰমুখী আৰু এজন উদীয়মান ৰাজনীতিবিদ দৌলতৰাওৰ মাজত এক তীব্ৰ সংগীতিক প্ৰেম আৰু ইয়াৰ প্ৰতিক্ৰিয়াৰ কাহিনী বৰ্ণিত হৈছে।২ছবিখনত আদিনাথ কোঠাৰে আৰু ম্ৰুনময়ী দেশপাণ্ডেৰ সৈতে অম্ৰুতা খানভিলকৰে মুখ্য চৰিত্ৰত অভিনয় কৰিছে।৩ গীতসমূহ ৰচনা কৰিছিল অজয়–অতুল যুটিয়ে।৪

চন্দ্ৰমুখীক প্ৰথমে দীপাৱলী ২০২১ মুক্তিৰ ৰূপত ঘোষণা কৰা হৈছিল যদিও ভাৰতত ক'ভিড-১৯ মহামাৰীৰ বাবে ইয়াক পিছুৱাই দি অৱশেষত ২০২২ চনৰ ২৯ এপ্ৰিলত ছবিখন ছবিগৃতত মুক্তি দিয়া হয়। সমালোচকৰ পৰা ইতিবাচক সমালোচনা লাভ কৰা ছবিখনৰ চিনেমেট'গ্ৰাফী, বিষয়বস্তু, সংগীত, আৰু মুখ্য অভিনয়শিল্পীসকলৰ অভিনয়ৰ, বিশেষকৈ চন্দ্ৰাৰ চৰিত্ৰত খালভিলকাৰে কৰা অভিনয়ৰ প্ৰশংসা কৰা হৈছে। চন্দ্ৰমুখীয়ে ফিল্মফেয়াৰ মাৰাঠী বঁটাত শ্ৰেষ্ঠ চলচ্চিত্ৰ, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ অভিনেতা, আৰু শ্ৰেষ্ঠ অভিনেত্ৰীকে ধৰি ১২টা মনোনয়ন পায় আৰু শ্ৰেষ্ঠ সংগীত পৰিচালক (অজয়-অতুল) আৰু তাৰ ভিতৰত শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পীকে (অম্বেকাৰ) ধৰি ৩টা বঁটা লাভ কৰিবলৈ সক্ষম হয়।৫ ফকট মাৰাঠী চিনে সংমানত ১৪টা মনোনয়নৰ ৬টা লাভ কৰে, যাৰ ভিতৰত আছে শ্ৰেষ্ঠ অভিনেত্ৰী, শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী আৰু শ্ৰেষ্ঠ চিনেমেট'গ্ৰাফী বঁটা।৬ ইয়াৰ উপৰিও ই পাঁচটা জি চিত্ৰ গৌৰৱ পুৰস্কাৰ,৭ আৰু চাৰিটা প্ৰৱাহ চলচ্চিত্ৰ বঁটা[11]] অৰ্জন কৰে।

চন্দ্ৰমুখীয়ে ব্যৱসায়িক সফলতা লাভ কৰি বিশ্বব্যাপী বক্স অফিচত ২৪ কোটি টকা (২৭ লাখ মাৰ্কিন ডলাৰ) উপাৰ্জন কৰি ২০২২ চনৰ চতুৰ্থ সৰ্বাধিক উপাৰ্জন কৰা মাৰাঠী ছবি আৰু সেই সময়ৰ সৰ্বাধিক উপাৰ্জন কৰা ঊনবিংশতিতম মাৰাঠী ছবি হিচাপে পৰিগণিত হয়।৮

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Chandramukhi (2022) Cast - Actor, Actress, Director, Producer, Music Director. Cinestaan
  2. ↑ Zore, Suyog. Composing a lavni is never a challenge for Marathi boys, says Ajay Gogavale on Chandramukhi. Cinestaan
  3. ↑ 7th Planet Filmfare Marathi Awards 2022: Complete winners' list. The Times of India
  4. ↑ फक्त मराठी सन्मान: धर्मवीरची बाजी, चंद्रमुखीचा डंका.. eSakal - Marathi Newspaper
  5. ↑ Zee Chitra Gaurav 2023: कुणाला मिळणार 'झी चित्र गौरव' २०२३ पुरस्कार. नामांकन यादी जाहीर.. eSakal - Marathi Newspaper
  6. ↑ टीम, एबीपी माझा वेब. (2022-08-29). दिमाखात पार पडला 'प्रवाह पिक्चर पुरस्कार नामांकन सोहळा 2022', दिग्गजांची खास उपस्थिती!. marathi.abplive.com
  7. ↑ Bodke, Chetan. Chandramukhi Marathi Movie: चंद्रमुखीच्या शिरपेचात आणखी एक मानाचा तुरा, 'या' पुरस्काराने कमवले नाव... Saam TV · साम टीव्ही
  8. ↑ Chandramukhi Was Supposed To Be My First Film, Says Director Prasad Oak

সম্পৰ্কিত শ্ৰেণী

মাৰাঠী চলচ্চিত্ৰ২০২২ বৰ্ষৰ চলচ্চিত্ৰভাৰতৰ পতিতাবৃত্তি সম্পৰ্কীয় চলচ্চিত্ৰভাৰতৰ নাৰী সম্পৰ্কীয় চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চন্দ্ৰমুখী (২০২২ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৬৩৭০২৮ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।