অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জয়া প্ৰদা

জয়া প্ৰদা (Jaya Prada, জন্মতে নাম- ললিতা ৰাণী; ৩ এপ্ৰিল ১৯৬২) হৈছে এগৰাকী ভাৰতীয় চিত্ৰাভিনেত্ৰী আৰু ৰাজনীতিবিদ৷ জয়া প্ৰদা আছিল সত্তৰ, আশী আৰু নবৈৰ দশকত তেলেগু আৰু হিন্দী ভাষাৰ ছবিজগতৰ এগৰাকী প্ৰভাৱশালী আৰু প্ৰতিষ্ঠিত অভিনেত্ৰী৷ তিনিটাকৈ ফিল্মফেয়াৰ বঁটাৰ বিজয়ী জয়া প্ৰদাই একাধিক তামিল,…

হালনাগাদ: ৩ আগষ্ট ২০২৪ ৬৪২ শব্দ · ৪ মিনিট সংগৃহীত ৫০
সংশোধনৰ পৰামৰ্শ

জয়া প্ৰদা (Jaya Prada, জন্মতে নাম- ললিতা ৰাণী; ৩ এপ্ৰিল ১৯৬২) হৈছে এগৰাকী ভাৰতীয় চিত্ৰাভিনেত্ৰী আৰু ৰাজনীতিবিদ৷১

জয়া প্ৰদা আছিল সত্তৰ, আশী আৰু নবৈৰ দশকত তেলুগু ভাষা আৰু হিন্দী ভাষা ভাষাৰ ছবিজগতৰ এগৰাকী প্ৰভাৱশালী আৰু প্ৰতিষ্ঠিত অভিনেত্ৰী৷২ তিনিটাকৈ ফিল্মফেয়াৰ বঁটাৰ বিজয়ী জয়া প্ৰদাই একাধিক তামিল ভাষা, কন্নড় ভাষা,মাৰাঠী ভাষা আৰু বঙালী ভাষা ভাষাৰ ছবিতো অভিনয় কৰিছে৷ ছবিজগতত সফল কুশলী হিচাপে কাম কৰি থকাৰ সময়তে জয়া প্ৰদাই উদ্যোগটোৰ পৰা বিদায় লয় আৰু ৰাজনীতিত প্ৰৱেশ কৰে৷ তেখেতে ১৯৪ চনত তেলেগু দেশম পাৰ্টিত যোগদান কৰে৷ তেখেতে ২০০৪ চনৰ পৰা ২০১৪ চনলৈকে ৰামপুৰ লোকসভা সমষ্টিত এগৰাকী সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰে৷ ২০১৯ চনৰ ২৬ মাৰ্চত জয়া প্ৰদাই ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সাধাৰণ সচিব ভূপেন্দৰ যাদৱৰ উপস্থিতিত দলটোত যোগদান কৰে৷৩

জয়া প্ৰদাৰ কেইখনমান স্মৰণযোগ্য ছবি হৈছে আন্থুলেনী কথা (১৯৭৬), সীতা কল্যাণম (১৯৭৬), সৰগম (১৯৭৯), কামচোৰ (১৯৮২), কৱিৰত্ন কালিদাসা (১৯৮৩), সাগৰা সংগ্ৰামাম (১৯৮৩), টোহফা (১৯৮৪), শৰাৱী (১৯৮৪), আজ কা অৰ্জুন (১৯৯০), থানেদাৰ (১৯৯০), মা (১৯৯১), প্ৰাণায়াম (২০১১), আৰু ক্ৰান্তীৱীৰা সংগোলী ৰায়ান্না] (২০১২). সাগৰ সংগ্ৰামাম নামৰ তেলেগু ছবিখনৰ বাবে তেখেতে তেলেগু ভাষাৰ ফিল্মফেয়াৰ বঁটাৰ পৰা শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰে৷ একেদৰে শ্ৰী শ্ৰী মুৱা আৰু আন্থুলেনী কথাৰ বাবেও ফিল্মফেয়াৰ-দক্ষিণৰ পৰা বিশেষ প্ৰদৰ্শনৰ বঁটা লাভ কৰে৷

ভাৰতৰ লব্ধপ্ৰতিষ্ঠ চলচ্চিত্ৰনিৰ্মাতা সত্যজিৎ ৰায়ে জয়া প্ৰদাক ভাৰতীয় পৰ্দাৰ সবাতোকৈ শুৱনি মুখ বুলি অভিহিত কৰিছিল৷ ৪

প্ৰাৰম্ভিক জীৱন

১৯৫৫ চনৰ ৩ এপ্ৰিল তাৰিখে অন্ধপ্ৰদেশ ৰাজ্যৰ ৰাজামুন্দ্ৰীত জয়া প্ৰদাৰ জন্ম হৈছিল৷ জন্মতে তেখেতৰ নাম আছিল ললিতা ৰাণী৷ জয়া প্ৰদাৰ পিতৃ কৃষ্ণা ৰাও আছিল তেলেগু ছবিৰ এগৰাকী বিনিয়োগকাৰী৷ আনহাতে মাতৃ নিলাৱেনী আছিল গৃহিণী৷ ললিতা ৰাণীয়ে তেলেগু মাধ্যমৰ বিদ্যালয়ৰ পৰা প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰে আৰু শৈশৱৰ অৱস্থাতেই নৃত্য আৰু সংগীতৰ বিদ্যালয়তো নামভৰ্তি কৰে৷

ছবিৰ জগতত

ৰ সৈতে জয়া প্ৰদা]]

কৈশোৰ অৱস্থাত জয়া প্ৰদাই বিদ্যালয়ৰ বাৰ্ষিক অনুষ্ঠানত এটা নৃত্য পৰিৱেশন কৰিছিল৷ দৰ্শকৰ শাৰী পূৰাই বহি থকা এগৰাকী চলচ্চিত্ৰ পৰিচালকে জয়া প্ৰদাক তেলেগু ছবি ভূমি কছমৰ বাবে এটা তিনি মিনিটীয়া নৃত্যৰ বাবে প্ৰস্তাৱ আগবঢ়ায়৷ প্ৰথমাৱস্থাত জয়াই দ্বিধা অনুভৱ কৰিছিল যদিও পৰিয়ালৰ ফালৰ পৰা উৎসাহ লাভ কৰাৰ তেখেত আগুৱাই যায়৷ সেইখন ছবিত নৃত্যটো কৰাৰ বাবদ জয়া প্ৰদাক কেৱল দহটি টকা প্ৰদান কৰা হৈছিল৷ ছবিখনৰ সেই তিনিমিনিটীয়া অসম্পাদিত দৃশ্য তেলেগু ছবিৰ বহু গণ্য-মান্য ব্যক্তিক দেখুউৱা হয়৷ প্ৰতিষ্ঠিত ছবি পৰিচালকসকলে তেতিয়া জয়া প্ৰদাক মানসম্পন্ন ছবিৰ বাবে কেন্দ্ৰীয় চৰিত্ৰত অভিনয়ৰ বাবে প্ৰস্তাৱ দিবলৈ ধৰে৷ এইসমূহ প্ৰস্তাৱ জয়া প্ৰদাই গ্ৰহণ কৰে আৰু ১৯৭৬ চনত কেইবাখনো হিট ছবি উপহাৰ দি জয়া প্ৰদা কম সময়ৰ ভিতৰতে খ্যাতনামা অভিনয়-শিল্পী হৈ পৰে৷ ১৯৭৬ চনত কে. বালাচান্দেৰে পৰিচালনা কৰা ক'লা-বগা ছবি আন্থুলেনী কথাৰ বাবে জয়া প্ৰদাই ফিল্মফেয়াৰৰ পৰা বঁটা অৰ্জন কৰিবলৈ সক্ষম হয়৷ ছবিখনত জয়া প্ৰদাৰ অভিনয়শৈলী জিলিকি উঠে৷৫ ১৯৭৭ চনত তেখেতে আদাৱী ৰামুড়ু নামৰ ছবিখনত অভিনয় কৰে৷ ছবিখনে বক্স অফিচত খলকনি তুলি অভিলেখ ভংগ কৰে আৰু জয়া প্ৰদাইও এগৰাকী তাৰকাৰ সন্মান অক্ষুণ্ন ৰাখে৷ ৬

১৯৯০ দশকৰ আৰম্ভণিতে জয়া প্ৰদাই অমিতাভ বচ্চন আৰু জীতেন্দ্ৰৰ বিপৰীত বহুকেইখন ছবিত নায়িকাৰ ভূমিকাত অৱতীৰ্ণ হয়৷ ১৯৯৪ চনৰ পৰা তেখেতে ছবিত কাম কৰাটো কমাই দিয়ে আৰু ৰাজনৈতিক কেৰিয়াৰৰ লগত জড়িত হৈ পৰে৷

২০০০ চনত জয়া প্ৰদাই মালায়ালম ভাষাৰ ছবি দেৱদূতনত অভিনয় কৰে৷ শিৱি মালায়িলে পৰিচালনা কৰা ছবিখনত মোহনলালে অভিনয় কৰিছিল৷ ছবিখনে সমালোচকৰ পৰা প্ৰশংসা লাভ কৰিছিল যদিও দৰ্শকৰ মাজত জনপ্ৰিয় নহ'ল৷ ২০০২ চনত জয়া প্ৰদাই মাৰাঠী ভাষাৰ ছবিতো পদাৰ্পণ কৰে৷ তেখেতে আধাৰ নামৰ ছবিখনত অতিথি শিল্পী হিচাপে কাম কৰে৷৭ বৰ্তমানলৈকে তেখেতে আঠটা ভাষাৰ ছবিত অভিনয় কৰিছে আৰু ত্ৰিশ বছৰীয়া কেৰিয়াৰত ৩০০খন ছবিৰ লগত জড়িত হৈছে৷

২০১১ চনত জয়া প্ৰদাই প্ৰণায়াম নামৰ মালায়ালম ভাষাৰ ছবিখনত এটি শক্তিশালী চৰিত্ৰ ৰূপায়ন কৰে৷ সেই ছবিখনত মোহনলাল আৰু অনুপম খেৰে অভিনয় কৰিছিল৷ ছবিখনত তেখেতে গ্ৰেচ নামৰ চৰিত্ৰটো ৰূপায়ন কৰি দৰ্শক-সমালোচকৰ পৰা প্ৰশংসা আদায় কৰে৷৮ ২০১২ চনত জয়া প্ৰদাই কানাড়া ভাষাৰ ছবি ক্ৰান্তীৱীৰা সংগোলী ৰায়ান্নাত অভিনয় কৰিছিল৷ ছবিখন বক্স অফিচত প্ৰায় এশ দিন ধৰি চলে৷ ছবিখনত তেখেতে এটি ঐতিহাসিক চৰিত্ৰ কিট্টোৰ চেন্নাম্মাৰ ভূমিকা ৰূপায়ণ কৰে৷

ব্যক্তিগত জীৱন

'ব্লকবাষ্টাৰ' নামৰ আলোচনীখনৰ উন্মোচনী অনুষ্ঠানত
'ব্লকবাষ্টাৰ' নামৰ আলোচনীখনৰ উন্মোচনী অনুষ্ঠানতছবি: Bollywood Hungama · CC BY 3.0

১৯৮৯ চনৰ ২২ ফেব্ৰুৱাৰিত জয়া প্ৰদাই ছবি প্ৰযোজক শ্ৰীকান্ত নাহাতাৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলে৷ অৱশ্যে শ্ৰীকান্ত ইতিমধ্যে চন্দ্ৰাৰ লগত বৈবাহিক জীৱন কটাই আছিল আৰু তেওঁলোকৰ তিনিটি সন্তানো আছিল৷৯ সেয়েহে স্বাভাৱিকতেই তেওঁলোকৰ এই বিবাহে বিতৰ্কত সূত্ৰপাত ঘটালে, বিশেষকৈ নাহাতাই প্ৰথমা পত্নী চন্দ্ৰাৰ লগত বিচ্ছেদ নঘটোৱাৰ কথাটোক লৈ৷ ১০ জয়া প্ৰদা আৰু শ্ৰীকান্তৰ কোনো সন্তান নহ'ল৷ জয়া প্ৰদাই পাছলৈ ভনীয়েকৰ সন্তানক তুলি লয় আৰু তেওঁকেই নিজা সন্তান বুলি প্ৰতিপালন কৰে৷

তথ্যসূত্ৰ

  1. ↑ Take Two . The Hindu (17 January 2004). Retrieved on 29 June 2011
  2. ↑ Bueinsss Standard (27 March 2019). Retrieved on 18 May 2020
  3. ↑ (26 March 2019). Jaya Prada, veteran Bollywood actor and Samajwadi Party leader, joins BJP. newsnation.in
  4. ↑ Archived copy
  5. ↑ Archived copy
  6. ↑ Adavi Ramudu: 29 years passed but the magic still remains. tollywoodinfo.com (28 April 1977)
  7. ↑ "Jaya Prada forays into Marathi films", Indiatimes.com, 24 May 2002
  8. ↑ Salam, Ziya Us. (12 May 2006). Grace keeps pace. দ্য হিন্দু
  9. ↑ A dream come true. FilmChamber
  10. ↑ A dream come true. FilmChamber

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ৰাজনীতিবিদভাৰতীয় অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীফিল্মফেয়াৰ বঁটা বিজয়ীদাক্ষিণাত্যৰ অভিনেত্ৰীৰাজ্যসভাৰ সাংসদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জয়া প্ৰদা” প্ৰবন্ধৰ সংশোধন ৪২৭৮১২ (৩ আগষ্ট ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।