দাদাভাই নৌৰজী আছিল এজন ভাৰতৰ প্ৰথম শ্ৰেণীৰ ৰাজনীতিবিদ। তেওঁ ব্ৰিটিছ সংসদৰ সদস্য হোৱা প্ৰথম ভাৰতীয় আছিল। নৌৰজী ভাৰতীয় জাতীয় ভাৰতীয় জাতীয় কংগ্ৰেছলৈ আগবঢ়োৱা বৰঙণিৰ বাবে বিখ্যাত, যাৰ ভিতৰত তেওঁ প্ৰতিষ্ঠাপক সদস্য আৰু তিনিবাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হৈছিল। ১৮৮৬ চনৰ পৰা ১৮৮৭,১৮৯৩ চনৰ পৰা ১৮৯৪ আৰু ১৯০৬ চনলৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ ক্ৰমে দ্বিতীয়,নৱম আৰু ২২ তম ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি আছিল।১ দাদাভাই নৌৰজীক 'গ্ৰেণ্ড অল্ড মেন অৱ ইণ্ডিয়া' নামেৰেও জনাজাত লগতে এজন স্বাধীনতা কৰ্মী, ৰাজনৈতিক নেতা, ব্যৱসায়ী, পণ্ডিত আৰু লেখক আছিল। ইংলেণ্ডলৈ যোৱাৰ আগতে তেওঁ ১৮৭৪ চনৰ পৰা বৰোদাৰ দিৱান আছিল, ইংলেণ্ডত তেওঁ ব্ৰিটিছ হাউচ অৱ কমন্সত লিবাৰেল পাৰ্টিৰ সংসদ সদস্য আছিল আৰু ১৮৯২ ৰ পৰা ১৮৯৫ চনলৈকে ফিন্সবাৰী চেণ্ট্ৰেলক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ ব্ৰিটিছ সংসদৰ সাংসদ হোৱা এছিয়াৰ বংশোদ্ভূত দ্বিতীয়জন ব্যক্তি আছিল।২ইংলেণ্ডৰ সংসদৰ সদস্য হোৱা প্ৰথমজন ব্যক্তি আছিল এংলো ইণ্ডিয়ান এমপি ডেভিদ অচ্চাৰলনি ডাইচ চম্ব্ৰে। তেওঁৰ 'প্ৰভাৰ্টি এণ্ড আনবৃটিছ ৰুল ইন ইণ্ডিয়া' নামৰ কিতাপখনত তেওঁ ব্ৰিটেইনলৈ ভাৰতীয় সম্পদসমূহ কেনেদৰে গুছি গৈছে,সেয়া 'নিষ্কাশন তত্ত্বৰ'যোগেদি ভালদৰে প্ৰকাশ কৰিছিল। ভাৰতীয় ডাক বিভাগে ১৯৬৩, ১৯৯৭ আৰু ২০১৭ চনত ডাক টিকটত দাদাভাই নৌৰজীৰ চিত্ৰ ছপা কৰিছিল।৩৪
প্ৰাৰম্ভিক জীৱন
দাদাভাই নৌৰোজীৰ জন্ম হৈছিল নৱসাৰীত, গুজৰাটী ভাষী পাৰ্চী জৰথুষ্ট্ৰিয়ান পৰিয়াল এটাত আৰু এলফিনষ্টোন ইনষ্টিটিউট স্কুলত স্কুলীয়া শিক্ষা লাভ কৰিছিল।৫ নৌৰজীৰ পৃষ্ঠপোষক আছিল বৰোদাৰ মহাৰাজ সায়াজিৰাও গায়কৱাড তৃতীয়, আৰু তেওঁ ১৮৭৪ চনত বৰোদাৰ মহাৰাজৰ দেৱান (মন্ত্ৰী) হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। এজন নিৰ্ধাৰিত পুৰোহিত হোৱাৰ বাবে, নৌৰজীয়ে ১ আগষ্ট ১৮৫১ তাৰিখে জৰথুষ্ট্ৰীয় ধৰ্মক ইয়াৰ মূল বিশুদ্ধতা আৰু সৰলতালৈ ঘূৰাই আনিবলৈ ৰহণুমাই মাজদিয়াচন সভা প্ৰতিষ্ঠা কৰিছিল। ১৮৫৪ চনত তেওঁ জৰথুষ্ট্ৰিয়ান ধাৰণাবোৰ স্পষ্ট কৰিবলৈ আৰু পাৰ্চী সামাজিক সংস্কাৰৰ প্ৰচাৰৰ বাবে ৰাষ্ট গফটাৰ (দ্য ট্ৰুথ টেলাৰ) নামৰ গুজৰাটী প্ৰকাশন এটাও প্ৰতিষ্ঠা কৰে। ৬এই সময়ছোৱাতে তেওঁ 'দ্য ভইচ অৱ ইণ্ডিয়া' নামৰ আন এখন বাতৰি কাকতো প্ৰকাশ কৰে। ১৮৫৫ চনৰ ডিচেম্বৰ মাহত তেওঁ মুম্বাইৰ এলফিনষ্টোন মহাবিদ্যালয়ত গণিত আৰু প্ৰাকৃতিক দৰ্শনৰ অধ্যাপক হিচাপে নিযুক্ত হয় আৰু এনে শৈক্ষিক পদত অধিষ্ঠিত হোৱা তেৱেই প্ৰথম ভাৰতীয় আছিল।
কৰ্মজীৱন
তেওঁ ১৮৫৫ চনত কামা এণ্ড কোম্পানীত অংশীদাৰ হ'বলৈ লণ্ডনলৈ গৈছিল আৰু ব্ৰিটেইনত প্ৰতিষ্ঠা হোৱা প্ৰথম ভাৰতীয় কোম্পানীৰ বাবে লিভাৰপুল অৱস্থান মুকলি কৰিছিল। তিনি বছৰৰ পাছত তেওঁ নৈতিক কাৰণত পদত্যাগ কৰিছিল। ১৮৫৯ চনত, তেওঁ নিজৰ এটা কপাহ ব্যৱসায়িক প্ৰতিষ্ঠান 'দাদাভাই নৌৰজী এণ্ড কোম্পানী' স্থাপন কৰে। ১৮৬১ চনত তেওঁ মুঞ্চাৰ্জী হৰ্মুছজি কামাৰ সৈতে ইউৰোপৰ জৰথুষ্ট্ৰিয়ান ট্ৰাষ্ট ফাণ্ডো প্ৰতিষ্ঠা কৰিছিল। ভাৰতীয় সকলৰ ৰাজনৈতিক, সামাজিক আৰু অন্যান্য বিষয়সমূহৰ ওপৰত আলোচনা তথা সচেতনতা অনাৰ বাবে কৰাৰ উদ্দেশ্যে নৌৰজীয়ে ১৮৬৫ চনত লণ্ডনত দাদাভাই নৌৰজী আৰু উমেশ চন্দ্ৰ বেনাৰ্জীৰ নেতৃত্বত 'লণ্ডন ইণ্ডিয়ান ছছাইটি' প্ৰতিষ্ঠা কৰা হৈছিল।৭ ১৮৬৬ চনত দাদাভাই নৌৰজীয়ে লণ্ডনত 'ইষ্ট ইণ্ড এছছিয়েছন' প্ৰতিষ্ঠা কৰে। জাতীয় কংগ্ৰেছৰ পূৰ্বসূৰী সংগঠনসমূহৰ ভিতৰত এটা হ'ল 'ইষ্ট ইণ্ডিয়া এছ'চিয়েচন' যাৰ উদ্দেশ্য আছিল ব্ৰিটিছৰ সন্মুখত ভাৰতীয় দৃষ্টিভংগী দাঙি ধৰা। ১৮৭৪ চনত তেওঁ বৰোদাৰ প্ৰধানমন্ত্ৰী হয় আৰু বোম্বাইৰ বিধান পৰিষদৰ (১৮৮৫-৮৮) সদস্য হয়। তেওঁ বোম্বাইত ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা হোৱাৰ কেইবছৰমান আগতে কলিকতাৰ পৰা ছাৰ সুৰেন্দ্ৰনাথ বেনাৰ্জীয়ে প্ৰতিষ্ঠা কৰা 'ইণ্ডিয়ান নেচনেল এছ'চিয়েশ্যন'ৰ সদস্য আছিল। একে উদ্দেশ্য আৰু আদৰ্শৰ বাবে দুয়োটাই পিছত 'ভাৰতীয় জাতীয় কংগ্ৰেছ'ত একত্ৰিত হয়, আৰু নৌৰজী ১৮৮৬ চনত কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হয়। নৌৰজীৰ এখন বিখ্যাত কিতাপ 'প্ৰভাৰ্টি এণ্ড আনবৃটিছ ৰুল ইন ইণ্ডিয়া' প্ৰকাশ পাইছিল ১৯০১ চনত।৮নৌৰজীয়ে আকৌ এবাৰ ব্ৰিটেইনলৈ গৈছিল আৰু তেওঁৰ ৰাজনৈতিক ক্ষেত্ৰখনত নিজকে অব্যাহত ৰাখিছিল। ১৮৯২ চনৰ সাধাৰণ নিৰ্বাচনত ফিন্সবাৰী চেণ্ট্ৰেলত লিবাৰেল পাৰ্টিৰ পৰা নিৰ্বাচিত হোৱা তেওঁ প্ৰথম ব্ৰিটিছ ভাৰতীয় সাংসদ আছিল।৯১০ সংসদলৈ নিৰ্বাচিত হোৱাৰ পাছত তেওঁ শপত গ্ৰহণ অনুষ্ঠানত বাইবেলত শপত লবলৈ অস্বীকাৰ কৰিছিল, কিয়নো তেওঁ জৰথুষ্ট্ৰিয়ান তথা পাৰ্চী ধৰ্মৰ লোক আছিল। তেওঁক 'খোৰডেহ আভেষ্টা'ৰ প্ৰতিলিপিত ঈশ্বৰৰ নামত শপত গ্ৰহণ কৰিবলৈ অনুমতি দিয়া হৈছিল। তেওঁৰ সময়ছোৱাত তেওঁ ভাৰতৰ পৰিস্থিতি উন্নত কৰাৰ দিশত প্ৰচেষ্টা চলাইছিল। নৌৰজীৰ 'প্ৰভাৰ্টি এণ্ড আনবৃটিছ ৰুল ইন ইণ্ডিয়া' কিতাপখনে মহাত্মা গান্ধীক প্ৰভাৱিত কৰিছিল।১১১২
ব্যক্তিগত জীৱন
দাদাভাই নৌৰজীয়ে ১১ বছৰ বয়সত গুলবাই শ্ৰফ নামৰ এজনী সাত বছৰীয়া ছোৱালীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। বিয়াখন বৰ সুখী যেন নালাগিছিল। গুলবাই নিৰক্ষৰ আছিল আৰু স্পষ্টতঃ শিকিবলৈ কম আগ্ৰহ আছিল। তথাপিও তেওঁলোক সাত দশকতকৈও অধিক সময় ধৰি বৈবাহিক সম্পৰ্ক জীয়াই ৰাখিছিল। নৌৰজীৰ তিনিজন সন্তান আছিল। ১৮৫৮ চনত আৰ্ডেশিৰ নামৰ এজন পুত্ৰৰ জন্ম হৈছিল। তেওঁৰ পিছত ১৮৬৪ বা ১৮৬৫ চনত শিৰিন নামৰ এজনী কন্যা আৰু ১৮৬৮ চনত মাকি ৰ জন্ম হৈছিল।
মৃত্যু
১৯১৭ চনৰ ৩০ জুনত ৯১ বছৰ বয়সত বোম্বাইত নৌৰজীৰ মৃত্যু হয়।
মুম্বাইৰ এক ঐতিহ্যবাহী পথ দাদাভাই নৌৰজীৰ ৰোড নামেৰে নামকৰণ কৰা হৈছে, একেদৰে পাকিস্তানৰ কৰাচীৰ দাদাভাই নৌৰজী ৰোড আৰু লণ্ডনৰ ফিন্সবাৰী অঞ্চলৰ নৌৰোজি ষ্ট্ৰীট তেওঁৰ নামেৰে নামকৰণ কৰা হৈছে। দক্ষিণ দিল্লীৰ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে এটা বিশিষ্ট আৱাসিক কলনীৰো নাম নৌৰজী নগৰ ৰখা হৈছে।
নিষ্কাশন তত্ত্ব আৰু দৰিদ্ৰতা
ভাৰতত ব্ৰিটিছ শাসনৰ সময়ছোৱাত ভাৰতৰ পৰা ব্ৰিটেইনলৈ সম্পদৰ গমনৰ ওপৰত নৌৰজীৰ কাম কেন্দ্ৰীভূত হৈছিল।১৩১৪ দাদাভাই নৌৰজীয়ে আঙুলিয়াই দিছিল যে, অৰ্থনৈতিক নিষ্কাশন হৈছে ভাৰতৰ দৰিদ্ৰতাৰ মুখ্য কাৰণ। তেওঁৰ মতে, ইয়াৰ পোনপটীয়া সম্পদ হেৰুওৱা হৈছিল আৰু ৰাষ্ট্ৰীয় উৎপাদিত সামগ্ৰীৰ ভৌতিক স্থানান্তৰ হৈছিল। ইয়াৰ ফলত ভাৰতৰ ভিতৰত উৎপন্ন হোৱা নিযুক্তি আৰু উপাৰ্জনৰ ক্ষতি হয়।১৫
বাহ্যিক সংযোগ
- web.archive.org/web/20150215181722/http://www.le
- www.npg.org.uk/collections/search/person.php?Lin
- archive.org/search.php?query=%28%28subject%3A%22
- librivox.org/author/8942
- www.ivarta.com/columns/OL_060206.htm#_edn5
- api.parliament.uk/historic-hansard/people/mr-dad
তথ্যসূত্ৰ
- ↑ books.google.com/books?id=pI19BgAAQBAJ&pg=PA
- ↑ www.worldcat.org/oclc/1343197973
- ↑ parsi-times.com/2018/01/india-post-honors-dadabh
- ↑ philamirror.info/2017/12/29/india-post-issued-st link|date=May 2026 |bot=InternetArchiveBot |fix-attempted=yes }}
- ↑ books.google.com/books?id=PpPCBAAAQBAJ&q=Dad
- ↑ books.google.com/books?id=on1uZNcdsScC&q=dad
- ↑ Fourteenth Annual General Meeting of the British Indian Association, 14 February 1866, p. 22
- ↑ books.google.com/books?id=pI19BgAAQBAJ&pg=PA
- ↑ www.britishnewspaperarchive.co.uk/viewer/bl/0000
- ↑ www.theguardian.com/theguardian/2013/jul/26/elec
- ↑ doi.org/10.1017%2FS0034670522000560
- ↑ www.worldcat.org/oclc/1343197973
- ↑ doi.org/10.2307%2F2051282
- ↑ www.cambridge.org/core/journals/historical-journ
- ↑ cmsadmin.amritmahotsav.nic.in/district-reopsitor
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দাদাভাই নৌৰজী” প্ৰবন্ধৰ সংশোধন ৬০৪১৫৬ (৩ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।