অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নিৰ্মলা সীতাৰমন

নিৰ্মলা সীতাৰমন (Nirmala Sitharaman; জন্ম ১৮ আগষ্ট ১৯৫৯) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেত্ৰী। তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য। তেওঁ ২০১৬ চনৰ পৰা ৰাজ্যসভাৰ সাংসদ হিচাপে কাৰ্য নিৰ্বাহ কৰি আছে। তেওঁ ইন্দিৰা গান্ধীৰ পিছত দ্বিতীয় গৰাকী মহিলা ৰক্ষা মন্ত্ৰী।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৩০৭ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

নিৰ্মলা সীতাৰমন (Nirmala Sitharaman; জন্ম ১৮ আগষ্ট ১৯৫৯) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেত্ৰী। তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ সদস্য। তেওঁ ২০১৬ চনৰ পৰা ৰাজ্যসভাৰ সাংসদ হিচাপে কাৰ্য নিৰ্বাহ কৰি আছে। তেওঁ ইন্দিৰা গান্ধীৰ পিছত দ্বিতীয় গৰাকী মহিলা ৰক্ষা মন্ত্ৰী। তেওঁ বিত্ত আৰু কৰ্পোৰেট বিভাগৰ ৰাজ্যিক মন্ত্ৰী আৰু বাণিজ্য আৰু উদ্যোগ বিভাগৰ স্বতন্ত্ৰ মন্ত্ৰী আছিল। ইয়াৰ আগতে তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰবক্তা হিচাপে কাৰ্য নিৰ্বাহ কৰিছিল।১

ব্যক্তিগত জীৱন

১৯৫৯ চনৰ ১৮ আগষ্ট তাৰিখে মাদ্ৰাজ ষ্টেটৰ মাদুৰাইত নিৰ্মলা সীতাৰমনৰ জন্ম হৈছিল। তেওঁৰ পিতৃ নাৰায়ণন সীতাৰমন আৰু মাতৃ সাৱিত্ৰী। তেওঁৰ পিতৃ তিৰুচিৰাপল্লীৰ মুচিৰিৰ আৰু মাতৃ থাঞ্জাভুৰৰ তিৰুভেংকাডুৰ আছিল। তেওঁৰ পিতৃ ভাৰতীয় ৰে'লত কৰ্মৰত আছিল। সেয়ে তেওঁ বাল্যকালৰ ৰাজ্যৰ ভিন ভিন ঠাইত কটাবলগীয়া হৈছিল। তেওঁ মাদ্ৰাজ আৰু তিৰুচিৰাপল্লীত শিক্ষা গ্ৰহণ কৰিছিল।২ তেওঁ তিৰুচিৰাপল্লীৰ সীতালক্ষ্মী ৰামস্বামী মহাবিদ্যালয়ৰ পৰা অৰ্থনীতি বিভাগত স্নাতক ডিগ্ৰী আৰু ১৯৮৪ চনত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।৩

নিৰ্মলা সীতাৰমনে তেওঁৰ স্বামী পৰাকলা প্ৰভাকৰক জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত পঢ়ি থাকোঁতে লগ পাইছিল। তেওঁ অন্ধ্ৰপ্ৰদেশৰ নাৰ্চপুৰমৰ তেলেগু ব্ৰাহ্মণ আছিল।৪ তেওঁলোকে ১৯৮৬ চনত বিবাহপাশত আবদ্ধ হয়। প্ৰভাকৰে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ যোগাযোগ উপদেষ্টা আছিল।৫৬

ৰাজনৈতিক জীৱন

নিৰ্মলা সীতাৰমনে ২০০৮ চনত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে। তেওঁ বিজেপিৰ প্ৰবক্তা হিচাপে কাৰ্য নিৰ্বাহ কৰিছিল। ২০১৪ চনত তেওঁ নৰেন্দ্ৰ মোদীৰ কেবিনেটত স্থান লাভ কৰে। একে বছৰৰ জুন মাহত তেওঁ অন্ধ্ৰ প্ৰদেশৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হয়।৭

২০১৬ চনৰ মে মাহত বিজেপিয়ে কৰ্ণাটকৰ পৰা ৰাজ্যসভালৈ মনোনীত কৰা ১২জন ব্যক্তিৰ ভিতৰত নিৰ্মলা সীতাৰমন অন্যতম আছিল। তেওঁ ইয়াৰ পৰা জয় লাভ কৰি পুনৰাই ৰাজ্যসভালৈ নিৰ্বাচিত হয়।৮ ২০১৭ চনৰ ৩ ছেপ্টেম্বৰ তাৰিখে তেওঁ ভাৰতৰ ৰক্ষা মন্ত্ৰীৰ পদত অধিষ্ঠিত হয়। ইন্দিৰা গান্ধীৰ পিছত তেওঁ ভাৰতৰ দ্বিতীয় গৰাকী মহিলা ৰক্ষা মন্ত্ৰী।৯১০

অন্যান্য

তেওঁ লণ্ডনৰ ৰিজেণ্ট ষ্ট্ৰীটৰ ঘৰুৱা সাজ-সজ্জাৰ দোকানত বিক্ৰী সহকাৰীৰ কাম কৰিছিল।১১ তেওঁ যুক্তৰাজ্যৰ কৃষি অভিযন্তা সন্থাৰ সহকাৰী অৰ্থনীতিবিদ হিচাপে কৰ্মৰত আছিল। যুক্তৰাজ্যত থকা সময় চোৱাত তেওঁ প্ৰাইছ ৱাটাৰহাউচ কপাৰ্চৰ গৱেষণা আৰু উন্নয়নৰ জ্যেষ্ঠ ব্যৱস্থাপক৬ আৰু বিবিচি ৱৰ্ল্ড চাৰ্ভিছত কৰ্মৰত আছিল।১২ তেওঁ ৰাষ্ট্ৰীয় মহিলা আয়োগৰো সদস্য আছিল।১৩ ২০১৭ চনত তেওঁ হাইদৰাবাদত প্ৰণৱ ৰ প্ৰতিষ্ঠাপক সঞ্চালক আছিল।১৪

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (4 June 2014). Deccan Chronicle: BJP leader Nirmala Sitharaman gets NJR Rajya Sabha seat
  2. ↑ Phadnis, Aditi. (4 September 2017). The rise and rise of Nirmala Sitharaman: From spokesperson to defence minister. Business Standard
  3. ↑ 2014 Rajyasabha Nomination Affidavit, Andhra Pradesh. Chief Election Commissioner, Andhra Pradesh
  4. ↑ (3 April 2010). BJP spokesperson finds her new role challenging. The Hindu
  5. ↑ AP govt advisor and Nirmala Sitharaman’s husband Parakala Prabhakar quits, blames Jagan
  6. ↑ (2017-09-03). In Nirmala Sitharaman, India Gets Its Second Woman Defence Minister After Indira Gandhi. Huffington Post India
  7. ↑ (2014-06-27). Nirmala elected to Rajya Sabha. The Hindu
  8. ↑ (29 May 2016). Naidu, Naqvi, Goyal among 12 in BJP’s RS list. ABP Live
  9. ↑ Nirmala Sitharaman Joins Cabinet: GST and Start-Up Success Pays Dividend. News18
  10. ↑ (3 September 2017). Modi Cabinet reshuffle: Full list of new council of ministers. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  11. ↑ Phadnis, Aditi. (2017-09-04). The rise and rise of Nirmala Sitharaman: From spokesperson to defence minister. Business Standard India
  12. ↑ Mohua Chatterjee, TNN. (21 March 2010). BJP gets a JNU product as its woman spokesperson. Indiatimes.com
  13. ↑ (3 September 2017). Who is Nirmala Sitharaman, India’s first full-time woman Defence Minister. Financial Express
  14. ↑ Management | Pranava. Pranavatheschool.org

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ৰাজনীতিবিদঅৰ্থনীতিবিদভাৰত চৰকাৰৰ মন্ত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিৰ্মলা সীতাৰমন” প্ৰবন্ধৰ সংশোধন ৩৮১৫৭৭ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।