পুৰ্ণ অগিটোক চাংমা এজন ভাৰতীয় ৰাজনীতিবিদ আছিল। তেওঁ১৯৮৮ চনৰ পৰা ১৯৯০ চনলৈ মেঘালয়ৰ চতুৰ্থ মুখ্যমন্ত্ৰী আৰু ১৯৯৬ চনৰ পৰা ১৯৯৮ চনলৈ লোকসভাৰ একাদশ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১ তেওঁ ২০১৪ চনৰ পৰা ২০১৬ চনলৈ, ১৯৯১ চনৰ পৰা ২০০৮ চনলৈ আৰু ১৯৭৭ চনৰ পৰা ১৯৮৯ চনলৈ মেঘালয়ৰ তুৰাৰ পৰা লোকসভাৰ সদস্য আৰু ১৯৯৫ চনৰ পৰা ১৯৯৬ চনলৈ প্ৰধানমন্ত্ৰী নৰসিংহ ৰাওৰ মন্ত্ৰালয়ত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ নেচনেল পিপলছ পাৰ্টিৰ প্ৰতিষ্ঠাপক আৰু নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ সহ-প্ৰতিষ্ঠাপক আছিল। চাংমাই ২০১২ চনত চনত ভাৰতীয় জনতা পাৰ্টীআৰু এই আই ডি এম কেৰ সমৰ্থনত ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল, যদিও তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰণব মুখাৰ্জীৰ হাতত পৰাজিত হৈছিল। চাংমাক ৰাজহুৱা পৰিক্ৰমাৰ ক্ষেত্ৰত মৰণোত্তৰভাৱে ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ বঁটা প্ৰদান কৰা হৈছিল আৰু এই বঁটা লাভ কৰা পি এ চাংমাই প্ৰথম গৰাকী মেঘালয়ৰ ব্যক্তি আছিল।২৩৪
প্ৰাৰম্ভিক জীৱন
চাংমাৰ জন্ম হৈছিল ১৯৪৭ চনৰ ১ ছেপ্টেম্বৰত অসমৰ পূৰ্বৰ গাৰো পাহাৰ জিলাৰ আৰু বৰ্তমানৰ মেঘালয়ৰ পশ্চিম গাৰো পাহাৰৰ চাপাহাটি নামৰ এখন গাঁৱত ডিপচোন চি মাৰাক আৰু চিমৰিএ নামৰ এহাল দম্পত্তীৰ ঘৰত। চাংমা তেওঁলোকৰ সাতটা সন্তানৰ ভিতৰত এজন আছিল।৫ পি এ চাংমাই অতি কম বয়স ১১ বছৰতে নিজৰ দেউতাকক হেৰুৱাইছিল আৰু দৰিদ্ৰতাৰ বাবে তেওঁ পঢ়া শুনা এৰিব লগা হৈছিল। পাছত তেওঁক এজন চেলচিয়ান ফাডাৰ জিওভান্নি বাটিষ্টা বুচোলিনে বিদ্যালয়ত পুনৰ পঢ়িবলৈ সহায় কৰা কৰিছিল। শ্বিলংৰ ছেইণ্ট এন্থনী মহাবিদ্যালয়ৰ পৰা তেওঁ কলাৰ স্নাতক ডিগ্ৰী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ শ্ৰেণীত পঢ়ি থাকোঁতেই তেওঁ ডন বস্কো উচ্চ বিদ্যালয়ত শিক্ষকতাও কৰিছিল। ৬
ব্যক্তিগত জীৱন
চাংমাই ১৯৭৩ চনত চোৰাদিনী কে চাংমাক বিয়া কৰাইছিল। তেওঁলোকৰ দুজন পুত্ৰ আৰু দুগৰাকী কন্যা আছে। পুত্ৰ কনৰাডে মেঘালয়ৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে আৰু কন্যা আগাথা তুৰা সমষ্টিৰ সাংসদ। ৭২০০৯ চনত তুৰাৰ পৰা পঞ্চদশ লোকসভা নিৰ্বাচনলৈ আগাথা নিৰ্বাচিত হৈছিল, আৰু ২৯ বছৰ বয়সত ইউপিএ মন্ত্ৰালয়ৰ আটাইতকৈ কম বয়সীয়া মন্ত্ৰী আছিল।৮চাংমাই নিজকে এজন খ্ৰীষ্টানৰ বুলি উল্লেখ কৰিছিল।৯
ৰাজনৈতিক জীৱন
১৯৭৩ চনত চাংমা মেঘালয়ৰ প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ-সভাপতি হিচাপে নিৰ্বাচিত হয় আৰু ১৯৭৫ চনত দলটোৰ সাধাৰণ সম্পাদক হয়। তেওঁ ১৯৭৫ চনৰ পৰা ১৯৮০ চনলৈ সেই পদত সেৱা আগবঢ়াইছিল।
১৯৭৭ চনত তেওঁ মেঘালয়ৰ তুৰা সমষ্টিৰ পৰা ষষ্ঠ লোকসভালৈ নিৰ্বাচিত হয় আৰু ১৯৭৭-১৯৮৮, ১৯৯১-২০০৮, ২০১৪-২০১৬ লৈ একেটা সমষ্টিক একাধিকবাৰ প্ৰতিনিধিত্ব কৰে। ১৯৮৮ আৰু ২০০৮ চনত তেওঁৰ মেঘালয় ৰাজ্যিক ৰাজনীতিলৈ উভতি অহাৰ বাবে বিৰতি হৈছিল। তেওঁ ১৯৯৬ চনত লোকসভাৰ অধ্যক্ষ হৈছিল।
মেঘালয়ৰ মুখ্যমন্ত্ৰী
তেওঁ ১৯৮৮ চনৰ পৰা ১৯৯০ চনৰ ভিতৰত মেঘালয়ৰ মুখ্যমন্ত্ৰী আছিল।১০
জাতীয়তাবাদী কংগ্ৰেছ পাৰ্টি (নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি)
১৯৯৯ চনৰ ২০ মে'ত ছোনিয়া গান্ধীৰ বিৰুদ্ধে বিদ্ৰোহৰ বেনাৰ উত্থাপন কৰাৰ বাবে চাংমাক ১৯৯৯ চনৰ ২০ মে'ত শৰদ পাৱাৰ আৰু তাৰিক আনৱাৰৰ সৈতে কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰা হৈছিল। চাংমাই শৰদ পাৱাৰ আৰু তাৰিক আনৱাৰৰ সৈতে একেলগে ভাৰতীয় দেশীয় বংশোদ্ভুত নাগৰিক এজনক প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাটো বিচাৰিছিল।১১ কংগ্ৰেছ দলৰ পৰা বহিস্কৃত হোৱাৰ পিছত, তেওঁ ১৯৯৯ চনত শৰদ পাৱাৰ আৰু তাৰিক আনৱাৰৰ সৈতে নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (এনচিপি) গঠন কৰিছিল।১২২০০৪ চনৰ জানুৱাৰী মাহত, শৰদ পাৱাৰ লগত এনচিপিৰ প্ৰাক্তন প্ৰতিদ্বন্দ্বী ছোনিয়া গান্ধীৰ ঘনিষ্ঠ হোৱাৰ পিছত পি.এ. চাংমাই এনচিপিত বিভাজন সৃষ্টি কৰে। এনচিপি নিৰ্বাচনৰ প্ৰতীকৰ বাবে যুঁজত পৰাজিত হোৱাৰ পিছত চাংমাই পিছত তেওঁৰ দলটো মমতা বন্দ্যোপাধ্যায়ৰ সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ সৈতে একত্ৰিত কৰি জাতীয়তাবাদী তৃণমূল কংগ্ৰেছ গঠন কৰে। চাংমা নিৰ্বাচিত দুজন এনটিচি সাংসদৰ ভিতৰত এজন আছিল। তেওঁ ২০০৫ চনৰ ১০ অক্টোবৰত এআইটিচিৰ সদস্য হিচাপে তেওঁৰ লোকসভা আসনৰ পৰা পদত্যাগ কৰে আৰু ২০০৬ চনৰ ফেব্ৰুৱাৰীত এনচিপিৰ প্ৰাৰ্থী হিচাপে পুনৰ নিৰ্বাচিত হয়। ২০০৮ চনৰ মেঘালয় বিধান সভানিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ তেওঁ ২০০৮ চনৰ মাৰ্চত দ্বিতীয়বাৰৰ বাবে চতুৰ্দশ লোকসভাৰ পৰা পদত্যাগ কৰিছিল। ২০১৩ চনৰ ৫ জানুৱাৰীত চাংমাই ৰাষ্ট্ৰীয় পৰ্যায়ত নেচনেল পিপলছ পাৰ্টি গঠন কৰে।১৩ ২০১৩ চনৰ মেঘালয় বিধান সভাৰ নিৰ্বাচনত নেচনেল পিপলছ পাৰ্টিয়ে মেঘালয় বিধান সভাত দুখন আসন লাভ কৰিবলৈ সক্ষম হৈছিল। ২০১৪ চনত, চাংমা তুৰাৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছিল, আৰু ২০১৬ চনত মধ্যৱৰ্তী সময়ত মৃত্যু বৰণ কৰিছিল।
ৰাষ্ট্ৰপতি নিৰ্বাচন
২০১২ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে চাংমাৰ প্ৰাৰ্থিত্ব এআইএডিএমকে আৰু বিজু জনতা দলে প্ৰস্তাৱ কৰিছিল, আৰু পিছত বিজেপিয়েও সমৰ্থন কৰিছিল। ২০১২ চনৰ ২০ জুনত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থিত্বক লৈ শৰদ পাৱাৰৰ বিৰোধিতাৰ পিছত চাংমাই এনচিপিৰ পৰা পদত্যাগ কৰিছিল। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰু এজন কংগ্ৰেছ জনজাতীয় নেতা অৰবিন্দ নেতামেও ৰাষ্ট্ৰপতি পদৰ বাবে চাংমাৰ প্ৰাৰ্থিত্বৰ সপক্ষে সমৰ্থন আগবঢ়ায় ওলাই আহিছিল।১৪১৫১৬ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰনৱ মুখাৰ্জী জয়ী হয়।
মৃত্যু
২০১৬ চনৰ ৪ মাৰ্চ-ৰ ৰাতিপুৱা, নতুন দিল্লীত হৃদৰোগত আক্ৰান্ত হৈ চাংমাৰ মৃত্যু হয়। তেওঁৰ বয়স আছিল ৬৮ বছৰ।১৭
গুৰুত্বপূৰ্ণ পদবীসমূহ
- ১৯৭৪ - মেঘালয় প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ-সভাপতি
- ১৯৭৫ - মেঘালয় প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক
- ১৯৭৭ - সংসদ সদস্য, তুৰা সমষ্টি (১৯৭৭ ৰ পৰা ১৯৮৮, প্ৰথম কাৰ্যকাল)
- ১৯৮০ - সৰ্বভাৰতীয় কংগ্ৰেছ সমিতিৰ যুটীয়া সম্পাদক
- ১৯৮০ - উদ্যোগৰ দায়িত্বত থকা উপমন্ত্ৰী
- ১৯৮২ - উপমন্ত্ৰী, বাণিজ্য মন্ত্ৰালয়
- ১৯৮৪ - বাণিজ্য আৰু যোগানৰ দায়িত্ব তত্ত্বাৱধানত থকা ৰাজ্যিক মন্ত্ৰী
- ১৯৮৪ - গৃহ ৰাজ্যিক মন্ত্ৰী
- ১৯৮৬ - স্বতন্ত্ৰ দায়িত্বৰ সৈতে শ্ৰম ৰাজ্যিক মন্ত্ৰী
- ১৯৮৮ - সদস্য, মেঘালয় বিধান সভা
- ১৯৮৮ - মেঘালয়ৰ মুখ্যমন্ত্ৰী
- ১৯৯০ - বিৰোধী দলৰ নেতা, মেঘালয় বিধান সভা
- ১৯৯১ - পুনৰ নিৰ্বাচিত, সাংসদ, তুৰা সমষ্টি (১৯৯১-২০০৮, দ্বিতীয় কাৰ্যকাল)
- ১৯৯১-৯৩- কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী, কয়লা (স্বতন্ত্ৰ দায়িত্ব)
- ১৯৯৩-৯৫ - কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী, শ্ৰমিক (স্বতন্ত্ৰ দায়িত্ব)
- ফেব্ৰুৱাৰী-ছেপ্টেম্বৰ ১৯৯৫ - কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী, শ্ৰমিক
- ১৯৯৫-৯৬ - কেন্দ্ৰীয় কেবিনেট তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী
- ১৯৯৬ - পুনৰ নিৰ্বাচিত, সাংসদ, তুৰা সমষ্টি
- ১৯৯৬-৯৮ - লোকসভাৰ অধ্যক্ষ - অধ্যক্ষ, (প্ৰথম) ব্যৱসায় উপদেষ্টা সমিতি; (দ্বিতীয়) নিয়ম সমিতি; (তৃতীয়) সাধাৰণ উদ্দেশ্য সমিতি; (চতুৰ্থ) ভাৰতৰ বিধান সংস্থাসমূহৰ প্ৰিজাইডিং বিষয়াসকলৰ সন্মিলনৰ স্থায়ী সমিতি; আদি
- ১৯৯৮ - পুনৰ নিৰ্বাচিত, সাংসদ, তুৰা সমষ্টি, কংগ্ৰেছৰ সদস্য হিচাপে
- ১৯৯৮ - সদস্য, বৈদেশিক পৰিক্ৰমা সমিতি আৰু ইয়াৰ উপ-সমিতি-1
- ১৯৯৮ - উপ-সভাপতি, ভাৰতীয় ৰাজহুৱা প্ৰশাসন প্ৰতিষ্ঠান
- ১৯৯৮- সদস্য, পৰামৰ্শদাতা সমিতি, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়
- ১৯৯৯ - পুনৰ নিৰ্বাচিত, সাংসদ, তুৰা সমষ্টি, এনচিপিৰ সদস্য হিচাপে
- ১৯৯৯ - সদস্য, শ্ৰমিক আৰু কল্যাণ সমিতি
- ২০০০ - সংবিধানৰ কাম-কাজ পুনৰীক্ষণ কৰিবলৈ ৰাষ্ট্ৰীয় আয়োগৰ সদস্য
- ২০০৪ - সদস্য, বৈদেশিক পৰিক্ৰমা সমিতি, সদস্য, ব্যক্তিগত সদস্য বিধেয়ক আৰু সংকল্প সমিতি, সদস্য, পৰামৰ্শদাতা সমিতি, গৃহ মন্ত্ৰালয়
- ২০০৬ - ২৩.২.২০০৬ তাৰিখে এন.চি.পি. প্ৰাৰ্থী হিচাপে লোকসভালৈ পুনৰ নিৰ্বাচিত, তুৰা সমষ্টি
- ২০০৮ - সদস্য, মেঘালয় বিধান সভা
- ২০১৪ - তুৰাৰ পৰা লোকসভালৈ নিৰ্বাচিত
বাহ্যিক সংযোগ
- speakerloksabha.nic.in/former/PAsangama.asp
- web.archive.org/web/20141019230701/http://164.10
- www.indiankanoon.org/doc/1693640/
- www.rediff.com/news/2004/jan/21inter.htm
তথ্যসূত্ৰ
- ↑ scroll.in/article/804672/pa-sangma-1947-2016-the
- ↑ www.indiatoday.in/india/story/pa-sangma-padma-vi
- ↑ economictimes.indiatimes.com/news/politics-and-n
- ↑ www.business-standard.com/article/news-ians/p-a-
- ↑ web.archive.org/web/20170608113850/http://www.in
- ↑ indianexpress.com/article/india/politics/sangma-
- ↑ www.theshillongtimes.com/2016/03/21/unopposed-tu
- ↑ timesofindia.indiatimes.com/india/Agatha-Sangma-
- ↑ www.indiatoday.in/india/northeast/story/narendra
- ↑ web.archive.org/web/20170804065758/http://indiat
- ↑ www.rediff.com/news/1999/may/20pawar2.htm
- ↑ web.archive.org/web/20120511183603/http://www.nc
- ↑ news.oneindia.in/2013/01/05/sangma-launches-his- link|date=November 2024 |bot=InternetArchiveBot |fix-attempted=yes }}
- ↑ web.archive.org/web/20120629154238/http://www.hi
- ↑ indiatoday.intoday.in/story/sangma-withdraws-fro
- ↑ timesofindia.indiatimes.com/india/I-have-quit-NC
- ↑ www.thequint.com/politics/2016/03/04/former-lok-
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পি এ চাংমা” প্ৰবন্ধৰ সংশোধন ৪৪৬০২৮ (১৮ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।