আগথা কঙ্গকাল চাংমা (জন্ম ২৪ জুলাই ১৯৮০) ভাৰতৰ পূৰ্বৰ সাংসদ সদস্য (এম.পি) আৰু ১৫ তম লোকসভাৰ সদস্য আছিল। ২০০৯ চনৰ সংসদীয় নিৰ্বাচনত জাতীয়তাবাদী কংগ্ৰেছ পাৰ্টিৰ (এন.চি.পি) প্ৰাৰ্থী হিচাপে তেওঁ মেঘালয়ৰ তুৰা নিৰ্বাচন ক্ষেত্ৰক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ ইউপিএ দ্বিতীয় মনমোহন সিং কেবিনেটেৰ সকলোতকৈ কম বয়সৰ ৰাজ্যমন্ত্ৰী আছিল।
জীৱনৰ আৰম্ভণি
আগথা চাংমাই নতুন দিল্লীত জন্মগ্ৰহণ কৰে। আগাথাৰ দেউতাক পি. এ. চাংমা, লোকসভাৰ এগৰাকী প্ৰাক্তন অধ্যক্ষ, আৰু মাক চোৰাদিনী চাংমা। দেউতাকৰ পৰাই ৰাজনৈতিক শিক্ষাৰ অ আ ক খ শিকি আগথা চাংমা আৰু তেওঁৰ ভাতৃ কনৰেড চাংমা ৰাজনীতিৰ সৈতে জড়িত হৈ পৰিছিল। তেওঁক পশ্চিম গাৰো পাহাৰ, মেঘালয়লৈ অনা হৈছিল। তেওঁৰ ভাই কনৰেড চাংমা১ মেঘালয় ৰাজ্য পৰিষদত প্ৰধানমন্ত্ৰী নিৰ্বাচিত হয়।
শিক্ষা
তেওঁ পুণে বিশ্ববিদ্যালয়ৰ পৰা এল.এল.বি ডিগ্ৰি গ্ৰহণ কৰে আৰু পিছত দিল্লী উচ্চ ন্যায়ালয়ত যোগদান কৰে। তেওঁ যুক্তৰাজ্যৰ নটিংঘাম বিশ্ববিদ্যালয়ৰ ৰা পৰিৱেশগত ব্যৱস্থাপনাত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে।২
ৰাজনৈতিক জীৱন
আগথা চংমাৰ দেউতাক পি.এ চাংমাই ৰাজ্যিক ৰাজনৈতিক ক্ষেত্ৰ খনত অন্তৰ্ভুক্ত হোৱাৰ বাবে সাংসদৰ পৰা পদ ত্যাগ কৰাৰ পিছত আগথা চাংমা ২০০৮ চনৰ মে মাহৰ উপনিৰ্বাচনত ১৪ তম লোকসভালৈ নিৰ্বাচিত হয়। পিছত তেওঁ ১৫ তম লোকসভাটো নিৰ্বাচিত হয়, লোকসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱা আগথা সেইসময়ত আটাইতকৈ কম বয়সৰ ভাৰতীয় নাগৰিক।৩এটি সাক্ষাৎকাৰত আগথাই আটাইতকৈ কম বয়সৰ ৰাজনৈতিক ব্যক্তি হোৱাৰ অভিজ্ঞতাক লৈ কৈছিল যে- 'মই কোনোদিনেই ৰাজনৈতিক ক্ষেত্ৰ খনত ইমান সোনকালেই ভৰি দিয়াৰ কথা ভবা নাছিলোঁ। মই ভবিষ্যত পৰিকল্পনা হিসাবে এই লক্ষ্য ৰাখিছিলোঁ যদিও যোৱা দুবছৰত বহুতেই কিবা-কিবি ঘটি গ'ল আৰু আহি আহি আজি এই দিনটো দেখা পালোঁ। ' ২৯ বছৰ বয়সতে, তেওঁ ১৫ তম লোকসভাৰ মন্ত্ৰীসকলৰ কাউন্সিলৰ সৰ্ববৃহৎ মন্ত্ৰী আছিল।৪ চাংমা গ্ৰাম্য উন্নয়ন দপ্তৰৰ মন্ত্ৰী আছিল। ২০১২ চনৰ অক্টোবৰৰ মন্ত্ৰিসভা পুনৰ নিৰ্মাণৰ সময়ত তেওঁ এই পদৰ পৰা পদত্যাগ কৰিছিল।৫৬৭ আগথা এগৰাকী আইনবিদ, এগৰাকী পৰিৱেশবিদ আৰু এগৰাকী অপেচাদাৰী আলোকচিত্ৰবিদ আছিল। ২০১৭ চনৰ নৱেম্বৰ মাহত এইবুলি প্ৰচাৰ হৈছিল যে তেওঁ ২০১৮ চনৰ মেঘালয় বিধান সভা নিৰ্বাচনত এটি জাতীয় জনতা পাৰ্টি (এন.পি পি)ৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব।৮ তেওঁ দক্ষিণ তুৰাৰ প্ৰতিদ্বন্দ্বি হৈ নিৰ্বাচনত ৬,৪৯৯ ভোটত জয়ী হয়।৯কিন্তু আগথা চাংমাই নিজ ভাতৃৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষাৰ কথা ভাৱি তেওঁৰ সদনৰ সদস্য পদৰ পৰা পদ ত্যাগ কৰে।১০
তথ্যসূত্ৰ
- ↑ (2009-05-16). NCP retains Tura, Congress Shillong. The Hindu
- ↑ (23 April 2008). Sangma dynasty gains momentum in Meghalaya. Rediff.com News
- ↑ Agatha K. Sangma: India’s Youngest MP profile & Bio. Samaw.com
- ↑ (2009-05-27). Agatha Sangma youngest minister in Manmohan ministry. economictimes.com
- ↑ Agatha Sangma and Vincent Pala step down. India today
- ↑ (21 June 2012). Agatha Sangma too may quit NCP, ministry. The Times Of India
- ↑ Agatha Sangma gets rural development, Ambika is I&B minister. in.news.yahoo.com
- ↑ (10 November 2017). Agatha Sangma to contest 2018 assembly elections. theweek.in
- ↑ (3 March 2018). Agatha Sangma wins from South Tura. United News of India
- ↑ thenortheasttoday.com/meghalaya-mla-agatha-sangm link|date=September 2023 |bot=InternetArchiveBot |fix-attempted=yes }}?
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আগথা চাংমা” প্ৰবন্ধৰ সংশোধন ৫১৯৪৩৪ (২০ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।