অনুৰাধা (Anuradha; জন্ম ৪ মাৰ্চ ১৯৭১) যাৰ মঞ্চ-নাম তাৰা, তেওঁ এগৰাকী কন্নড় চলচ্চিত্ৰৰ অভিনেত্ৰী আৰু ৰাজনীতিবিদ। ২০০৯ চনত তেওঁ ভাৰতীয় জনতা পাৰ্টিত অংশগ্ৰহণ কৰে আৰু ২০১২ চনত এগৰাকী মনোনীত সদস্যৰূপে কৰ্ণাটক বিধানসভাত প্ৰবেশ কৰে।১
তাৰাই ১৯৮৪ চনত তামিল ভাষাৰ ‘ইঙ্গেয়ুম ওৰু গঙ্গাই’ ছবিৰে চলচ্চিত্ৰ জগতত পদাৰ্পন কৰে। তেওঁৰ প্ৰথম কন্নড় ভাষাৰ ছবি- ১৯৮৬ চনত মুক্তি পোৱা ‘থুলচিডালা’। ‘কৰ্মা’ (১৯৯১), ‘মঞ্জনেয়া মঞ্জু’ (১৯৯৩), ‘কানুৰু হেগ্গাদিথি’ (১৯৯৯), ‘মথদানা’ (২০০১), ‘হাচিনা’ (২০০৫), ‘চায়ানাইড’ (২০০৬), ‘এ বন্ধন’ (২০০৭) আদি ছবিত তেওঁৰ বিশিষ্ট প্ৰদৰ্শন দেখা গৈছিল। ‘হাচিনা’ত কৰা অভিনয়েৰে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আজুৰি আনিবলৈ সক্ষম হৈছিল।২
ভাৰতীয় জনতা পাৰ্টীত যোগ দিয়াৰ পিছত তেওঁ ২০১২ চনত কৰ্ণাটক চলচ্চিত্ৰ একাডেমীৰ সভাপতি হয় আৰু এই পদবীত তেওঁ এবছৰ থাকে। সেই বছৰতে তেওঁ কৰ্ণাটক বিধানসভাৰ উচ্চ সদনলৈ মনোনীত সদস্য ৰূপে বাছনি হয়।৩
কৰ্মজীৱন
তাৰাই ১৯৮৪ চনত প্ৰখ্যাত অভিনেতা মণি ৰত্নম পৰিচালিত তামিল ছবি ‘ইঙ্গেয়ুম ওৰু গঙ্গাই’ৰ যোগে চলচ্চিত্ৰ জগতত ভূমুকি মাৰে; য’ত মুৰলিয়ে মূল চৰিত্ৰত অভিনয় কৰিছিল। তেওঁৰ প্ৰথম কন্নড় ছবি ‘তুলসীদল’ (১৯৮৫)। তেওঁৰ কৰ্মজীৱনৰ এক ডাঙৰ ব্ৰেক ১৯৮৬ চনত মুক্তি পোৱা, ৰাজকুমাৰ অভিনীত ‘গৌৰী’। ইয়াৰ পিছত তেওঁ বহুকেইখন ছবিত মূল ভূমিকাত অথবা সহযোগী অভিনেত্ৰীৰ ৰূপে অভিনয় কৰে। গিৰীশ কৰ্ণাডে পৰিচালনা কৰা ‘কানুৰু হেগ্গাডিথি’য়ে তেওঁক ব্যপক স্বীকৃতি দিয়ে। তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ প্ৰথম বঁটা লাভ কৰে কন্নড় ছবি ক্ৰমৰ (১৯৯১) যোগে, আচৰাৰ আবিদৰ প্ৰথম পৰিচালিত ছবি আছিল। ১৯৮০ৰ দশকৰ শেহৰ ফালে মণিৰত্নমৰ ব্লকবাষ্টাৰ ছবি নায়কন আৰু অগ্নি নাটচাথিৰমত তেওঁ সহযোগী অভিনেত্ৰী ৰূপে অভিনয় কৰে।৪
তেওঁ ৰাজকুমাৰ, শঙ্কৰ নাগ, বিষ্ণুবৰ্দ্ধন, অম্বৰীশ, অনন্ত নাগ, ভি. ৰবিচন্দ্ৰন, শশীকুমাৰ, টাইগাৰ প্ৰভাকৰ, শিৱৰাজকুমাৰ, ৰাঘবেন্দ্ৰ ৰাজকুমাৰ, মুৰলী, কাৰ্তিক মুথুৰমন, সুনীল, দেৱৰাজ আদি ১৯৮০ আৰু ১৯৯০ৰ দশকৰ প্ৰায় আটাইবোৰ শীৰ্ষস্থানীয় তাৰকাৰ সৈতে কাম অভিনয় কৰিছে। ‘কানুৰু হেগ্গাডিথি’ ছবিত কৰা অভিনয়েৰে তেওঁ দ্বিতীয় শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাজ্যিক বঁটা আৰু ‘মুঞ্জানেয়া মঞ্জু’ৰ বাবে শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ বঁটা পায়। ২০০৫ চনত গিৰিশ কাচৰৱল্লীৰ ছবি ‘হাচিনা’ত তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। কন্নড় ছবি ডেডলী সোমাৰে তেওঁ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। তেওঁৰ আন এখন সফল ছবি ‘চায়ানাইড’।৫ অভিনয়ৰ উপৰিও তেওঁ গিৰিশ কাচৰৱল্লীয়ে পৰিচালনা কৰা হাচিনাৰ প্ৰযোজনা কৰে। তেওঁ এগৰাকী পৰিচালক হোৱাৰ ইচ্ছাও প্ৰকাশ কৰিছিল।৬
তথ্যসূত্ৰ
- ↑ (4 March 2017). ತಾರಾ ಜನ್ಮ ರಹಸ್ಯ. Kannada Prabha
- ↑ (13 July 2005). Saif, Tara win National awards. Rediff - (15 July 2005). It's better late than never, says Tara. The Hindu
- ↑ Muthanna, Anjali. (16 June 2013). Tara officially resigns as Film Academy head. The Times of India
- ↑ (31 August 2007). Kumaraswamy happy with resurgent Kannada cinema. The Hindu
- ↑ (20 March 2006). Cyanide Review – Kannada Movie Review by RGV. Nowrunning
- ↑ (25 February 2005). Tara – from actress to director. Indiaglitz
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তাৰা (কন্নড় অভিনেত্ৰী)” প্ৰবন্ধৰ সংশোধন ৩৮১২৪৫ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।