অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বুটা সিং

বুটা সিং (Buta Singh, ২১ মাৰ্চ ১৯৩৪ - ২ জানুৱাৰী ২০২১) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ জ্যেষ্ঠ নেতা আছিল। তেওঁ ভাৰত চৰকাৰৰ বিভিন্ন পদবী যেনে কেন্দ্ৰীয় গৃহমন্ত্ৰী, কৃষি মন্ত্ৰী, গ্ৰামোন্নয়ন মন্ত্ৰী, সংসদীয় পৰিক্ৰমা মন্ত্ৰী, ক্ৰীড়া মন্ত্ৰী, যোগান, গ্ৰাহক পৰিক্ৰমা আৰু ৰাজহুৱা…

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৮২৯ শব্দ · ৫ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

বুটা সিং (Buta Singh, ২১ মাৰ্চ ১৯৩৪ - ২ জানুৱাৰী ২০২১) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ জ্যেষ্ঠ নেতা আছিল। তেওঁ ভাৰত চৰকাৰৰ বিভিন্ন পদবী যেনে কেন্দ্ৰীয় গৃহমন্ত্ৰী, কৃষি মন্ত্ৰী, গ্ৰামোন্নয়ন মন্ত্ৰী, সংসদীয় পৰিক্ৰমা মন্ত্ৰী, ক্ৰীড়া মন্ত্ৰী, যোগান, গ্ৰাহক পৰিক্ৰমা আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰীৰ লগতে বিহাৰৰ ৰাজ্যপাল আছিল।১ ২০০৭ চনৰ পৰা ২০১০ চনলৈ তেওঁ ৰাষ্ট্ৰীয় অনুসূচীত জাতি আয়োগৰ অধ্যক্ষ আছিল।২ ২০২১ চনৰ ২ জানুৱাৰী তাৰিখে নতুন দিল্লীত তেওঁৰ মৃত্যু হয়।

প্ৰাৰম্ভিক জীৱন

১৯৩৪ চনৰ ২১ মাৰ্চ তাৰিখে ব্ৰিটিছ ৰাজৰ অন্তৰ্ভুক্ত পঞ্জাব প্ৰদেশৰ জলন্ধৰ জিলাৰ মুস্তাফাপুৰৰ মাঝহবি শিখ পৰিয়ালত বুটা সিঙৰ জন্ম হৈছিল।৩৪ তেওঁ জলন্ধৰৰ লিয়লপুৰ খালচা মহাবিদ্যালয়ৰ পৰা সন্মানসহ কলা শাখাৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল। তাৰপিছত তেওঁ বোম্বেৰ গুৰু নানক খালচা মহাবিদ্যালয়ৰ পৰা কলাৰ স্নাতকোত্তৰ আৰু বুন্দেলখণ্ড বিশ্ববিদ্যালয়ৰ পৰা পিএইচডি ডিগ্ৰী লাভ কৰিছিল। তেওঁ ১৯৬৪ চনত মনজিৎ কৌৰক বিয়া কৰিছিল। তেওঁলোকৰ তিনিগৰাকী সন্তান আছে।৫

ৰাজনীতিত প্ৰৱেশ কৰাৰ আগতে তেওঁ সাংবাদিক হিচাপে কাম কৰিছিল। তেওঁ অকালি দলৰ সদস্য হিচাপে তেওঁৰ প্ৰথম নিৰ্বাচনত যুঁজ দিছিল আৰু সেই দল বিভক্ত হোৱাৰ সময়ত ১৯৬০ৰ শেষভাগত ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰে।

ৰাজনৈতিক জীৱন

বুটা সিং ১৯৬২ চনত মোগা লোকসভা সমষ্টিৰ পৰা প্ৰথমবাৰৰ বাবে লোকসভালৈ নিৰ্বাচিত হৈছিল।৬ পৰৱৰ্তী সময়ত তেওঁ ৪ৰ্থ (১৯৬৭ চনত ৰোপাৰৰ পৰা), ৫ম, ৭ম, ৮ম (জালোৰৰ পৰা), ১০ম (১৯৯১), ১২তম আৰু ১৩তম লোকসভালৈ নিৰ্বাচিত হয়। জৱাহৰলাল নেহৰু প্ৰধানমন্ত্ৰী হোৱাৰ পৰা তেওঁ কংগ্ৰেছ দলৰ সৈতে জড়িত আছিল আৰু তেওঁ প্ৰাক্তন ভাৰতীয় প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীৰ ঘনিষ্ঠ আছিল। কিন্তু তেওঁ কংগ্ৰেছ বিৰোধীক পৰাজিত কৰি অকালি দলৰ প্ৰাৰ্থী হিচাপে মোগা সমষ্টিৰ পৰা ভাৰতীয় সংসদলৈ প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হৈছিল।৭৮ ১৯৬৭ চনত তেওঁ ৰোপাৰ সমষ্টিৰ পৰা কংগ্ৰেছপ্ৰাৰ্থী হিচাপে দ্বিতীয়বাৰ নিৰ্বাচনত জয়ী হয়। তাৰপিছত তেওঁ কেইবাৰো লোকসভালৈ নিৰ্বাচিত হৈছিল। তেওঁ সৰ্ব ভাৰতীয় কংগ্ৰেছ সমিতিৰ সাধাৰণ সম্পাদক (১৯৭৮-১৯৮০), ভাৰতৰ গৃহমন্ত্ৰী আৰু পিছৰ বিহাৰৰ ৰাজ্যপাল (২০০৪-২০০৬) পদবীৰ দায়িত্বত আছিল। তেওঁ ৰে'ল, বাণিজ্য, সংসদীয় বিষয়, ক্ৰীড়া, জাহাজ পৰিবহণ, কৃষি, যোগাযোগ আৰু গৃহ বিভাগৰ মন্ত্ৰী আছিল। তেওঁ ২০০৭ চনৰ পৰা ২০১০ চনলৈ ৰাষ্ট্ৰীয় অনুসূচীত জাতি আয়োগৰ (কেবিনেট মন্ত্ৰী হিচাপে স্থান প্ৰাপ্ত) অধ্যক্ষ আছিল।৯

তেওঁ পঞ্জাবী স্পিকিং ষ্টেট – এ ক্ৰিটিকেল এনালাইচিছ আৰু পঞ্জাবী সাহিত্য আৰু শিখ ইতিহাসৰ ওপৰত প্ৰবন্ধসংকলন এখন লিখিছিল।১০ ইন্দিৰা গান্ধীয়ে তেওঁক কংগ্ৰেছ বিভাজনৰ সময়ত নতুন দলৰ চিহ্ন বাছনি কৰিবলৈ বাছনি কৰিছিল। তেওঁ অপাৰেচন ব্লু ষ্টাৰত তেওঁৰ সৈতে অতি ঘনিষ্ঠভাৱে জড়িত আছিল আৰু এগৰাকী মন্ত্ৰী হিচাপে তেওঁ সেই অনুশীলনৰ পিছত অমৃতসৰৰ স্বৰ্ণমন্দিৰৰ পুনৰনিৰ্মাণৰ কাম-কাজ পৰ্যৱেক্ষণ কৰিছিল।১১ ইন্দিৰা যুগত জেইল সিঙৰ সৈতে ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ বাবে তেওঁৰ নাম চূড়ান্ত পৰ্যায়লৈ আগবাঢ়িছিল। ১৯৮২ চনত এছিয়ান গেমছ ভাৰতত অনুষ্ঠিত হোৱাৰ সময়ত তেওঁ এছিয়ান গেমছৰ আয়োজন সমিতিৰ অধ্যক্ষও আছিল।১২

তেওঁ ২০১৪ চনৰ লোকসভা নিৰ্বাচনত জালোৰ লোকসভা সমষ্টিৰ পৰা এক নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল। সমাজবাদী পাৰ্টিয়ে তেওঁৰ সমৰ্থন কৰিছিল যদিও তেওঁ নিৰ্বাচনত তৃতীয় স্থানলাভ কৰিছিল।১৩

বিতৰ্ক

১৯৯৮ চনত যোগাযোগ মন্ত্ৰী হিচাপে তেওঁক জেএমএম উৎকোচৰ গোচৰত অভিযুক্ত কৰা হৈছিল আৰু পদত্যাগ কৰিবলৈ বাধ্য কৰা হৈছিল।১৪

বিহাৰৰ ৰাজ্যপাল হিচাপে ২০০৫ চনত বিহাৰ বিধানসভা ভংগৰ পৰামৰ্শ দিয়াৰ বাবে সিঙৰ সিদ্ধান্তক ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰা তীব্ৰ সমালোচনা কৰা হৈছিল। আদালতে ৰায় দিছিল যে সিঙে খৰ-খেদাকৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু কেন্দ্ৰীয় কেবিনেটক বিপথে পৰিচালিত কৰিছিল। কিয়নো তেওঁ চৰকাৰ গঠন কৰিবলৈ দাবী কৰা এটা নিৰ্দিষ্ট দলক ক্ষমতালৈ আহিবলৈ বিচৰা নাছিল।১৫১৬ সিঙে অৱশ্যে দাবী কৰিছিল যে দলে চৰকাৰ গঠনৰ বাবে সমৰ্থন সুৰক্ষিত কৰিবলৈ অন্যায় উপায়ৰ আশ্ৰয় লৈছে। ২০০৬ চনৰ ২৬ জানুৱাৰী তাৰিখে তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামলৈ তেওঁৰ পদৰ পৰা পদত্যাগ কৰাৰ প্ৰস্তাৱ দি এখন ফেক্স প্ৰেৰণ কৰিছিল। পৰৱৰ্তী দিনা তেওঁ কাৰ্যালয় এৰিছিল আৰু পশ্চিম বংগৰ ৰাজ্যপাল গোপালকৃষ্ণ গান্ধীয়ে অস্থায়ীভাৱে বিহাৰৰ ৰাজ্যপালৰ ভাৰ লাভ কৰিছিল।১৭

মৃত্যু

২০২১ চনৰ ২ জানুৱাৰী তাৰিখে ষ্ট্ৰোকৰ জটিলতাৰ বাবে ৮৬ বছৰ বয়সত বুটা সিঙৰ নতুন দিল্লীত অৱস্থিত সৰ্বভাৰতীয় চিকিৎসাবিজ্ঞান প্ৰতিষ্ঠানত মৃত্যু হয়।১৮১৯

পদবীসমূহ

  • ১৯৬২: মোগা লোকসভা সমষ্টিৰ পৰা তৃতীয় লোকসভালৈ অকালি দলৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত২০
  • ১৯৬৬–৬৮: সদস্য, ৰাজহুৱা একাউণ্ট সমিতি
  • ১৯৬৭: কংগ্ৰেছ প্ৰাৰ্থী হিচাপে ৪ৰ্থ লোকসভালৈ (দ্বিতীয় কাৰ্যকাল) ৰোপাৰ লোকসভা সমষ্টিৰ পৰা পুনৰ নিৰ্বাচিত
  • ১৯৭১: ৰোপাৰ লোকসভা সমষ্টিৰ পৰা ৫ম লোকসভালৈ (তৃতীয় কাৰ্যকাল) পুনৰ নিৰ্বাচিত
  • ১৯৭১: অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ কল্যাণ সমিতিৰ অধ্যক্ষ
  • ১৯৭৩–৭৪: আহ্বায়ক, সৰ্ব ভাৰতীয় কংগ্ৰেছ কমিটি (ইন্দিৰা), হৰিজন কোষ
  • ১৯৭৪–৭৬: কেন্দ্ৰীয় উপমন্ত্ৰী, ৰেলৱে
  • ১৯৭৬–৭৭: কেন্দ্ৰীয় উপমন্ত্ৰী, বাণিজ্য
  • ১৯৭৮–৮০: সাধাৰণ সম্পাদক, সৰ্ব ভাৰতীয় কংগ্ৰেছ কমিটি (ইন্দিৰা)
  • ১৯৮০: ৰোপাৰ লোকসভা সমষ্টিৰ পৰা ৭ম লোকসভালৈ ৪ৰ্থ কাৰ্যকাললৈ পুনৰ নিৰ্বাচিত
  • ১৯৮০–৮২: জাহাজ পৰিবহণ আৰু পৰিবহণ ৰাজ্যিক মন্ত্ৰী
  • ১৯৮২: যোগান আৰু পুনৰ্বাসন ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব)
  • ১৯৮২–৮৩: যোগান আৰু ক্ৰীড়া ৰাজ্যিক ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব)
  • ১৯৮৩–৮৪: সংসদীয় পৰিক্ৰমা, ক্ৰীড়া আৰু কৰ্ম আৰু গৃহ বিভাগৰ ৰাজ্যিক মন্ত্ৰী
  • ১৯৮৪: জালোৰ লোকসভা সমষ্টিৰ পৰা ৮ম লোকসভালৈ (৫ম কাৰ্যকাল) পুনৰ নিৰ্বাচিত
  • ১৯৮৪–৮৫: কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী, কৃষি আৰু গ্ৰাম্য উন্নয়ন
  • ১৯৮৫–৮৬: কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী, কৃষি
  • ১৯৮৬–৮৯: কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী, গৃহ পৰিক্ৰমা
  • ১৯৯১: ১০ম লোকসভালৈ পুনৰ নিৰ্বাচিত (৬ষ্ঠ কাৰ্যকাল), জালোৰ লোকসভা সমষ্টি
  • ১৯৯৪–৯৫: প্ৰতিৰক্ষাৰ সংসদীয় সমিতিৰ অধ্যক্ষ
  • ১৯৯৫–৯৬: কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী, অসামৰিক যোগান, উপভোক্তা পৰিক্ৰমা আৰু ৰাজহুৱা বিতৰণ
  • ১৯৯৮: ১২তম লোকসভালৈ পুনৰ নিৰ্বাচিত (৭ম কাৰ্যকাল), জালোৰ লোকসভা সমষ্টি
  • মাৰ্চ–এপ্ৰিল ১৯৯৮: কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী, যোগাযোগ।
  • ১৯৯৮–৯৯: সদস্য, অধীনস্থ আইন ৰ সমিতি আৰু বিত্ত সমিতিৰ সদস্য।
  • ১৯৯৯: ১৩তম লোকসভালৈ পুনৰ নিৰ্বাচিত (৮ম কাৰ্যকাল), জালোৰ লোকসভা সমষ্টি
  • ১৯৯৯-২০০১: সদস্য, বিশেষাধিকাৰ সমিতি আৰু সদস্য, যোগাযোগ সমিতি
  • ১৯-২০০১: সদস্য, অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ কল্যাণ সমিতি
  • ২০০২-২০০৩: অধ্যক্ষ, ৰাজহুৱা একাউণ্ট সমিতি, কোঠা নং-৫১, সংসদ ভৱন, নতুন দিল্লী
  • ২০০৪–২০০৬: বিহাৰৰ ৰাজ্যপাল
  • ২০০৬–২০০৭: স্থায়ী আমন্ত্ৰণকাৰী, কংগ্ৰেছ কাৰ্যকৰী সমিতি
  • ২০০৭-২০১০: ৰাষ্ট্ৰীয় অনুসূচীত জাতি আয়োগৰ অধ্যক্ষ (কেবিনেট মন্ত্ৰীৰ পদ)

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (2 January 2021). Former Home Minister Buta Singh Passes Away At 86. Outlook
  2. ↑ (2 January 2021). Former Union Minister Buta Singh dies aged 86, PM Narendra Modi, Rahul Gandhi offer condolences. Zee News
  3. ↑ (11 September 2009). Decline and fall of Buta Singh. Deccan Herald
  4. ↑ (2021-01-02). Congress veteran and ex-home minister Buta Singh passes away at 86; Narendra Modi, Rahul Gandhi pay tribute. Firstpost. Press Trust of India
  5. ↑ Hon'ble Governor of Bihar – Sardar Buta Singh. National Informatics Centre, India
  6. ↑ (2021-01-02). Congress veteran Buta Singh passes away. The Hindu
  7. ↑ Members: Lok Sabha. loksabhaph.nic.in
  8. ↑ 1962 India General (3rd Lok Sabha) Elections Results. www.elections.in
  9. ↑ (2 January 2021). Former union minister and Congress leader Buta Singh dies. UNI
  10. ↑ (2 January 2021). 'True public servant, loyal leader': Rahul Gandhi condoles Buta Singh's death. Hindustan Times
  11. ↑ (2 January 2021). Former home minister Buta Singh passes away. Financial Express
  12. ↑ (15 December 1982). We are also trying to bring the World Cup Football to New Delhi: Buta Singh. India Today
  13. ↑ Mulayam fields Buta from Jalore-Sirohi. Free Press Journal
  14. ↑ Viswanathan, Prema. (21 April 1998). Hegde rules out resignation, defends Vajpayee. The Indian Express
  15. ↑ Sharma, Avinash. (28 February 2009). Bihar Assembly Dissolution Case. Legal Service India
  16. ↑ Verma, Avnindra Kumar. (2009). Political Science, Class XI. Rahul Jain (V.K. (India) Enterprises). পৃ. 146. ISBN 978-81-89597-13-9
  17. ↑ (22 June 2006). Veteran politician R S Gavai new Bihar Governor. One India. Greynium Information Technologies Pvt. Ltd
  18. ↑ (2 January 2021). Congress leader and former Union minister Buta Singh passes away. The Hindustan Times
  19. ↑ (2 January 2021). Former Union minister Buta Singh passes away. The Indian Express
  20. ↑ Buta Singh Profile. Lok Sabha

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ৰাজনীতিবিদভাৰত চৰকাৰৰ মন্ত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বুটা সিং” প্ৰবন্ধৰ সংশোধন ৩৮২১৭২ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।