কনৰাড কংকল চাংমা (Conrad Kongkal Sangma; জন্ম: ২৭ জানুৱাৰী ১৯৭৮) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু মেঘালয়ৰ দ্বাদশতম তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী। ২০১৮ চনৰ পৰা তেওঁ মেঘালয়ৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈ আছে।১ তেওঁ নেছনেল পিপলছ পাৰ্টিৰ সদস্য। তেওঁৰ পিতৃ পি. এ. চাংমা প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু লোকসভাৰ প্ৰাক্তন অধ্যক্ষ আছিল। কনৰাড চাংমা ২০১৬ চনৰ পৰা ২০১৮ চনলৈকে তুৰা লোকসভা সমষ্টিৰ পৰা সংসদ সদস্য আছিল।২ ২০১৮ চনৰ পৰা দক্ষিণ তুৰা সমষ্টিক প্ৰতিনিধিত্ব কৰি ২০০৮ চনৰ পৰা ২০১৩ চনলৈকে চেলচেলা সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল। ২০০৮ চনৰ পৰা ২০০৯ চনলৈকে তেওঁ মেঘালয় চৰকাৰৰ বিত্ত, শক্তি আৰু পৰ্যটন মন্ত্ৰীও আছিল। তেওঁ মেঘালয় বিধানসভাত বিৰোধী দলৰ নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।৩ তেওঁ জাতীয়তাবাদী যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰি আহিছে।
কৰ্মজীৱন
অধ্যয়ন সম্পূৰ্ণ কৰাৰ লগে লগে পিতৃ পি. এ. চাংমাৰ জাতীয়তাবাদী কংগ্ৰেছ পাৰ্টি (এনচিপি)ৰ প্ৰচাৰ পৰিচালক হিচাপে চাংমাই ১৯৯০ চনৰ শেষৰ ফালে ৰাজনৈতিক জীৱনৰ আৰম্ভণি কৰে।৪ ২০০৪ চনত প্ৰথম নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি গাৰো হিলছ স্বায়ত্তশাসিত জিলা পৰিষদৰ এখন আসনৰ বাবে প্ৰচাৰ চলাই ১৮২টা ভোটত পৰাস্ত হয়।৫ ২০০৮ চনৰ ৰাজ্যিক নিৰ্বাচনত এনচিপিৰ সদস্য হিচাপে প্ৰথমে ভাতৃ জেমছৰ সৈতে ৰাজ্যিক বিধানসভালৈ নিৰ্বাচিত হৈছিল আৰু পিছলৈ ৰাজ্যিক মন্ত্ৰীসভাত বিত্ত, শক্তি, পৰ্যটন, জিএডি আৰু আইটিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত হৈছিল৬ আৰু মন্ত্ৰী হিচাপে শপত লোৱাৰ ১০ দিনৰ ভিতৰতে মেঘালয়ৰ বাবে প্ৰথম বাৰ্ষিক বাজেট দাখিল কৰে। ২০০৯ চনৰ পৰা ২০১৩ চনলৈ চাংমাই মেঘালয় বিধানসভাত বিৰোধী দলৰ নেতা পদত অধিষ্ঠিত হৈছিল। ২০১৩ চনৰ মেঘালয় বিধানসভাৰ নিৰ্বাচনত চাংমাই আসন হেৰুৱাইছিল।৭
সেই বছৰৰ আৰম্ভণিতে পিতৃৰ মৃত্যুৰ পিছত ২০১৬ চনৰ মাৰ্চ মাহত তেওঁ নেছনেল পিপলছ পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে নিৰ্বাচিত হয়।৮ একে বছৰৰ মে’ মাহত লোকসভালৈ উপ-নিৰ্বাচনত তুৰাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি তেওঁ ১.৯২ লাখ ভোটৰ ব্যৱধানত জয়লাভ কৰে।৯
মেঘালয়ৰ মুখ্যমন্ত্ৰী
২০১৮ চনৰ মেঘালয়ৰ বিধানসভাৰ নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ পিছতে দ্বিতীয় স্থান লাভ কৰে চাংমাৰ দল এন পি পিয়ে।১০ ৰাজ্যখনত চৰকাৰ গঠন কৰিবলৈ ৩০খন আসনৰ প্ৰয়োজন হোৱাৰ বাবে এনপিপিয়ে অন্যান্য আঞ্চলিক দলৰ সৈতে মিত্ৰতা কৰি এই সংখ্যা ৩৪ লৈ বৃদ্ধি কৰে। তাৰ পাছত মেঘালয়ৰ ৰাজ্যপাল গংগা প্ৰসাদক সাক্ষাৎ কৰি বিধানসভাৰ ৩৪জন সদস্যৰ পৰা সমৰ্থন পত্ৰৰে সাংমাই চৰকাৰ গঠনৰ দাবী বাজিত উঠে, য’ত এনপিপিৰ ১৯ জন, ইউনাইটেড ডেম’ক্ৰেটিক পাৰ্টিৰ ছয়জন, পিপলছ ডেম’ক্ৰেটিক ফ্ৰণ্টৰ চাৰিজন, হিল ষ্টেট পিপলছ ডেম'ক্ৰেটিক পাৰ্টি আৰু ভাৰতীয় জনতা পাৰ্টিৰ পৰা দুজনকৈ, আৰু এজন নিৰ্দলীয়,১১ আৰু নিৰ্বাচিত মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰা হয়।১২ ৬ মাৰ্চত তেওঁ মুকুল চাংমাৰ ঠাইত শপত গ্ৰহণ কৰে। ২০১৮ চনৰ আগষ্ট মাহত তেওঁ দক্ষিণ তুৰা আসনৰ বাবে উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি ১৩,৬৫৬টা ভোট লাভ কৰিছিল। ছাংমাই তেওঁৰ নিকটতম কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বী চাৰ্লট ডব্লিউ মমিনক ৮৪০০ৰো অধিক ভোটৰ ব্যৱধানত পৰাস্ত কৰে।১৩ ২০২৩ চনৰ ৭ মাৰ্চত দ্বিতীয়বাৰৰ বাবে মেঘালয়ৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়।১৪
ব্যক্তিগত জীৱন
১৯৭৮ চনৰ ২৭ জানুৱাৰীত মেঘালয়ৰ পশ্চিম গাৰো পাৰ্বত্য জিলাৰ তুৰা চহৰত কনৰাড চাংমাৰ জন্ম হৈছিল।১৫ তেওঁৰ পিতৃ পূৰ্ণ চাংমা মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা লোকসভাৰ অধ্যক্ষ, আৰু মাতৃ সোৰাদিনী এগৰাকী গৃহিণী আছিল।১৬ তেওঁৰ ভাতৃ-ভগ্নীৰ ভিতৰত ডাঙৰ ভাতৃ জেমছ আৰু কনিষ্ঠ ভগ্নী আগথা এনপিপিৰ ৰাজনীতিবিদ। আন এগৰাকী ভগ্নী ক্ৰীষ্টি১৭ অৱশ্যে অৰাজনৈতিক হৈয়েই আছে।১৮ কনৰাড দিল্লীত ডাঙৰ-দীঘল হৈছিল আৰু তাতেই ছেইণ্ট কলম্বা স্কুলত শিক্ষা গ্ৰহণ কৰিছিল।৫ পেনচিলভেনিয়া বিশ্ববিদ্যালয়ৰ ৱাৰ্টন স্কুলৰ পৰা উদ্যোগীকৰণ ব্যৱস্থাপনাত ব্যৱসায় প্ৰশাসনত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত ইম্পেৰিয়েল কলেজ লণ্ডনৰ পৰা বিত্ত বিষয়ত এম বি এ সম্পূৰ্ণ কৰে।২১৯
২০০৯ চনৰ ২৯ মে’ত পেছাত চিকিৎসক মেহতাব চাণ্ডীৰ সৈতে ছাংমাই বিবাহপাশত আবদ্ধ হয়২০ আৰু তেওঁলোকৰ দুগৰাকী কন্যা সন্তান আছে: অমৰা (জন্ম প্ৰায় ২০১১) আৰু কেটেলিন (জন্ম ২০১৭)।২১২২ ৰাজনীতিৰ বাহিৰেও শিক্ষা আৰু পৰিৱেশৰ ক্ষেত্ৰসমূহৰ উন্নতিৰ বাবে কাম কৰা পি এ চাংমা ফাউণ্ডেশ্যনৰ সভাপতি হিচাপে সামাজিক কামৰ সৈতে জড়িত হৈ আহিছে, লগতে মেঘালয়ৰ গ্ৰাম্য অঞ্চলতো চাৰিখন মহাবিদ্যালয় চলাই আছে। বৰ্তমান তেওঁ মেঘালয় ক্ৰিকেট সন্থা আৰু ক্ৰীড়া একাডেমীৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰি আছে।২৩
কনৰাড চাংমাই ইলেক্ট্ৰিক গীটাৰ বজায় আৰু হেভি মেটেল বেণ্ড আইৰন মেডেনৰ অনুৰাগী। ২০২০ চনৰ মে' মাহত তেওঁ ইনষ্টাগ্ৰামত আইৰন মেডেনৰ গীত "ৱেষ্টেড ইয়াৰ্ছ" বজাই থকা ভিডিঅ' পোষ্ট কৰাৰ বাবে উল্লেখযোগ্য জাননী লাভ কৰে।২৪২৫
বাহ্যিক সংযোগ
- Conrad Sangma bioprofile at loksabha.nic.in
|-
তথ্যসূত্ৰ
- ↑ (4 March 2018). Congress outsmarted in Meghalaya, Conrad Sangma to be sworn in March 6. The Hindu
- ↑ (28 March 2008). Conrad delivers quickie budget. The Telegraph
- ↑ List Of Members Of The Eight Meghalaya Legislative Assembly. Meghalaya Legislative Assembly, Official Website
- ↑ (25 September 1999). 'In Garo Hills, I'm the moon that won't be eclipsed'. The Indian Express
- ↑ Masih, Archana. (18 February 2013). How a Wharton graduate fits into North-East politics. Rediff.com
- ↑ (23 April 2008). Sangma dynasty gains momentum in Meghalaya. Rediff.com News
- ↑ Detailed Results State Election, 2013 to the Legislative Assembly Of Meghalaya. ভাৰতৰ নিৰ্বাচন আয়োগ. পৃ. 11
- ↑ (16 March 2016). Conrad K Sangma Elected NPP President. The Northeast Today
- ↑ (20 May 2016). Tura gifts Conrad huge-win mantle. The Telegraph
- ↑ (3 March 2018). Hung Assembly in Meghalaya, Congress single largest party. The Hindu
- ↑ (5 March 2018). Meghalaya assembly elections 2018: NPP-led alliance all set to form govt. Mint
- ↑ (4 March 2018). Congress outsmarted in Meghalaya, Conrad Sangma to be sworn in March 6. The Hindu. Press Trust of India
- ↑ (6 March 2018). Conrad Sangma sworn-in as Meghalaya CM. The Hindu
- ↑ Conrad Sangma Takes Oath as Meghalaya Chief Minister Again, PM Present
- ↑ (4 March 2018). Conrad Sangma is the new Chief Minister of Meghalaya. The Northeast Today
- ↑ Conrad Sangma. University of Pennsylvania. stwing.upenn.edu
- ↑ (28 May 2009). Agatha, Pala to be sworn in today. Shillong Times
- ↑ (15 July 2012). My daughters named after Agatha Christie: Sangma. Rediff.com
- ↑ (24 February 2018). Meghalaya polls: No BJP or Cong, NPP aims for sole sway. The Times of India
- ↑ Dholabhai, Nishit. (3 June 2009). Children set stage for thaw. The Telegraph
- ↑ Khan, Saidul. (28 February 2018). Battle of Sangmas sealed in ballot box. The Telegraph
- ↑ (21 May 2016). Conrad's Mantra: People, Principles And Participation To Be Guiding Force. Shillong Times
- ↑ (4 March 2018). Meet Conrad Sangma: PA Sangma's son and next CM of Meghalaya. The Financial Express
- ↑ (2020-05-23). Meghalaya CM Conrad Sangma's cover of an Iron Maiden song is a social media hit. The Indian Express
- ↑ (24 May 2020). Watch: Meghalaya Chief Minister Conrad Sangma plays Iron Maiden's 'Wasted Years' on his guitar. Scroll.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কনৰাড চাংমা” প্ৰবন্ধৰ সংশোধন ৪৩৫৭৮২ (৬ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।