আহমেদভাই মহম্মদভাই পেটেল জনপ্ৰিয়ভাৱে আহমেদ পেটেল (Ahmed Patel, ২১ আগষ্ট ১৯৪৯ – ২৫ নৱেম্বৰ ২০২০)১ এগৰাকী ভাৰতীয় ৰাজনৈতিক নেতা। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিভিন্ন পদবীৰ লগতে সাংসদ হিচাপেও নিৰ্বাচিত হৈছিল।২ তেওঁ কংগ্ৰেছৰ অধ্যক্ষ ছোনিয়া গান্ধীৰ ৰাজনৈতিক সচিব আছিল।৩৪ তেওঁ ১৯৭৭ চনৰ পৰা ১৯৮৯ চনলৈ তিনিটা কাৰ্যকালৰ বাবে গুজৰাটৰ ভৰুচ লোকসভা সমষ্টিৰ পৰালোকসভালৈ নিৰ্বাচিত হৈছিল। ১৯৯৩ চনৰ পৰা ২০২০ চনলৈ তেওঁ পাঁচবাৰকৈ ৰাজ্যসভাত গুজৰাটক প্ৰতিনিধিত্ব কৰিছিল। আহমেদ পেটেল ২০১৮ চনৰ পৰা ২০২০ চনলৈ সৰ্ব ভাৰতীয় কংগ্ৰেছ কমিটিৰ কোষাধক্ষ্য আছিল। ২০২০ চনৰ ২৫ নৱেম্বৰ তাৰিখে তেওঁৰ মৃত্যু হয়।
প্ৰাৰম্ভিক জীৱন
১৯৪৯ চনৰ ২১ আগষ্ট তাৰিখে ভাৰতৰ বোম্বে ষ্টেটৰ (বৰ্তমান গুজৰাট) ভৰুচত আহমেদ পেটেলৰ জন্ম হৈছিল।৫ তেওঁৰ পিতৃ মহম্মদ ইশ্বিকজী পেটেল আৰু মাতৃ হাৱাবেন মহম্মদভাই। কৃষিকাৰ্যৰ লগত পৰিয়ালত জন্মগ্ৰহণ কৰা আহমেদ পেটেল তেওঁলোকৰ তৃতীয় সন্তান আছিল। তেওঁৰ পিতৃ সমাজ সেৱাৰ লগতো জড়িত আছিল। তেওঁ দক্ষিণ গুজৰাট বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা লাভ কৰিছিল। ছাত্ৰ অৱস্থাতে তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ যুৱমৰ্চা যুৱ কংগ্ৰেছত যোগদান কৰিছিল।৬
ৰাজনৈতিক জীৱন
১৯৭৬ চনত গুজৰাটৰ ভৰুচ জিলাৰ স্থানীয় নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি তেওঁৰ ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল।৭ ভৰুচ লোকসভা সমষ্টিৰ পৰা ষষ্ঠ লোকসভাৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ১৯৭৭ চনত তদানীন্তন ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে তেওঁক নামাংকিত কৰিছিল। এই নিৰ্বাচনত তেওঁ জয়ী হয় আৰু তাৰপিছত তেওঁ ১৯৮০ আৰু ১৯৮৪ চনৰ পৰৱৰ্তী লোকসভা নিৰ্বাচনত জয়লাভ কৰিছিল।৬ ১৯৮৫ চনত তেওঁ প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীৰ সংসদীয় সচিব আছিল।৮ ১৯৮৭ চনত সাংসদ হিচাপে তেওঁ চৰ্দাৰ সৰোবৰ প্ৰকল্পৰ নিৰীক্ষণৰ বাবে নৰ্মদা ব্যৱস্থাপনা প্ৰাধিকৰণ গতাই দিয়াত সহায় কৰিছিল।৯১০ তেওঁ ১৯৮৮ চনত জৱাহৰ ভৱন ন্যাসৰ সচিব নিযুক্ত হৈছিল আৰু জৱাহৰলাল নেহৰুৰ জন্ম শৱৰ্ষিকী উদযাপনৰ সময়ত জৱাহৰ ভৱনৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ বাবে তেওঁক কৃতিত্ব দিয়া হয়।১১ আহমেদ পেটেল ১৯৯৩ চনৰ পৰা ২০২০ চনলৈ গুজৰাটক ৰাজ্যসভাত প্ৰতিনিধিত্ব কৰি আহিছে। যদিও তেওঁক ছোনিয়া গান্ধীৰ মুখ্য ৰণনীতিকাৰ বুলি গণ্য কৰা হয় ২০০৪ আৰু ২০১৪ চনৰ চতুৰ্দশ আৰু পঞ্চদশ লোকসভাত তেওঁক সংযুক্ত প্ৰগতিশীল মৰ্চা চৰকাৰৰ পৰা বাহিৰত ৰখা হৈছিল। গুজৰাটৰ পৰা লোকসভালৈ সাংসদ হিচাপে নিৰ্বাচিত হোৱা এহছান জাফৰিৰ পিছতে পেটেল কেৱল দ্বিতীয় গৰাকী মুছলমান ব্যক্তি।১২
তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধ্যক্ষ ছোনিয়া গান্ধীৰ ৰাজনৈতিক সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ১৯৮৫ চনত পূৰ্বৰ প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীৰ সংসদীয় সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ দলৰ জ্যেষ্ঠ সদস্য মতিলাল ভৰাৰ সলনি ২০১৮ চনত সৰ্ব ভাৰতীয় কংগ্ৰেছ কমিটিৰ কোষাধক্ষ্য হিচাপেও নিযুক্তি লাভ কৰিছিল।১৩
ব্যক্তিগত জীৱন
আহমেদ পেটেলে ১৯৭৬ চনত মেমুনা আহমেদ পেটেলৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। দম্পতীহালৰ এগৰাকী কন্যা আৰু এজন পুত্ৰ সন্তান আছে।১৪১৫ তেওঁ সহজ-সৰল জীৱন যাপন কৰিছিল আৰু খুব কমকৈ গণ মাধ্যমৰ লগত মতবিনিময় কৰিছিল।১৬
মৃত্যু
কৰ'নাভাইৰাছ ৰোগ ২০১৯ৰ ফলত হোৱা শৰীৰৰ একাধিক অংগ বিকলতাৰ বাবে ২০২০ চনৰ ২৫ নৱেম্বৰ তাৰিখে আহমেদ পেটেলৰ মৃত্যু হয়। তেওঁক হাৰিয়ানাৰ গুৰুগ্ৰামত অৱস্থিত মেডান্তা হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল আৰু কৰ'নাভাইৰাছ ৰোগ ২০১৯ ধৰা পৰাৰ পিছত তেওঁক আই.চি.ইউ.ত ৰখা হৈছিল।১৭
তথ্যসূত্ৰ
- ↑ (25 November 2020). Congress veteran Ahmed Patel passes away following Covid complications. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (25 November 2020). Senior Congress leader Ahmed Patel passes away. NetIndian
- ↑ 164.100.47.5/newmembers/Website/Main.aspx
- ↑ Congress likely to field ex-MLA Rasheedaben from Bharuch – Express India
- ↑ Ahmed Patel
- ↑ (25 November 2020). Ahmed Patel: Sonia Gandhi's most trusted advisor, top Congress troubleshooter. DNA India
- ↑ Writer, Staff. (2020-11-25). Ahmed Patel’s last tweet was a condolence message for another political giant. mint
- ↑ Detailed Profile – Shri Ahmed Patel – Members of Parliament (Rajya Sabha) – Who's Who – Government: National Portal of India. Archive.india.gov.in
- ↑ Press Information Bureau Archive
- ↑ Ahmed Patel
- ↑ (31 July 1989). Jawahar Bhavan: Swank new headquarters for Congress(I): INDIASCOPE – India Today. indiatoday.intoday.in
- ↑ (19 May 2009). Gujarat results comforting for backroom boy Ahmed Patel. The Times of India
- ↑ Nair, Sobhana K. (25 November 2020). Senior Congress leader Ahmed Patel dies due to multiple organ failure. The Hindu
- ↑ Detailed Profile – Shri Ahmed Patel – Members of Parliament (Rajya Sabha) – Who's Who – Government: National Portal of India
- ↑ (21 February 2015). Ahmed Patel inaugurates HMP Dediapada Healthcare Centre. DeshGujarat
- ↑ (November 25, 2020). Congress veteran Ahmed Patel succumbs to post-Covid complications at 71. India Today
- ↑ www.ndtv.com/india-news/ahmed-patel-senior-congr
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আহমেদ পেটেল” প্ৰবন্ধৰ সংশোধন ৪৫০৫০৬ (৩ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।