নৰ চন্দ্ৰবাবু নাইডু (Nara Chandrababu Naidu; জন্ম: ২০ এপ্ৰিল ১৯৫০) সাধাৰণতে চিবিএন নামেৰে জনাজাত এজন ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ ২০২৪ চনৰ পৰা অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে৷ তেলেগুভাষী ৰাজ্যসমূহৰ ৰাজনৈতিক ইতিহাসত সৰ্বাধিক দিনৰ বাবে মুখ্যমন্ত্ৰী হোৱাৰ অভিলেখ তেওঁৰ দখলত আছে। তেওঁ তেলেগু দেশম পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি।
১৯৭৮ চনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা অন্ধ্ৰ প্ৰদেশ বিধানসভালৈ তেওঁ নিৰ্বাচিত হয় আৰু ১৯৮০ চনৰ পৰা ১৯৮২ চনলৈ ৰাজ্যিক মন্ত্ৰীসভাত মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে। ইয়াৰ পিছত তেওঁ দলৰ আনুগত্য সলনি কৰি শহুৰেক এন টি ৰামা ৰাৱে প্ৰতিষ্ঠা কৰা টিডিপিত যোগদান কৰে।১ নাইডুৱে ১৯৮৯ চনৰ পৰা ১৯৯৫ চনলৈকে বিধানসভাৰ টিডিপি সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।২ ১৯৯৫ চনত তেওঁ অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হয়।
ৰাষ্ট্ৰীয় ৰাজনীতিতো তেওঁৰ ভূমিকা আছিল৷ তেওঁ প্ৰথমে ১৯৯৬ চনত ইউনাইটেড ফ্ৰণ্টৰ আহ্বায়ক হিচাপে দায়িত্ব পালন কৰে। ১৯৯৯ চনৰ লোকসভা নিৰ্বাচনৰ পিছত ভাৰতীয় জনতা পাৰ্টি (বিজেপি) নেতৃত্বাধীন নেচনেল ডেম’ক্ৰেটিক এলায়েন্সক সমৰ্থন কৰিছিল, য’ত টিডিপিয়ে ২৯খন আসন লাভ কৰিছিল, যাৰ ফলত নাইডুৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশিষ্ট ৰাজনীতিবিদ হিচাপে সুনাম বৃদ্ধি পাইছিল। ২০১৪ চনত নাইডুৱে মুখ্যমন্ত্ৰী হিচাপে উভতি আহি এতিয়া অৱশিষ্ট (দ্বিবিভাজনৰ বাবে) অন্ধ্ৰপ্ৰদেশত জয়লাভ কৰে।
২০১৯ চনৰ অন্ধ্ৰ প্ৰদেশ বিধানসভাৰ নিৰ্বাচনত নাইডুৰ দলটোৱে নিৰ্বাচনী বিপৰ্যয়ৰ সন্মুখীন হয়৷ টিডিপিয়ে ১৭৫খন আসনৰ ভিতৰত মাত্ৰ ২৩খন আসনহে লাভ কৰে।৩২০২৩ চনৰ ছেপ্টেম্বৰ মাহত নাইডুক দক্ষতা বিকাশৰ গোচৰত জড়িত থকাৰ অভিযোগত অন্ধ্ৰ প্ৰদেশৰ অপৰাধ তদন্ত বিভাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আৰু ২০২৩ চনৰ নৱেম্বৰ মাহত অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰে।৪ ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত বলবৎকাৰী সঞ্চালকালয়ে (ইডি) নাইডুক দক্ষতা বিকাশৰ গোচৰৰ সকলো অভিযোগৰ পৰা মুক্ত কৰে।৫২০২৪ চনৰ অন্ধ্ৰপ্ৰদেশ বিধানসভাৰ নিৰ্বাচনত বৰ্তমানৰ ৱাই এছ আৰ চি পি চৰকাৰক উফৰাই টি ডি পি পুনৰ ক্ষমতালৈ ঘূৰি আহিল আৰু নাইডু চতুৰ্থবাৰৰ বাবে মুখ্যমন্ত্ৰী হ'ল।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯৫০ চনৰ ২০ এপ্ৰিলত৬ এটা তেলেগু হিন্দু কৃষক পৰিয়ালত চন্দ্ৰবাবু নাইডুৰ জন্ম হৈছিল৷ তেওঁৰ পিতৃ নৰ খৰজুৰা নাইডু আৰু মাতৃ আমানাম্মা৷ তেওঁলোকৰ ঘৰ বৰ্তমানৰ অন্ধ্ৰপ্ৰদেশৰ তিৰুপতি জিলাৰ নৰৱাৰিপল্লত আছিল৷৭৮তেওঁৰ এজন কনিষ্ঠ ভ্ৰাতৃ আছে; নাম - নৰ ৰামমূৰ্তি নাইডু৷ তেওঁৰ দুগৰাকী কনিষ্ঠা ভগ্নীও আছে৷৯ নাইডুৰ ভিটিলিগো নামৰ স্ব-প্ৰতিৰোধী ৰোগ আছে যি ছালত বগা দাগ সৃষ্টি কৰে।১০
যিহেতু তেওঁৰ গাঁৱত স্কুল নাছিল, সেয়েহে নাইডুৱে শেশাপুৰমৰ প্ৰাথমিক বিদ্যালয়ত পঞ্চম শ্ৰেণীলৈকে আৰু চন্দ্ৰগিৰি চৰকাৰী হাইস্কুলত দশম শ্ৰেণীলৈকে পঢ়িছিল।তেওঁ ১৯৭২ চনত তিৰুপতিৰ শ্ৰী ভেংকটেশ্বৰ কলা মহাবিদ্যালয়ৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰে।৮১১পিছলৈ তেওঁ শ্ৰী ভেংকটেশ্বৰ বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।১২ ১৯৭৪ চনত অধ্যাপক ড° ডি এল নাৰায়ণৰ নিৰ্দেশনাত তেওঁ পি এইচ ডিৰ কাম আৰম্ভ কৰে। তেওঁ Economic ideas of Professor N. G. Ranga বিষয়ত লিখিছিল যদিও পি এইচ ডি সম্পূৰ্ণ কৰা নাছিল।৮
তথ্যসূত্ৰ
- ↑ (12 January 2023). N Chandrababu Naidu. The Times of India
- ↑ (8 June 2024). Meet Nara Bhuvaneswari, wife of Chandrababu Naidu – Here's how her net worth increased by Rs 579 crore in 5 days; Know about TDP leader, his love story, and more. Financial Express
- ↑ (23 May 2019). AP Election Results: YSR Congress storms to power in Andhra with landslide win. The Economic Times
- ↑ Janyala, Sreenivas. (20 November 2023). Chandrababu Naidu granted regular bail by Andhra Pradesh High Court in skill development case. The Indian Express
- ↑ Jayachandran, Apoorva. (2026-02-02). ED gives clean chit to Chandrababu Naidu in skill development case. India Today
- ↑ (20 April 2021). Naidu's birthday celebrated. The Hindu
- ↑ (2 June 2018). Chipurupalli Polytechnic named after CM's father. The New Indian Express
- ↑ J. S., Sai. (23 September 1999). No CM has worked as hard as Naidu. Rediff
- ↑ Pagadala 2018, পৃ. 4
- ↑ (24 November 2018). Shining in Political Arena - 7 Famous Politicians with Vitiligo. Unite For Vitiligo
- ↑ Pagadala 2018, পৃ. 7
- ↑ (2 August 2004). Chandrababu Naidu. Hindustan Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এন চন্দ্ৰবাবু নাইডু” প্ৰবন্ধৰ সংশোধন ৬০৭৬৪৩ (২১ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।