অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আনন্দীবেন পেটেল

আনন্দীবেন মফটভাই পেটেল ( Anandiben Patel; জন্ম: ২১ নৱেম্বৰ ১৯৪১) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, যিয়ে ২০১৯ চনৰ পৰা উত্তৰ প্ৰদেশৰ ২০তম আৰু বৰ্তমানৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

হালনাগাদ: ২৩ জুলাই ২০২৬ ১৪৩ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

আনন্দীবেন মফটভাই পেটেল ( Anandiben Patel; জন্ম: ২১ নৱেম্বৰ ১৯৪১) ১ ২ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, যিয়ে ২০১৯ চনৰ পৰা উত্তৰ প্ৰদেশৰ ২০তম আৰু বৰ্তমানৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁ ২০২০ চনৰ পৰা ২০২১ চনলৈ মধ্যপ্ৰদেশৰ ১৭তম ৰাজ্যপাল আৰু ২০১৮ চনৰ পৰা ২০১৯ চনলৈ ছত্তীশগড়ৰ ৰাজ্যপাল হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। পেটেল গুজৰাটৰ প্ৰথম আৰু আজিলৈকে একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী। ইয়াৰ উপৰিও তেওঁ সৰোজিনী নাইডুৰ পিছত উত্তৰ প্ৰদেশৰ দ্বিতীয়গৰাকী মহিলা ৰাজ্যপাল। ৩ ১৯৮৭ চনৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ সদস্য। ২০০২ চনৰ পৰা ২০০৭ চনলৈ শিক্ষা বিভাগৰ কেবিনেট মন্ত্ৰী আছিল।

২০০৭ চনৰ পৰা ২০১৪ চনলৈকে গুজৰাট চৰকাৰৰ পথ আৰু গৃহ নিৰ্মাণ, ৰাজহ, নগৰ উন্নয়ন আৰু নগৰ গৃহ নিৰ্মাণ, দুৰ্যোগ ব্যৱস্থাপনা আৰু মূলধনী প্ৰকল্প বিভাগৰ কেবিনেট মন্ত্ৰী আছিল। ৪ ৫

২০১৮ চনৰ ১৯ জানুৱাৰীত মধ্যপ্ৰদেশৰ ৰাজ্যপালৰ অতিৰিক্তি দায়িত্বত থকা ওমপ্ৰকাশ কোহলিৰ পৰা ৰাজ্যপালৰ দায়িত্বভাৰ চমজি লয়। কোহলি ২০১৬ চনৰ ১৯ জানুৱাৰীৰ পৰা ৰাজ্যখনৰ ৰাজ্যপালৰ দায়িত্বত আছিল। ৬

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Anandiben homepage
  2. ↑ Anandiben Patel Resigned. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
  3. ↑ (18 February 2012). Minister asks officials not to harass investors. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  4. ↑ (5 August 2016). Some Rare Photos of Ananadiben Patel. Divya Bhaskar
  5. ↑ (19 September 2018). Madhya Pradesh: Former Gujarat CM Anandiben Patel to be Madhya Pradesh's governor. The Times of India
  6. ↑ Raj Bhavan MP · The Hon'ble Governor. governor.mp.gov.in

সম্পৰ্কিত শ্ৰেণী

ৰাজ্যসভাৰ সাংসদভাৰতীয় ৰাজনীতিবিদবিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আনন্দীবেন পেটেল” প্ৰবন্ধৰ সংশোধন ৬১৮৯১৪ (২৩ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।