অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰিয়ংকা গান্ধী

প্ৰিয়ংকা গান্ধী (Priyanka Gandhi; জন্ম ১২ জানুৱাৰী ১৯৭২), অথবা বিবাহিত নাম প্ৰিয়ংকা গান্ধী ৱাদ্ৰা, এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু পূব উত্তৰ প্ৰদেশৰ দায়িত্বত থকা সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ মহাসচিব।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ২৯২ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

প্ৰিয়ংকা গান্ধী (Priyanka Gandhi; জন্ম ১২ জানুৱাৰী ১৯৭২), অথবা বিবাহিত নাম প্ৰিয়ংকা গান্ধী ৱাদ্ৰা, এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু পূব উত্তৰ প্ৰদেশৰ দায়িত্বত থকা সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ মহাসচিব। তেওঁ ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধ্যক্ষ ছোনিয়া গান্ধীৰ কন্যা আৰু ৰাহুল গান্ধীৰ ভগ্নী। তেওঁ ভাৰতীয় ৰাজনীতিৰ অন্যতম প্ৰধান পৰিয়াল গান্ধী-নেহৰু পৰিয়ালৰ সদস্য। তেওঁ ৰাজীৱ গান্ধী ফাউণ্ডেচনৰ এগৰাকী ন্যাসৰক্ষী।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৭২ চনৰ ১২ জানুৱাৰী তাৰিখে ভাৰতৰ ৰাজধানী নতুন দিল্লীত প্ৰিয়ংকা গান্ধীৰ জন্ম হৈছিল। তেওঁৰ পিতৃ ভাৰতৰ প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধী আৰু মাতৃ ছোনিয়া গান্ধী। তেওঁ মডাৰ্ণ স্কুল আৰু কনভেণ্ট অফ জিছাছ এণ্ড মেৰীত প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত জিছাছ এণ্ড মেৰী কলেজৰ পৰা মনোবিজ্ঞান বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে।১ পিছলৈ তেওঁ ২০১০ চনত বৌদ্ধ অধ্যয়ন বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।২

কৰ্মজীৱন

তেওঁৰ পৰিয়ালৰ ৰাজনৈতিক ইতিহাসৰ সত্বেও প্ৰিয়ংকা গান্ধীয়ে প্ৰত্যক্ষ ৰাজনীতিত প্ৰৱেশ কৰা নাছিল। তেওঁ তেওঁৰ মাতৃ ছোনিয়া গান্ধী আৰু ভাতৃ ৰাহুল গান্ধীৰ সংসদীয় সমষ্টি ৰাইবেৰেলি আৰু আমেথিত সঘনে ভ্ৰমণ কৰি ৰাইজৰ লগত প্ৰত্যক্ষ সংস্পৰ্শলৈ আহিছিল।৩ তেওঁ এই দুই সমষ্টিৰ ৰাইজৰ মাজত ভীষণ জনপ্ৰিয়তা অৰ্জন কৰিছে। তেওঁৰ ৰাজহুৱা অনুষ্ঠানত বিশাল জনসমাগম হয়।৪

২০০৪ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত তেওঁ মাতৃৰ নিৰ্বাচন অভিযানৰ ব্যৱস্থাপক আছিল আৰু ভাতৃ ৰাহুল গান্ধীৰ নিৰ্বাচন অভিযান নিৰীক্ষণ কৰি সহায় আগবঢ়াইছিল।৫ ২০০৭ চনৰ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত তেওঁৰ ভাতৃয়ে গোটেই ৰাজ্যজুৰি নিৰ্বাচন অভিযান চলাই থকা সময়ত তেওঁ আমেথি আৰু ৰাইবেৰেলি অঞ্চলৰ অন্তৰ্গত দহখন আসনৰ নিৰীক্ষণ কৰিছিল। ৬.

২০১৯ চনৰ ২৩ জানুৱাৰী তাৰিখে তেওঁ আনুষ্ঠানিক ভাৱে ৰাজনীতিত প্ৰৱেশ কৰে। তেওঁক কংগ্ৰেছৰ মহাসচিব হিচাপে পূব উত্তৰ প্ৰদেশৰ দায়িত্বভাৰ প্ৰদান কৰা হয়।৭

ব্যক্তিগত জীৱন

তেওঁ দিল্লী এগৰাকী ব্যৱসায়ী ৰবাৰ্ট ৱাদ্ৰাৰ লগত বিবাহপাশত আৱদ্ধ হৈ। ১৯৯৭ চনৰ ১৮ ফেব্ৰুৱাৰী তাৰিখে ১০ জনপথ মাৰ্গত অৱস্থিত গান্ধীভৱনত পাৰম্পৰিক হিন্দু ৰীতিৰে তেওঁলোকৰ বিবাহ সম্পন্ন হৈছিল।৮৯ তেওঁলোকৰ দুগৰাকী সন্তান আছে ক্ৰমে পুত্ৰ ৰিহান আৰু পুত্ৰী মীৰায়া। তেওঁ বৌদ্ধ দৰ্শন মানি চলে আৰু এছ এন গোয়েংকাৰ দ্বাৰা শিকা বিপাসনা কৰে।১০১১

তথ্যসূত্ৰ

  1. ↑ (12 January 2016). Facts about Gandhi. Zee Media. Zee News
  2. ↑ February 11, Bhavna Vij-Aurora New Delhi; February 20, 2012 ISSUE DATE; February 20, 2012UPDATED. UP polls 2012: Robert Vadra bids for a place in Gandhi family power structure. India Today
  3. ↑ (January 16, 2012). Priyanka Vadra returns to campaign in Amethi. ইণ্ডিয়া টুডে
  4. ↑ (27 April 2014). Ground report: Amethi, Rae Bareli seeing a new Priyanka. Firstpost. Network 18
  5. ↑ Priyanka may be assigned 100 constituencies. Rediff.com
  6. ↑ Rana, Uday. (4 July 2016). Priyanka Gandhi - The Economic Times. The Economic Times
  7. ↑ Team, BS Web. (23 January 2019). Priyanka Gandhi appointed Congress party general secretary for UP-east. Business Standard
  8. ↑ Archived copy
  9. ↑ "Who is Robert Vadra?", India Today, 10 October 2011; retrieved 15 February 2013
  10. ↑ Priyanka Gandhi Vadra. The Outlook
  11. ↑ (2014-08-01). 10 facts to know about Priyanka Gandhi

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ৰাজনীতিবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰিয়ংকা গান্ধী” প্ৰবন্ধৰ সংশোধন ৬৩৭৩৮৬ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।