সুমিত্ৰা মহাজন (Sumitra Mahajan, জন্ম: ১২ এপ্ৰিল ১৯৪৩)১ এগৰাকী ভাৰতীয় ৰাজনৈতিক নেত্ৰী আৰু লোকসভাৰ ১৬তম অধ্যক্ষ।২ তেওঁ ভাৰতীয় জনতা পাৰ্টী দলৰ লগত জড়িত। ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰত তেওঁ অষ্টম বাৰৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত হয়। লোকসভাত অষ্টম বাৰৰ বিশ্বে নিৰ্বাচিত হোৱা তেওঁ তিনিজন ব্যক্তিৰ ভিতৰত তেওঁ অন্যতম।৩ বৰ্তমানলৈকে তেওঁ সৰ্বোচ্চ কাল সাংসদ পদত থকা মহিলা।৪ তেওঁ মধ্য প্ৰদেশ ৰাজ্যৰ ইন্দোৰ লোকসভা সমষ্টিক ১৯৮৯ চনৰ পৰা প্ৰতিনিধিত্ব কৰে আহিছে।
তেওঁ ২০০২ চনৰ পৰা ২০০৪ চনলৈ মানৱ সম্পদ উন্নয়ন, দুৰসংযোগ আৰু পেট্ৰলিয়াম বিভাগৰ মন্ত্ৰী আছিল।৫ ১৬ তম লোকসভাৰ নিৰ্বাচিত মহিলা সদস্য সমূহৰ ভিতৰত তেওঁ আটাইতকৈ জ্যেষ্ঠ। তেওঁ মীৰা কুমাৰৰ পিছত দ্বিতীয় লোকসভাৰ মহিলা অধ্যক্ষ। ২০২১ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰে।৬৭
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
সুমিত্ৰা মহাজন মহাৰাষ্ট্ৰৰ ৰত্নগিৰী জিলাৰ চিপলুন চহৰৰ এক চিতাপাৱন কংকানস্থ ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰে। তেওঁৰ পিতৃ পুৰুষোত্তম সাথে আৰু মাতৃ উষা। জয়ন্ত মহাজনৰ লগত বিবাহপাশত আবদ্ধ হোৱাৰ পিছত তেওঁ ইন্দোৰ বিশ্ববিদ্যালয়ৰ (বৰ্তমান দেৱী অহিল্যা বিশ্ববিদ্যালয়) পৰা স্নাতকোত্তৰ আৰু আইনৰ স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ ১৮শ শতিকাৰ সমাজ সংস্কাৰক অহিল্যাবাই হলকাৰক নিজৰ আদৰ্শ বুলি জ্ঞান কৰে।
ৰাজনৈতিক জীৱন
১৯৮৯ চনত তেওঁ পূৰ্বৰ মুখ্যমন্ত্ৰী কংগ্ৰেছ দলৰ জেষ্ঠ নেতা প্ৰকাশ চন্দ্ৰ চেঠিক পৰাভূত কৰি ইন্দোৰ লোকসভা সমষ্টিৰ পৰা লোকসভালৈ নিৰ্বাচিত হয়। তেওঁ এই কালছোৱাত ইন্দোৰলৈ কেইবাটাও প্ৰকল্প আৰম্ভ কৰে। তেওঁ তেওঁৰ সৰলতা, সাধুতা আৰু নিকা ৰাজনীতিৰ বাবে জনা যায়। তেওঁক তেওঁৰ সমষ্টিৰ লোক সকলে টাই বুলি সম্বোধন কৰে।৮
গুৰুত্বপূৰ্ণ পদবী
- ডেপুটি মেয়ৰ, ইন্দোৰ পৌৰনিগম, ১৯৮৪-৮৫
- নৱম লোকসভালৈ নিৰ্বাচিত, ১৯৮৯ (প্ৰথম বাৰ)
- সদস্য, উপদেষ্টা কমিটি, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ আৰু সভানেত্ৰী, মহিলা মৰ্চা, ভাৰতীয় জনতা পাৰ্টি, মধ্য প্ৰদেশ, ১৯৯০-৯১
- ১০ম লোকসভালৈ নিৰ্বাচিত, ১৯৯১ (দ্বিতীয় বাৰ)
- সদস্য, ৭৩তম সংবিধান সংশোধনী কমিটি, ১৯৯১-৯২
- সদস্য, পূৰ্ব-নাটাল পৰীক্ষাকৰণ পদ্ধতি যুক্ত কমিটি, ১৯৯১-৯৩
- সদস্য, উপদেষ্টা মণ্ডলী, গণসংযোগ মন্ত্ৰালয়, ১৯৯১-৯৬
- উপসভানেত্ৰী, ভাৰতীয় জনতা পাৰ্টি, মধ্য প্ৰদেশ, ১৯৯২-৯৪
- সচিব, বিজেপি, সাংসদ বৰ্ড, মধ্য প্ৰদেশ, ১৯৯৫-৯৬
- ১১শ লোকসভালৈ নিৰ্বাচিত, ১৯৯৬ (তৃতীয় বাৰ)
- ১২শ লোকসভালৈ নিৰ্বাচিত, ১৯৯৮ (চতুৰ্থ বাৰ)
- ১৩শ লোকসভালৈ নিৰ্বাচিত, ১৯৯৯ (পঞ্চম বাৰ)
- কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী, মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়, অক্টোবৰ ১৯৯৯ - জুন ২০০২
- কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী,গণসংযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়, জুলাই ২০০২ - মে ২০০৩
- কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয় ২৪ জুলাই - মে ২০০৪
- ১৪শ লোকসভালৈ নিৰ্বাচিত, ২০০৪ ( ষষ্ঠ বাৰ)
- ১৫শ লোকসভালৈ নিৰ্বাচিত, ২০০৯ (সপ্তম বাৰ)
- ১৬শ লোকসভালৈ নিৰ্বাচিত, ২০১৪ (অষ্টম বাৰ)
একে লোকসভা সমষ্টি ৮ বাৰ প্ৰতিনিধিত্ব কৰা মহাজন প্ৰথম গৰাকী মহিলা। ইয়াৰ বাবে তেওঁৰ নাম লিমকা বুক অফ ৰেকৰ্ডছত অন্তৰ্ভুক্ত হৈছে।
লোকসভাৰ অধ্যক্ষ
৬ জুন ২০১৪ তাৰিখে মহাজন ১৬তম লোকসভাৰ অধ্যক্ষ নিৰ্বাচিত হয়।৯ তাৰ আগতে তেওঁ লোকসভাৰ পেনেল অফ চেয়াৰমেনৰ সদস্য আছিল।১০১১১২ তেওঁ সদনত বিশৃঙ্খলতা অনাৰ অভিযোগত ৩৫জন কংগ্ৰেছ সাংসদক ৫ দিনৰ বাবে সংসদৰ পৰা বহিষ্কাৰ কৰি এক কঠোৰ পদক্ষেপ লৈছিল।১৩
তথ্যসূত্ৰ
- ↑ india.gov.in/my-government/indian-parliament/sum
- ↑ timesofindia.indiatimes.com/India/Sumitra-Mahaja
- ↑ আৰ্কাইভ কপি
- ↑ আৰ্কাইভ কপি
- ↑ 164.100.47.132/lssnew/Members/Biography.aspx?mps
- ↑ Padma Awards 2021 announced. Ministry of Home Affairs
- ↑ (25 January 2021). Shinzo Abe, Tarun Gogoi, Ram Vilas Paswan among Padma Award winners: Complete list. The Times of India
- ↑ 164.100.47.132/lssnew/Members/Biography.aspx?mps
- ↑ timesofindia.indiatimes.com/India/Sumitra-Mahaja
- ↑ www.ndtv.com/article/india/bjp-leader-sumitra-ma
- ↑ আৰ্কাইভ কপি
- ↑ আৰ্কাইভ কপি
- ↑ www.moneycontrol.com/news/politics/speaker-sumit
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুমিত্ৰা মহাজন” প্ৰবন্ধৰ সংশোধন ৫০৮৪৯৯ (১৪ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।