মনোহৰ পাৰিকৰ (১৩ ডিচেম্বৰ ১৯৫৫ - ১৭ মাৰ্চ ২০১৯) এজন ৰাজনীতিবিদ আৰু ভাৰতীয় জনতা পাৰ্টীৰ নেতা আছিল। ২০১৭ চনৰ ১৭ মাৰ্চৰ পৰা মৃত্যু পৰ্যন্ত তেখেত গোৱাৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।১২ ইয়াৰ আগতেও ২০০০ চনৰ পৰা ২০০৫ চনলৈ আৰু ২০১২ চনৰ পৰা ২০১৪ চনলৈ তেখেত গোৱাৰ মুখ্যমন্ত্ৰী আছিল।
২০১৩ চনত গোৱাত অনুষ্ঠিত বিজেপিৰ নিৰ্বাচনী সভাত পাৰিকৰে নৰেন্দ্ৰ মোদীৰ নাম প্ৰধানমন্ত্ৰী প্ৰাৰ্থীৰূপে প্ৰস্তাৱ কৰিছিল। পাছলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্ত্ৰীসভাতে পাৰিকৰে ২০১৪ চনৰ পৰা ২০১৭ চনলৈ ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। উত্তৰ প্ৰদেশৰ পৰা তেখেত ৰাজ্যসভাৰ সাংসদ ৰূপে নিৰ্বাচিত হৈছিল।৩৪৫
২০১৮ চনৰ ২৭ অক্টোবৰত গোৱা চৰকাৰে ঘোষণা কৰে যে মুখ্যমন্ত্ৰী মনোহৰ পাৰিকৰ অগ্ন্যাশয়ৰ কৰ্কট ৰোগত ভুগি আছে।৬
২০১৯ চনৰ ১৭ মাৰ্চত অগ্ন্যাশয় আৰু যকৃতৰ কৰ্কট ৰোগৰ ফলত তেখেতে মৃত্যুবৰণ কৰে। ভাৰতৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দে তেখেতৰ মৃত্যুৰ বাতৰি ঘোষণা কৰে।৭
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Desk, Internet. Manohar Parrikar to take oath as Goa CM tomorrow. The Hindu
- ↑ (14 March 2017). Manohar Parrikar appointed as new Goa Chief Minister. The Economic Times
- ↑ Thank You For Goa, Digvijaya Singh, Says Manohar Parrikar In Rajya Sabha
- ↑ Alphabetical List of Sitting Members of Rajya Sabha. 164.100.47.5
- ↑ (2017-03-31). Parrikar makes appearance in Rajya Sabha; Cong protests. Tribuneindia.com
- ↑ Kamat, Prakash. (27 October 2018). Manohar Parrikar has pancreatic cancer, reveals Goa Health Minister
- ↑ timesofindia.indiatimes.com/india/the-man-who-ch
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মনোহৰ পাৰিকৰ” প্ৰবন্ধৰ সংশোধন ৬১৪৬৬৯ (২৭ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।