অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ঔম বিৰলা

ঔম বিৰলা (Om Birla,জন্ম ২৩ নৱেম্বৰ,১৯৬২) এজন ভাৰতীয় ৰাজনীতিবিদ আৰু বৰ্তমান ১৭তম লোকসভাৰ অধ্যক্ষ। ভাৰতীয় জনতা পাৰ্টিৰ সদস্য ঔম বিৰলায়ে ১৬তম আৰু ১৭তম লোকসভালৈ ৰাজস্থানৰ কোটা-বুন্দী লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল।

হালনাগাদ: ৫ অক্টোবৰ ২০২৩ ২৫১ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

ঔম বিৰলা (Om Birla,জন্ম ২৩ নৱেম্বৰ,১৯৬২) এজন ভাৰতীয় ৰাজনীতিবিদ আৰু বৰ্তমান ১৭তম লোকসভাৰ অধ্যক্ষ। ভাৰতীয় জনতা পাৰ্টীৰ সদস্য ঔম বিৰলায়ে ১৬তম আৰু ১৭তম লোকসভালৈ১২ ৰাজস্থানৰ কোটা-বুন্দী লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল। তেওঁ কোটা দক্ষিণ বিধানসভা সমষ্টিৰ পৰা ৰাজস্থান বিধানসভালৈ তিনিবাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। ২০১৯ চনৰ ১৯ জুন তাৰিখে তেওঁ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে ১৭তম লোকসভাৰ অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰে।

প্ৰাৰম্ভিক জীৱন

১৯৬২ চনৰ ২৩ নৱেম্বৰ তাৰিখে ৰাজস্থানৰ কোটা চহৰত ঔম বিৰলাৰ জন্ম হৈছিল। তেওঁৰ পিতৃ শ্ৰীকৃষ্ণ বিৰলা আৰু শকুন্তলা দেৱী। তেওঁ কোটা চৰকাৰী বাণিজ্য মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। তাৰপিছত তেওঁ মহৰ্ষি দয়ানন্দ সৰস্বতী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।

ৰাজনৈতিক জীৱন

২০০৩ চনত ঔম বিৰলায়ে দক্ষিণ কোটা বিধানসভা সমষ্টিৰ পৰা ৰাজস্থান বিধানসভালৈ প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হৈছিল। এই নিৰ্বাচনত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ শান্তি ধাৰীৱালক ১০,১০১ ভোটৰ ব্যৱধানত পৰাস্ত কৰিছিল। ২০০৮ চনৰ বিধানসভা নিৰ্বাচনত তেওঁ কংগ্ৰেছৰ ৰাম কিচন বৰ্মাক ২৪,৩০০ ভোটৰ ব্যৱধানত আকৌ এবাৰ ৰাজস্থান বিধানসভালৈ নিৰ্বাচিত হৈছিল। ২০১৩ চনৰ বিধানসভা নিৰ্বাচনত তেওঁ তৃতীয়বাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হৈছিল। ২০০৩ চনৰ পৰা ২০০৮ চনলৈ তেওঁ ৰাজস্থান চৰকাৰৰ সংসদীয় সচিব আছিল।

তেওঁ ১৬তম আৰু ১৭তম লোকসভা নিৰ্বাচনত কোটা সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হিচাপে জয় লাভ কৰিছিল। সাংসদ হিচাপে তেওঁ শক্তি বিভাগৰ সংসদীয় কমিটি৩ আৰু সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ উপদেষ্টা কমিটিৰ সদস্য আছিল। তেওঁ ২০১৯ চনৰ ১৯ জুন তাৰিখে তেওঁ ১৭তম লোকসভাৰ অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰিছিল।

পদাধিকাৰ

  • জিলা সভাপতি, ভাৰতীয় জনতা যুৱ মঞ্চ, কোটা৪ (১৯৮৭-৯১)
  • ৰাজ্যিক সভাপতি, ভাৰতীয় জনতা যুৱ মঞ্চ, ৰাজস্থান (১৯৯১-৯৭)
  • ৰাষ্ট্ৰীয় উপসভাপতি, ভাৰতীয় জনতা যুৱ মঞ্চ (১৯৯৭-০৩)
  • উপাধ্যক্ষ, ৰাষ্ট্ৰীয় সমবায় গ্ৰাহক সংস্থা
  • অধ্যক্ষ, চিএনএফইডি, জয়পুৰ
  • লোকসভাৰ অধ্যক্ষ

তথ্যসূত্ৰ

  1. ↑ 16th Lok Sabha
  2. ↑ Lok Sabha. 164.100.47.132
  3. ↑ Message Page. 164.100.47.134
  4. ↑ BJYM: Bharatiya Janata Yuva Morcha: भाजयुमो: भारतीय जनता युवा मोर्चा · BJYM: Bharatiya Janata Yuva Morcha is youth wing of Bharatiya Janata Party one of the leading Political Party in India, भाजयुमो: भारतीय जनता युवा मोर्चा. www.bjym.org

সম্পৰ্কিত শ্ৰেণী

লোকসভাৰ অধ্যক্ষভাৰতীয় ৰাজনীতিবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঔম বিৰলা” প্ৰবন্ধৰ সংশোধন ৩৮৪৮৫৪ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।