ৰাধিকা শৰৎকুমাৰ (Raadhikaa Sarathkumar, জন্ম: ১৯৬২) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী, উদ্যোগী আৰু প্ৰযোজক। তেখেতে তামিল, তেলুগু ছবি উদ্যোগৰ লগত জড়িত। ইয়াৰ লগতে মালয়ালম, হিন্দী আৰু কন্নড় ভাষাৰ ছবিতো তেখেতে প্ৰদৰ্শন আগবঢ়াইছে। ৰাধিকা শৰৎকুমাৰ নিজৰ কেৰিয়াৰত প্ৰায় ৩৫০খন ছবিত অভিনয় কৰিছে।১ তেখেত 'ৰাদান মিডিয়াৱৰ্কছ ইণ্ডিয়া লিমিটেড'ৰ প্ৰতিষ্ঠাপক। তেখেতে বহুতো দক্ষিণ ভাৰতীয় ধাৰাবাহিকতো কাম কৰিছে।২
পৰিচয় আৰু পৰিয়াল
ৰাধিকা হৈছে প্ৰয়াত তামিল অভিনেতা আৰু কমেডিয়ান এম.আৰ. ৰাধাৰ জীয়েক। মাতৃ হৈছে গীতা। মাতৃৰ ঘৰ শ্ৰীলংকাত। ৰাধিকাই নিজৰ পঢ়াশালীয়া শিক্ষা শ্ৰীলংকা, ভাৰত আৰু যুক্তৰাজ্যত সম্পন্ন কৰে। ৰাধিকাৰ কনিষ্ঠ ভগ্নী হৈছে নিৰোশা। নিৰোশা এগৰাকী অভিনেত্ৰী। ৰাধিকাৰ দুগৰাকী কনিষ্ঠ ভ্ৰাতৃ হৈছে ৰাজু আৰু মোহন। তেখেতৰ এজন জ্যেষ্ঠ সতীয়া ককায়েকো আছে। তেওঁৰ নাম হৈছে ৰাধা ৰৱী।৩
ছবি জগতত
১৯৭৮ চনত মুক্তিপ্ৰাপ্ত তামিল ভাষাৰ ছবি 'Kizhakke Pogum Rail'ৰ জৰিয়তে ৰাধিকাই ছবিৰ জগতত পদাৰ্পণ কৰে। ইয়াৰ পিছৰপৰাই তেখেতে তামিল, তেলুগু, মালয়ালম, হিন্দী, কন্নড় ছবিত অভিনয় কৰিবলৈ আৰম্ভ কৰে।
১৯৮৫ চনত ৰাধিকাই এখন ছবি প্ৰযোজন কৰে। ছবিখনৰ নাম হৈছে 'Meendum Oru Kaathal Kathai'। এইখন ছবিয়ে শ্ৰেষ্ঠ নৱাগত পৰিচালকৰ ইন্দিৰা গান্ধী বঁটা পাবলৈ সক্ষম হয়।৪
১৯৮১ চনত মুক্তিলাভ কৰা তেলুগু ভাষাৰ ছবি 'Nyayam Kavali'ত আগবঢ়োৱা অভিনয়ৰ বাবে ৰাধিকাই শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে। ১৯৮৬ চনত মুক্তি লাভ কৰা তামিল ভাষাৰ ছবি 'Dharma Devathai'ৰ বাবে পুনৰবাৰ উক্ত সন্মানৰ পাত্ৰী হয়। ১৯৮৭ আৰু ১৯৯০ চনত যথাক্ৰমে 'Neethikku Thandanai' আৰু 'Keladi Kanmani' ছবি দুখনৰ বাবে ৰাধিকাই ফিল্মফেয়াৰৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰে।৫৬৭৮
অন্যান্য কৰ্ম
উদ্যোগী হিচাপে
ছবিজগতত লাভ কৰা সফলতাৰ পাছত ৰাধিকাই এক ব্যতিক্ৰমী কাম কৰাৰ চিন্তা কৰে। ইয়াৰ পৰিণতিস্বৰূপে তেখেতে নিজাকৈ টিভি ছফ্টৱেৰ প্ৰযোজনা কৰে, যিটো 'ৰাদান মিডিয়াৱৰ্কছ'ৰ অধীনত নিৰ্মিত হহয়। প্ৰাৰম্ভিক পৰ্যায়ৰ খলাবমাৰ পাছত, তেখেতৰ এই নতুনে উদ্যমে সফলতা লাভ কৰে আৰু ব্যৱসায়িক দিশৰ পৰাও লাভান্বিত হয়।৯
বিচাৰক হিচাপে
বিজয় টিভিত সম্প্ৰচাৰিত হোৱা 'জোড়ি নাম্বাৰ ওৱান-চিজন ৪'ত ৰাধিকাই বিচাৰক হিচাপে দায়িত্ব চম্ভালে।১০
ধাৰাবাহিক
ৰাধিকাই তেলুগু ভাষাত প্ৰযোজনা কৰা কেইখনমান ধাৰাবাহিক হৈছে- 'Idi Katha Kadu' 'Chithi' (টিভি চিৰিজ), 'Annamalai' (২০০২ৰ টিভি চিৰিজ), 'Selvi', 'Arasi', 'Chellamay', 'Vani Rani' (টিভি চিৰিজ), 'Thamarai' (টিভি চিৰিজ) আৰু 'Chithi - 2'.১১.
ৰাজনৈতিক কেৰিয়াৰ
তেওঁ 2006 বিধানসভা নিৰ্বাচনৰ পূৰ্বে তেওঁৰ স্বামী আৰ শৰৎকুমাৰৰ সৈতে এআইএডিএমকেত যোগদান কৰিবলৈ যোগদান কৰিছিল। ২০০৬ চনৰ ১৮ অক্টোবৰত, তেওঁক দল বিৰোধী কাৰ্যকলাপৰ বাবে এআইএডিএমকেৰ পৰা বৰ্খাস্ত কৰা হৈছিল। ২০০৭ চনৰ পৰা তেওঁ নিখিল ভাৰত সমথুৱ মক্কল কট্চিৰ উপ-সাধাৰণ সম্পাদক আছিল।
বঁটা আৰু স্বীকৃতি
২০১৯ চনৰ ছেপ্টেম্বৰ মাহত 'মাৰ্কেট ৰাজা এমবিবিএছ'ৰ শ্ৰাব্যগীত উদ্বোধনৰ সময়ত ৰাধিকাই "নদীগাৱেল ছেলভি" সন্মান লাভ কৰে।১২
ৰাধিকা শৰৎকুমাৰে এটা ৰাষ্ট্ৰীয় বঁটা (প্ৰযোজক), ৬টা ফিল্মফেয়াৰ বঁটা-দাক্ষিণাত্য, ৩টা তামিল ৰাজ্যিক চলচ্চিত্ৰ বঁটা, এটা চিনেমা এক্সপ্ৰেছ বঁটা আৰু এটা নন্দী বঁটা লাভ কৰে।
তথ্যসূত্ৰ
- ↑ Kumar, S. r Ashok. (9 April 2020). Radhika Sarathkumar: ‘Acting is my first priority’
- ↑ Board of Directors. Radaan.tv
- ↑ Kollywood Movie Actress Radhika Sarathkumar Biography, News, Photos, Videos. nettv4u
- ↑ Indira Gandhi Award for Best Debut Film. Awardsandshows.com
- ↑ Nyayam Kavali Awards: List of Awards won by Telugu movie Nyayam Kavali
- ↑ (5 February 2017). 35th Annual Filmfare Awards South Winners
- ↑ (6 February 2017). 35th Annual Filmfare Winner Tamil Raadhika Special
- ↑ Keladi Kanmani - IMDb
- ↑ Exclusive biography of @realradikaa and on her life.. FilmiBeat
- ↑ (25 August 2010). Vijay TV's Jodi No.1 Season 4 Grand Finale. South Indian Cinema Magazine
- ↑ Raadhika Sarathkumar Indian Actress Profile, Pictures, Movies, Events. NOWRUNNING
- ↑ Winters, Bryce J. (24 September 2019). Actress Radhika Sarathkumar felicitated with 'Nadigavel Selvi' title during Market Raja MBBS Audio Launch
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাধিকা শৰৎকুমাৰ” প্ৰবন্ধৰ সংশোধন ৬৩৫৭৫০ (১৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।