অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কল্যাণী প্ৰিয়দৰ্শন

কল্যাণী প্ৰিয়দৰ্শন (Kalyani Priyadarshan; জন্ম: ৫ এপ্ৰিল ১৯৯৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মূলতঃ মালয়ালম ছবিত অভিনয় কৰে যদিও‌ ইতিমধ্যে কেইবাখনো তামিল আৰু তেলুগু ছবিত অভিনয় কৰিছে।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ৯২৯ শব্দ · ৫ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

কল্যাণী প্ৰিয়দৰ্শন (Kalyani Priyadarshan; জন্ম: ৫ এপ্ৰিল ১৯৯৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মূলতঃ মালয়ালম ভাষা ছবিত অভিনয় কৰে যদিও‌ ইতিমধ্যে কেইবাখনো তামিল ভাষা আৰু তেলুগু ভাষা ছবিত অভিনয় কৰিছে। কল্যাণীয়ে এটা "ফিল্মফেয়াৰ বঁটা দক্ষিণ" আৰু তিনিটা "দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা" লাভ কৰিছে৷১

চলচ্চিত্ৰ নিৰ্মাতা প্ৰিয়দৰ্শন আৰু অভিনেত্ৰী লিছীৰ গৃহত জন্মগ্ৰহণ কৰা কল্যাণীয়ে সহকাৰী প্ৰডাকচন ডিজাইনাৰ হিচাপে নিজৰ কৰ্মজীৱনৰ আৰম্ভণি কৰিছিল। তেলুগু ছবি হেল্ল' (২০১৭)ত অভিনয়েৰে তেওঁ ছবিজগতত খোজ দিয়ে আৰু উক্ত ছবিখনৰ বাবে তেওঁ শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰী – দক্ষিণৰ বিভাগত ফিল্মফেয়াৰ বঁটা লাভ কৰে। ইয়াৰ পিছত তেওঁ হিৰো (২০১৯)ৰ মাধ্যমেৰে তামিল ছবিজগতত আৰু বৰানে অৱশ্যামুণ্ড (২০২০)ৰ মাধ্যমেৰে মালয়ালম ছবিজগতত প্ৰৱেশ কৰিছিল। ইয়াৰ পিছত কল্যাণীয়ে চিত্ৰলাহৰী (২০১৯), মানাডু (২০২১), হৃদয়ম (২০২২), থাল্লুমালা (২০২২) আৰু ব্ৰ’ ডেডী (২০২২)কে ধৰি বহুকেইখন ছবিত অভিনয় কৰে। ইয়াৰে ভিতৰত ব্ৰ' ডেডী ছবিখনৰ বাবে তেওঁ "শ্ৰেষ্ঠ অভিনেত্ৰী – মালয়ালম বিভাগত সাইমা বঁটা" লাভ কৰে।২৩

প্ৰাৰম্ভিক জীৱন আৰু পৰিয়াল

১৯৯৩ চনৰ ৫ এপ্ৰিলত চেন্নাইত৪৫ ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা প্ৰিয়দৰ্শন আৰু অভিনেত্ৰী লিছীৰ গৃহত কল্যাণীয়ে মালয়ালী পৰিয়ালত জন্মগ্ৰহণ কৰিছিল।৬ মাক-দেউতাকৰ দুটা সন্তানৰ ভিতৰত তেওঁ ডাঙৰ আৰু সিদ্ধাৰ্থ নামৰ এজন সৰু ভাইটি আছে।৭ চেন্নাইৰ লেডী আন্দলত প্ৰাথমিক শিক্ষা সমাপ্ত কৰি পিছলৈ ছিংগাপুৰত অধ্যয়ন কৰাৰ লগতে তাৰ নাট্যগোট এটাতো কাম কৰিছিল।৮ নিউয়ৰ্কৰ পাৰ্চন্স স্কুল অৱ ডিজাইনৰ পৰা স্থাপত্যৰ শিক্ষা গ্ৰহণ কৰে।৯ কল্যাণীয়ে ভাৰতলৈ উভতি অহাৰ পিছত পণ্ডিচেৰীৰ আদিশক্তি থিয়েটাৰত অভিনয় কৰ্মশালাত অংশগ্ৰহণ কৰে।১০

কৰ্মজীৱন

আত্মপ্ৰকাশ আৰু আৰম্ভণিৰ কাম (২০১৭–২০২০)

কল্যাণীয়ে ২০১৩ চনত হিন্দী ছবি কৃষ ৩ (২০১৩)ত ছাবু চাইৰিলৰ অধীনত সহকাৰী প্ৰডাকচন ডিজাইনাৰ হিচাপে চলচ্চিত্ৰ জীৱন আৰম্ভ কৰে। ২০১৬ চনত তেওঁ তামিল ছবি ইৰু মুগান (২০১৬)ত সহকাৰী কলা পৰিচালক হিচাপে কাম কৰিছিল। কল্যাণীয়ে ২০১৭ চনৰ তেলুগু ছবি হেল্ল'ৰ জৰিয়তে, অখিল অক্কিনেনীৰ সৈতে অভিনয়ত আত্মপ্ৰকাশ কৰিছিল।১১ ছবিখনে ইতিবাচক সঁহাৰি লাভ কৰিছিল যদিও বক্স অফিচত গড় হিচাপতকৈ কম উপাৰ্জনকাৰী ছবি হিচাপে পৰিগণিত হৈছিল।১২ দ্য হিন্দুৱে উল্লেখ কৰে যে, "ছবিখনত কল্যাণী প্ৰিয়দৰ্শনৰ অলপ দেৰিকৈ প্ৰৱেশ ঘটে যদিও ই অখিলৰ সৈতে ভাল ৰসায়নৰ পৰিপূৰক তথা এক প্ৰশংসনীয় আত্মপ্ৰকাশ।"১৩

২০১৯ চনত কল্যাণীৰ তিনিটাকৈ ছবি মুক্তি লাভ কৰিছিল। প্ৰথমে তেওঁ চিত্ৰলাহৰীত সাই ধৰ্ম তেজৰ বিপৰীতে অভিনয় কৰিছিল। ছবিখনে ইতিবাচক সমালোচনা লাভ কৰাৰ লগতে ব্যৱসায়িকভাৱেও সফল হয়।১৪ ফাৰ্ষ্টপোষ্টে উল্লেখ কৰে, "কল্যাণী প্ৰিয়দৰ্শনে এগৰাকী নিৰীহ ছোৱালীৰ চৰিত্ৰত ভাল অভিনয় কৰিছে; অৱশ্যে সাই ধৰ্ম তেজৰ সৈতে তেওঁৰ ৰোমান্টিক ট্ৰেকটো অতিমাত্ৰা যেন লাগে।"১৫ একে বছৰতে মুক্তিপ্ৰাপ্ত আন দুখন ছবি বক্স অফিচত বিফল হৈছিল। এখন শৰৱানন্দৰ বিপৰীতে অভিনীত ৰানাৰংগম আৰু আন এখন শিৱকাৰ্তিকেয়নৰ বিপৰীতে অভিনীত ছবি হিৰো। হিৰো ছবিখনৰ মাধ্যমেৰে তেওঁ তামিল ছবিত অভিষেক ঘটায়।১৬১৭

২০২০ চনত দুলকৰ চলমানৰ বিপৰীতে বৰানে অৱশ্যামুণ্ডত অভিনয়েৰে তেওঁ মালয়ালম ছবিজগততো অভিষেক ঘটায়।১৮ দ্য নিউজ মিনিটত উল্লেখ কৰা হয় যে, "কল্যাণীয়ে খুব সুন্দৰকৈ যুৱতীগৰাকীৰ ভূমিকা পালন কৰে আৰু তেওঁ ছবিখনত মাক আৰু কন্যাৰ মাজৰ সম্পৰ্কটো অধিক গতানুগতিক কৰি তোলে।"১৯ ইয়াৰ পিছত পুথম পুধু কালাইৰ এটা খণ্ডত উৰ্বশীৰ তৰুণী চৰিত্ৰত অভিনয় কৰিছিল।২০ ছবিখনৰ সন্দৰ্ভত এনডিটিভি ইণ্ডিয়াই লিখে, "কল্যাণী প্ৰিয়দৰ্শনে বৰ্তমান আৰু অতীতক এক নিৰৱচ্ছিন্ন প্ৰবাহত ধৰি ৰাখি ছবিখনত নিখুঁতভাৱে অভিনয় কৰিছে।"২১

কৰ্মজীৱনত প্ৰগতি তথা সাফল্য (২০২১–বৰ্তমান)

২০২১ চনৰ প্ৰথমখন ছবিত কল্যানীয়ে চিলাম্বৰাছনৰ বিপৰীতে তামিল ছবি মানাডুত অভিনয় কৰিছিল।২২ ছবিখনে সমালোচকৰ পৰা ইতিবাচক সমালোচনা লাভ কৰাৰ লগতে বক্স অফিচতো সফল হয়।২৩ হিন্দুস্তান টাইমছে লিখে, "কল্যাণী প্ৰিয়দৰ্শন এগৰাকী দক্ষ অভিনেত্ৰী আৰু খুব সীমিত সময়ৰ ভিতৰতে পৰ্দাত জিলিকি উঠে।"২৪ একে বছৰতে তেওঁৰ পৰৱৰ্তী ছবিখন আছিল প্ৰণৱ মোহনলালৰ বিপৰীতে অভিনীত মালয়ালম ছবি মাৰাক্কাৰ: লায়ন অৱ দ্য আৰৱিয়ান চী। ছবিখনে সমালোচকৰ পৰা নেতিবাচক সমালোচনা লাভ কৰিছিল আৰু বক্স অফিচতো বিফল হৈছিল।২৫

২০২২ চনত কল্যাণীৰ কেৰিয়াৰৰ এক টাৰ্নিং পইণ্ট আছিল। তেওঁৰ তিনিওখন ছবি সফল হৈছিল আৰু আটাইকেইখনে ইতিবাচক সমালোচনা লাভ কৰিছিল। তেওঁ প্ৰথমবাৰৰ বাবে প্ৰণৱ মোহনলালৰ বিপৰীতে হৃদয়মত অভিনয় কৰিছিল।২৬ ছবিখনে সমালোচকৰ প্ৰশংসাও লাভ কৰে আৰু বক্স অফিচতো সফল হয়। চিনেমা এক্সপ্ৰেছে কয় যে কল্যাণীয়ে ছবিখনত উপযুক্তভাৱে অভিনয় কৰিছে আৰু হৃদয়ম তেওঁৰ বাবে "সুবৰ্ণ সুযোগ"। মনোৰমা অনলাইনে উল্লেখ কৰে যে, "নিত্যাৰ চৰিত্ৰত কল্যাণী খাপ খাইছে আৰু প্ৰণৱৰ সৈতে তেওঁৰ ৰসায়ন ছবিখনৰ অন্যতম উচ্চ বিন্দু।"২৭২৮ ইয়াৰ পিছত তেওঁ পৃথ্বীৰাজ সুকুমাৰনৰ বিপৰীতে ব্ৰ’ ডেডী ছবিত অভিনয় কৰে, যিখন ছবি পোনপটীয়াকৈ ডিজনী+ হটষ্টাৰত মুক্তি পাইছিল।২৯ ইণ্ডিয়া টুডে কাকতখনে উল্লেখ কৰে, "এনাৰ চৰিত্ৰত কল্যাণী যেন এক প্ৰকাৰৰ বিস্ময়কৰ প্ৰকাশ। তেওঁ এগৰাকী স্বাভাৱিক অভিনেত্ৰী আৰু তেওঁৰ অভিব্যক্তি প্ৰতিটো পৰিস্থিতিৰ বাবে উপযুক্ত।"৩০ বছৰৰ অন্তিমখন ছবি থাল্লুমালাত তেওঁ টভিনো থমাছৰ বিপৰীতে অভিনয় কৰিছিল। সমালোচকৰ পৰা ইতিবাচক সমালোচনা লাভ কৰাৰ লগতে এতিয়ালৈকে সৰ্বাধিক উপাৰ্জনকাৰী মালয়ালম ছবিসমূহৰ ভিতৰত অন্যতম হৈ পৰে।৩১৩২ দ্য উইকে উল্লেখ কৰে, "কল্যাণীৰ বিপাতু চৰিত্ৰটি হৈছে এটা শক্তিশালী চুৱেগী চৰিত্ৰ যিয়ে ছ'চিয়েল মিডিয়াত এক বিপুল পৰিমাণৰ ফ'ল'ৱাৰ থকা বুলি দাবী কৰে। পাতু কল্যাণীৰ হাতত নিৰাপদ।"৩৩

২০২৩ চনত কল্যাণী অভিনীত দুটাকৈ ছবিয়ে মুক্তি লাভ কৰিছিল। প্ৰথমে তেওঁ চেছাম মাইক-ইল ফাতিমাত ফুটবল কমেণ্টেটৰ হোৱাৰ আকাংক্ষা থকা এগৰাকী মুছলমান মহিলাৰ চৰিত্ৰত অভিনয় কৰিছিল।৩৪ দ্য হিন্দুৱে উল্লেখ কৰে, "কল্যাণীয়ে তেওঁৰ পৰ্দাত উপস্থিতিৰে আন্তৰিকতাপূৰ্ণ অভিনয় কৰিছে। ফাতিমাৰ চৰিত্ৰত তেওঁ সূক্ষ্মভাৱে অভিনয় কৰিছে যদিও কিছুমান দৃশ্যৰ গধুৰ সংলাপৰ বাবে তেওঁক বোজাই কৰা যেন লাগে, যাৰ ফলত তেওঁ অভিনেত্ৰী হিচাপে বাধাগ্ৰস্ত হৈছে।"৩৫ ইয়াৰ পিছত মালায়ালম ছবি এণ্টনিত জ'জু জৰ্জৰ সৈতে এগৰাকী উগ্ৰ কলেজীয়া ছাত্ৰীৰ চৰিত্ৰত অভিনয় কৰিছিল। দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছে কয়, "কল্যাণীয়ে প্ৰথমাৰ্ধত কিছুমান চমকপ্ৰদ যুঁজৰ দৃশ্য পায়। কিন্তু, শেষৰ ফালে তেওঁৰ চৰিত্ৰৰ একমাত্ৰিক চিত্ৰণে সহায় নকৰে আৰু ই সংযোগ হেৰুৱাই পেলায়।"৩৬৩৭

২০২৪ চনৰ প্ৰথমখন ছবি বৰ্ষঙ্গলক্কু শেষমত কল্যাণীয়ে প্ৰণৱ মোহনলালৰ সৈতে পুনৰবাৰ অভিনয় কৰে।৩৮ হিন্দুস্তান টাইমছে উল্লেখ কৰিছিল যে কল্যাণীৰ কাম প্ৰায় নাছিলেই।৩৯ কল্যাণীৰ আগন্তুক তামিল ছবিখনৰ নাম জিনি।৪০

সংবাদ মাধ্যমত

কল্যাণীক সৰ্বাধিক পাৰিশ্ৰমিক পোৱা মালয়ালম অভিনেত্ৰীসকলৰ ভিতৰত বিবেচনা কৰা হয়। কল্যাণীয়ে তেওঁৰ প্ৰথমখন ছবি হেল্ল’ৰ বাবে সমালোচকৰ পৰা প্ৰচুৰ প্ৰশংসা লাভ কৰে। তেওঁ ছবিখনক তেওঁৰ কেৰিয়াৰৰ "শ্ৰেষ্ঠ ছবি" বুলি অভিহিত কৰে।৪১ ১২৩তেলুগুৱে "হেল্ল" ছবিখনৰ বাবে তেওঁক ২০১৭ চনৰ "শীৰ্ষ অভিনেত্ৰীসকলৰ" তালিকাত স্থান দিছিল।৪২ ৰেডিফ.কমৰ পৰা সুভাষ কে. ঝাই তেওঁৰ চলচ্চিত্ৰ জীৱনৰ বিষয়ে মতামত দিছিল: "কল্যাণী মালয়ালম ছবিজগতৰ এক উল্লেখযোগ্য নাম হৈ পৰিছে। ধুনীয়া আৰু অপৰিসীম মেধাৱী, তেওঁ নিজকে তেওঁৰ পিতৃ তথা ছবি পৰিচালক প্ৰিয়দৰ্শনৰ কন্যাতকৈ বহু বেছি বুলি প্ৰমাণ কৰিছে।"৪৩

কল্যাণ জুৱেলাৰ্ছ আৰু আজিঅ’ৰ দৰে কেইবাটাও ব্ৰেণ্ডৰ তেওঁ বিশিষ্ট চেলিব্ৰিটি এণ্ডৰছাৰ।৪৪৪৫ তেওঁ "ৰিটজ" আৰু "ইউ এণ্ড আই"কে ধৰি বিভিন্ন আলোচনীৰ কভাৰ মডেল হিচাপে কাম কৰি আহিছে।৪৬৪৭ ২০২০ চনত কল্যাণীয়ে কোচি টাইমছৰ মষ্ট ডিজায়াৰেবল উইমেনৰ খিতাপ লাভ কৰে।৪৮ একে বছৰতে চেন্নাই টাইমছৰ মষ্ট ডিজায়াৰেবল উইমেনৰ তালিকাত ৮ম আৰু টাইমছ মষ্ট ডিজায়াৰেবল উইমেনৰ তালিকাত ৪১তম স্থান লাভ কৰে।৪৯৫০

চলচ্চিত্ৰপুঞ্জী

বৰ্ষশিৰোনামভূমিকাভাষাটোকাতথ্য.
২০১৭হেল্ল'প্ৰিয়া/জুন্নুতেলেগু৪১
২০১৯চিত্ৰলাহৰীলাহৰী৫১
ৰণৰংগমগীতা৫২
হিৰোমীৰাতামিল৫৩
২০২০বৰানে অৱশ্যমুণ্ডনিকিতা "নিক্কি"মালায়ালম৫৪
পুথাম পুধু কালাইযুৱতী লক্ষ্মী কৃষ্ণণতামিলখণ্ড: "ইলামাই ইধো ইধো"৫৫
২০২১মানাডুসীতামহালক্ষ্মী৫৬
মাৰাক্কাৰ: লায়ন অৱ দ্য আৰৱিয়ান চীআইশ্বামালায়ালম৫৭
২০২২হৃদয়মনিত্যা বালাগোপাল৫৮
ব্ৰ' ডেডীএনা কুৰিয়ান৫৯
থাল্লুমালাফাতিমা বিৱী "বীপাতু"৬০
২০২৩চেছাম মাইক-ইল ফাতিমাফাতিমা নূৰজাহান "পাতু"।৬১
এণ্টনিএন্ মাৰিয়া৬২
২০২৪বৰ্ষঙ্গলক্কু শেষমএন্নী৬৩
তামিলচিত্ৰগ্ৰহণ৬৪
মালয়ালমচিত্ৰগ্ৰহণ৬৫

বঁটা আৰু মনোনয়ন

বৰ্ষপুৰস্কাৰবিভাগচলচ্চিত্ৰফলাফলতথ্য.
২০১৮ফিল্মফেয়াৰ বঁটা দক্ষিণশ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰী – দক্ষিণহেল্ল'৬৬
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাশ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰী – তেলেগু৬৭
জি তেলুগু অপ্সৰা বঁটাবৰ্ষশ্ৰেষ্ঠ নৱাগতা নায়িকা৬৮
2022দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাশ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰী – মালায়ালমবৰানে অৱশ্যমুণ্ড৬৯
২০২৩শ্ৰেষ্ঠ অভিনেত্ৰী – মালয়ালমব্ৰ' ডেডী৭০
২০২৪ফিল্মফেয়াৰ বঁটা দক্ষিণশ্ৰেষ্ঠ অভিনেত্ৰী – মালয়ালমচেছাম মাইক-ইল ফাতিমাrowspan="2"৭১
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাশ্ৰেষ্ঠ অভিনেত্ৰী – মালয়ালম৭২

তথ্যসূত্ৰ

  1. ↑ Winners: 65th Jio Filmfare Awards (South) 2018 . Times of India (17 June 2018). Retrieved 14 August 2018
  2. ↑ (5 July 2018). I thought I belonged behind the camera: Kalyani Priyadarshan. Mathrubhumi
  3. ↑ SIIMA AWARDS 2018 winners. South Indian International Movie Awards
  4. ↑ ETimes. Here's how Actress Kalyani Priyadarshan is celebrating her birthday month!. Times of India
  5. ↑ (5 April 2021). Keerthy Suresh wishes birthday girl Kalyani Priyadarshan with some unseen throwback pictures. Zoom TV
  6. ↑ Subramani, A. (16 September 2016). Film director Priyadarshan – actor Lissy divorce formalities complete. The Times of India
  7. ↑ (4 February 2023). Priyadarshan's son and Kalyani's brother Siddharth gets married in Chennai; pics go viral. Pinkvilla
  8. ↑ Lady Andal Venkatasubba Rao Matriculation Higher Secondary School - Official website Lady Andal Retrieved 29 September 2023
  9. ↑ (9 April 2019). Design principles - Kalyani Priyadarshan. The Hindu
  10. ↑ Nath, Dipanita. (3 April 2022). As Adishakti turns 40, remembering Veenapani Chawla who rescued theatre from the spoken word and gave the body full play. The Indian Express
  11. ↑ Kalyani Priyadarshan's debut movie with Akhil. The News Minute
  12. ↑ Hello: Five reasons to watch Akhil Akkineni and Kalyani Priyadarshan starrer. Times of India
  13. ↑ Srivathsan Nadadhur. (22 December 2017). Hello Movie Review: A race against time. The Hindu
  14. ↑ Dundoo, Sangeetha Devi. (2019-04-09). Design principles. The Hindu
  15. ↑ (2019-04-12). Chitralahari movie review: Even Sai Dharam Tej's sincere performance can't save this dull drama. Firstpost
  16. ↑ Dundoo, Sangeetha Devi. Ranarangam review: A stylish battlefield. The Hindu
  17. ↑ (22 December 2019). Hero review: An-engaging-entertainer-for-families!!. Sify
  18. ↑ (2020-02-06). Varane Avashyamund: Five reasons why you should not miss Suresh Gopi, Shobana, Kalyani Priyadarshan and Dulquer Salmaan-starrer. The Times of India
  19. ↑ Varane Avashyamund movie review: This multistarrer is pleasant but shallow. The News Minute
  20. ↑ (30 September 2020). 'Putham Pudhu Kaalai': Amazon Prime Video announces anthology of five Tamil short films. The New Indian Express
  21. ↑ Putham Pudhu Kaalai Review: Amazon Prime's Tamil Anthology Is Easy On The Mind And Eye. NDTV.com
  22. ↑ Rajendran, Sowmya. (29 December 2021). Jai Bhim to Maanaadu: Best Tamil cinema of 2021. The News Minute
  23. ↑ (26 November 2021). 'Maanaadu' Box Office Day 1: Silambarasan starrer mints approx Rs 8 crore in TN. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  24. ↑ Pudipeddi, Haricharan. (25 November 2021). Maanaadu movie review: Silambarasan TR's film is highly enjoyable, accessible time-loop thriller. হিন্দুস্তান টাইমছ
  25. ↑ (13 March 2020). Kalyani Priyadarshan looks regal in these pictures from 'Marakkar – Arabikkadalinte Simham'. The Times of India
  26. ↑ Pranav and Kalyani teaming up for Vineeth Sreenivasan's 'Hridayam' excites Mohanlal-Priyadarshan-Sreenivasan fans. The Times of India
  27. ↑ Shrijith, Sajin. (21 January 2022). Hridayam Movie Review: Vineeth Sreenivasan delivers two feel-good films for the price of one. Cinema Express
  28. ↑ Tony. (21 January 2022). 'Hridayam' movie review: Youthful charm, romance make it a memorable watch. Manorama Online
  29. ↑ Express News Service. (8 September 2021). Prithviraj completes second directorial 'Bro Daddy'. The New Indian Express
  30. ↑ K., Janani. (26 January 2022). Bro Daddy Movie Review: Mohanlal, Prithviraj's fun family drama is not Badhaai Ho, but better. ইণ্ডিয়া টুডে
  31. ↑ (12 April 2022). Tovino Thomas-Khalid Rahman's film Thallumaala completed. Cinema Express
  32. ↑ (17 August 2022). Tovino Thomas' biggest hit turns out to be Thallumaala. The Times of India
  33. ↑ 'Thallumaala' review: Tovino Thomas, Kalyani Priyadarshan shine in this full-on entertainer. The Week
  34. ↑ (27 August 2023). Sesham Mike-il Fathima teaser: Kalyani Priyadarshan promises a fresh, colorful and fun film. Indian Express
  35. ↑ M, Athira. (18 November 2023). 'Sesham Mike-il Fathima' movie review: Kalyani Priyadarshan shines in this feel-good entertainer. The Hindu
  36. ↑ (5 May 2023). Kalyani Priyadarshan gets a fresh haircut for her next film Antony. The Times of India
  37. ↑ Shrijith, Sajin. (2 December 2023). 'Antony' movie review: Overfamiliarity breeds fatigue. The New Indian Express
  38. ↑ Vineeth Sreenivasan brings together an ensemble cast for his next. The Hindu
  39. ↑ (2024-04-12). Varshangalkku Shesham Review: Vineeth Sreenivasan's tale of friendship is earnest but melodramatic. Hindustan Times
  40. ↑ Jayam Ravi's next titled Genie: Krithi Shetty, Kalyani Priyadarshan, and Wamiqa Gabbi roped in for the project. The Indian Express
  41. ↑ Kalyani Priyadarshan on why Hello is the best film that has happened to her career. Firstpost
  42. ↑ (30 December 2017). 2017 Recap: New talented actresses of the year. 123telugu
  43. ↑ The biggest joy of Priyadarshan's life. Rediff.com
  44. ↑ Manju Warrier to Akkineni Nagarjuna: Kalyan jewellers sparkles with myriad regional stars. The New Indian Express
  45. ↑ On the campaign trail:Online fashion portal AJIO rings in Onam with a musical ode. The Hindu Business Line
  46. ↑ Sugar & Spice: Kalyani Priyadarshan. Ritz Magazine
  47. ↑ I thought I belonged behind the camera: Kalyani Priyadarshan. You & I
  48. ↑ Soman, Deepa. Meet Kochi Times Most Desirable Woman 2020: Kalyani Priyadarshan. Times of India
  49. ↑ Check Out The List of Chennai Times 30 Most Desirable Women 2020. Times of India
  50. ↑ Times Most Desirable Woman of 2020: Rhea Chakraborty – Living through a trial by fire, gracefully. Times of India
  51. ↑ (22 November 2018). Kalyani Priyadarshan and Nivetha Pethuraj to star in Sai Dharam Tej's 'Chitralahari'. The News Minute
  52. ↑ R., Manoj Kumar. (14 August 2019). Ranarangam actor Kalyani Priyadarshan: I love gangster movies. The Indian Express
  53. ↑ Hero actress Kalyani Priyadarshan is all praise for co-star Sivakarthikeyan. The Times of India
  54. ↑ Sanjith Sidhardhan. (1 September 2019). Anoop Sathyan ropes in Dulquer and Kalyani for a family-drama. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  55. ↑ (15 October 2020). Kalyani Priyadarshan talks about Putham Pudhu Kaalai. Only Kollywood
  56. ↑ (31 March 2019). Kalyani Priyadarshan to be seen opposite Simbu in 'Maanaadu'. The News Minute
  57. ↑ Sidhardhan, Sanjith. (25 September 2018). Kalyani Priyadarshan and Keerthy Suresh join Mohanlal's Marakkar. The Times of India
  58. ↑ Sidhardhan, Sanjith. (14 February 2021). Pranav Mohanlal and Kalyani Priyadarshan wrap up their portions of Hridayam in Chennai. The Times of India
  59. ↑ Palisetty, Ramya. (18 June 2021). Prithviraj Sukumaran announces his second directorial Bro Daddy with Mohanlal. India Today
  60. ↑ Service, Express News. (14 October 2021). Tovino and Kalyani to share screen in 'Thallumaala'. The New Indian Express
  61. ↑ (16 September 2022). Kalyani Priyadarshan's film Sesham Mikeil Fathima commences filming. The New Indian Express
  62. ↑ (4 August 2023). Filming of Joju George, Kalyani Priyadarshan's Antony wraps up. Cinema Express
  63. ↑ (21 November 2023). First schedule of Varshangalkku Shesham completed. The New Indian Express
  64. ↑ (6 July 2023). Kalyani Priyadarshan is excited about being part of 'Genie'. The Times of India
  65. ↑ (29 April 2024). Fahadh Faasil and Kalyani Priyadarshan’s ‘Odum Kuthira Chadum Kuthira’ goes on floors. The Hindu
  66. ↑ (17 June 2018). Winners: 65th Jio Filmfare Awards (South) 2018. The Times of India
  67. ↑ (15 September 2018). SIIMA 2018 Tamil and Malayalam Awards: Sivakartikeyan, Nivin Pauly, R Madhavan, Hansika Motwani win big. Hindustan Times
  68. ↑ (2018-04-09). At Zee Telugu Apsara Awards 2018, Kajal Aggarwal and Tamannaah win honours. Hindustan Times
  69. ↑ (12 September 2022). SIIMA 2022: Kangana Ranaut, Arya, Tovino Thomas, Aishwarya Lekshmi win top acting honours. Daily News and Analysis
  70. ↑ SIIMA 2023 winners: Ponniyin Selvan I, Nna Thaan Case Kodu, R Madhavan, Trisha, Tovino Thomas and Kalyani Priyadarshan win big. Hindustan Times
  71. ↑ (16 July 2024). Nominations for the 68th Filmfare Awards (Malayalam) 2024. Filmfare
  72. ↑ (17 July 2024). SIIMA 2024: 'Dasara', 'Jailer', 'Kantara', '2018' lead the nominations - Check out the details inside. Outlook India

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰীতেলুগু চলচ্চিত্ৰৰ অভিনেত্ৰীতামিল চলচ্চিত্ৰৰ অভিনেত্ৰীমালয়ালম চলচ্চিত্ৰৰ অভিনেত্ৰীফিল্মফেয়াৰ বঁটা দক্ষিণ বিজয়ীদক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কল্যাণী প্ৰিয়দৰ্শন” প্ৰবন্ধৰ সংশোধন ৬৩৬৯১৩ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।