অনস্বৰা ৰাজন এগৰাকী ভাৰতীয় অভিনেত্ৰী। তাই মূলতঃ মালয়ালম ছবিত অভিনয় কৰে৷ ২০১৭ চনত মুক্তিপ্ৰাপ্ত উদাহৰণম সুজাতা তাইৰ প্ৰথমখন ছবি আছিল।১ ব্যৱসায়িকভাৱে সফল মালয়ালম ছবি উদাহৰণম সুজাতা (২০১৭), থান্নীৰ মথান দিনাংগল (২০১৯), আধ্যাৰাত্ৰি (২০১৯), ছুপাৰ শৰণ্যা (২০২২), মাইক (২০২২), প্ৰাণয়া বিলাসম (২০২৩), নেৰু (২০২৩) আৰু আব্ৰাহাম অ'জ্লাৰ (২০২৪)ৰ জৰিয়তে অনস্বৰাই জনপ্ৰিয়তা লাভ কৰে।
প্ৰাৰম্ভিক জীৱন
২০০২ চনৰ ৮ ছেপ্টেম্বৰত তিতা কেৰেলাৰ কন্নুৰ জিলাৰ কাৰিভেল্লুৰ চহৰৰ এক মধ্যবিত্ত পৰিয়ালত অনস্বৰা ৰাজনে জন্মগ্ৰহণ কৰিছিল।২ তাইৰ পিতৃৰ নাম ৰাজন পায়্যাদক্কথ আৰু মাতৃৰ নাম ঊষা ৰাজন।৩ পায়নুৰৰ ছেইণ্ট মেৰীছ গাৰ্লছ হাইস্কুলত শিক্ষা গ্ৰহণ কৰে।৪৫
অভিনয় জীৱন
মঞ্জু ৱাৰিয়ৰ অভিনীত উদাহৰণম সুজাতা (২০১৭) ছবিত সুজাথাৰ বিদ্ৰোহী কন্যা, আথিৰাৰ চৰিত্ৰত অভিনয় কৰি অনস্বৰাই চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে। থান্নীৰ মথান দিনাংগল (২০১৯) ছবিখনত অনস্বৰাই প্ৰথমবাৰৰ বাবে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।১ প্ৰেম, ভুল বুজাবুজি আৰু ডাঙৰ হোৱাৰ সংগ্ৰামৰ হৃদয়স্পৰ্শী কাহিনীৰে, হাইস্কুল এখনৰ পটভূমিত নিৰ্মিত হৈছিল ছবিখন। ছবিখন শ্লিপাৰ হিট হৈ পৰিল, পৰৱৰ্তী সময়ত অনস্বৰাই এই উদ্যোগত খ্যাতি অৰ্জন কৰে।৬ আধ্যাৰাত্ৰি (২০১৯) ছবিখনত কন্যা আৰু মাতৃ হিচাপে দ্বৈত ভূমিকা পালন কৰিছিল। বক্স অফিচত শক্তিশালী প্ৰদৰ্শন লাভ কৰা ছুপাৰ শৰণ্যা (২০২২) ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।৭
তৃষা অভিনীত ছবি ৰাংগী (২০২২)ৰ জৰিয়তে অনস্বৰাই তামিল ছবিজগতত প্ৰৱেশ কৰে।৮ ২০২৩ চনত তামিল ছবি ঠাগছত হৃধু হাৰুণৰ সৈতে অভিনয় কৰিছিল। এণ্টনি ভাৰ্গেজে অভিনীত মালয়ালম ছবি স্বতন্ত্ৰ্যম অৰ্ধৰাথ্ৰিয়লৰ আনুষ্ঠানিক পুনৰ্নিৰ্মাণ আছিল। ইয়াৰিয়ান ২ (২০২৩) ছবিৰে হিন্দীত অভিষেক ঘটায়। একে বছৰতে জীথু জোচেফৰ দ্বাৰা পৰিচালিত মোহনলালে অন্ধ ভাস্কৰ্য শিল্পী হিচাপে অভিনয় কৰা নেৰু ছবিত অভিনয় কৰে। ছবিখনত তেওঁৰ অভিনয়ক বহুত প্ৰশংসা কৰা হৈছিল আৰু কেৰিয়াৰৰ শ্ৰেষ্ঠ ছবি বুলি গণ্য কৰা হৈছিল।৯
চলচ্চিত্ৰপঞ্জী
চলচ্চিত্ৰ
- সকলোবোৰ চলচ্চিত্ৰ মালয়ালম ভাষাতেই আছে, অন্যথা ভাষাটো উল্লেখ কৰা হৈছে।
| বছৰ | শিৰোনাম | ভূমিকা | টোকা | তথ্যসূত্ৰ |
|---|---|---|---|---|
| ২০১৭ | উদাহৰণম সুজাতা | আথিৰা কৃষ্ণন | প্ৰথম ছবি | ১০ |
| ২০১৯ | এভিডে | শ্বাহানা | ১১ | |
| থান্নীৰ মথান দিনাংগল | কীৰ্তি | ১২ | ||
| মাই চেন্টা | প্ৰাপ্তবয়স্ক ইছা এলিজাবেথ জেকব | কেমিঅ’ ৰূপ | ||
| আধ্যাৰাত্ৰি | আশ্বাথী ৰামচন্দ্ৰন আৰু শালিনী ৰামচন্দ্ৰন | দ্বৈত চৰিত্ৰ | ১৩ | |
| ২০২০ | ভাংকু | ৰসিয়া | মুখ্য ভূমিকা | ১৪ |
| ২০২২ | ছুপাৰ শৰণ্যা | শৰণ্যা বাসুদেৱন | ১৫ | |
| আভিয়াল | আম্মুকুট্টি | ১৬ | ||
| মাইক | মাইক ওৰফে ছাৰা থমাছ | ১৭ | ||
| ৰাংগী | সুস্মিতা | তামিল চলচ্চিত্ৰ | ১৮ | |
| ২০২৩ | ঠাগছ | কায়াল শিৱকুমাৰ | ||
| প্ৰাণয়া বিলাসম | ডেকা অনুশ্ৰী | ১৯ | ||
| পদ্মিনী | মনীষা | কেমিঅ’ ৰূপ | ||
| ইয়াৰিয়ান ২ | ইকৰুহ আৱস্থি | হিন্দী চলচ্চিত্ৰ | ২০২১ | |
| নেৰু | ছাৰা মহম্মদ | ২২ | ||
| ২০২৪ | আব্ৰাহাম অ'জ্লাৰ | সুজা জয়দেৱ | ২৩ | |
| কৃষ্ণা | ২৪ | |||
| অঞ্জলি | ২৫ |
চুটি চলচ্চিত্ৰ
| বছৰ | শিৰোনাম | ভাষা | টোকা | তথ্যসূত্ৰ |
|---|---|---|---|---|
| ২০১৫ | গ্ল'ব | মালয়ালম | আজিলৈকে প্ৰথম আৰু একমাত্ৰ চুটি ছবি | ২৬ |
তথ্যসূত্ৰ
- ↑ (20 July 2019). Anaswara Rajan: I haven't enjoyed any movie set like 'Thanneermathan Dinangal'. The Times of India
- ↑ (8 September 2020). Anaswara Rajan turns 18. The Times of India
- ↑ (8 September 2020). ഇനി എല്ലാ കാര്യങ്ങളും നിയമപരമായി ചെയ്യാം! മധുര പതിനെട്ടിന്റെ സന്തോഷം പങ്കുവെച്ച് അനശ്വര. Samayam. The Times of India
- ↑ Dreaming of a chance to act with Dulquer, says Anaswara. English Archives
- ↑ Daily, Keralakaumudi. 'It was my sister's gift, even my parents got terrified'; Anaswara Rajan on dealing with vicious cyber attacks. Keralakaumudi Daily
- ↑ Glimpses 2019: From 'Lucifer' to 'Virus', 5 finest Malayalam movies of the year. The Week
- ↑ Change in movie goers' taste confuses all in Malayalam film industry. The New Indian Express
- ↑ Anaswara Rajan to Make Tamil Debut With 'Raangi'. India Abroad
- ↑ (2023-12-21). Netizens are all praise for Anaswara Rajan’s performance in ‘Neru’!. The Times of India
- ↑ (28 September 2020). This Day That Year: Anaswara Rajan on three years of 'Udaharanam Sujatha'. The Times of India
- ↑ (5 July 2019). Evidey movie review: Strong acting saves Evidey. Deccan Chronicle
- ↑ (13 July 2020). This Day That Year: Anaswara Rajan shares a memory as the song Jathikkathottam clocks one. The Times of India
- ↑ (25 September 2019). Aadya Rathri: Aju Varghese transforms into Baahubali, Anaswara Rajan turns Devasena for 'Njanennum Kinavu'. The Times of India
- ↑ Anaswara Rajan's Vaanku teaser is in solidarity with JNU. Malayala Manorama
- ↑ (23 August 2020). Arjun Ashokan and Anaswara Rajan in Thaneer Mathan team's next. The Times of India
- ↑ (11 March 2022). Avial trailer - അനശ്വര രാജൻ ജോജുവിന്റെ മകളായി; 'അവിയൽ' ട്രെയ്ലർ പുറത്തിറങ്ങി. News 18
- ↑ (8 December 2021). John Abraham launches first look of his debut Malayalam production 'Mike', introduces Ranjith Sajeev with Anaswara Rajan. Onmanorama
- ↑ (22 April 2021). Trisha's Raangi to release directly on OTT?. The Times of India
- ↑ 'Pranaya Vilasam' release date: Anaswara Rajan starrer to hit the big screens on THIS date. The Times of India
- ↑ (12 October 2022). Divya Khosla Kumar, Pearl V Puri, and Meezaan Jafri roped for Yaariyan 2; film to release in Summer 2023. Bollywood Hungama
- ↑ (2022-08-20). Meezan Jafri steps into Dulquer Salmaan's shoes for Bangalore Days' Hindi remake, Yaariyan 2. Hindustan Times
- ↑ Filming of Mohanlal's Neru wraps up. The New Indian Express
- ↑ Malayalam Actor Jayaram-starrer Medical Crime-drama Abraham Ozler Goes On Floors. News18
- ↑ Bureau, The Hindu. (2023-12-25). Nivin Pauly’s film with Dijo Jose Antony titled ‘Malayalee From India’. The Hindu
- ↑ (2023-05-13). ‘Guruvayoor Ambalanadayil’, starring Prithviraj Sukumaran and Basil Joseph, goes on floors. The Hindu
- ↑ GLOBE Malayalam Short Film with English Subtitles · HD · 2017 · Anaswara Rajan Short Film
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনস্বৰা ৰাজন” প্ৰবন্ধৰ সংশোধন ৬০৩০৮৯ (২৭ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।