অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আকাংক্ষা সিং

আকাংক্ষা সিং (: Aakanksha Singh; জন্ম: ৩০ জুলাই ১৯৯০) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ হিন্দী আৰু তেলুগু ভাষাৰ চলচ্চিত্ৰ আৰু টেলিভিছনৰ অনুষ্ঠানত কাম কৰে।

হালনাগাদ: ৪ মাৰ্চ ২০২৪ ৪৪০ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

আকাংক্ষা সিং (: Aakanksha Singh; জন্ম: ৩০ জুলাই ১৯৯০) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ হিন্দী আৰু তেলুগু ভাষাৰ চলচ্চিত্ৰ আৰু টেলিভিছনৰ অনুষ্ঠানত কাম কৰে। তেওঁ থিয়েটাৰৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু কালাৰছ টিভিৰ টেলিভিছন ধাৰাবাহিক না বলে তুম না মেনে কুচ কাহা(২০১২–২০১৪)ৰ জৰিয়তে অভিনয় জীৱনত প্ৰৱেশ কৰিছিল। বদ্ৰীনাথ কী দুলহনিয়া (২০১৭) ছবিৰ অভিনয়েৰে তেওঁ ছবি অভিনয়ৰ অভিষেক ঘটায়।

সিঙে মল্লী ৰাভা(২০১৭) ছবিৰে তেলুগু চলচ্চিত্ৰত প্ৰৱেশ কৰে, যাৰ বাবে তেওঁ শ্ৰেষ্ঠ মহিলা নৱাগতাৰ SIIMA বঁটাৰ মনোনয়ন লাভ কৰে৷ ইয়াৰ পিছত তেওঁ তেলুগু ছবি দেৱদাস (২০১৮), কানাড়া ছবি পাইলৱান (২০১৯) আৰু হিন্দী ছবি ৰাণৱে ৩৪(২০২২)ৰ জৰিয়তে সফলতা লাভ কৰে। ৰংবাজ: দাৰ কি ৰাজনীতি আৰু মিট কিউট(দুয়োখনেই ২০২২)কে ধৰি ৱেব ছিৰিজৰ অংশ হৈ আহিছে।

সিং ভাৰতীয় টেলি বঁটা লাভ কৰা ব্যক্তি।১ অভিনয় কেৰিয়াৰৰ উপৰিও সিং ব্ৰেণ্ড আৰু প্ৰডাক্টৰ বাবে এগৰাকী চেলিব্ৰিটি প্ৰচাৰক।২

ব্যক্তিগত জীৱন

আকাংক্ষা সিঙৰ জন্ম হৈছিল ১৯৯০ চনৰ ৩০ জুলাইত ৰাজস্থানৰ জয়পুৰত।৩ তেওঁৰ মাক এগৰাকী নাট্যশিল্পী। সিং শিক্ষাৰ ফালৰ পৰা এগৰাকী ফিজিঅ'থেৰাপিষ্ট।৪ ২০১৪ চনত ৰাজস্থানত তেওঁৰ দীৰ্ঘদিনীয়া প্ৰেমিক কুনাল চাইন নামৰ এজন মাৰ্কেটিং বিষয়াক বিয়া কৰায়।৫

কৰ্মজীৱন

না বলে তুম, না মেইনে কুছ কাহাৰ ছেটত সিং আৰু কাপুৰ
না বলে তুম, না মেইনে কুছ কাহাৰ ছেটত সিং আৰু কাপুৰছবি: Bollywood Hungama · CC BY 3.0

সিঙে ২০১২ চনত টেলিভিছন শ্ব’ না বলে তুম না মেইনে কুচ কাহাৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰে। তেওঁ কুনাল কৰণ কাপুৰৰ বিপৰীতে দুটা সন্তান থকা বিধৱা মেঘা ব্যাস ভাটনগৰৰ চৰিত্ৰত অভিনয় কৰিছিল। অভিনয়ৰ বাবে তেওঁ “মহিলাৰ নতুন মুখ’’ৰ বাবে ইণ্ডিয়ান টেলি বঁটা লাভ কৰে। দুটা ছিজনৰ পিছত ২০১৩ চনত এই অনুষ্ঠানৰ অন্ত পৰে৷৬

ইয়াৰ পিছত ২০১৫ চনত সসীম ধাৰাবাহিক গুলমোহৰ গ্ৰেণ্ডত অভিনয় কৰে। হোটেল উদ্যোগৰ ওপৰত ভিত্তি কৰি নিৰ্মিত এই অনুষ্ঠানত তেওঁ অনাহিতা, "এনি" মেহতা ফাৰ্নাণ্ডেজৰ চৰিত্ৰত অভিনয় কৰে। ২০১৬ চনত আহমেদাবাদ এক্সপ্ৰেছ দলৰ বক্স ক্ৰিকেট লীগৰ অংশীদাৰো আছিল সিং। ২০১৭ চনত তেওঁ আয়ে জিন্দাগীৰ এটা খণ্ডত উকীলৰ চৰিত্ৰত অভিনয় কৰিছিল।৭

২০১৭ চনত হিন্দী ছবি বদ্ৰীনাথ কি দুলহনিয়াৰ জৰিয়তে সিঙে প্ৰথমবাৰৰ বাবে চলচ্চিত্ৰত অভিনয় কৰিছিল। একে বছৰতে মল্লী ৰাভাৰ চৰিত্ৰত সুমন্তৰ বিপৰীতে তেলেগু ছবিত অভিনয় কৰিছিল। ই মিশ্ৰিতৰ পৰা ইতিবাচক সমালোচনা লাভ কৰে৮ আৰু তেওঁৰ অভিনয়ৰ বাবে তেওঁ তেলেগু ছবিৰ শ্ৰেষ্ঠ মহিলা নৱাগতাৰ SIIMA বঁটাৰ বাবে মনোনীত হয়৷৯

২০১৮ চনত তেওঁৰ দ্বিতীয়খন তেলুগু ছবি দেৱদাস (২০১৮)ত অভিনেতা নাগাৰ্জুনৰ বিপৰীতে অভিনয় কৰে। ই ইতিবাচক সমালোচনা লাভ কৰিছিল আৰু ব্যৱসায়িকভাৱে সফলতা লাভ কৰিছিল।১০ সেই বছৰতে তেওঁ দুখন চুটি ছবি মেথি কে লাডু আৰু কাইদত অভিনয় কৰে।১১

২০১৮ চনত আকাংক্ষা
২০১৮ চনত আকাংক্ষাছবি: Madhuram Videos · CC BY 3.0

সিঙে ২০১৯ চনত অভিনেতা সুদীপৰ বিপৰীতে অভিনয় কৰি পাইলৱান ছবিখনৰ জৰিয়তে তেওঁৰ কন্নড় ভাষা চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে। ৫টা ভাষাত মুক্তি পোৱা এই ছবিখনে বক্স অফিচত মোটামুটি হিট আছিল।১২ ২০২১ চনত তেলেগু ৱেব ধাৰাবাহিক পৰমপাৰা (২০২১ টিভি ধাৰাবাহিক)ৰ জৰিয়তে ৱেবত আত্মপ্ৰকাশ কৰে।১৩ ২০২২ চনত সিঙে তামিল-তেলুগু দ্বিভাষিক ছবি, ক্লেপত আধি পিনিচেট্টীৰ বিপৰীতে অভিনয় কৰে। ইয়াক SonyLIVৰ প্লেটফৰ্মত মুকলি কৰা হৈছিল।১৪ ইয়াৰ পিছত তেওঁ তামিল ছবি বীৰাপাণ্ডিয়াপুৰমত অভিনয় কৰি নেতিবাচক সমালোচনা লাভ কৰে।১৫ইয়াৰ পিছত তেওঁ দ্বিতীয়খন হিন্দী ছবি ৰাণৱে ৩৪ত অজয় দেৱগনৰ পত্নীৰ চৰিত্ৰত অভিনয় কৰে৷১৬ ছবিখনে সৰ্শকৰ পৰা কিছু মিশ্ৰিত, কিছু ইতিবাচক সমালোচনা লাভ কৰিছিল।১৭

তথ্যসূত্ৰ

  1. ↑ Hooli, Shekhar H. SIIMA Awards 2018 - Telugu, Kannada nomination list out: Date, place of 7th edition revealed. International Business Times, India Edition
  2. ↑ Exclusive! Aakanksha Singh: As actors we should readily take up challenges. Hindustan Times
  3. ↑ (3 August 2018). 'Na Bole Tum Na Maine Kuch Kaha' fame Aakanksha Singh celebrates her birthday in London. The Times of India
  4. ↑ Shukla, Richa. (4 June 2014). Jaipur girl Akanksha is officially a physiotherapist. The Times of India
  5. ↑ (26 March 2020). Lesser-known husbands of TV bahus. The Indian Express
  6. ↑ (27 September 2012). 'Na Bole..' to return with season 2. India TV News. IANS
  7. ↑ (4 September 2017). Aakanksha Singh to play a lawyer in an episode of Aye Zindagi. India Today
  8. ↑ Kumar, Hemanth. (8 December 2017). Malli Raava movie review: This Sumanth, Aakanksha Singh starrer is a pleasant surprise. Firstpost
  9. ↑ বলিউড হাংগামা. (17 September 2018). SIIMA 2018: Baahubali multi-lingual film soars high in the Telugu category. The Free Press Journal
  10. ↑ Hooli, Shekhar H. (10 September 2018). Tollywood box office report of 2018: highest grossing Telugu movies of year; List of hits and flops. IB Times
  11. ↑ (18 December 2020). Aakanksha Singh roped in for Mayday. Tribune
  12. ↑ (25 March 2021). Top 8 highest-grossing Kannada movies of all time. Times Now
  13. ↑ (20 August 2021). Aakanksha Singh to make her digital debut with 'Gharshana' series. Telangana Today
  14. ↑ (13 June 2019). Aadhi's upcoming sports drama titled Clap. The Times of India
  15. ↑ Veerapandiyapuram Movie Review: A generic village drama which fails to create an impact. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  16. ↑ (14 December 2020). Aakanksha Singh joins the cast of Ajay Devgn's Mayday. The New Indian Express
  17. ↑ Runway 34 Movie Review: Ajay Devgn's aviation drama lands well within the runway. The Times Of India

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আকাংক্ষা সিং” প্ৰবন্ধৰ সংশোধন ৪০৯৬৮১ (৪ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।