অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আৰতি চাব্ৰিয়া

আৰতি চাব্ৰিয়া ( Aarti Chabria; জন্ম: ২১ নৱেম্বৰ ১৯৮২ চন) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু পূৰ্বৰ মডেল৷ তেওঁ হিন্দী, তেলুগু, পাঞ্জাবী আৰু কানাড়া ভাষাৰ ছবিত অভিনয় কৰে।

হালনাগাদ: ২২ এপ্ৰিল ২০২৬ ৪৩৪ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

আৰতি চাব্ৰিয়া ( Aarti Chabria; জন্ম: ২১ নৱেম্বৰ ১৯৮২ চন)১ এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু পূৰ্বৰ মডেল৷ তেওঁ হিন্দী ভাষা, তেলুগু ভাষা, পঞ্জাবী ভাষা আৰু কন্নড় ভাষা ভাষাৰ ছবিত অভিনয় কৰে।

মডেলিং কেৰিয়াৰ

আৰতি চাব্ৰিয়াই তিনি বছৰ বয়সতে বিজ্ঞাপনৰ মডেল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে।২৩ তেওঁৰ প্ৰথম বিজ্ঞাপন আছিল, ফেৰেক্সৰ প্ৰেছ এড।৪ ইয়াৰ পিছত তেওঁ মেগী নুডলছ, পেপচ’ডেণ্ট টুথপেষ্ট, ক্লিন এণ্ড ক্লিয়াৰ ফেচ ৱাছ, আমুল ফ্ৰষ্টিক আইচক্ৰীম, ক্ৰেক ক্ৰীম আৰু এল এম এল ট্ৰেণ্ডি স্কুটাৰৰ ৩০০ৰো অধিক টেলিভিছন বিজ্ঞাপনৰ বাবে মডেলিং কৰে। শেহতীয়াকৈ তেওঁৰ “টিভিচি’’সমূহ হ'ল অমিতাভ বচ্চনৰ সৈতে কল্যাণ জুৱেলাৰ্ছ, হৃতিক ৰোশনৰ সৈতে নিৰ্মা এডভান্স আৰু চলমান খানৰ সৈতে গোল্ডি মাছালে আদি কেইটামানৰ নাম উল্লেখ কৰিব পাৰি।৫৬ ১৯৯৯ চনৰ নৱেম্বৰ মাহত তেওঁ মিছ ইণ্ডিয়া ৱৰ্ল্ডৱাইড প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ লগতে ছাৱ-ৰাউণ্ডৰ বাবে বঁটাও লাভ কৰে, য'ত তেওঁক মিছ ফটোজেনিক আৰু মিছ বিউটিফুল ফেচৰ মুকুট পিন্ধোৱা হয়।৭৮ এই প্ৰতিযোগিতাত জয়ী হোৱাৰ পিছত তেওঁ সুখৱিন্দৰ সিঙৰ বাবে নাছা হি নাছা হেই, হেৰী আনন্দৰ বাবে চাহত, অৱদূথ গুপ্তেৰ বাবে মেৰী মধুবালা,,৯ আৰু আদনান ছামীৰ ৰুথে হুৱে হো কিউ মিউজিক ভিডিঅ'ত অভিনয় কৰে।১০

ছবি অভিনয়

ৰাজকুমাৰ সন্তোষীৰ পৰিচালনাত নিৰ্মিত বলীউড ছবি লজ্জা (২০০১)ত অভিনয়েৰে তেওঁ ছবি জগতৰ আৰম্ভণি কৰে১১১২ আৰু তাৰ পিছত নকুল কাপুৰ আৰু কিম শৰ্মাৰ সৈতে তুমছে আচ্ছা কৌন হ্যায় (২০০২) ছবিত অভিনয় কৰে।১৩১৪ ইয়াৰ পিছত অক্ষয় কুমাৰৰ সৈতে আৱৰা পাগল দীৱানাত অভিনয় কৰিছিল আৰু তেওঁৰ কাম প্ৰশংসিত হৈছিল। ৰাজা ভাইয়া, ছাদি নং ১, তীছৰী আঁখ: দ্য হিডেন কেমেৰা, শ্বুটআউট এট লোকাণ্ডৱালা, মিলেংগে মিলেংগে আৰু দছ টোলা আদি চিনেমাত অভিনয় কৰিছিল।

মাধুৰা ক্ষনাম নামৰ ছবিত অভিনয়ৰ যোগেদি তেওঁ তেলেগু ভাষাৰ ছবিৰ অভিনয়ত প্ৰৱেশ কৰিছিল আৰু তাৰ পিছত ওকাৰিকী ওকাৰু, ইণ্টলো শ্ৰীমতী বীধিলো কুমাৰী, চিন্তাকায়ালা ৰবি আৰু গোপি – গোদা মীদা পিল্লী আদি কেইবাখনো ছবিত অভিনয় কৰিছিল।১৫ কানাড়া ভাষাৰ কেইখনমান ছবিত অভিনয় কৰাৰ পিছত পাঞ্জাবী ছবি ব্যাহ ৭০ কিলোমিটাৰ (২০১৩)ত অভিনয় কৰে।

চাব্ৰিয়া ২০১১ চনত ফিয়াৰ ফেক্টৰ- খাট্ৰন কে খিলাড়ীৰ চতুৰ্থ ছিজনৰ বিজয়ী আছিল।১৬ ২০১৩ চনত ঝলক দিখলা জা ৬ নামৰ টিভি শ্বো অনুষ্ঠানটোৰ তেওঁ প্ৰতিযোগী আছিল।১৭

আৰতিয়ে নিউয়ৰ্ক মহানগৰ ফিল্ম একাডেমীৰ পৰা চলচ্চিত্ৰ পৰিচালনাৰ স্নাতক ডিগ্ৰী লাভ কৰে আৰু পিছলৈ ৩০ মিনিট দীঘল এখন চুটি ছবি মুম্বাই বাৰাণসী এক্সপ্ৰেছ১৮ প্ৰযোজনা আৰু পৰিচালনা কৰে; যিয়ে বহু বঁটা লাভ কৰে আৰু চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হয়১৯ আৰু ৰয়েল ষ্টেগ লাৰ্জ চৰ্ট ছবি সন্মান লাভ কৰে৷ বৰ্তমান তেওঁ প্ৰডাকচন বেনাৰ ৰাইজিং ফিনিক্সৰ অধীনত টিভিচি আৰু মিউজিক ভিডিঅ' পৰিচালনা কৰে।২০

অন্যান্য কাম

আৰতি ভিক্টোৰিয়াছ মাইণ্ড পাৱাৰ নামৰ এটা অনলাইন প্ৰশিক্ষণ প্লেটফৰ্মৰ প্ৰতিষ্ঠাপক,২১ যিয়ে স্থাপত্য, আধ্যাত্মিক কৌশল আৰু সৃষ্টিশীল মানসিকতাৰ পদ্ধতিৰ ওপৰত ভিত্তি কৰি একাধিক প্ৰেৰণাদায়ক কাৰ্যসূচী আয়োজন কৰে। তেওঁ দ্য পাৰ্ফেক্ট ছ'লমেট প্ৰগ্ৰেম২২ নামৰ এটা অনুষ্ঠানৰ সৃষ্টিকৰ্তা আৰু আয়োজক যাৰ দ্বাৰা মানুহে তেওঁলোকৰ আদৰ্শ জীৱন সংগী বিচাৰি উলিওৱাত সহায় লাভ কৰে।২৩

ব্যক্তিগত জীৱন

মৰিচাছত থকা অষ্ট্ৰেলিয়াৰ চাৰ্টাৰ্ড একাউণ্টেণ্ট বিছাৰদ বিডাছিৰ সৈতে তেওঁৰ বাগ্দান হয় আৰু ২০১৯ চনত মুম্বাইত ব্যক্তিগত অনুষ্ঠানত তেওঁৰ সৈতে বিবাহপাশত আবদ্ধ হয়।২৪

তথ্যসূত্ৰ

  1. ↑ (22 November 2006). Actress Aarti Chabria celebrates birthday. Businessofcinema.com
  2. ↑ Chouhan, Neha. (21 November 2022). Aarti Chabria B'day: 3 साल की उम्र से शुरू हुआ था मॉडलिंग सफर, फोटोज में देखिए कितनी बदल गईं आरती छाबड़िया. hindi.news18.com. পৃ. 1
  3. ↑ Remember actress Aarti Chabria? Here's what the actress is doing now. Mid-day
  4. ↑ Remember actress Aarti Chabria? Here's what the actress is doing now. Mid-day
  5. ↑ Goldie, Masale. (29 Jul 2022). Aarti Chabria & Salman Khan - Goldie Masale
  6. ↑ Nirma Advance New TVC 2018
  7. ↑ Mukherjee, Roshni. (24 February 2012). Aarti Chabria feels nostalgic. timesofindia.indiatimes.com. পৃ. 1
  8. ↑ Editorial. (2022-11-30). When Aarti Chhabria said- 'Rekha ji slapped me, I was beaten up during Lajja'. News NCR
  9. ↑ Popular celebrity from her childhood. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  10. ↑ (4 June 2007). Aarti Chabria Music Videos. বলিউড হাংগামা
  11. ↑ (2019-02-09). Akshay Kumar heroine Aarti Chabria gets engaged to CA Visharad Beedassy in Mauritius. India Today
  12. ↑ (2023-03-15). रेखा को जब आया गुस्सा, जड़ दिया आरती छाबड़िया को थप्पड़, घंटोंं रोती रहीं एक्ट्रेस. News18 हिंदी
  13. ↑ (21 January 2022). Flashback video: On Sets of Kim Sharma, Nakul Kapoor's 2002 movie 'Tum Se Achcha Kaun Hai'. timesofindia.indiatimes.com. পৃ. 1
  14. ↑ Nakul Kapoor and Aarti Chhabria star in their debut film 'Tum Se Achcha Kaun Hai'
  15. ↑ Telugu, TV9. (2023-05-12). అప్పట్లో కుర్రకారుకు తెగ నచ్చేసిన 'ఒకరికి ఒకరు' హీరోయిన్‌ గుర్తుందా? ఇప్పుడెలా ఉందో, ఏం చేస్తుందో తెలుసా?. TV9 Telugu
  16. ↑ Aarti Chhabria is KKK4 Winner. CNN-IBN
  17. ↑ (2013-05-28). Aarti Chhabria wants to direct film. The Indian Express
  18. ↑ Hungama, Bollywood. (2016-09-26). Aarti Chhabria turns director with short film Mumbai Varanasi Express: Bollywood News - Bollywood Hungama. বলিউড হাংগামা
  19. ↑ (2016-09-26). Aarti Chabria turns director with short film Mumbai Varanasi Express. Hindustan Times
  20. ↑ Rising Phoenix
  21. ↑ Victorious Mind Power
  22. ↑ (8 March 2022). Weddingwire Perfect Soulmate
  23. ↑ Aarti Chabria Founder
  24. ↑ (2019-07-19). Aarti Chabria reveals why she went for an arranged marriage. Hindustan Times

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আৰতি চাব্ৰিয়া” প্ৰবন্ধৰ সংশোধন ৬০১৯৫০ (২২ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।