উষা যাদৱ (Usha Jadhav; জন্ম: ৩ নৱেম্বৰ ১৯৮৪) বিশেষকৈ হিন্দী আৰু মাৰাঠী চলচ্চিত্ৰত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী। ২০১২ চনৰ মাৰাঠী ছবি ‘ধগ’ৰ বাবে তেওঁক বিশেষভাবে জনা যায়। এই ছবিখনত কৰা অভিনয়ৰ বাবে ৬০তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিছিল। ২০১৯ চনত তেওঁ ৫০তম আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ‘মাই ঘাট: ক্ৰাইম নাম্বাৰ ১০৩/২০১৫’ ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ আই.এফ.এফ.আই. বঁটাও লাভ কৰিছিল।১
কৰ্মজীৱন
মহাৰাষ্ট্ৰৰ কোলহলাপুৰত তেওঁৰ জন্ম হৈছিল। তাৰপিছত যাদৱে এটা ট্ৰেভেল এজেঞ্চিৰ চাকৰিত পুণেলৈ যায়। কিন্তু চাকৰি এৰা নাছিল যদিও শিল্পৰ প্ৰতি থকা আগ্ৰহৰ বাবে মুম্বাইলৈ উভতি আছে আৰু সুবিধাৰ সন্ধান কৰে। তেওঁ ‘টাটা ডকোমো’, ‘ফেভিকল’, ‘হেড এণ্ড চোল্জাৰছ্’, ‘আই.চি.আই.চি.আই. বেঙ্ক’ আদি বহুকেইটা ব্যৱসায়িক বিজ্ঞাপনত কাম কৰাৰ সুযোগ পায়। চলচ্চিত্ৰত তেওঁৰ প্ৰথম অভিনয় মধুৰ ভাণ্ডাৰকাৰে পৰিচালনা কৰা ২০০৭ চনৰ ছবি ‘ট্ৰেফিক চিগনেল’। ইয়াত তেওঁ ট্ৰেফিক চিগনেলত সামগ্ৰী বেচা ছোৱালী এজনীৰ সৰু চৰিত্ৰ এটাত অভিনয় কৰিছিল। অভিনেত্ৰী দিপ্তী নাভালে পৰিচালকৰ ৰূপত প্ৰথম পৰিচালনা কৰা, মনিষা কৈৰালা আৰু ৰজত কাপুৰে মূল ভূমিকা কৰা ২০০৯ চনৰ ছবি ‘দো পেইচে কী ধুপ, চাৰ আনে কী বাৰিষ’তো যাদৱে সৰু চৰিত্ৰ এটা কৰে। ২০১২ চনত যাদৱক ‘কৌন বনেগা ক্ৰোড়পতি’ৰ ষষ্ঠ চিজনৰ বিজ্ঞাপনত অমিতাভ বচ্চনৰ সৈতে দেখা গৈছিল।২
ষ্টাৰপ্লাছত সম্প্ৰচাৰ হোৱা টেলিভিচন শ্বো ‘লাখো মেঁ এক’ৰ এটা খণ্ডত তেওঁক মুখ্য ভূমিকাত দেখা গৈছিল। এই শ্বোটোত সমাজত পৰিবৰ্তন অনা সাধাৰণ মানুহৰ কাহিনী বৰ্ণনা কৰা হৈছিল। অনন্ত মহাদেৱনে অতিথি পৰিচালক হিচাপে পৰিচালনা কৰা এই খণ্ডটোত এজনী ন-কইনাৰ চৰিত্ৰত অভিনয় কৰিছিল, যাক গাৰ ক’লা বৰণৰ বাবে শহুৰেকৰ ঘৰৰ মানুহে ভেদ-ভাৱ কৰিছিল।৩
সেই একে বছৰতে ‘ধগ’-এ মুক্তি পাইছিল। ইয়াত তেওঁ যশোদা নামৰ মূল চৰিত্ৰ এটাৰ ভূমিকাত অভিনয় কৰিছিল। এজন কিশোৰৰ মাক হিচাপে যশোদাই স্থানীয় শ্মসানৰ চোৱা-চিতা কৰা পৰিয়ালৰ পৰম্পৰাগত বৃত্তিত জড়িত হৈ পৰাৰ সলনি পুতেকে ভাল শিক্ষা-দিক্ষা লোৱাটো বিচাৰিছিল। নিম্ন জাতৰ হোৱা বাবে তেওঁলোকৰ ওপৰত সমাজে আৰোপ কৰা ৰীতি-নীতিৰ বিৰুদ্ধে সংগ্ৰামৰত এজনী দুখীয়া মাকৰ চৰিত্ৰত কৰা যাদৱৰ অভিনয়ে যথেষ্ট প্ৰশংসা বুটলিছে। বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন হোৱা ছবিখনত তেওঁ কৰা অভিনয়ক প্ৰখ্যাত অভিনেত্ৰী স্মিতা পাটিলৰ সৈতে তুলনা কৰা হৈছে, যদিও তেওঁ পাতিলৰ অভিনয় শৈলীক অনুকৰণ কৰা বুলি মানি লোৱা নাই। যশোদাৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।৪
উষা যাদৱে বাবাচাহেব আম্বেদকাৰক তেওঁৰ অনুপ্ৰেৰণা বুলি মানে। “আমি সকলোৱে জানো যে বাবাচাহেবে আমাৰ দেশৰ সংবিধান প্ৰণয়ন কৰিছিল। কিন্তু বহুতে গৌণ বুলি ভবা, মহিলাৰ বাবে তেওঁ যি কৰি থৈ গৈছে, সেয়া অতি গুৰুত্বপূৰ্ণ আৰু মোৰ বাবে অনুপ্ৰেৰণামূলক। বাবাচাহেবে মহিলাসকলক বিভিন্ন ন্যায়িক অধিকাৰৰ লগতে সমাধিকাৰো দিছে।”৫৬৭
তথ্যসূত্ৰ
- ↑ (20 March 2013). माझ्या स्वप्नांना मर्यादा नाहीत... Sakal
- ↑ (10 October 2012). सुपरस्टारसोबतचा सुपर दिवस. Maharashtra Times
- ↑ (20 August 2012). Anant Mahadevan to direct an episodic of Lakhon Mein Ek. Telly Chakkar
- ↑ (18 March 2013). 'Paan Singh Tomar' Wins Best Feature Honor at India's National Film Awards. The Hollywood Reporter
- ↑ www.maxmaharashtra.com/amp/max-woman/national-aw
- ↑ www.maxwoman.in/videos/national-award-winner-act
- ↑ divyamarathi.bhaskar.com/news/MAH-MAR-AUR-nation
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উষা যাদৱ” প্ৰবন্ধৰ সংশোধন ৩৮০২০৬ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।