অৰ্চিতা সাহু এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে ওড়িয়া ভাষাৰ ছবিত কাম কৰে। বাবু আই লাভ ইউ, মুঁ একাতুমৰ, চকলেট আৰু আকাশে কি ৰং লগিলা আদি কেইবাখনো জনপ্ৰিয় ওড়িয়া ছবিত মুখ্য নাৰী চৰিত্ৰত অভিনয় কৰিছে। ছবিৰ বাহিৰেও মডেল হিচাপে সফলতা লাভ কৰিছে। ১ ২০১৩ চনত কলকাতাত অনুষ্ঠিত হোৱা পণ্ডচ ফেমিনা মিছ ইণ্ডিয়াত প্ৰথম ৰানাৰ্ছ আপ হোৱাৰ লগতে লেকমে এবছ'লিউট ফেমিনা মিছ আইকনিক আই বঁটা লাভ কৰে। তাই ফাইনেলত মিছ টেলেণ্টেড আৰু মিছ ষ্টাইলিছ হেয়াৰৰ খিতাপ লাভ কৰে।
অভিনয় জগতত প্ৰৱেশ কৰাৰ আগতে তাই এগৰাকী শাস্ত্ৰীয় নৃত্যশিল্পী আছিল। ২ সাহু এগৰাকী প্ৰশিক্ষিত ওড়িছী নৃত্যশিল্পী যিয়ে ছয় বছৰ বয়সৰ পৰাই ওড়িছী নৃত্য শিকিবলৈ আৰম্ভ কৰিছিল। তাই অখিল ভাৰত মহাবিদ্যালয়ৰ পৰা ওড়িশাত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰে। ৩
প্ৰাথমিক জীৱন

সাহুৰ জন্ম হৈছিল ভাৰতৰ ওড়িশাৰ ভুবনেশ্বৰত। ২০১১ চনত কে আই আই টি বিশ্ববিদ্যালয়ৰ পৰা তথ্য প্ৰযুক্তিবিদ্যাত তাই বি টেক ডিগ্ৰী লাভ কৰে।৪ তাই ধ্ৰুপদী অডিচি নৃত্যৰ প্ৰশিক্ষণ লাভ কৰে, যাৰ বাবে তাই ৰাষ্ট্ৰীয় বৃত্তি লাভ কৰে।৫
২০০৪ চনত তাইকক মিছ কলিংগ হিচাপে অভিষিক্ত কৰা হয়।৬
চলচ্চিত্ৰ কেৰিয়াৰ
২০০৫ চনত তাইৰ প্ৰথমখন ওড়িয়া ছবি O My Love মুক্তি পায়। তাইক ওড়িয়া চলচ্চিত্ৰ জগতৰ ১ নং অভিনেত্ৰী হিচাপে গণ্য কৰা হয়। ৭ ৮ ওড়িশা ৰাজ্যিক চলচ্চিত্ৰ বঁটাত তাই চাৰিবাৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰিছে। ৯ ১০ ১১ ১২
অন্য কাম
সাহু ইউনিচেফ আৰু ওড়িশা চৰকাৰৰ "শিশু শ্ৰম নিৰ্মূলকৰণ"ৰ ৰাজ্যিক ৰাষ্ট্ৰদূত। ১৩ ১৪ লগতে তাই জুনিয়ৰ ৰেড ক্ৰছৰ এম্বেছাদৰো। ১৫
তাই আই পি এল ৫ৰ ডেকান চাৰ্জাৰ্ছৰ ব্ৰেণ্ড এম্বেছাদৰ আছিল। ১৬ ১৭ ১৮
ব্যক্তিগত জীৱন
২০২১ চনৰ ১ মাৰ্চ তাৰিখে ওড়িশাৰ জয়পুৰত তাই ওড়িয়া চলচ্চিত্ৰ অভিনেতা সব্যসাচী মিশ্ৰৰ লগত বিবাহ পাশত আবদ্ধ হয়।১৯
চলচ্চিত্ৰৰ তালিকা
| বৰ্ষ | চলচ্চিত্ৰ |
|---|---|
| ২০০৫ | অ' মাই লাভ |
| ২০০৬ | বাবু আই লভ ইউ |
| ২০০৬ | দে মা শক্তি দে |
| ২০০৭ | তো বিনা মো কহানী অধা |
| ২০০৭ | তো পাইঁ নেবি মুঁ সহে জনম |
| ২০০৭ | ধনৰে ৰাখিবু শপথ মোৰ |
| ২০০৮ | মুঁ সপনৰ সৌদাগৰ |
| ২০০৮ | মোতে আনি দেলা লক্ষে ফগুণ |
| ২০০৯ | আকাশে কি ৰংগ লাগিলা |
| ২০০৯ | কেউ দুনীয়াৰে আসিলা বন্ধু |
| ২০৯ | পগলা কৰিছি পাউঁজী তোৰ |
| ২০১০ | আলো মোৰ কণ্ঢেই |
| ২০১০ | তোৰ মোৰ জড়ি সুন্দৰ |
| ২০১১ | লোফাৰ |
| ২০১১ | চকলেট |
| ২০১২ | থুকুল |
| ২০১২ | কেবে তুমে নাহঁ কেবে মুঁ নাহিঁ |
| ২০১২ | শপথ |
| ২০১২ | ৰাজা ঝিঅ সঙ্গে হেইগলা ভাব |
| ১০১৩ | এছিপি সাগৰীকা |
| ২০১৩ | দ্য লাইট: স্বামী বিবেকানন্দ (হিন্দী/বাংলা ডাব) |
| ২০১৩ | মুঁ একা তুমৰ |
| ২০১৪ | স্মাইল প্লিজ |
| ২০১৫ | পিলাটা বিগিড়িগলা |
| ২০১৬ | হেলা মোতে প্ৰেমো জ্বৰ |
| ২০১৬ | বাই বাই ডুবাই |
| ২০১৬ | ছাতি তলে ডিং ডং |
| ২০১৭ | জাষ্ট মহব্বত |
| ২০১৭ | শিবা নট আউট |
| ২০১৯ | চেম্পিয়ন |
| ২০১৯ | অজব সঞ্জুৰ গজব লভ |
| ২০১৯ | অভিমান২০ |
| ২০২০ | দুৰ্গতিনাশিনী২১ |
| ২০২১ | ৰোল নং - ২৭২২ |
| ২০২১ | দুৰ্গতিনাশিনী ২২৩ |
| ২০২২ | মহিষাসুৰ |
| ২০২৩ | নমস্তে কমল মা গো |
বঁটা আৰু স্বীকৃতি
আৰ্চিতাই আজিলৈকে তাইৰ চলচ্চিত্ৰ কেৰিয়াৰত কেইবাটাও বঁটা লাভ কৰিছে, য'ত ওড়িশা চৰকাৰৰ তিনিটা ৰাজ্যিক বঁটাও আছে।২৪
- ২০১৭ চনৰ ষ্টাৰ এণ্টাৰটেইনাৰ, শিৱ নট আউট ছবিৰ বাবে, নৱম তৰঙ্গ চিনে বঁটা ২০১৮
- শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা, বাই বাই ডুবাই ছবিৰ বাবে, অষ্টম তৰঙ্গ চিনে বঁটা ২০১৭
- শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা, ৭ম তৰঙ্গ চিনে বঁটা ২০১৬, পিলাটা বিগিড়িগলা ছবিৰ বাবে
- শ্ৰেষ্ঠ অভিনেত্ৰী, ষষ্ঠ তৰঙ্গ চিনে বঁটা ২০১৫, স্মাইল প্লিজ ছবিৰ বাবে
- শ্ৰেষ্ঠ অভিনেত্ৰী, ওড়িয়া চলচ্চিত্ৰ মেলা বঁটা ২০১৪, চলচ্চিত্ৰ স্মাইল প্লিজৰ বাবে
- শ্ৰেষ্ঠ অভিনেত্ৰী, ওড়িশা ৰাজ্যিক চলচ্চিত্ৰ বঁটা ২০১৩, এছিপি সাগৰীকা ছবিৰ বাবে২৫
- শ্ৰেষ্ঠ ওডিয়া অভিনেত্ৰী, ফিল্মফেয়াৰ এৱাৰ্ডছ ইষ্ট ২০১৩, মুঁ একা তুমৰ ছবিৰ বাবে
- শ্ৰেষ্ঠ অভিনেত্ৰী, ওড়িশা ৰাজ্যিক চলচ্চিত্ৰ বঁটা ২০১১, চকলেট ছবিৰ বাবে২৬
- শ্ৰেষ্ঠ অভিনেত্ৰী, ওড়িশা ৰাজ্যিক চলচ্চিত্ৰ বঁটা ২০০৯, পগলা কৰিছি পাউজিঁ তোৰ ছবিৰ বাবে
- শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী, ওড়িশা ৰাজ্যিক চলচ্চিত্ৰ বঁটা ২০০৬, বাবু আই লভ ইউ ছবিৰ বাবে
- শ্ৰেষ্ঠ অভিনেত্ৰী, শ্ব' টাইম, পুৰী
- ২০০৬ চনত দে মা শক্তি দে ছবিৰ বাবে
- ২০০৮ চনত তো পাইঁ নেবি মুঁ সহে জনম ছবিৰ বাবে
- শ্ৰেষ্ঠ অভিনেত্ৰী, বাণীচিত্ৰ বঁটা
- শ্ৰেষ্ঠ অভিনেত্ৰী, ইটিভি ওড়িয়া ফিল্ম এৱাৰ্ড ২০১২, চকলেট ছবিৰ বাবে ২৯
- শ্ৰেষ্ঠ অভিনেত্ৰী ২০০৭, ওমশ্ৰী বঁটা, তো বিনা মো কহানী অধা ছবিৰ বাবে
- শ্ৰেষ্ঠ অভিনেত্ৰী ২০০৮, UMPAৰ দ্বাৰা, তো বিনা মো কহানী অধা ছবিৰ বাবে
- শ্ৰেষ্ঠ অভিনেত্ৰী ২০০৯, শপথৰ দ্বাৰা, মুঁ সপনৰ সৌদাগৰ ছবিৰ বাবে
- শ্ৰেষ্ঠ অভিনেত্ৰী ২০০৯, চলচ্চিত্ৰ জগতৰ দ্বাৰা, মুঁ সপনৰ সৌদাগৰ ছবিৰ বাবে
- শ্ৰেষ্ঠ অভিনেত্ৰী ২০১০, Kamyabৰ দ্বাৰা, আকাশে কি ৰংগ লাগিলা ছবিৰ বাবে
- শ্ৰেষ্ঠ অভিনেত্ৰী ২০১০, চিত্ৰপুৰীৰ দ্বাৰা, ''পগলা কৰিছি পাউজিঁ তোৰ' ছবিৰ বাবে
- শ্ৰেষ্ঠ অভিনেত্ৰী ২০১০, UMPAৰ দ্বাৰা, ''পগলা কৰিছি পাউজিঁ তোৰ' ছবিৰ বাবে
- ২০০৫ চনৰ শ্ৰেষ্ঠ নৱাগত বঁটা, অ’ মাই লাভ ছবিৰ বাবে
তথ্যসূত্ৰ
- ↑ Outlook SpeakOut: Reimagining Odisha. speakout.outlookindia.com
- ↑ Debadhara – Actress Archita Sahu
- ↑ সংৰক্ষণাগাৰভুক্ত অনুলিপি
- ↑ manas. (23 June 2013). Ms Architta Sahu KIIT IT Student got Pond's Femina Miss India Kolkata 2013 1st runner up. School of Computer Engineering
- ↑ (8 August 2011). Archita Sahu – Oriya Actress Biography, Hot Photo, OPL Wallpaper, Pics. Incredibleorissa.com
- ↑ (30 January 2013). Archita Sahu: Archita Sahu crowned first runners up in Femina Miss India Kolkata 2013. The Times of India
- ↑ (2012). Archita Sahu-A lead Oriya Actress. orissaspider.com
- ↑ Sahu, Diana. (26 August 2011). Meet Archita, the bubbly actress. The New Indian Express
- ↑ (11 December 2019). আৰ্কাইভ কপি
- ↑ (13 April 2012). http://articles.timesofindia.indiatimes.com/2012-04-13/news-interviews/31337109_1_diary-indian-president-apj-abdul-kalam
- ↑ (9 June 2012). http://articles.timesofindia.indiatimes.com/2012-06-09/news-interviews/32140031_1_odia-odisha-mujra
- ↑ (23 September 2012). http://articles.timesofindia.indiatimes.com/2012-09-23/news-interviews/34039634_1_archita-sahu-tough-cop-ollywood
- ↑ (26 August 2011). Meet Archita, the bubbly actress- Orissa- IBNLive. Ibnlive.in.com
- ↑ (9 November 2010). UNICEF India – Latest stories – Orissa Celebrates Global Handwashing Day. Unicef.org"UNICEF India – Latest stories – Orissa Celebrates Global Handwashing Day"
- ↑ 7 Avatars of Archita Sahu
- ↑ Home of the Unstoppabulls – Brand Ambassador Archita Sahu in Conversation with Gayatri Reddy. Unstoppabulls.deccanchargers.com
- ↑ (16 April 2012). http://www.telegraphindia.com/1120416/jsp/odisha/story_15378743.jsp
- ↑ (15 April 2012). Press Meet @ Cuttack | Official Website of Deccan Chargers IPL Team. Deccanchargers.com
- ↑ Bal, Sandip. (3 March 2021). Ollywood couple Archita Sahu and Sabyasachi Mishra get hitched in Jaipur. The Times of India
- ↑ Archita-Sabyasachi Pair Up For Odia Movie ‘Abhiman’ After Three Years. Odisha Bytes
- ↑ Archita-Partha Starrer ‘Durgatinashini’ To Release This Dussehra. mycitylinks.in
- ↑ Archita leaves fans surprised with new look for ‘Roll No 27 – Sujata Senapati’. mycitylinks.in
- ↑ Durgatinashini 2. Odia Live
- ↑ (26 November 2012). Ollywood Actress Archita Sahu, Receiving the Best Actress Award for 'Chocolate', at the 23rd State Film Awards function at Utkal Mandap on Sunday. Odisha.360.batoi.com
- ↑ (15 November 2012). Odisha 25th state film awards announced. Business Standard. Press Trust of India
- ↑ (15 November 2012). Odisha 23rd state film awards announced. Business Standard. Press Trust of India
- ↑ (15 May 2011). Other States / Orissa News: Banichitra annual awards for cinema presented. দ্য হিন্দু
- ↑ (12 March 2012). Tarang Cine Awards 2012 Winners | Best Film, Actor, Actress, Director. incredibleorissa.com
- ↑ chalachitra " Third ETV Oriya Cine Awards – 2012. chalachitra.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰ্চিতা সাহু” প্ৰবন্ধৰ সংশোধন ৬০৩৭০৫ (১ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।