ভাষা
১৮৩ প্ৰবন্ধ
-
স্বাহিলী ভাষা
স্বাহিলী'(স্থানীয় নাম: কিছৱাহিলি) ভাষা মূলতঃ স্বাহিলী জনসাধাৰণে কোৱা বাণ্টু ভাষা; যি প্ৰধানকৈ তাঞ্জানিয়া, কেনিয়া আৰু মোজাম্বিকত পোৱা যায়। স্থানীয় আৰু দ্বিতীয় ভাষা ভাষী উভয়কে ধৰি স্বাহিলী ভাষীৰ সংখ্যাৰ অনুমান বহু পৰিমাণে ভিন্ন।
-
হাফলং হিন্দী
হাফলং হিন্দী (हफ़लौंग हिन्दी) অসমৰ ডিমা হাছাও জিলাত (পূৰ্বৰ উত্তৰ কাছাৰ) বহুল প্ৰচলিত এটা সংযোগী ভাষা (lingua franca)। হিন্দীৰ পৰা উদ্ভূত এই সংমিশ্ৰিত ভাষা বা ক্ৰে'য়ল ভাষা(creole language)টোৰ শব্দাৱলী অন্য কেইবাটাও ভাষাৰ শব্দেৰে গঠিত হৈছে।
-
ৰহিঙীয়া ভাষা
ৰহিঙীয়া বা ৰুহিংগ্যা (Ruáingga; ; 𐴌𐴗𐴥𐴝𐴙𐴚𐴒𐴙𐴝) হৈছে ম্যানমাৰৰ ৰাখাইন ৰাজ্যত বাস কৰা ৰহিঙীয়া জনগোষ্ঠীৰ লোকে কোৱা এটা ভাষা। ই প্ৰাচ্য ভাৰত-আৰ্য ভাষা পৰিয়ালৰ অসমীয়া-বঙালী ভাষাগোষ্ঠীৰ এটা ভাষা আৰু চুবুৰীয়া দেশ বাংলাদেশত কোৱা চট্টগ্ৰামীয়া ভাষাৰ সৈতে ইয়াৰ সম্বন্ধ আছে।
-
অমনিগ্ল'ত
অমনিগ্ল'ত হৈছে এখন অনলাইন বিশ্বকোষ, য'ত বিভিন্ন ভাষা আৰু লিখন পদ্ধতি সামৰি লোৱা হৈছে। অমনিগ্ল'ত শব্দটো লেটিন উপসৰ্গ অমনি (সমস্ত) আৰু গ্ৰীক শব্দ গ্ল'ত (জিভা) যোগ হৈ উৎপত্তি হৈছে।
-
কুৰ্মালী ভাষা
কুৰ্মালী, কুড়মালী বা পঞ্চপৰগনিয়া এটি পূৰ্বী ভাৰতীয় আৰ্য ভাষা যি বিহাৰী উপ-গোটৰ অন্তৰ্গত। ই এটি বাণিজ্যিক উপভাষা যি ঝাৰখণ্ডৰ পাঁচ পৰগণাত ব্যৱহাৰ কৰা হয়, যাৰ বাবে এই ভাষাক পঞ্চপৰগনিয়া নামেৰেও জনা যায়।
-
গুজৰী ভাষা
গুজৰী, গোজৰী বা গুৰ্জৰী এটি পশ্চিমীয়া ভাৰতীয়-আৰ্য ভাষা যি ৰাজস্থানী ভাষাগোষ্ঠীৰ অন্তৰ্গত। ই ঘাইকৈ ভাৰত আৰু পাকিস্তানৰ গুজ্জৰ সম্প্ৰদায়ৰ লোকে ব্যৱহাৰ কৰে। কিছু সংখ্যক কথোঁতা আফগানিস্তানতো আছে।
-
গৱাৰ-বাতী ভাষা
গৱাৰ-বাতী বা নৰ্ছাতী এটি দাৰ্দিক ভাৰতীয়-আৰ্য ভাষা যি পাকিস্তানৰ উত্তৰী অংশ আৰু সীমাৰ পাৰৰ আফগানিস্তানৰ চুবুৰীয়া অঞ্চলত ব্যৱহাৰ কৰা হয়। এই ভাষাক চিত্ৰলত অৰণ্ডুয়িৱাৰ নামেৰেও জনা যায় কাৰণ ই মুখ্যতঃ অৰণ্ডুত কোৱা হয়, যি নামনি চিত্ৰলৰ অন্তিম গাওঁ। ইও সীমা পাৰ হৈ আফগানিস্তানৰ বেৰকোটত আছে।
-
জিলেণ্ডিক
জিলেণ্ডিক ভাষা জিলেণ্ডৰ ওলন্দাজ অঞ্চলত আৰু দক্ষিণ হ'লেণ্ডত কথিত এক আঞ্চলিক ভাষা। যদিও ইয়াক প্ৰায় ওলন্দাজ ভাষাৰ উপভাষা হিচাপে অভিহিত কৰা হয়, উচ্চাৰণ, ব্যাকৰণ আৰু শব্দ-সম্ভাৰৰ ভালেমান অমিলে পাকৈত নোহোৱা ওলন্দাজ কথনকাৰীৰ বাবে জিলেণ্ডিক বুজা কষ্টকৰ কৰি তুলে। ভাষাগতভাৱে ই পশ্চিম ফ্লেমিছৰ এক উপভাষা।
-
জুমলী ভাষা
জুমলী বা জুমলী খছ হৈছে নেপালত কথিত এটি ভাৰতীয়-আৰ্য় ভাষা, যি নেপালী ভাষাৰ এটি ভগ্নী ভাষা। এই ভাষা মুখ্যতঃ নেপালৰ কৰ্ণালী প্ৰান্তত ব্যৱহাৰ কৰা হয়। ভাষাটোক কোনো কোনোৱে নেপালীৰ উপ-ভাষা আখ্যা দিয়ে যদিও নেপালৰ চৰকাৰে ইয়াক এক পৃথক ভাষা বুলি গণ্য কৰে।
-
জৌনসাৰী ভাষা
জৌনসাৰী (দেৱনাগাৰী লিপিত: जौनसारी, ) এটি পশ্চিমীয়া পাহাড়ী ভাষা যাক উত্তৰাখণ্ড ৰাজ্যৰ গঢ়ৱাল অঞ্চলৰ দেহৰাদুন জিলাৰ চক্ৰতা আৰু কালসীত জৌনসাৰী লোকে ব্যৱহাৰ কৰে। জৌনসাৰীৰ উপ-ভাষাসমূহে চুবুৰীয়া বংগনী, জৌনপুৰী, নাগপুৰীয়া আৰু সিৰমৌৰীৰ সৈতে প্ৰায় ৬০% শব্দাৱলী একেই ৰাখে।
-
টোকি পোনা
টোকি পোনা হৈছে এটা দাৰ্শনিক কলাত্মক নিৰ্মিত ভাষা, যিটো কম শব্দভাণ্ডাৰ, সৰলতা আৰু সহজলভ্যতাৰ বাবে জনাজাত। ইয়াক কানাডাৰ টৰণ্টোৰ ভাষাবিদ আৰু অনুবাদক ছ'ঞ্জা এলিন কিছা লেঙ-এ সৃষ্টি কৰিছিল। এই ভাষাটো সকলো সংস্কৃতিৰেই পৰিচিত বা প্ৰায় একেধৰণৰ কিছুমান সহজ ধাৰণা আৰু প্ৰতীকৰ ওপৰত আধাৰিত।
-
ঠেঠী মৈথিলী
ঠেঠী মৈথিলী ভাষা মৈথিলী ভাষাৰ এটা প্ৰধান উপভাষা। ইয়াক ঠেঠীয়া, ঠেন্থী বা ঠাটি বুলিও জনা যায়। ই প্ৰধানকৈ ভাৰত আৰু নেপালৰ মিথিলা অঞ্চলত প্ৰচলিত মৈথিলী ভাষাৰ উপভাষা৷ প্ৰধানকৈ ভাৰতৰ বিহাৰৰ কোশী, পূৰ্ণিয়া আৰু মুংগেৰ বিভাগ আৰু নেপালৰ কোশী প্ৰদেশত এই ভাষা কোৱা হয়।
-
তাণ্ডিয়া ভাষা
তাণ্ডিয়া ভাষা ইণ্ডোনেছিয়াৰ পাপুয়াৰ ধাৰণা কৰামতে চেণ্ডাৰৱাছিহ(গীলভিংক বে) পৰিয়ালৰ এটা বিলুপ্ত অষ্ট্ৰনেছিয়ান ভাষা। এই ভাষা কোৱা বেছিভাগ লোকেই ৱাণ্ডামেনলৈ স্থানান্তৰিত হৈছে।
-
নঙলামী ভাষা
নঙলামী বা গ্ৰঙলী এটি দাৰ্দিক ভাৰতীয়-আৰ্য ভাষা যি আফগানিস্তানত স্থিত। জেমিয়াকী ভাষাকো আগতে নঙলামীৰেই উপভাষা মনা হৈছিল, কিন্তু পুনৰ্বিবেচনাৰ আধাৰত সেই ভাষাক নূৰিস্তানী ভাষাসমূহৰ অন্যতমহে গণ্য কৰা হৈছে, ৱাইগালী ভাষাৰ নিকটৱৰ্তী।
-
নহৰী ভাষা
নহৰী এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা যি ভাৰতৰ ছত্তীসগঢ় আৰু উৰিষ্যা ৰাজ্যত ঘাইকৈ ব্যৱহাৰ কৰা হয়। এই ভাষা এটি হলবিক উপগোটৰ ভাষা, যি অসমীয়া-বঙালী, ওড়িয়া আৰু বিহাৰীৰ লগতে পূৰ্বী ভাৰতীয়-আৰ্য ভাষাগোটৰ এটি ভাগ। এই ভাষা ২০০০ চনত প্ৰায় ২০০০০ লোকে কৈছিল।
-
পংগৱাড়ী
পংগৱাড়ী (টাকৰী লিপিত: 𑚞𑚫𑚌𑚦𑚭𑚪𑚯) এটি পশ্চিমীয়া পাহাড়ী ভাৰতীয়-আৰ্য ভাষা। এই ভাষা মুখ্যতঃ উত্তৰ ভাৰতৰ হিমাচল প্ৰদেশ ৰাজ্যৰ চম্বা জিলাৰ পংগী অঞ্চলত ব্যৱহাৰ কৰা হয়। পংগৱাড়ীৰ নিজা লিপি টাকৰী, কিন্তু বৰ্তমানে অনেকে দেৱনাগৰী লিপিতো ভাষাটো লিখে।
-
পালুলা ভাষা
পালুলা, ফালুৰা, পাল'লা বা ফালুল, যাক অশ্ৰেতী বা (খোৱাৰ ভাষী লোকে ব্যৱহাৰ কৰা) ডাঙৰিক্বাৰ নামেৰেও জনা যায় এটি দাৰ্দিক ভাৰতীয়-আৰ্য ভাষা যি প্ৰায় ১০০০০ লোকে অশ্ৰেত আৰু বিয়'ৰি উপত্যকাৰ লগতে শ্বিশ্বি উপত্যকাৰ পুৰি বা পুৰিগল আৰু কলকটক গাৱঁৰ (এই গাওঁ পাকিস্তানৰ খাইবৰ পখতুনখোৱাৰ চিত্ৰল জিলাত স্থিত)…
-
পূব মৈথিলী
পূব মৈথিলী বা পূৰ্বী মৈথিলী হৈছে মৈথিলী ভাষাৰ এটা উপভাষা, যিটো প্ৰধানকৈ ভাৰতৰ মিথিলা অঞ্চলত কোৱা হয়। ইয়াক প্ৰধানকৈ ভাৰতৰ বিহাৰ ৰাজ্যৰ পূৰ্ণিয়া বিভাগত কোৱা হয়। ভাৰতৰ ২০১১ চনৰ লোকপিয়ল অনুসৰি এই ভাষাৰ প্ৰায় ১১,১১৬ জন বক্তা আছে। ই ভাগলপুৰ আৰু দুমকা অঞ্চলত কোৱা অংগিকা ভাষাৰ সৈতে বহুত মিল আছে।
-
বাগড়ী ভাষা
বাগড়ী ভাষা (باگڑی/बागड़ी) এটি পশ্চিমীয়া ভাৰতীয়-আৰ্য ভাষা যি ৰাজস্থানী ভাষাগোষ্ঠীৰ অন্তৰ্গত। ই হাৰিয়ানৱী, ৰাজস্থানী আৰু পাঞ্জাবীক সংযোগ কৰা ভাষা। এই ভাষাৰ নাম বাগড় অঞ্চলৰ পৰা অহা।
-
বুক্সা ভাষা
বুক্সা, বুক্সাৰী বা ভোক্সা এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা যি ভাৰতৰ উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশ ৰাজ্যৰ বুক্সা লোকে মুখ্যতঃ ব্যৱহাৰ কৰে। ই অসমীয়া, বাঙালী, মৈথিলী, ভোজপুৰী আদি ভাষাৰ ভগ্নী ভাষা।
-
ভাষাবিজ্ঞান উপক্ৰমণিকা
ভাষাবিজ্ঞান উপক্ৰমণিকা অসমীয়া ভাষা বিষয়ক গ্ৰন্থ। লিখক অৰ্পণা কোঁৱৰ। প্ৰথম প্ৰকাশ হয় ২০০২ চনত। প্ৰকাশক বনলতা। গ্ৰন্থখনত ভাষাৰ তাৎপৰ্য, ভাষা অধ্যয়নৰ প্ৰয়োজনীয়তা, ভাষা চৰ্চা আৰু অধ্যয়নৰ ইতিহাস, ভাষাতত্ত্ব, ভাষাবিজ্ঞান, ব্যাকৰণ, ভাষাবিজ্ঞানৰ পৰিধি, ধ্বনিবিজ্ঞান, ধ্বনিতত্ত্ব, বৰ্ণবিজ্ঞান,…
-
ভুঞ্জিয়া ভাষা (হলবিক)
ভুঞ্জিয়া এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা যি ভাৰতৰ উৰিষ্যা আৰু ছত্তীসগঢ় ৰাজ্যত বসবাদ কৰা ভুঞ্জিয়া সম্প্ৰদায়ে ব্যৱহাৰ কৰে। এই ভাষা ২০০০ চনত প্ৰায় ৬৭৯০ লোকে কৈছিল।
-
মাং ভাষা (লোলো-বাৰ্মী ভাষা)
মাং ভাষা বা ম’আং ভাষা হৈছে চীনৰ য়ুনান প্ৰদেশৰ ৱেনচান স্বায়ত্ত শাসিত অঞ্চল আৰু উত্তৰ ভিয়েটনামত কোৱা এখন লোলো-বাৰ্মী ভাষা। স্থানীয়ভাৱে এই জাতিগোটক অন্য জাতিসমূহে গাওকুঝিয়াও ই (高裤脚彝, অৰ্থাৎ "ওখ পিন্ধা ই") বুলি জনে (Zhou 2014:1)। লামা (২০১২) অনুসৰি, মাং ভাষা ম'ন্দজিছ শাখাৰ অন্তৰ্গত।
-
মাল পহাড়িয়া ভাষা
মাল পাহাড়িয়া ভাৰতৰ ঝাৰখণ্ড আৰু পশ্চিমবংগত তথা বাংলাদেশত কথিত এটি ভাষা যি ৫১০০০ৰ পৰা ১১০০০০ লোকে ব্যৱহাৰ কৰে। ভিন ভিন সূত্ৰই এই ভাষাক ভিন ভিন ভাষাগোষ্ঠীৰ অন্তৰ্গত বুলি দাবী কৰে। কোনো কোনোৰ মতে, ই অসমীয়া-বাঙালী ভাষাগোষ্ঠীৰ অন্তৰ্গত, আনৰ মতে ই মালটো ভাষাৰ উপভাষা।
-
মাৱেছ ভাষা
মাৱেছ ভাষা ইণ্ডোনেছিয়াৰ এটা বিলুপ্ত পাপুয়ান ভাষা। আশ্বাৰে (২০২০) ধাৰণা কৰিছে যে, এই ভাষাৰ সৈতে কুৱেৰবিক ভাষাৰ সম্পৰ্ক থাকিব পাৰে। ফ'লেই (২০১৮) আৰু হামাৰষ্ট্ৰমে (২০১০) মাৱেছ ভাষাক বিচ্ছিন্ন হিচাপে শ্ৰেণীভুক্ত কৰিছে। ২০০৬ চনত ইয়াৰ ৮৫০জন স্থানীয়ভাষী আছিল যদিও ২০২৪ চনৰ ভিতৰত ই বিলুপ্ত হৈ পৰিছিল।
-
লুহু ভাষা
লুহু ভাষা পূৱ ইণ্ডোনেছিয়াৰ চেৰাম দ্বীপৰ পশ্চিম অংশত প্ৰচলিত এক বিলুপ্ত অষ্ট্ৰনেছিয়ান ভাষা। চেৰামৰ পশ্চিম মূৰৰ হোয়ামোয়াল উপদ্বীপৰ লুহু গাঁৱত আৰু চেৰাম দ্বীপৰ পশ্চিম প্ৰান্তৰ ব'আনো আৰু কেলাং দ্বীপত এই কথা কোৱা হৈছিল।
-
লোকভাষা
লোকভাষা হৈছে মুখে মুখে চলি অহা অৰ্থাৎ কথিত ভাষা। এই ভাষা কোনো ধৰণৰ আনুষ্ঠানিক পদ্ধতিৰে শিকা নাযায়, আৰু ই পৰিমাৰ্জিত তথা ৰীতিবদ্ধ নহয়। লোক সাহিত্যত ব্যৱহৃত ভাষা উপাদান মাত্ৰেই 'লোকভাষা' (Folk speech) বুলি আমি ক'ব পাৰি যদিও লোকভাষাৰ আয়তন বহু পৰিমাণে সংকীৰ্ণ।
-
শুমশ্তী ভাষা
শুমশ্তী বা শুমশ্ত এটি দাৰ্দিক ভাৰতীয়-আৰ্য ভাষা যি আফগানিস্তানৰ পূব অঞ্চলত ব্যৱহাৰ কৰা হয়। এই ভাষা কুনাৰ প্ৰান্তৰ কোনো কোনো অঞ্চলত কোৱা হয়: কুনাৰ উপত্যকাৰ পশ্চিম অংশত, জলালাবাদ আৰু পেচ উপত্যকাৰ মাজৰ অংশত। এই ভাষা কোৱা লোকৰ সংখ্যা ১৯৯৪ চনত ১০০০ আছিল।
-
সিৰমৌৰী
সিৰমৌৰী এটি পশ্চিমীয়া পাহাড়ী ভাষা যি ঘাইকৈ ভাৰতৰ হিমাচল প্ৰদেশৰ সিৰমৌৰ জিলাত কোৱা হয়। এই ভাষাৰ দুই প্ৰধান উপ-ভাষা হ'ল গিৰিৱাৰী (বা ধাৰথী) আৰু গিৰিপাৰী।
-
স্কটছ ভাষা
স্কটছ এটা পশ্চিম জাৰ্মানীয় ভাষা, যিটো প্ৰাচীন মধ্য ইংৰাজীৰ পৰা উদ্ভৱ হৈছিল। এই কাৰণে, আধুনিক স্কটছ আৰু আধুনিক ইংৰাজী দুয়োটাকে ভগ্নী ভাষা বুলি গণ্য কৰা হয়।