অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

সিৰমৌৰী

সিৰমৌৰী এটি পশ্চিমীয়া পাহাড়ী ভাষা যি ঘাইকৈ ভাৰতৰ হিমাচল প্ৰদেশৰ সিৰমৌৰ জিলাত কোৱা হয়। এই ভাষাৰ দুই প্ৰধান উপ-ভাষা হ'ল গিৰিৱাৰী (বা ধাৰথী) আৰু গিৰিপাৰী।

হালনাগাদ: ২ এপ্ৰিল ২০২৩ ১৯৭ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

সিৰমৌৰী এটি পশ্চিমীয়া পাহাড়ী ভাষা যি ঘাইকৈ ভাৰতৰ হিমাচল প্ৰদেশৰ সিৰমৌৰ জিলাত কোৱা হয়। এই ভাষাৰ দুই প্ৰধান উপ-ভাষা হ'ল গিৰিৱাৰী (বা ধাৰথী) আৰু গিৰিপাৰী।

ব্যাকৰণ

প্ৰত্যয়

+প্ৰাথমিক১casemasculinefeminineneuter
genitive/ra//ree//roo/
locative/da//dee//doo/
ablative/sa//see//soo/

লিপি

সিৰমৌৰী ভাষাৰ নিজা লিপি সিৰমৌৰী লিপি২ এই লিপিক ইউনিকোডত অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ ইতিমধ্যে বিবেচনাধীন।৩ স্থানীয়ভাৱে এই লিপিক ধনকাৰী বুলিও জনা হয়। তদুপৰি, জ্যোতিষীসকলে পবূচী নামৰ এটি লিপিত এই ভাষা লিখিছিল।

সিৰমৌৰী লিপিত লিখা লেখৰ উদাহৰণ
সিৰমৌৰী লিপিত লিখা লেখৰ উদাহৰণছবি: Grierson 1916b: 468 Grierson 1916b: 401 · CC0

স্থিতি

সিৰমৌৰী ভাষাক প্ৰায় পাহাড়ী বা হিমাচলীও আখ্যা দিয়া হয়। এই ভাষাৰ কোনো আনুষ্ঠানিক স্বীকৃতি নাই আৰু ইয়াক হিন্দী ভাষাৰ উপভাষা হিচাপে নথিভুক্ত কৰা হয়।৪ ইউনেস্ক'ই এই ভাষাক 'বিষমভাৱে লুপ্তপ্ৰায়' শাখাত ৰাখিছে, যাৰ অৰ্থ প্ৰায় এই ভাষা কোৱা আটাইতকৈ কম বয়সীয়া লোকো বৰ্তমানে ককাক বা আইতাক, আৰু তেওঁলোকেও এই ভাষা কেতিয়াবা কেতিয়াবাহে বা অংশিকভাৱেহে কয়। ইয়াৰ এটা কাৰণ এই বুলিও ধৰা হৈছে যে ভাৰত চৰকাৰে হিন্দী ভাষাক অধিক প্ৰাধান্য প্ৰদান কৰে।

২০১০ চনত হিমাচল প্ৰদেশৰ বিধান সভাই ভাৰতৰ সংবিধানৰ অষ্ট অনুসূচীত 'পাহাড়ী (হিমাচলী) অন্তৰ্ভুক্ত কৰাৰ দাবী তুলিছিল।৫ ই হিমাচল প্ৰদেশৰ বিভিন্ন ভাষাক একেলগে প্ৰতিনিধিত্ব কৰাৰ উদ্দেশ্য ৰখা হৈছিল। পিচে তাৰ পাছত এই দিশে কোনো প্ৰগতি দেখা হোৱা নাই, যদিও অনেক সৰু সৰু সংগঠনে এই ভাষা ৰক্ষা কৰিবলৈ প্ৰচেষ্টা চলাই আহিছে।৬ ৰাজনৈতিক কাৰণত বৰ্তমানে সিৰমৌৰী ভাষাক হিন্দী ভাষাৰ উপভাষা হিচাপে নথিভুক্ত কৰা হয়, যদিও এই দুই ভাষা কোৱা লোকে ইজনে সিজনক সহজে বুজিব নোৱাৰে।

তথ্যসূত্ৰ

  1. ↑ Language in India. www.languageinindia.com
  2. ↑ Grierson, George Abraham. Linguistic Survey Of India, Volume 9.4. পৃ. 383–84, 458-59
  3. ↑ Sirmauri Unicode
  4. ↑ Indian Language Census
  5. ↑ Pahari Inclusion. Zee News
  6. ↑ Pahari Inclusion. The Statesman

সম্পৰ্কিত শ্ৰেণী

ভাষাভাৰতৰ ভাষা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সিৰমৌৰী” প্ৰবন্ধৰ সংশোধন ৩৫২১২৯ (২ এপ্ৰিল ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।