ভাষা
১৮৩ প্ৰবন্ধ
-
হলবী ভাষা
হলবী, বস্তৰী, হলব, হলৱস বা হলৱী এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা, যি ওড়িয়া আৰু মাৰাঠীৰ মাজৰ ৰূপান্তৰণৰ ভাষা। মধ্য ভাৰতত কমেও ৭৬৬২৯৭জন লোকে এই ভাষা ব্যৱহাৰ কৰে। মহৰী উপভাষা অন্য উপভাষাসমূহতকৈ কিছু পৃথক আৰু কষ্টেৰেহে বুজিব পৰা যায়। এই ভাষাৰ আনুমানিক ২০০০০০ দ্বিতীয়-ভাষা কথোঁতাও আছে (২০০১ চনত)।
-
ৰেলী ভাষা
ৰেলী বা ৰেল্লী এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা যি মুখ্যতঃ পূব ভাৰত আৰু দক্ষিণ ভাৰতত ঘাইকৈ বাস কৰা ৰেলী লোকে ব্যৱহাৰ কৰে। এই ভাষা ওড়িয়া উপগোটৰ অন্তৰ্গত, অৰ্থাৎ অসমীয়া বা বাংলা ভাষাতকৈ এই ভাষা ওড়িয়া ভাষাৰ নিকটৱৰ্তী, যদিও ই তিনিওটাৰেই ভগ্নী ভাষা।
-
ৱিকিপিডিয়াৰ তালিকা
ৱিকিপিডিয়া হৈছে স্বেচ্ছাসেৱী সম্পাদকৰ এটা সম্প্ৰদায়ৰ দ্বাৰা সম্পাদিত আৰু পৰিচালিত এক বিনামূলীয়া বহুভাষিক মুক্ত উৎস ৱিকি ভিত্তিক অনলাইন বিশ্বকোষ, ২০০১ চনৰ ১৫ জানুৱাৰীত ইংৰাজী ভাষাৰ বিশ্বকোষ হিচাপে আৰম্ভ কৰা হৈছে।
-
আন্তঃলিংগুৱা
ইন্টাৰলিংগুয়া হৈছে এক আন্তৰ্জাতিক সহায়ক ভাষা (IAL) যিটো ১৯৩৭ চনৰ পৰা ১৯৫১ চনৰ ভিতৰত আমেৰিকান আন্তৰ্জাতিক সহায়ক ভাষা সংস্থাই (IALA) বিকশিত কৰিছিল। ই আটাইতকৈ বেছি ব্যৱহৃত আই এ এল সমূহৰ ভিতৰত স্থান লাভ কৰে আৰু ই আটাইতকৈ বেছি ব্যৱহৃত প্ৰাকৃতিকতাবাদী আই এ এল – অৰ্থাৎ, সেই আই এ এল সমূহ যাৰ…
-
আমেৰিকা যুক্তৰাষ্ট্ৰত ব্যৱহৃত ভাষা
আমেৰিকা যুক্তৰাষ্ট্ৰত সৰ্বাধিক ব্যৱহৃত ভাষা ইংৰাজী, বিশেষকৈ আমেৰিকী ইংৰাজী। এই ভাষাক আমেৰিকা যুক্তৰাষ্ট্ৰৰ অনানুষ্ঠানিক ৰাষ্ট্ৰীয় ভাষা বুলিব পাৰি। এই ভাষা বাদে অন্য ভাষাও পিচে আমেৰিকা যুক্তৰাষ্ট্ৰত ব্যৱহৃত হয় আৰু অতীতত হৈ আহিছিল।
-
উশ্ব'জি ভাষা
উশ্ব'জি (এই ভাষা কোৱা লোকে নিজৰ ভাষাক উশ্ব'জ বোলে) এটি দাৰ্দিক ভাৰতীয়-আৰ্য ভাষা যি পাকিস্তানৰ খাইবৰ-পখটুনখোৱা প্ৰান্তৰ কোহিস্তান আৰু স্বাট জিলাত মুখ্যতঃ ব্যৱহাৰ কৰা হয়।
-
কলকোটি ভাষা
কলকোটি বা গ'এডিজা এটি দাৰ্দিক ভাৰতীয়-আৰ্য ভাষা যি পাকিস্তানৰ উজনি ডিৰ জিলাৰ কলকোট অঞ্চলত মুখ্যতঃ ব্যৱহাৰ কৰা হয়।
-
কিশ্তৱাড়ী ভাষা
কিশ্তৱাড়ী বা কশ্তৱাড়ী এটি দাৰ্দিক ভাৰতীয়-আৰ্য ভাষা যাৰ কাশ্মিৰী ভাষাৰ সৈতে ভালেমান মিল আছে। চুবুৰীয়া পশ্চিমীয়া পাহাড়ী ভাষাসমূহৰো ভালেমান প্ৰভাৱ এই ভাষাত দেখা যায়। এই ভাষা মুখ্যতঃ ভাৰতৰ জম্মু আৰু কাশ্মীৰৰ কিশ্তৱাড় জিলাত ব্যৱহাৰ কৰা হয়।
-
কুণ্ডল শ্বাহী ভাষা
কুণ্ডল শ্বাহী (, Kunḍal Šāhī) এটি দাৰ্দিক ভাৰতীয়-আৰ্য ভাষা যি পাকিস্তান অধীকৃত কাশ্মীৰৰ নীলম উপত্যকাৰ কুণ্ডল শ্বাহী গাঁৱৰ প্ৰায় ৭০০ লোকে ব্যৱহাৰ কৰে। ই এটি বিপদাপন্ন ভাষা যাৰ থলুৱা ভাষী লোকে হিন্দকো ভাষা আকোৱালি ল'ব ধৰিছে।
-
কুমালী ভাষা
কুমালী, কুম্হালী বা কুম্বালে এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা যি নেপালৰ কুমাল লোকৰ দ্বাৰা ঘাইকৈ ব্যৱহৃত। এই গোষ্ঠীৰ জনসংখ্যা প্ৰায় ১২১০০০ যাৰ ১২০০০ লোকে কুমালী ভাষা কয়।
-
খাময়াং ভাষা
খাময়াং ভাষা অসমৰ এক সংকটজনক টাই ভাষা, যিটো খাময়াং জনগোষ্ঠীয়ে কয় ৷ প্ৰায় পঞ্চাশজন লোকে এই ভাষা কয়; তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ পৰা সাত মাইল দূৰৈত অৱস্থিত পোৱাইমুখ গাঁৱত তেওঁলোকে বাস কৰে।
-
ছাৱী ভাষা
ছাৱী বা ছাউজী এটি লুপ্তপ্ৰায় দাৰ্দিক ভাৰতীয়-আৰ্য ভাষা যি আফগানিস্তান আৰু উত্তৰ-পশ্চিম পাকিস্তানত মূলতঃ ব্যৱহাৰ কৰা হয়। এই ভাষাক শ্বিনা ভাষিক গোটৰ অংশ জ্ঞান কৰা হয় দাৰ্দিক ভাষাসমূহৰ মাজত।
-
ডোমাৰী ভাষা
ডোমাৰী হৈছে বিলুপ্তপ্ৰায় ভাৰত-আৰ্য্য ভাষা, যিটো মধ্যপ্ৰাচ্য আৰু উত্তৰ আফ্ৰিকাত সিঁচৰতি হৈ থকা ডোম লোকসকলে কয়৷ এই ভাষাটো আজাৰবাইজানৰ উত্তৰ দিশত আৰু মধ্য চুডানৰ দক্ষিণলৈকে চলে।
-
দামেলী ভাষা
দামেলী, দামীয়া বা গিদোজ এটি দাৰ্দিক ভাৰতীয়-আৰ্য ভাষা যি প্ৰায় ৫০০০ লোকৰ দ্বাৰা মুখ্যতঃ পাকিস্তানৰ খাইবৰ-পাখতুনখোৱা প্ৰান্তৰ চিত্ৰল জিলাৰ ডোমেল চহৰত ব্যৱহাৰ কৰা হয়। ডোমেল বা ডামেল উপত্যকা ড্ৰোছৰ প্ৰায় দহ মাইল দক্ষিণ দিশে অৱস্থিত, যি চিত্ৰল বা কুনাৰ নদীৰ পূব দিশে স্থিত।
-
নিৰ্মিত ভাষাৰ তালিকা
তলৰ উল্লেখযোগ্য নিৰ্মিত ভাষাসমূহৰ তালিকাখন সহায়ক, আচাৰ-ব্যৱহাৰ, অভিযন্তা, আৰু কলাত্মক (কাল্পনিককে ধৰি) ভাষা আৰু নিজ নিজ উপশৈলীত বিভক্ত কৰা হৈছে। এই তালিকাৰ সকলো প্ৰৱেশতে পৃথক পৃথক ৱিকিপিডিয়াৰ প্ৰবন্ধৰ বিষয়ে অধিক তথ্য আছে।
-
পিৰাহা ভাষা
পিৰাহা বা মুৰা-পিৰাহা ভাষা হ'ল ব্ৰাজিলৰ আমাজনাৰ পিৰাহা জনগোষ্ঠীৰ থলুৱা ভাষা। পিৰাহাসকলে আমাজন নদীৰ উপনৈ মাইচি নদীৰ কাষত বাস কৰে। পিৰাহা হৈছে মুৰা ভাষাৰ একমাত্ৰ জীয়াই থকা উপভাষা।
-
প্ৰাচীন হিন্দী
প্ৰাচীন হিন্দী (पुरानी हिंदी) হৈছে বৰ্তমানৰ হিন্দী ভাষাৰ খড়িবোলী উপভাষাৰ প্ৰাৰম্ভিক ৰূপ। ইয়াক আধুনিক মান্য হিন্দী ভাষাৰ পূৰ্বসূৰী বুলি গণ্য কৰা হয়। এই ভাষা বৰ্তমানৰ হিন্দী বেল্টৰ, বিশেষকৈ দিল্লী আৰু ইয়াৰ কাষৰিয়া অঞ্চলৰ লোকলকলৰ মাজত প্ৰায় ১৩-১৪ শতিকাৰ সময়ত প্ৰচলিত আছিল।
-
বড়ো–গাৰো ভাষা
বড়ো–গাৰো ভাষাসমূহ হৈছে চীনা-তিব্বতীয় ভাষাৰ এটা শাখা, যি প্ৰধানকৈ উত্তৰ-পূব ভাৰত আৰু বাংলাদেশৰ কিছু অংশত কোৱা হয়। বড়ো–গাৰো ভাষাসমূহ মুঠ চাৰিটা ভাগত বিভক্ত: বড়ো, গাৰো, কোচ আৰু দেউৰী।
-
বিলুপ্তপ্ৰায় ভাষা
বিলুপ্তপ্ৰায় ভাষা ( endangered language ) হৈছে এনে এটা ভাষা যিটো ব্যৱহাৰকাৰীৰ মৃত্যুৰ দ্বাৰা নহয় অন্য ভাষাৰ ব্যৱহাৰৰ দ্বাৰা বিলুপ্ত হোৱাৰ বিপদত পৰিছে। যেতিয়া কোনো ভাষাৰ ব্যৱহাৰকাৰী নাথাকে তেতিয়া ভাষাটো হেৰাই যায় বা বিলুপ্ত হৈ যায় আৰু বিলুপ্ত বা মৃত বুলি গণ্য কৰা হয়।
-
ব্ৰক্সকাট ভাষা
ব্ৰক্সকাট বা মিনাৰ এটি বিপদাপন্ন দাৰ্দিক ভাৰতীয়-আৰ্য ভাষা। এই ভাষা মুখ্যতঃ ভাৰতৰ লাদাখৰ নামনী সিন্ধু উপত্যকা আৰু তাৰ ওচৰৰ ঠাইসমূহত বাস কৰা ব্ৰকপা লোকে ব্যৱহাৰ কৰে। এই ভাষা প্ৰাচীন দাৰ্দিক ভাষা পৰিয়ালৰ আতাইতকৈ পুৰণি অস্তিত্বত থকা সদস্য।
-
ভাষিক সুৰ
ভাষিক সুৰ (Tone) হৈছে ভাষা এটাত সুৰীয়া কম্পনাংক ব্যৱহাৰ কৰি শব্দৰ অৰ্থ বা ব্যাকৰণৰ অৰ্থ পৃথক কৰা বা প্ৰভাবিত কৰাৰ এটা পদ্ধতি। সকলো ভাষাই শব্দ বা তাৰ ৰূপ পৰিৱৰ্তন কৰিবলৈ সুৰ ব্যৱহাৰ নকৰে, যি ধ্বনি আৰু স্বৰবৰ্ণৰ লগত তুলনীয়।
-
ভূটানৰ ভাষাসমূহ
ভূটানৰ ৰাষ্ট্ৰীয় ভাষা হৈছে জোংখা ভাষা, যাক ভূটানীজ ভাষা বুলিও কোৱা হয়। ইয়াৰ লিপিৰ নাম হৈছে "চৌকী" (ধৰ্ম ভাষা) (Chhokey, Dharma Language)। এই লিপিৰ তিব্বতীয় ভাষাৰ লগত মিল আছে। বিদ্যালয়সমূহত শিক্ষাৰ মাধ্যম ইংৰাজী আৰু জোংখা ভাষা জাতীয় ভাষা হিচাপে পঢ়োৱা হয়। বৰ্তমান ভূটানত ২৪টা ভাষা প্ৰচলিত।
-
মিচিং আখৰ-জোঁটনি
মিচিং বৰ্ণমালা (Mising: Bíglung) হৈছে মিচিং ভাষা লিখিবলৈ ব্যৱহাৰ কৰা বৰ্ণমালা। মিচিং ভাষাত সৰ্বমুঠ ২৫টা বৰ্ণ আছে। ইংৰাজী বৰ্ণমালাৰ দৰেই মিচিং ভাষাতো ডাঙৰফলা (Capital letter) আৰু সৰুফলা (Small letter) লিখন-পদ্ধতি প্ৰচলিত। মিচিং ভাষাত ডাঙৰফলাক Bíkta আৰু সৰুফলাক Bígme: বুলি কোৱা হয়।
-
মুসাসা ভাষা
মুসাসা (উচ্চাৰিত মুচাচা) এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা যি মুখ্যতঃ নেপালত ব্যৱহৃত। ই পূৰ্বী ভাৰতীয়-আৰ্য গোটৰো বিহাৰী উপ-গোটৰ অংশ। এই ভাষা ঘাইকৈ জনকপুৰ, কোশী আৰু সাগৰমথা অঞ্চলত ব্যৱহাৰ কৰা হয়। মুসাহাৰ জাতৰ লোকে ঘাইকৈ এই ভাষা ব্যৱহাৰ কৰে।
-
যোগী ভাষা
যোগী ভাষা হ'ল ভাৰত আৰু পাকিস্তানৰ যোগী সম্প্ৰদায়ৰ কিছুসংখ্যক ব্যক্তিয়ে কোৱা ভাৰত-আৰ্য ভাষা৷ সাধাৰণতে এই ভাষাটোক মাৰোৱাৰীৰ উপভাষা বুলি গণ্য কৰা হয়, কিন্তু এই ভাষাৰ সৰ্বনামবোৰ মাৰোৱাৰী ভাষাতকৈ সুকীয়া হয়।
-
লিংগুয়া ফ্ৰাংকা নোভা
লিংগুয়া ফ্ৰাংকা নোভা, মূলতঃ পেনচিলভেনিয়াৰ শ্বিপেন্সবাৰ্গ বিশ্ববিদ্যালয়ৰ চি জৰ্জ ব'ৰীয়ে নিৰ্মাণ কৰা আৰু ইয়াৰ বহু ব্যৱহাৰকাৰীয়ে বিকশিত কৰা এটা সহায়ক ভাষা। ইয়াৰ শব্দভাণ্ডাৰ ফৰাচী, ইটালীয়, পৰ্তুগীজ, স্পেনিছ, আৰু কাটালান আদি ৰোমান ভাষাৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে।
-
স্বাদেশ তালিকা
স্বাদেশ তালিকা হৈছে ঐতিহাসিক ভাষাবিজ্ঞানৰ মৌলিক ধাৰণাসমূহৰ ধ্ৰুপদী সংকলন। স্বাদেশ তালিকাৰ ভাষাৰ এটা গোটলৈ অনুবাদ কৰিলে গৱেষকসকলে সেই ভাষাসমূহৰ পাৰস্পৰিক সম্পৰ্কৰ পৰিমাণ নিৰ্ণয় কৰিব পাৰে। ভাষাবিদ মৰিছ স্বাদেশৰ নামেৰে স্বাদেশ তালিকাৰ নামকৰণ কৰা হৈছে।
-
হিণ্ডূৰী ভাষা
হিণ্ডূৰী (বা হণ্ডূৰী) এটি পশ্চিমীয়া পাহাড়ী ভাষা যি ভাৰতীয়-আৰ্য ভাষা পৰিয়ালৰ এটি উপ-গোট। এই ভাষা মুখ্যতঃ ভাৰতৰ হিমাচল প্ৰদেশ ৰাজ্যত ব্যৱহাৰ কৰা হয়।
-
ইউৰোপত কথা কোৱা লোকৰ সংখ্যা অনুসৰি ভাষাৰ তালিকা
এইটো কেৱল ইউৰোপ স্থানীয় ভাষা কোৱা লোকৰ সংখ্যা অনুসৰি ইউৰোপীয় ভাষাসমূহৰ এখন তালিকা।
-
গুপ্তভাষা
গুপ্তভাষা মানে একে ভাষা কোৱা লোকসমষ্টিৰ মাজত সাধাৰণভাৱে বোধগম্য নোহোৱা ভাষাই গুপ্তভাষা৷ ভাষাৰ বিভিন্ন প্ৰকাৰ যেনে উপভাষা, ব্যক্তিভাষা, সমাজ ভাষা, শ্ৰেণী ভাষা,জাতিগত ভাষা৷ বৰ্গ ভাষা, বৰ্ণ ভাষা, মিশ্ৰ ভাষা আদি বিভিন্ন প্ৰকাৰৰ ভাষা একোটা ভাষাৰ মাজত নানা ৰূপ লৈ বৰ্তি থাকে৷ ভাষাৰ কথিত আৰু লিখিত, এই দুটা…