অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

ৰহিঙীয়া ভাষা

ৰহিঙীয়া বা ৰুহিংগ্যা (Ruáingga; ; 𐴌𐴗𐴥𐴝𐴙𐴚𐴒𐴙𐴝) হৈছে ম্যানমাৰৰ ৰাখাইন ৰাজ্যত বাস কৰা ৰহিঙীয়া জনগোষ্ঠীৰ লোকে কোৱা এটা ভাষা। ই প্ৰাচ্য ভাৰত-আৰ্য ভাষা পৰিয়ালৰ অসমীয়া-বঙালী ভাষাগোষ্ঠীৰ এটা ভাষা আৰু চুবুৰীয়া দেশ বাংলাদেশত কোৱা চট্টগ্ৰামীয়া ভাষাৰ সৈতে ইয়াৰ সম্বন্ধ আছে।

হালনাগাদ: ২০ মে’ ২০২৪ ৯৬৯ শব্দ · ৫ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

ৰহিঙীয়া বা ৰুহিংগ্যা (Ruáingga; ; 𐴌𐴗𐴥𐴝𐴙𐴚𐴒𐴙𐴝) হৈছে ম্যানমাৰৰ ৰাখাইন ৰাজ্যত বাস কৰা ৰহিঙীয়া জনগোষ্ঠীৰ লোকে কোৱা এটা ভাষা।১২ ই প্ৰাচ্য ভাৰত-আৰ্য ভাষা পৰিয়ালৰ অসমীয়া-বঙালী ভাষাগোষ্ঠীৰ এটা ভাষা আৰু চুবুৰীয়া দেশ বাংলাদেশত কোৱা চট্টগ্ৰামীয়া ভাষাৰ সৈতে ইয়াৰ সম্বন্ধ আছে। ৰহিঙীয়া আৰু চট্টগ্ৰামীয়া ভাষা পৰস্পৰে বোধগম্য বুলি বিবেচনা কৰা হয়।৩

ধ্বনিতত্ত্ব

ব্যঞ্জনধ্বনি

ৰহিঙীয়া ভাষাত মূলতঃ ২৫টা থলুৱা ব্যঞ্জনধ্বনি আছে। তদুপৰি কেইটামান অন্য ভাষা যেনে— আৰবী, বঙালী, মান আৰু উৰ্দু ভাষাৰ ব্যঞ্জনধ্বনি আছে।

+ৰহিঙীয়া ভাষাৰ ব্যঞ্জনধ্বনিসমূহ৪উভয়ৌষ্ঠ্যদন্ত্যৌষ্ঠ্যদন্ত্য/দন্তমূলীয়মূৰ্ধন্যতালব্যকণ্ঠ্যকণ্ঠনালীয়
স্পৰ্শঅঘোষ
ঘোষ
নাসিক্য
উষ্মঅঘোষ
ঘোষ
উৎক্ষিপ্ত
নৈকট্যকেন্দ্ৰীয়
পাৰ্শ্বীয়

স্বৰধ্বনি

ৰহিঙীয়া ভাষাত ছয়টা স্বৰবৰ্ণ আৰু কেইবাটাও যুক্তস্বৰ আছে। "নিম্ন-o" আৰু "উচ্চ-o" বুজাবলৈ ক্ৰমে ⟨o⟩/⟨ó⟩ আৰু ⟨ou⟩/⟨óu⟩ ব্যৱহাৰ কৰা হয়।৫

সন্মুখপশ্চ
উচ্চ
উচ্চ-মধ্য
নিম্ন-মধ্য
নিম্ন

সুৰ-লহৰ

ৰহিঙীয়া ভাষাত দুটা স্বৰবৰ্ণ একেলগে লিখি দীৰ্ঘ স্বৰধ্বনি আৰু উচ্চাৰণযুক্ত স্বৰবৰ্ণৰে চাপযুক্ত ধ্বনি বুজোৱা হয়।৬ "তীব্ৰ উচ্চাৰণ"এৰে উচ্চাৰণযুক্ত স্বৰবৰ্ণ চিহ্নিত কৰা হয়। চাপযুক্ত স্বৰবৰ্ণৰ ক্ৰম অনুসাৰে সুৰ ভিন্ন হ'ব পাৰে; যেনে— ⟨aá⟩ আৰু ⟨áa⟩।৭

ব্যাকৰণ

নিৰ্দিষ্ট উপপদ

১. যদি কোনো বিশেষ্য স্বৰবৰ্ণৰে শেষ হয় তেন্তে শব্দটোৰ পাছত উপপদ হিচাপে একবচন হ'লে án বা wá নাইবা অগণ্য বিশেষ্য হ'লে ún যোগ কৰা হয়।

সাধাৰণতে ঘূৰণীয়া/শকট বস্তুৰ ক্ষেত্ৰত wá আৰু চেপেটা/ক্ষীণ বস্তুৰ ক্ষেত্ৰত án ব্যৱহাৰ কৰা হয়।

+একবচনবহুবচন
ৰহিঙীয়াঅসমীয়াৰহিঙীয়াঅসমীয়া
Kéti ánখেতিখনKéti únখেতিকেইখন
Fothú ánফটোখনFothú únফটোকেইখন
Fata wáপাতটোFata únপাতকেইটো
Boro wáডাঙৰটোBoro únডাঙৰকেইটা
LouতেজLou únতেজখিনি

২. যদি কোনো বিশেষ্য ব্যঞ্জনবৰ্ণৰে শেষ হয় তেন্তে শব্দটোৰ পাছত উপপদ হিচাপে শেষৰ বৰ্ণৰ লগতে একবচন হ'লে án বা wá নাইবা বহুবচন হ'লে ún যোগ কৰা হয়।

+একবচনবহুবচন
ৰহিঙীয়াঅসমীয়াৰহিঙীয়াঅসমীয়া
DeballánদেৱালখনDeballúnদেৱালকেইখন
MessánমেজখনMessúnমেজকেইখন
KitappwáকিতাপখনKitappúnকিতাপকেইখন
ManúiccwáমানুহজনManúiccúnমানুহকেইজন

৩. যদি কোনো বিশেষ্য r-এৰে শেষ হয় তেন্তে উপপদ হিচাপে g-ৰ লগতে একবচন হ'লে án বা wá নাইবা বহুবচন হ'লে ún বা ín যোগ কৰা হয়।

+একবচনবহুবচন
ৰহিঙীয়াঅসমীয়াৰহিঙীয়াঅসমীয়া
Tar gánতাঁৰডালTar gún/gínতাঁৰকেইডাল
Duar gánদুৱাৰখনDuar gún/gínদুৱাৰকেইখন
Kuñir gwáকুকুৰটোKuñir gún/gínকুকুৰকেইটা
Faár gwáপাহাৰখনFaár gún/gínপাহাৰকেইখন

অনিৰ্দিষ্ট উপপদ

বিশেষ্যৰ আগত বা পাছত অনিৰ্দিষ্ট উপপদ ব্যৱহাৰ কৰিব পাৰি। সাধাৰণতে ঘূৰণীয়া/শকত বস্তুৰ ক্ষেত্ৰত Uggwá আৰু ক্ষীণ/চেপেটা বস্তুৰ ক্ষেত্ৰত ekkán ব্যৱহাৰ কৰা হয়।

+একবচনবহুবচন
ৰহিঙীয়াঅসমীয়াৰহিঙীয়াঅসমীয়া
Uggwá fata / Fata uggwáএটা পাতHodún fata / Fata hodúnকেইটামান পাত
Ekkán fothú / Fothú ekkánএখন ফটোHodún Fothú / Fothú hodúnকেইখনমান ফটো

বাক্যৰ গঠন

১ম ক্ৰম: কৰ্তা–কৰ্ম–ক্ৰিয়া।

+কৰ্তাকৰ্মক্ৰিয়া
Aññí মইbát ভাতhái. খাওঁ।
Ite সিTV টিভিsaá. চায়।
Ibá তাইsairkél চাইকেলsoré. চলায়।
Itará সিহঁতেham ot কমলৈza. যায়।

২য় ক্ৰম: কৰ্তা–সময়–স্থান–কৰ্ম–ক্ৰিয়া।

+কৰ্তাসময়স্থানকৰ্মক্ৰিয়া
Ibá তাইbeínna ৰাতিপুৱাgór ot ঘৰতbát ভাতhá. খায়।
Tará সিহঁতেbiale ৰাতিduan ot দোকানতTV টিভিsaá. চায়।
Ite সিsair gwá báze আবেলি চাৰি বজাতhál hañsat সাগৰৰ পাৰতsairkél চাইকেলsoré. চলায়।
Ítara ইহঁতেnowá báze ন বজাতofís ot অফিচলৈham ot কামতzaa. যায়।

৩য় ক্ৰম: কৰ্তা–সময়–[বিশেষণ]–স্থান–[ক্ৰিয়া-বিশেষণ]–কৰ্ম–ক্ৰিয়া।

+কৰ্তাসময়বিশেষণস্থানক্ৰিয়া-বিশেষণকৰ্মক্ৰিয়া
Tuñí আপুনিaijja আজিnoya নতুনeskul ot স্কুলতtoratori/toratorigorí ততাতৈয়াকৈpaathi পাৰ্টীgoró. কৰে।

৪য় ক্ৰম: কৰ্তা–সময়–[বিশেষণ]–স্থান–[ক্ৰিয়া-বিশেষণ]–কৰ্ম–ক্ৰিয়া(১)–ক্ৰিয়া(২)।

+কৰ্তাসময়বিশেষণস্থানক্ৰিয়া-বিশেষণকৰ্মক্ৰিয়া ১ক্ৰিয়া ২
Tuñí আপুনিaijja আজিnoya নতুনeskul ot স্কুলতtoratori/toratorigorí ততাতৈয়াকৈpaathi পাৰ্টীgoittóu কৰাতmodot-goró. সহায় কৰে।

আৰু কেইটামান উদাহৰণ:

+ৰহিঙীয়াঅসমীয়া
Aijja Januari 24 tarík ót, cón 2017 beínna 4 gwá báze 15 miníth 5 sekén ót.আজি ২০১৭ চনৰ ২৪ জানুৱাৰী তাৰিখে পুৱা ৪ বাজি ১৫ মিনিট ৫ ছেকেণ্ডত।
Hailla Februari 30 tarík ót, cón 2017 ázinna 5 swá báze 25 minith 7 sekén ót.কাইলৈ ২০১৭ চনৰ ৩০ ফেব্ৰুৱাৰী তাৰিখে সন্ধ্যা ৫ বাজি ২৫ মিনিট ৭ ছেকেণ্ডত।
Goto hailla Oktubor 10 tarík ót, cón 2018 rait or 10 cwá báze 35 miníth 50 sekén ot.কালি ২০১৮ চনৰ ১০ অক্টোবৰ তাৰিখে ৰাতি ১০ বাজি ৩৫ মিনিট ৫০ ছেকেণ্ডত।

কাল

ৰহিঙীয়া ভাষাত ১২টা কাল পোৱা যায়। এই কালসমূহত সহায়ক ক্ৰিয়া félai-য়ে পূৰ্ণ কাল আৰু félaat-এ পূৰ্ণ নিৰন্তৰ কাল বুজায়। অনুসৰ্গৰ ক্ৰিয়া ৰূপে ব্যক্তিবাচক আৰু কালবাচক দুয়োটা বুজায়। উত্তম পুৰুষৰ বাবে ~ir, ~yi, ~lám, ~youm অনুসৰ্গ, মধ্যম পুৰুষৰ বাবে ~or, ~yó, ~lá, ~bá অনুসৰ্গ আৰু অন্য পুৰুষৰ বাবে ~ar, ~ye, ~l, ~bou অনুসৰ্গ ব্যৱহাৰ কৰা হয়। ~ir, ~or, ~ar-এ নিৰন্তৰ বৰ্তমান কাল, ~yi, ~yó, ~ye-এ পূৰ্ণ বৰ্তমান কাল, ~lám, ~lá, ~l-এ ভূত কাল আৰু ~youm, ~bá, ~bou-এ ভৱিষ্যৎ কাল বুজায়।

উত্তম পুৰুষ (মই):

+বৰ্তমান কালভূত কালভৱিষ্যৎ কাল
ৰহিঙীয়াঅসমীয়াৰহিঙীয়াঅসমীয়াৰহিঙীয়াঅসমীয়া
Aññí hái.মই খাওঁ।Aññí háiyi. Aññí háailam.মই খাইছোঁ। মই খালোঁ।Aññí háiyoum.মই খাম।
Aññí háir.মই খাই আছোঁ।Aññí háat táikkilám.মই খাই আছিলোঁ।Aññí háat tákiyoum. Aññí háiyoum boi.মই খাই থাকিম।
Aññí hái félaiyi.মই খাই পেলালোঁ।Aññí hái félailám.মই খাই পেলাইছোঁ।Aññí hái félaiyoum.মই খাই পেলাম।
Aññí hái félair.মই খাই পেলাই আছোঁ।Aññí hái félaat táikkilám.মই খাই পেলাইছিলোঁ।Aññí hái félaat táikkilám.মই খাই থ'ম।

মধ্যম পুৰুষ (আপুনি/তুমি/তই):

+বৰ্তমান কালভূত কালভৱিষ্যৎ কাল
ৰহিঙীয়াঅসমীয়াৰহিঙীয়াঅসমীয়াৰহিঙীয়াঅসমীয়া
Tuñí/Oñne hóo.তুমি খোৱা। আপুনি খায়।Tuñí/Oñne háiyo. Tuñí/Oñne háailá.তুমি খাইছা। তুমি খালা। আপুনি খাইছে। আপুনি খালে।Tuñí/Oñne háiba.তুমি খাবা। আপুনি খাব।
Tui hós.তই খাৱ।Tui háiyós. Tui háailí.তই খাইছ। তই খালি।Tui háibí.তই খাবি।
Tuñí/Oñne hóor.তুমি খাই আছা। আপুনি খাই আছে।Tuñí/Oñne háat táikkilá.তুমি খাই আছিলা। আপুনি খাই আছিলে।Tuñí/Oñne háat tákibá. Tuñí/Oñne háiba goi.তুমি খাই থাকিবা। আপুনি খাই থাকিব।
Tui hóor.তই খাই আছ।Tui háat táikkilí.তই খাই আছিলি।Tui háat tákibí. Tui háibi goi.তই খাই থাকিবি।
Tuñí/Oñne hái félaiyó.তুমি খাই পেলালা। আপুনি খাই পেলালে।Tuñí/Oñne hái félailá.তুমি খাই পেলাইছা। আপুনি খাই পেলাইছে।Tuñí/Oñne hái félaibá.তুমি খাই পেলাম। আপুনি খাই পেলাব।
Tui hái félaiyós.তই খাই পেলালি।Tui hái félailí.তই খাই পেলাইছ।Tui hái félaibí.তই খাই পেলাবি।
Tuñí/Oñne hái féloor.তুমি খাই পেলাই আছা। আপুনি খাই পেলাই আছে।Tuñí/Oñne hái félaat táikkilá.তুমি খাই পেলাইছিলা। আপুনি খাই পেলাইছিলে।Tuñí/Oñne hái félaat tákibá.তুমি খাই থ'বা। আপুনি খাই থ'ব।
Tui hái féloor.তই খাই পেলাই আছ।Tui hái félaat táikkilí.তই খাই পেলাইছিলি।Tui hái félaat tákibí.তই খাই থ'বি।

অন্য পুৰুষ (সি/তাই/তেওঁ/সিহঁত/তেওঁলোক):

+বৰ্তমান কালভূত কালভৱিষ্যৎ কাল
ৰহিঙীয়াঅসমীয়াৰহিঙীয়াঅসমীয়াৰহিঙীয়াঅসমীয়া
Ite/Ibá/Itará há.সি/তাই/সিহঁতে খায়।Ite/Ibá/Itará háaiye.সি/তাই/সিহঁতে খাইছে। সি/তাই/সিহঁতে খালে।Ite/Ibá/Itará háibou.সি/তাই/সিহঁতে খাব।
Ite/Ibá/Itará hár. Ite/Ibá/Itará hái boi.সি/তাই/সিহঁতে খাই আছে।Ite/Ibá/Itará háail.সি/তাই/সিহঁতে খাই আছিল।Ite/Ibá/Itará háat tákibou. Ite/Ibá/Itará háibou goi.সি/তাই/সিহঁতে খাই থাকিব।
Ite/Ibá/Itará hái félaiye.সি/তাই/সিহঁতে খাই পেলালে।Ite/Ibá/Itará háat táikkil.সি/তাই/সিহঁতে খাই পেলাইছে।Ite/Ibá/Itará hái félaibou.সি/তাই/সিহঁতে খাই পেলাব।
Ite/Ibá/Itará hái félaar.সি/তাই/সিহঁতে খাই পেলাই আছে।Ite/Ibá/Itará hái félaat táikkil.সি/তাই/সিহঁতে খাই পেলাইছিল।Ite/Ibá/Itará hái félaat tákibou.সি/তাই/সিহঁতে খাই থ'ব।

সৰ্বনাম

বচনপুৰুষলিংগসৰ্বনামসম্বন্ধবাচক বিশেষণ
কৰ্তাকৰ্মসম্বন্ধবাচকআত্মবাচক
একবচন১মপুংলিংগ/স্ত্ৰীলিংগ (মই)aññí, muiañáre, moreañár, moraññínize, muinizeañár, mor
২য়পুংলিংগ/স্ত্ৰীলিংগ (তই/তুমি/আপুনি)tuñí tui oñnetuáñre toré oñnorétuáñr tor oñnortuñínize tuinize oñnenizetuáñr tor oñnor
৩য়পুংলিংগ (সি/তেওঁ)ite * te * uite ** íte **itaré taré uitaré ítareitar tar uitar ítaritenize tenize uitenize ítenizeitar tar uitar ítar
পুংলিংগ/স্ত্ৰীলিংগ (সি/তাই/তেওঁ)ibá * uibá ** íba **ibáre uibáre íbareibár uibár íbaribánize uibánize íbanizeibár uibár íbar
ক্লীৱলিংগ (এইটো)yián ibá yían ** íba **yiánóre ibáre yíanóre íbareyiánór ibár yíanór íbaryiánnize ibánize yíannize íbanizeyiánór ibár yíanór íbar
বহুবচন১মপুংলিংগ/স্ত্ৰীলিংগ (আমি)añáraañáráreañárarañáránizeañárar
২য়পুংলিংগ/স্ত্ৰীলিংগ (আপোনালোক)tuáñratuáñráretuáñrartuáñránizetuáñrar
৩য়পুংলিংগ/স্ত্ৰীলিংগ (তেওঁলোক/সিহঁত)itará * tará * uitará ** ítara **itaráre taráre uitaráre ítarareitarár tarár uitarár ítararitaránize taránize uitaránize ítaranizeitarár tarár uitarár ítarar
ক্লীৱলিংগ (তেওঁলোক/সিহঁত)iín * íin ** uún úun ** uuín **iínóre íinóre uúnóre úunóre uuínóreiínór íinór uúnór úunór uuínóriínnize íinnize uúnnize úunnize uuínnizeiínór íinór uúnór úunór uuínór
  • ব্যক্তিজন বা বস্তুটো ওচৰত আছে।
    • ব্যক্তিজন বা বস্তুটো দূৰত আছে।

প্ৰশ্নবোধক

অসমীয়াৰে দৰে ৰহিঙীয়া ভাষাতো বাক্যৰ শেষত "né" (-নে) লগাই প্ৰশ্নবোধক বুজোৱা হয়।

+ৰহিঙীয়াঅসমীয়া
Itattú gór ekkán asé né?তাৰ ঘৰ এখন আছেনে?
Itattú gór ekkán asé.তাৰ ঘৰ এখন আছে।
Ibá za né?তাই যায়নে?
Ibá za.তাই যায়।
Itará giyé né?সিহঁত গ'লনে?
Itará giyé.সিহঁত গ'ল।

ব্যক্তিবাচক শব্দৰ বিভক্তি

ৰহিঙীয়া ভাষাত অনুসৰ্গৰে ব্যক্তিবাচক বুজোৱা হয়।

বৰ্তমান কাল

+ৰহিঙীয়াঅসমীয়া
lekলিখ (অনুজ্ঞা)
lekíলিখোঁ
lekóলিখাঁ (অনুজ্ঞা)
lekósলিখ
lekéলিখে

'''নিৰন্তৰ বৰ্তমান কাল '''

+ৰহিঙীয়াঅসমীয়া
lekírলিখি আছোঁ
lekórলিখি আছা
lekérলিখি আছে

পূৰ্ণ বৰ্তমান কাল

+ৰহিঙীয়াঅসমীয়া
lekífélaiyiলিখিছোঁ
lekífélaiyoলিখিছা
lekífélaiyósলিখিছ
lekífélaiyeলিখিছে

ভৱিষ্যৎ কাল

+ৰহিঙীয়াঅসমীয়া
lekíyóumলিখিম
lekíbáলিখিবা
lekíbiলিখিবি
lekíbóuলিখিব

ভূত কাল (তাৎক্ষণিক)

+ৰহিঙীয়াঅসমীয়া
leikkíলিখিলোঁ
leikkóলিখিলা
leikkósলিখিলি
leikkéলিখিলে

ভূত কাল (দূৰৱৰ্তী)

+ৰহিঙীয়াঅসমীয়া
leikkílámলিখিছিলোঁ
leikkíláলিখিছিলা
leikkílíলিখিছিলি
leikkílলিখিছিল

ভূত কাল (সম্ভাৱনা)

+ৰহিঙীয়াঅসমীয়া
lekítámলিখিলোঁহেঁতেন
lekítáলিখিলাহেঁতেন
lekítíলিখিলিহেঁতেন
lekítóuলিখিলেহেঁতেন

বিশেষ্য, কৰ্তা, উপকৰণ, ক্ৰিয়া

+ৰহিঙীয়াঅসমীয়াৰহিঙীয়াঅসমীয়া
lekóonলিখাটোDebalor uore lekóon gom noó.দেৱালত লিখাটো ভাল কথা নহয়।
lekóyaলিখোঁতাItaráttú lekóya bicí.সিহঁতৰ লিখোঁতা বেছি।
lekóniলিখনীAñártú honó lekóni nái.মোৰ লগত লিখনী (কলম, পেঞ্চিল আদি) নাই।
lekátলিখাতTui lekát asós.তই লিখাত ব্যস্ত।

ৰহিঙীয়া ভাষাৰ কাৰকসমূহ

ৰহিঙীয়া ভাষাৰ শব্দ "hóliba" (দৰ্জি) ব্যৱহাৰ কৰি ৰহিঙীয়া ভাষাৰ কাৰকসমূহৰ কেইটামান উদাহৰণ তলত দিয়া হৈছে।

+কাৰকৰহিঙীয়াঅসমীয়াৰহিঙীয়াঅসমীয়া
কৰ্তা কাৰক''hólibayeদৰ্জিজনhólibaye tíai táikke éçeদৰ্জিজন তাত থিয় হৈ আছে
সম্বন্ধ কাৰক''hólibarদৰ্জিৰhólibar nam Ahmedদৰ্জিজনৰ নাম আহমদ
সম্প্ৰদান কাৰক''hóliballaদৰ্জিকhóliballa hádiya ekkán diyíদৰ্জিজনক এটা উপহাৰ দিছোঁ
কৰ্ম কাৰক''hólibareদৰ্জিকAññí hólibare deikkíমই দৰ্জিজনক দেখিছোঁ
অপাদান কাৰক''hólibaloiদৰ্জিৰ সৈতেAññí hólibaloi duan ot giyíমই দৰ্জিজনৰ সৈতে দোকানলৈ গৈছোঁ
সম্বোধন কাৰকóu'hóliba / hóliba ya'''cúkuria tuáñre, óu hóliba (sáb)আপোনাক ধন্যবাদ, দৰ্জি (চাহাব)

শব্দবিন্যাস

ৰহিঙীয়া ভাষাত সত্তৰৰো অধিক শব্দবিন্যাস পোৱা যায়। শব্দবিন্যাস বুজাত সহজ হ'বলৈ বৰ্ণসমূহৰ মাজত হাইফেন (-) ব্যৱহাৰ কৰা হৈছে।

অনুজ্ঞা

+ৰহিঙীয়াঅসমীয়াৰহিঙীয়াঅসমীয়া
lekলিখTui yián ehón lek.তই এইটো এতিয়াই লিখ।
lek-óলিখাঁTuñí yián ehón lekó.তোমালোকে এইটো এতিয়াই লিখাঁ।
lek-áলিখা/লিখোৱাঁTui/Tuñí John ór áta leká/lekó.তই/তুমি যোহনক লিখা/লিখোৱাঁ।
lek-í-deলিখি দে/দিয়াঁTui/Tuñí ibáre lekíde/lekído.তই/তুমি তেওঁক লিখি দে/দিয়াঁ।

বৰ্তমান কাল

ৰহিঙীয়াঅসমীয়াৰহিঙীয়াঅসমীয়া
lek-íলিখোঁAññí hámicá gór ot lekí.মই সদায় ঘৰত লিখোঁ।
lek-óলিখাTuñí hámicá gór ot lekó.তুমি সদায় ঘৰত লিখা।
lek-ó-sলিখTui hámicá gór ot lekós.তই সদায় ঘৰত লিখ।
lek-éলিখেTará hámicá gór ot leké.তেওঁলোকে সদায় ঘৰত লিখে।

নিৰন্তৰ কাল

+ৰহিঙীয়াঅসমীয়াৰহিঙীয়াঅসমীয়া
lek-í-rলিখি আছোঁAññí ciñçí ekkán lekír.মই এখন চিঠি লিখি আছোঁ।
lek-ó-orলিখি আছা/আছTuñí ciñçí ekkán lekóor.Tui ciñçí ekkán lekóor.তুমি এখন চিঠি লিখি আছা। তই এখন চিঠি লিখি আছ।
lek-é-rলিখি আছেTará ciñçí ekkán lekér.তেওঁলোকে এখন চিঠি লিখি আছে।

পূৰ্ণ কাল

+ৰহিঙীয়াঅসমীয়াৰহিঙীয়াঅসমীয়া
lek-í-féla-iyiলিখিছোঁAññí ciñçí lekífélaiyi.মই এখন চিঠি লিখিছোঁ।
lek-í-féla-iyoলিখিছাTuñí ciñçí lekífélaiyi.তুমি এখন চিঠি লিখিছা।
lek-í-féla-iyo-sলিখিছTui ciñçí lekífélaiyos.তই এখন চিঠি লিখিছ।
lek-í-féla-iyeলিখিছেTará ciñçí lekífélaiye.তেওঁলোকে এখন চিঠি লিখিছে।

ভূত কাল

+ৰহিঙীয়াঅসমীয়াৰহিঙীয়াঅসমীয়া
leik-kíলিখিছিলোঁAññí ciñçí ekkán leikkí.মই এখন চিঠি লিখিছিলোঁ।
leik-kóলিখিছিলাTuñí ciñçí ekkán leikkó.তুমি এখন চিঠি লিখিছিলা।
leik-kó-sলিখিছিলিTui ciñçí ekkán leikkós.তই এখন চিঠি লিখিছিলি।
leik-kéলিখিছিলTará ciñçí ekkán leikké.তেওঁলোকে এখন চিঠি লিখিছিল।

ভৱিষ্যৎ কাল

+ৰহিঙীয়াঅসমীয়াৰহিঙীয়াঅসমীয়া
lek-í-youmলিখিমAññí ciñçí ekkán lekíyoum.মই এখন চিঠি লিখিম।
lek-í-baলিখিবাTuñí ciñçí ekkán lekíba.তুমি এখন চিঠি লিখিবা।
lek-í-biলিখিবিTui ciñçí ekkán lekkíbi.তই এখন চিঠি লিখিবি।
lek-í-bouলিখিবTará ciñçí ekkán lekíbou.তেওঁলোকে এখন চিঠি লিখিব।

বৈকল্পিক

+ৰহিঙীয়াঅসমীয়াৰহিঙীয়াঅসমীয়া
leik-kyóumলিখিমAññí ciñçí ekkán leikkyóum.মই এখন চিঠি লিখিম।
leik-báলিখিবাTuñí ciñçí ekkán leikbá.তুমি এখন চিঠি লিখিবা।
leik-bíলিখিবিTui ciñçí ekkán leikbí.তই এখন চিঠি লিখিবি।
leik-bóuলিখিবTará ciñçí ekkán leikbóu.তেওঁলোকে এখন চিঠি লিখিব।

কৰ্মবাচ্য

+ৰহিঙীয়াঅসমীয়াৰহিঙীয়াঅসমীয়া
lek-á-giyeলিখা হৈছেCiñçí ekkán lekágiyé.এখন চিঠি লিখা হৈছে।

সম্ভাৱনা

+ৰহিঙীয়াঅসমীয়াৰহিঙীয়াঅসমীয়া
lek-á-zaলিখা যায়Ciñçí yián leká za.এই চিঠিখন লিখা যায়।
lek-á-za-ibouলিখা যাবCiñçí yián leká zaibou.এই চিঠিখন লিখা যাব।
lek-á-di-ya-zaলিখোৱাব পাৰিCiñçí yián lekádiyaza.এই চিঠিখন লিখোৱাব পাৰি।

বিশেষ্য

+ৰহিঙীয়াঅসমীয়াৰহিঙীয়াঅসমীয়া
lek-áলেখাLeká yián bicí cúndor.এই লেখা বৰ সুন্দৰ।
lek-ó-onলিখাbeggún óttu lekóon saá.সকলোৱে ইমেইল লিখা উচিত।
lek-ó-yaলিখোঁতাAhmed bála lekóya.আহমদ ভাল লিখোঁতা।
lek-ó-niলিখনীAñártu honó lekóni ciz nái.মোৰ লগত লিখনী নাই।
lek-á-niলিখনী (সঁজুলি)Añártu honó lekáni boudh nái.মোৰ লগত লিখনী ব'ৰ্ড নাই।
lek-á-lekíলিখা-লিখিTuáñrár bútore lekáleki tákoon saá.তোমালোকৰ মাজত লিখা-লিখি থকা উচিত।

বিশেষণ

+ৰহিঙীয়াঅসমীয়াৰহিঙীয়াঅসমীয়া
lek-é-deলিখিবলৈAñártu honó lekéde ciz nái.মোৰ লগত লিখিবলৈ বস্তু নাই।
leik-kyáলিখা আছেKitab ibá fura leikká.কিতাপখন পূৰাকৈ লিখা আছে।
leik-kyé-déলিখিতAñártu honó leikkyéde juab nái.মোৰ লগত লিখিত উত্তৰ নাই।

ক্ৰিয়া-বিশেষণ

+ৰহিঙীয়াঅসমীয়াৰহিঙীয়াঅসমীয়া
lek-í lek-íলিখি লিখিIte gór ottu lekí lekí aiyér.সি ঘৰৰ পৰা লিখি লিখি আহি আছে।

তাৎক্ষণিক বৰ্তমান কাল

+ৰহিঙীয়াঅসমীয়াৰহিঙীয়াঅসমীয়া
lek-í-lamলিখিলোঁAññí habos sán lekílam.মই চিঠিখন লিখিলোঁ।
lek-í-laলিখিলাTuñí habos sán lekíla.তুমি চিঠিখন লিখিলা।
lek-í-liলিখিলিTui habos sán lekíli.তই চিঠিখন লিখিলি।
lek-í-louলিখিলেTará habos sán lekílou.সিহঁতে চিঠিখন লিখিলে।

বৈকল্পিক

+ৰহিঙীয়াঅসমীয়াৰহিঙীয়াঅসমীয়া
leik-lámলিখিলোঁAññí habos sán lekílam.মই চিঠিখন লিখিলোঁ।
leik-láলিখিলাTuñí habos sán lekíla.তুমি চিঠিখন লিখিলা।
leik-líলিখিলিTui habos sán lekíli.তই চিঠিখন লিখিলি।
leik-louলিখিলেTará habos sán lekílou.সিহঁতে চিঠিখন লিখিলে।

দীৰ্ঘ ভূত কাল

+ৰহিঙীয়াঅসমীয়াৰহিঙীয়াঅসমীয়া
leik-kí-lamলিখিছিলোঁAññí habos sán leikkílam.মই চিঠিখন লিখিছিলোঁ।
leik-kí-laলিখিছিলাTuñí habos sán leikkíla.তুমি চিঠিখন লিখিছিলা।
leik-kí-liলিখিছিলিTui habos sán leikkíli.তই চিঠিখন লিখিছিলি।
leik-kí-lলিখিছিলTará habos sán leikkíl.সিহঁতে চিঠিখন লিখিছিল।

দূৰৱৰ্তী ভৱিষ্যৎ কাল

+ৰহিঙীয়াঅসমীয়াৰহিঙীয়াঅসমীয়া
lek-í-youm ériলিখিমAññí habos sán lekíyoum éri.মই কাগজখন লিখিম।
lek-í-ba riলিখিবাTuñí habos sán lekíba ri.তুমি কাগজখন লিখিবা।
lek-í-bi riলিখিবিTui habos sán lekíbi ri.তই কাগজখন লিখিবি।
lek-í-bou riলিখিবTará habos sán lekíbou ri.সিহঁতে কাগজখন লিখিব।

সম্ভাব্য ভাৱ-ৰূপ

+ৰহিঙীয়াঅসমীয়াৰহিঙীয়াঅসমীয়া
lek-í-tamলিখিলোঁহেঁতেনAññí email lán lekítam.মই ইমেইল এটা লিখিলোঁহেঁতেন।
lek-í-taলিখিলাহেঁতেনTuñí email lán lekíta i.তুমি ইমেইল এটা লিখিলাহেঁতেন।
lek-í-tiলিখিলিহেঁতেনTui email lán lekíti.তই ইমেইল এটা লিখিলিহেঁতেন।
lek-í-touলিখিলেহেঁতেনTará email lán lekítou.সিহঁতে ইমেইল এটা লিখিলেহেঁতেন।

বৈকল্পিক

+ৰহিঙীয়াঅসমীয়াৰহিঙীয়াঅসমীয়া
leik-támলিখিলোঁহেঁতেনAññí email lán leiktám.মই ইমেইল এটা লিখিলোঁহেঁতেন।
leik-táলিখিলাহেঁতেনTuñí email lán leiktá.তুমি ইমেইল এটা লিখিলাহেঁতেন।
leik-tíলিখিলিহেঁতেনTui email lán leiktí.তই ইমেইল এটা লিখিলিহেঁতেন।
leik-tóuলিখিলেহেঁতেনTará email lán leiktóu.সিহঁতে ইমেইল এটা লিখিলেহেঁতেন।

অনুজ্ঞা ভাৱ-ৰূপ

+ৰহিঙীয়াঅসমীয়াৰহিঙীয়াঅসমীয়া
lek-ó-naলিখকনা/লিখকচোনMeérbanigorí lekóna.কৃপা কৰি লিখকচোন।
lek-ó-goiলিখাঁগৈTuñí lekó gói.তুমি লিখাঁগৈ।

বৈকল্পিক

+ৰহিঙীয়াঅসমীয়াৰহিঙীয়াঅসমীয়া
lek-se-náলিখকনা/লিখকচোনMeérbanigorí leksená.কৃপা কৰি লিখকচোন।
lek-góiলিখাঁগৈTui lek gói.তুমি লিখাঁগৈ।

যদি

+ৰহিঙীয়াঅসমীয়াৰহিঙীয়াঅসমীয়া
lek-í-leলিখিলেTuñí lekíle gom óibou.তুমি লিখিলে ভাল হ'ব।

লিখন প্ৰণালী

ৰহিঙীয়া হানিফি লিপি

হানিফি ৰহিঙীয়া লিপি হৈছে ৰহিঙীয়া ভাষাৰ এক একীকৃত লিপি। ৰহিঙীয়া ভাষা প্ৰথম ঊনৈশ শতিকাত ফাৰ্চী-আৰবী লিপিৰ সংস্কৰণেৰে লিখা হৈছিল। ১৯৭৫ চনত উৰ্দু বৰ্ণমালাৰ ওপৰত ভিত্তি কৰি এটা বানানগত আৰবী লিপি তৈয়াৰ কৰা হয়।

১৯৮০ৰ দশকত মৌলানা মহম্মদ হানিফ আৰু তেওঁৰ সহকৰ্মীসকলে আৰবী বৰ্ণৰ ওপৰত ভিত্তিত কৰি উপযুক্ত ধ্বনিগত লিপি তৈয়াৰ কৰা উলিয়ায়। লিপিটোত দশমিক সংখ্যাও মজুত আছে।৮৯

ৰহিঙীয়া ভাষাৰ ভাৰ্চুৱেল কী-ব'ৰ্ডৰ লে'আউট
ৰহিঙীয়া ভাষাৰ ভাৰ্চুৱেল কী-ব'ৰ্ডৰ লে'আউটছবি: Rohingya Vision TV · CC BY-SA 4.0

২০১৯ চনত গুগলে ৰহিঙীয়া ভাষাৰ ভাৰ্চুৱেল কী-ব'ৰ্ড বিকাশ কৰি উলিয়ায় যিটো ব্যৱহাৰ কৰি ৰহিঙীয়া লিপিত পোনে পোনে টাইপ কৰিব পাৰি। ৰহিঙীয়া ইউনিক'ড কী-ব'ৰ্ড লে'আউট ইয়াত পোৱা যাব।

বৰ্ণসমূহ

+ৰহিঙীয়া বৰ্ণমালা - ২৯𐴌𐴟𐴇𐴥𐴝𐴚𐴒𐴙𐴝 𐴇𐴥𐴡𐴌𐴟𐴉𐴢১০
𐴅𐴄𐴃𐴂𐴁𐴀
𐴋𐴊𐴉𐴈𐴇𐴆
𐴑𐴐𐴏𐴎𐴍𐴌
𐴗𐴖𐴕𐴔𐴓𐴒
𐴜𐴛𐴚𐴙𐴘
+ৰহিঙীয়া স্বৰবৰ্ণ - ৭𐴌𐴟𐴇𐴥𐴝𐴚𐴒𐴙𐴝 𐴀𐴝𐴉𐴡𐴌 𐴀𐴞𐴉𐴡𐴌𐴢
𐴢𐴡𐴠𐴟𐴞𐴝
◌𐴧◌𐴦◌𐴥◌𐴤𐴣
+ৰহিঙীয়া সংখ্যা𐴌𐴟𐴇𐴥𐴝𐴚𐴒𐴙𐴝 𐴓𐴡𐴔𐴁𐴡𐴌𐴢
𐴰𐴱𐴲𐴳𐴴𐴵𐴶𐴷𐴸𐴹

আৰবী লিপি

আৰবী লিপিত লিখিত ৰহিঙীয়া ভাষাৰ প্ৰথম পাঠ ২০০ বছৰতকৈও পুৰণি।১১ আৰাকানত ব্ৰিটিছৰ শাসনকালত ৰহিঙীয়া লোকে লিখিত যোগাযোগৰ বাবে ইংৰাজী আৰু উৰ্দু ভাষা ব্যৱহাৰ কৰিছিল। ১৯৪৮ চনত স্বাধীনতা লাভ কৰাৰ পাছৰেই পৰা মান চৰকাৰী ভাষাৰূপে ব্যৱহৃত হৈ আহিছে। ১৯৬০ দশকৰ আৰম্ভণিত ৰহিঙীয়া বিদ্বানসকলে নিজৰ ভাষাৰ এক উপযুক্ত লিপিৰ প্ৰয়োজন বোধ কৰে।

১৯৭৫ চনত আৰবী বৰ্ণ ব্যৱহাৰ কৰি লিখন প্ৰণালী বিকাশ কৰা হয়; অন্য বিদ্বানসকলে আৰবীৰ কিছুমান অভাৱ দূৰ কৰিবলৈ উৰ্দু লিপি ব্যৱহাৰ কৰিছিল। কিন্তু ইয়াৰে এটাও সন্তুষ্টজনক নাছিল আৰু ৰহিঙীয়াসকলৰ এই দুয়োটা লিপিতে পঢ়োঁতে অসুবিধা হৈছিল।

তাৰ পাছত ১৯৮৩ চনত মৌলানা হানিফে সোঁৰ-পৰা-বাওঁমুখী বৰ্ণমালা প্ৰস্তুত কৰি উলিয়ায়। ইয়াৰ নামকৰণ তেওঁৰ নামতেই কৰা হ'ল। হানিফি বৰ্ণমালা আৰবী বৰ্ণমালাৰ এক সংশোধিত ৰূপ য'ত লেটিন আৰু মান বৰ্ণমালাৰ কেইটামান অতিৰিক্ত বৰ্ণ আছে।১২

বৰ্তমানৰ সময়ত ৰহিঙীয়া ইউনিক'ড ফ'ণ্ট পোৱা যায়। এই লিপি আৰবী লিপিৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে আৰু ইয়াত কেইটামান অতিৰিক্ত স্বৰ-চিহ্ন আছে।১৩১৪ কিছুমান পৰীক্ষাত পোৱা গৈছে যে আৰবী আখৰ চিনি পোৱা লোকে এই লিপি কিছু ঘণ্টাৰ ভিতৰতে শিকিব পাৰে।

ৰহিঙীয়া ফন্না ইউনিক'ড কী-ব'ৰ্ড লে'আউটৰ লগতে বিনামূলীয়া ফ'ণ্ট ইয়াত পোৱা যাব।

ৰোমান লিপি

১৯৯৯ চনত ই.এম. ছিদ্দিক বাছুৱে লেটিন আখৰ ব্যৱহাৰ কৰি লিখিত ৰহিঙীয়া ভাষা সৰলীকৰণ কৰে। ই এক সহজ লিখন প্ৰণালী যি শিকিবলৈ সহজ আৰু ইয়াক ৰহিঙীয়ালিছ বা ৰহিঙীয়া ফন্না হিচাপে জনা যায়। এই লিপিত কেৱল ২৬টা ৰোমান বৰ্ণ, পাঁচটা উচ্চাৰণযুক্ত স্বৰবৰ্ণ আৰু মূৰ্ধন্য আৰু নাসিক্য ধ্বনিৰ বাবে দুটা অতিৰিক্ত লেটিন বৰ্ণ আছে।

+ৰহিঙীয়ালিছ বৰ্ণসমূহ-২৮A aB bC cÇ çD dE eF f
G gH hI iJ jK kL lM m
N nÑ ñO oP pQ qR rS s
T tU uV vW wX xY yZ z

কেৱল অন্য ভাষাৰ পৰা তুলি অনা শব্দৰ ক্ষেত্ৰতহে Q, V, আৰু X ব্যৱহাৰ কৰা হয়।১৫

ৰহিঙীয়ালিছ লিখন প্ৰণালীৰ বৰ্ণসমূহৰ তালিকাখনত লেটিন আখৰ (সেউজীয়া পটভূমিসহ ç আৰু ñ) ব্যৱহাৰ কৰা হৈছে। স্বৰবৰ্ণসমূহ উচ্চাৰণহীন (aeiou) আৰু উচ্চাৰণযুক্ত (áéíóú) ৰূপত লিখা হয়। "c"ৰ উচ্চাৰণ হ'ল, "ç"ৰ উচ্চাৰণ হ'ল মূৰ্ধন্য "r",১৬ আৰু ñ অনুনাসিক স্বৰবৰ্ণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় (যেনে- fañs 'পাঁচ')। এই বৰ্ণসমূহ ইংৰাজী কী-ব'ৰ্ড (যেনে- ইংৰাজী (যুক্তৰাষ্ট্ৰ) আন্তঃৰাষ্ট্ৰীয় কী-ব'ৰ্ড) ব্যৱহাৰ কৰি টাইপ কৰিব পাৰি।

বৰ্ণসমূহৰ নাম আৰু উচ্চাৰণ

ৰহিঙীয়ালিছ বৰ্ণমালাৰ বৰ্ণসমূহৰ নাম ইংৰাজী বৰ্ণমালাৰ বৰ্ণসমূহৰ নামৰ অনুৰূপ।

+মৌলিক আখৰসমূহ১৫আখৰউচ্চাৰণনাম
a/a/ee
b/b/bii
c/ʃ/cii
ç/ɽ/çii
d/d̪/dii
e/e/ii
f/f/ef
g/g/jii
h/h, x/eech
i/i/ai
j/ɟ/jee
k/k/kee
l/l/el
m/m/em
n/n/en
ñ/◌̃/ (অনুনাসিকীকৰণ)añ
o/ɔ/oou
p/p/pii
q/q/kyuu
r/r/er
s/s/es
t/t̪/tii
u/u/yuu
v/v/vii
w/w/dblyuu
x/ks/eks
y/j/way
z/z/zed
+যুক্তস্বৰআখৰউচ্চাৰণ
ch/c/
dh/ɖ/
h'/h/
kh/x/
ng/ŋ/
ny/ɲ/
ou/o/
th/t̪/
ts/t̪/

ৰহিঙীয়ালিছত দীৰ্ঘ স্বৰবৰ্ণ বুজাবলৈ দুটা স্বৰবৰ্ণ একেলগে লিখা হয়; যেনে- দীৰ্ঘ বুজাবলৈ "oo" আৰু দীৰ্ঘ বুজাবলৈ "oou" লিখা হয়।১৭

নমুনা পাঠ

তলত দিয়া পাঠৰ নমুনাসমূহ মানৱীয় অধিকাৰসমূহৰ বিশ্বজনীন ঘোষণাৰ প্ৰথম অনুচ্ছেদৰ পৰা লোৱা হৈছে:

ৰহিঙীয়া লেটিন লিপিত ৰহিঙীয়া

Manúic beggún azad hísafe, ar izzot arde hók ókkol ót, fúainna hísafe foida óiye. Fottí insán óttu honó forók sára elan ot aséde tamám hók ókkol arde azadi ókkol loi fáaida goróon ór hók asé. Ar, taráre dil arde demak diyé. Ótolla, taráttu ekzon loi arekzon bái hísafe maamela goróon saá.

লেটিন লিপিত বঙালী

Shômosto manush shadhinbhabe shôman môrjada ebong odhikar niye jônmogrohon kôre. Tãder bibek ebong buddhi achhe; shutorang shôkoleri êke ôporer proti bhratrittoshulobh mônobhab niye achôron kôra uchit.

লেটিন লিপিত অসমীয়া

Zônmôgôtôbhawê xôkôlû manuh môrjyôda aru ôdhikarôt xôman aru sôtôntrô. Têû̃lûkôr bibêk asê, buddhi asê. Têû̃lûkê prôittêkê prôittêkôk bhratribhawê byôwôhar kôra usit.

তথ্যসূত্ৰ

  1. ↑ What is Rohingyalish or Rohingya Language?. RohingyaLanguage.com
  2. ↑ Rohingya Language. WorldLanguage.com
  3. ↑ "The Linguistic Innovation Emerging From Rohingya Refugees." by Christine Ro. Forbes. September 13, 2019
  4. ↑ Archived copy
  5. ↑ Kazi Mujibuddin bin Abul khair. روهنغيا قائده
  6. ↑ Archived copy
  7. ↑ Archived copy
  8. ↑ Rohingya alphabets, pronunciation and language. Omniglot. Simon Ager
  9. ↑ James, Ian. (5 July 2012). Hanifi alphabet for Rohingya. Sky Knowledge
  10. ↑ Rohingya Language Academy
  11. ↑ Priest, Lorna A.; Hosken, Martin; SIL International. (12 August 2010). Proposal to add Arabic script characters for African and Asian languages. পৃ. 13–18, 34–37
  12. ↑ Pandey, Anshuman. (20 June 2012). Preliminary Proposal to Encode the Rohingya Script. Expanding Unicode. Anshuman Pandey
  13. ↑ Priest, Lorna A.; Hosken, Martin; SIL International. (12 August 2010). Proposal to add Arabic script characters for African and Asian languages. পৃ. 13–18, 34–37
  14. ↑ Pandey, Anshuman. (20 June 2012). Preliminary Proposal to Encode the Rohingya Script. Expanding Unicode. Anshuman Pandey
  15. ↑ Rohingya alphabets, pronunciation and language. www.omniglot.com
  16. ↑ Priest, Lorna A.; Hosken, Martin; SIL International. (12 August 2010). Proposal to add Arabic script characters for African and Asian languages. পৃ. 13–18, 34–37
  17. ↑ Rohingya alphabets, pronunciation and language. www.omniglot.com

সম্পৰ্কিত শ্ৰেণী

ভাষা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰহিঙীয়া ভাষা” প্ৰবন্ধৰ সংশোধন ৪২১৩৯৩ (২০ মে’ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।