হাফলং হিন্দী (हफ़लौंग हिन्दी) অসমৰ ডিমা হাছাও জিলাত (পূৰ্বৰ উত্তৰ কাছাৰ) বহুল প্ৰচলিত এটা সংযোগী ভাষা (lingua franca)। ১ হিন্দীৰ পৰা উদ্ভূত এই সংমিশ্ৰিত ভাষা বা ক্ৰে'য়ল ভাষা(creole language)টোৰ শব্দাৱলী অন্য কেইবাটাও ভাষাৰ শব্দেৰে গঠিত হৈছে। মূলতঃ হিন্দীৰ লগতে অন্যান্য ভাষা অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা), ডিমাছা জনগোষ্ঠী আৰু জেমি নাগা উপভাষাৰ শব্দৰ অৱদানেৰে হাফলং হিন্দীৰ শব্দাৱলী গঠিত। ডিমা হাচাও জিলাৰ সদৰ হাফলঙৰ নামৰ সৈতে সংগতি ৰাখি এই মিশ্ৰিত ভাষাটোক হাফলং হিন্দী নাম দিয়া হৈছে।
উদ্ভৱ কাল
এই অঞ্চলটো বৃটিছৰ অধীনলৈ অহাৰ আগতে ইয়াৰ স্থানীয় বাসিন্দাসকলে, যেনে, জেমী নগা, ডিমাছা, কুকি, ৰাংখল, মাৰ আদি জনগোষ্ঠীৰ লোকে কি ভাষাত পৰস্পৰ জজগোষ্ঠীৰ মাজত ভাৱ বিনিময় কৰিছিল সঠিককৈ জনা নাযায় যদিও “আসাম বেঙ্গল ৰে’লৱে কোম্পানী’’ৰ বিভিন্ন ঠাইৰ পৰা অহা শ্ৰমিক, কণ্ট্ৰেক্টৰ, ইঞ্জিনিয়াৰ আদিৰ সৰহভাগে হিন্দী জানিছিল আৰু শ্ৰমিক শ্ৰেণীৰ মাজত হিন্দীতেই ভাৱ বিনিময় হৈছিল৷ তদুপৰি বৃটিছসকলে স্থানীয় লোকৰ যিসকলে শ্ৰমিকসকলৰ সংস্পৰ্শত হিন্দী শিকিছিল, সেইসকলক দোভাষী হিচাপে নিয়োগ কৰিছিল৷ ইয়াৰ পিছত অনেক স্থানীয় লোকে পুলিছত ভৰ্তি হয় আৰু হিন্দী শিকে৷ তেওঁলোকৰ পৰাই স্থানীয় বিভিন্ন ভাষাৰ শব্দৰ সংমিশ্ৰণত “হাফলং হিন্দী’’ নামে এক নতুন সংযোগী ভাষা সৃষ্টি হয়৷২ স্থানীয় জনজাতীয় লোকসকলে বজাৰ আৰু অফিচৰ কামত ভাৱ বিনিময় কৰিবলৈ “হাফলং হিন্দী’’ শিকাটো অপৰিহাৰ্য হৈ পৰিছিল৷ বৰ্তমান কোনো কোনো লোকৰ ঘৰত হাফলং হিন্দী মাতৃভাষা হিচাপেও গঢ় ল’বলৈ ধৰিছে, কাৰণ, দুটা পৃথক জনগোষ্ঠীৰ ডেকা-গাভৰুয়ে সংসাৰ কৰিলে তেওঁলোকৰ সন্তানে এই ভাষাটো মাক-বাপেকৰ পৰা শিকি ক’বলৈ বাধ্য হয়৷৩
ব্যাকাংশৰ উদাহৰণ
এই উপভাষা সৰহ সংখ্যক হিন্দী ভাষীৰ বাবে সহজেই বোধগম্য। হাফলং হিন্দীৰ সৰলীকৃত ব্যাকৰণত ঋণ-শব্দৰ (loanword infusions) প্ৰয়োগ হয়। ৪
| ব্যাকাংশ | ইংৰাজী ভাবানুবাদ | অসমীয়া অৰ্থ |
|---|---|---|
| tumko mairong leke aayaa | I (implied) you (tumko) rice (mairong) tak-ing (le-ke) came (aayaa) | 'তোমালৈ চাউল লৈ আনিছো' |
| tumraa kuttaa hamko kamraayaa | Your (tumraa) dog (kuttaa) me (hamko) bit (kamraayaa) | 'তোমাৰ কুকুৰটোৱে মোক কামুৰিলে' |
| tum kahaan jaaegaa | Where (kahaan) you (tum) go-Fut (jaa-egaa) | 'তুমি ক'লৈ যাবা?' |
মান্য হিন্দীৰ বিপৰীতে হাফলং হিন্দীত সামান্য অতীত বা পূৰ্ণ অতীতৰ সকৰ্মক ক্ৰিয়া বুজোৱা ব্যাকাংশত পুৰুষ আৰু সংখ্যাৰ সামঞ্জস্য নাথাকে।
তথ্যসূত্ৰ
- ↑ Col Ved Prakash, "Encyclopaedia of North-east India, Vol# 2", Atlantic Publishers & Distributors;Pg 575, ISBN 978-81-269-0704-5
- ↑ থাওসেন, যতীন্দ্ৰলাল. (1995). পৰিবৰ্তন. 100 years of Haflong
- ↑ ৰভী, পদ্মেশ্বৰ. (২০১৬). হাফলং হিন্দী. বৰ্ণিল বৰাইল
- ↑ In this Assam district, Hindi unites 11 tribes. Indian Express, September 10, 2007
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হাফলং হিন্দী” প্ৰবন্ধৰ সংশোধন ৪৫২৩১৯ (৮ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।