ভাষা
১৮৩ প্ৰবন্ধ
-
বজ্জিকা ভাষা
বজ্জিকা এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা প্ৰকাৰ যি পূৰ্বী ভাৰত আৰু নেপালৰ কোনো কোনো অংশত ব্যৱহাৰ কৰা হয়। এই ভাষা মৈথিলীৰ সৈতে ওচৰেৰে সম্বন্ধিত আৰু ইয়াক অনেকে মৈথিলীৰ উপভাষাও জ্ঞান কৰে।
-
মণ্ডিয়ালী
মণ্ডিয়ালী (টাকৰী লিপিত: 𑚢𑚘𑚶𑚖𑚮𑚣𑚭𑚥𑚯) উত্তৰ ভাৰতৰ হিমাচল প্ৰদেশত ঘাইকৈ কথিত এটি পাহাড়ী ভাৰতীয়-আৰ্য ভাষা। হিমাচল প্ৰদেশৰ মণ্ডী জিলাত এই ভাষাৰ প্ৰচলন অধিক। ইউনেস্ক'ৰ মতে এই ভাষা অতিকৈ লুপ্তপ্ৰায় ভাষাসমূহৰ অন্যতম। ১৯৬১ চনৰ পৰা ২০০১ চনলৈ এই ভাষা ভাষী লোকৰ সংখ্যতা ২১ শতাংশ হ্ৰাস পাইছে।
-
কেৰিবিয়ান হিন্দুস্তানী
কেৰিবিয়ান হিন্দুস্তানী (Devanagari: कैरेबियाई हिंदुस्तानी; Kaithi: 𑂍𑂶𑂩𑂵𑂥𑂱𑂨𑂰𑂆⸱𑂯𑂱𑂁𑂠𑂳𑂮𑂹𑂞𑂰𑂢𑂲; Perso-Arabic: ) এটি ভাৰতীয়-আৰ্য ভাষা যি ভাৰতীয়-কেৰিবিয়ান লোকে ব্যৱহাৰ কৰা এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা। ই বিহাৰী ভাষাগোষ্ঠীৰ অন্তৰ্গত। ই এটি ক'ইনে ভাষা যি ভোজপুৰী আৰু অৱধী ভাষাৰ ওপৰত ভিত্তি কৰি তৈয়াৰ হৈছে।
-
খোৱাৰ ভাষা
খোৱাৰ বা চিত্ৰলী এটি দাৰ্দিক ভাৰতীয়-আৰ্য ভাষা যি মুখ্যতঃ পাকিস্তানৰ চিত্ৰল অঞ্চল আৰু তাৰ ওচৰৰ অঞ্চলসমূহত ব্যৱহাৰ কৰা হয়। খোৱাৰ চিত্ৰল অঞ্চলৰ মুখ্য ভাষা যি অন্য ভাষা ভাষী লোকেও নিজৰ মাজত কথা পাতিবলৈ ব্যৱহাৰ কৰে।
-
ডোটেলী ভাষা
ডোটেলী ভাষা প্ৰায় ৮,০০,০০০ মানুহে ব্যৱহাৰ কৰে, যাৰ ভিতৰত বেছিভাগেই নেপালত বসবাস কৰে। এই ভাষা দেৱনাগৰী লিপিৰে লিখা হয়। নেপালী ভাষাৰ লগত এই ভাষাৰ বহুক্ষেত্ৰত মিল দেখা যায়। ভাৰতৰ কুমাঊনী ভাষাৰ লগতো ৭৫% মিল আছে।
-
থাৰু ভাষা
থাৰু হৈছে ইণ্ডো-আৰ্য ভাষাসমূহৰ অন্তৰ্গত কেইটামান ভাষা, যিবোৰ নেপালৰ তৰাই অঞ্চল আৰু উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ আৰু বিহাৰৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহত প্ৰচলিত থাৰু জনগোষ্ঠীয়ে ব্যৱহাৰ কৰে। থাৰু ভাষা নেপালৰ অন্যতম প্ৰধান ভাষা।
-
নেফামিজ
নেফামিজ বা অৰুণামিজ (Nefamese বা Arunamese) ভাৰতবৰ্ষৰ পূব প্ৰান্তৰ ৮৩,৭৪৩ বৰ্গ কিঃমিঃ ব্যাপ্ত হৈ থকা ৰাজ্য অৰুণাচল প্ৰদেশৰ মিশ্ৰিত (pidgin) ভাষা। পূৰ্বে এই প্ৰদেশখনক উত্তৰ-পূব সীমান্ত অঞ্চল যাক ইংৰাজীত North East Frontier Agency বা চমুকৈ NEFA বুলি জনা গৈছিল।
-
পৈশাচী (ভাষা)
পৈশাচী হৈছে প্ৰাচীন কালৰ প্ৰাকৃত আৰু সংস্কৃত ব্যাকৰণত উল্লেখ কৰা ভাৰতৰ মধ্যৱৰ্তী ৰাজ্যসমূহৰ লিপিবদ্ধ ৰূপত বহুলাংশে উপলব্ধ নোহোৱা এক সাহিত্যিক ভাষা। ইয়াক সাধাৰণতে প্ৰাকৃতসমূহৰ সৈতে একগোট কৰা হয়।
-
বিলাসপুৰী
বিলাসপুৰী (টাকৰী লিপিত: 𑚠𑚮𑚥𑚭𑚨𑚞𑚱𑚤𑚯) বা কহলূৰী (টাকৰী লিপিত: 𑚊𑚩𑚥𑚱𑚤𑚯) উত্তৰ ভাৰতৰ হিমাচল প্ৰদেশৰ বিলাসপুৰ জিলাত ঘাইকৈ কথিত এটি পশ্চিমীয়া পাহাড়ী ভাৰতীয়-আৰ্য ভাষা। এই ভাষা পাঞ্জাব পাহাড়ত স্থিত পূৰ্বৰ বিলাসপুৰ ৰাজপুত্ৰ শাসিত ৰাজ্যৰ সৈতে জড়িত।
-
ভাৰতৰ চৰকাৰী ভাষাসমূহ
ভাৰতৰ সংবিধান অনুসৰি ভাৰত চৰকাৰৰ চৰকাৰী ভাষা হৈছে দেৱনাগৰী লিপিৰ হিন্দী আৰু ইংৰাজী। সংবিধানত কোনো জাতীয় ভাষা নাই। বিভিন্ন চৰকাৰী কাম-কাজত হিন্দী আৰু ইংৰাজী ব্যৱহাৰ কৰা হয়; যেনে, সংসদৰ কামত, আইন আৰু ন্যায়িক কামত, ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত যোগাযোগ ইত্যাদি।ৰাজ্যসমূহে নিজৰ চৰকাৰী ভাষা…
-
মহাসু পাহাড়ী
মহাসু পাহাড়ী (টাকৰী লিপিত: 𑚢𑚩𑚭𑚨𑚱 𑚞𑚩𑚭𑚪𑚯) এটি পশ্চিমীয়া পাহাড়ী ভাষা, যি ঘাইকৈ ভাৰতৰ হিমাচল প্ৰদেশ ৰাজ্যত ব্যৱহাৰ কৰা হয়। এই ভাষাক মহাসুঈ বা মহাসুৱী নামেৰেও জনা যায়। ২০০১ চনত এই ভাষা প্ৰায় ১০০০০০০ লোকে কৈছিল বুলি অনুমান কৰা হয়। এই ভাষাক মুখ্যতঃ চিমলা আৰু চোলান জিলাত কোৱা হয়।
-
মাগধী প্ৰাকৃত
পালি ভাষাৰ অৱনতিৰ পিছত প্ৰাচীন ভাৰতৰ লিখিত ভাষাৰ তিনিটা নাটকীয় প্ৰাকৃতৰ ভিতৰত মগধী প্ৰাকৃত (Māgadhī) অন্যতম। ই পূৰ্বৰ বৈদিক সংস্কৃতৰ ঠাই লোৱা এটা স্থানীয় ভাষাৰ মধ্য ভাৰত-আৰ্য্য ভাষা আছিল।
-
লিখন পদ্ধতিসমূহৰ তালিকা
মানৱ ভাষা লিপিবদ্ধ কৰিবলৈ লিখন পদ্ধতি ব্যৱহাৰ কৰা হয়, আৰু কিছুমান সাধাৰণ বৈশিষ্ট্য অনুসৰি ইয়াক শ্ৰেণীভুক্ত কৰিব পাৰি।
-
শ্বিনা ভাষা
শ্বিনা (ݜݨیاٗ,شِْنْیٛا Ṣiṇyaá) এটি দাৰ্দিক ভাৰতীয়-আৰ্য ভাষা যি মুখ্যতঃ শ্বিনা লোকৰ দ্বাৰা ব্যৱহৃত। পাকিস্তানত শ্বিনা ঘাইকৈ গিলগিত-বলতিস্তান অঞ্চলত ব্যৱহাৰ কৰা হয়, অনুমানিত ১১৪৬০০০ লোকৰ দ্বাৰা। কোহিস্তান অঞ্চলতো এই ভাষা ব্যৱহাৰ কৰা হয়।
-
ৰাজবংশী ভাষা (নেপাল)
ৰাজবংশী বা তাজপুৰীয়া এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা যি অসমীয়া-বাঙালী উপগোটৰ অন্তৰ্গত। এই ভাষা মুখ্যতঃ নেপালত ব্যৱহাৰ কৰা হয়। ভাষাটো ৰাজবংশী ভাষাৰ সৈতে সম্বন্ধিত, কিন্তু পৃথক, যদিও কোনো কোনোৱে ৰাজবংশী ভাষাকো চুটিকৈ ৰাজবংশী বা কমতাপুৰী নামেৰে অভিহিত কৰে।
-
আৱেস্তা ভাষা
অৱেস্তা ভাষা ( Avestan language ) বা আভেস্তান, এটা প্ৰাচীন ইৰাণী ভাষা। সম্ভৱতঃ প্ৰাচীন পাৰ্চী সাম্ৰাজ্যৰ উত্তৰ-পূব অংশত ইয়াৰ প্ৰচলন আছিল। জৰদস্তি ধৰ্মৰ পবিত্ৰ গ্ৰন্থ আৱেস্তা, এই ভাষাত ৰচনা কৰা হৈছে।
-
ইণ্ডোনেছিয়াৰ ভাষাসমূহ
ইণ্ডোনেছিয়া হ'ল ৭০০তকৈও অধিক জীৱিত ভাষাৰ বাসস্থান। এই উল্লেখযোগ্য ভাষিক বৈচিত্ৰ্যই ইণ্ডোনেছিয়াক পাপুয়া নিউ গিনিৰ পিছত বিশ্বব্যাপী দ্বিতীয় সৰ্বাধিক ভাষিকভাৱে বৈচিত্ৰ্যময় ৰাষ্ট্ৰৰ স্থান দিছে।
-
গদী ভাষা
গদী, গদকী, গদিয়ালী বা ভৰমৌড়ী (টাকৰী লিপিত: 𑚌𑚛𑚯, 𑚌𑚛𑚊𑚯, 𑚌𑚛𑚮𑚣𑚭𑚥𑚯, 𑚡𑚤𑚢𑚵𑚪𑚯) এটি পাহাড়ী ভাৰতীয়-আৰ্য ভাষা। এই ভাষা মুখ্যতঃ উত্তৰ ভাৰতৰ হিমাচল প্ৰদেশৰ চম্বা জিলাৰ ভাৰমৌড় অঞ্চলৰ গদী লোকে ব্যৱহাৰ কৰে। তদুপৰি, চুবুৰীয়া জম্মুৰ উধমপুৰ, কথুৱা আৰু দোদা জিলাতো এই ভাষা কোৱা হয়।
-
চুৰাহী
চুৰাহী (টাকৰী লিপিত: 𑚏𑚰𑚤𑚭𑚩𑚯) এটি পশ্চিমীয়া পাহাড়ী ভাৰতীয়-আৰ্য ভাষা যি উত্তৰ ভাৰতৰ হিমাচল প্ৰদেশত কোৱা হয়। এই ভাষা মুখ্যতঃ চম্বা জিলাৰ চৌৰাহ আৰু সলুনী তেহসীলত ব্যৱহাৰ কৰা হয়। এই ভাষা এটি বিপন্ন ভাষা।
-
দেশিয়া ভাষা
দেশিয়া, দেশিয়া ওড়িয়া, কোৰাপুটী ওড়িয়া বা দক্ষিণ-পশ্চিম ওড়িয়া এটি ভাৰতীয়-আৰ্য ভাষা প্ৰকাৰ (সামাজিক-ভাষাবৈজ্ঞানিকভাৱে ওড়িয়াৰ উপ-ভাষা গণ্য কৰা হয়) যি ভাৰতৰ পূৰ্বী ৰাজ্য উৰিষ্যাৰ কোৰাপুট, নবৰংগপুৰ, ৰায়গড় আৰু মলকানগিৰি তথা অন্ধ্ৰ প্ৰদেশৰ বিশাখাপাট্টনং আৰু বিজিয়ানগৰঙত ব্যৱহৃত।
-
নিচি ভাষা
নিচি ভাষা (Nyishi/nishi Language), ভাৰতৰ অৰুণাচল প্ৰদেশৰ আঠখন জিলা ক্ৰমে ক্ৰা দাদি, কুৰুং কুমেই, পূব কামেং, পশ্চিম কামেং, পাপুম পাৰে, নামনি সোৱণশিৰি, কামলে, পক্কে কেছাং জিলা আৰু অসমৰ দৰং জিলাত প্ৰচলিত তানি শাখাৰ এটা চীন-তিব্বতী ভাষা। এই ভাষা নিচি জনগোষ্ঠীৰ লোকে ব্যৱহাৰ কৰে।
-
নেপালৰ ভাষাসমূহ
নেপালৰ ভাষা, যাক দেশৰ সংবিধানত নেপালী ভাষা বুলি কোৱা হয়, নেপালীসকলে কোৱা নেপালৰ সাৰ্বভৌম ভূখণ্ডৰ ভিতৰত অন্ততঃ প্ৰাচীন ইতিহাস বা উৎপত্তি থকা ভাষা। নেপালৰ মুঠ জনসংখ্যাৰ ৪৪.৮৬% লোকৰ মাতৃভাষা নেপালী হোৱাৰ বিপৰীতে বিপৰীতে ৪৬.২% লোকৰ বাবে দ্বিতীয় অতিৰিক্ত ভাষাও আছে।
-
পাশ্বায়ী ভাষা
পাশ্বায়ী ভাষা (پشه اې ژبه) এটি দাৰ্দিক ভাৰতীয়-আৰ্য ভাষা যি উত্তৰ-পূব আফগানিস্তানৰ কপীচ, লঘমন, ননগঢ়ৰ, নূৰিস্তান, কুনাৰ আৰু কাবুল অঞ্চলত ব্যৱহাৰ কৰা হয়। ২০০৩ চনৰ আগলৈকে এই ভাষাৰ কোনো লিখিত ৰূপ নাছিল। এই ভাষাৰ উপভাষাসমূহৰ চাৰি মুখ্য প্ৰকাৰ আছে, যি পৰস্পৰৰ মাজত বোধগম্য নহয়।
-
পাহাড়ী কিনৌৰী ভাষা
পাহাড়ী কিনৌৰী, কিনৌৰী পাহাড়ী (টাকৰী লিপিত: 𑚊𑚮𑚝𑚵𑚤𑚯 𑚞𑚩𑚭𑚪𑚯) বা ওৰাস বোলী (টাকৰী লিপিত: 𑚈𑚤𑚭𑚨 𑚠𑚴𑚥𑚯) এটি পশ্চিমীয়া পাহাড়ী ভাষা, যি ভাৰতীয়-আৰ্ষ ভাষা পৰিয়ালৰ এটি উপ-গোট। এই ভাষা ঘাইকৈ ভাৰতৰ হিমাচল প্ৰদেশৰ কিনৌৰ জিলাৰ বিভিন্ন জনজাতীয় লোকে ব্যৱহাৰ কৰে।
-
বাংলাদেশৰ ভাষাসমূহ
বাংলাদেশৰ সংবিধানৰ তৃতীয় অনুচ্ছেদ অনুসৰি বাংলাদেশৰ জাতীয় ভাষা আৰু চৰকাৰী ভাষা বাংলা। প্ৰায় ৯৯% বাংলাদেশীয়ে প্ৰথম ভাষা হিচাপে বাংলা ভাষা কয়। বাংলা ভাষা ৰূপায়ণ আইন, ১৯৮৭ চনত বৈদেশিক সম্পৰ্কৰ ক্ষেত্ৰৰ বাহিৰে সকলো চৰকাৰী কামত বাংলা ভাষা ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰা হৈছিল।
-
বিহাৰী ভাষা
বিহাৰী ভাষা ইন্দো-আৰ্য্য ভাষাৰ এটা গোট। বিহাৰী ভাষাসমূহ প্ৰধানকৈ ভাৰতৰ বিহাৰ, ঝাৰখণ্ড, উত্তৰ প্ৰদেশ, আৰু পশ্চিম বংগ ৰাজ্যত আৰু নেপালতো প্ৰচলিত। বিহাৰী গোষ্ঠীৰ সবাতোকৈ প্ৰচলিত ভাষাসমূহ হ'ল ভোজপুৰী, মগহী আৰু মৈথিলী।
-
ভত্ৰী ভাষা
ভত্ৰী এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা যি ওড়িয়া উপগোটৰ অন্তৰ্গত। এই ভাষা মুখ্যতঃ চত্তীছগঢ় আৰু উৰিষ্যাৰ ভটড়া জনগোষ্ঠীয়ে ব্যৱহাৰ কৰে। এই ভাষা ভাষী লোকে প্ৰায় পূব বস্তৰ জিলা আৰু উৰিষ্যাৰ কোৰাপুত আৰু নবৰংপুৰ জিলাত বাস কৰে।
-
মাং ভাষা (অষ্ট্ৰ'এছিয়াটিক ভাষা)
মাং (চীনা: 莽语; পিনয়ন:Mǎngyǔ) ভিয়েটনাম, চীন আৰু লাওছৰ এটা অষ্ট্ৰ'এছিয়াটিক ভাষা। ইয়াক প্ৰধানকৈ ভিয়েটনামৰ লাই চাউ প্ৰদেশ আৰু সীমান্তৰ সিপাৰে চীনৰ জিনপিং কাউণ্টিত কোৱা হয়। ইয়াৰ প্ৰথম নথিভুক্ত কৰা হৈছিল ১৯৭৪ চনতহে।
-
মালৱী ভাষা
মালৱী (माळवी भाषा) এটি পশ্চিমীয়া ভাৰতীয়-আৰ্য ভাষা যি ৰাজস্থানী ভাষাগোষ্ঠীৰ অন্তৰ্গত। এই ভাষা মুখ্যতঃ ভাৰতৰ মালৱা অঞ্চলত ব্যৱহাৰ কৰা হয়। ই নিমাড়ীৰ সৈতে সামঞ্জস্য ৰাখে, যি মধ্য প্ৰদেশৰ নিমাড় অঞ্চলত ব্যৱহাৰ কৰা হয়।
-
সম্বলপুৰী ভাষা
সম্বলপুৰী এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা যি ওড়িশাৰ পশ্চিম ভাগত কথিত। এই ভাষাক পশ্চিমীয়া ওড়িয়া আৰু কোসলী নামেৰেও জনা যায়। কোসালী এটি নতুনকৈ জনপ্ৰিয় হৈ উঠা নাম, যি বিবাদাস্পদ, কাৰণ ই ঐতিহাসিক দক্ষিণ কোসল অঞ্চলৰ সৈতে সম্পৰ্কৰ ইংগিত দিয়ে, যি অঞ্চলত বৰ্তমানৰ সম্বলপুৰ অঞ্চলো আছিল।