ভাষা
১৮৩ প্ৰবন্ধ
-
ৰাভা ভাষা
ৰাভা ভাৰতৰ চীনা-তিব্বতীয় ভাষা পৰিয়ালৰ ভাষা। ৰাভা জনগোষ্ঠীৰ লোকে এই ভাষা ব্যৱহাৰ কৰে। ৰাভা জনগোষ্ঠী অসমৰ ভৈয়ামৰ জনজাতিসমূহৰ ভিতৰত অন্যতম। অসমৰ গোৱালপাৰা জিলা, কামৰূপ জিলা আৰু দৰং জিলাত মূলতঃ এওঁলোকৰ বসতি। তদুপৰি ভাৰতৰ পশ্চিম বংগ আৰু মেঘালয় ৰাজ্যতো ৰাভা জনগোষ্ঠীৰ লোকে ৰাভা ভাষা কয়।
-
ব্ৰজাৱলী ভাষা
মহেশ্বৰ নেওগ, সত্যেন্দ্ৰনাথ শৰ্মা প্ৰমুখ্যে গৱেষক পণ্ডিতসকলৰ মত অনুসৰি ব্ৰজাৱলী ভাষা অসম পঞ্চদশ-ষোড়শ শতাব্দীত মহাপুৰুষ শঙ্কৰদেৱৰ দ্বাৰা নিৰ্মিত আৰু ব্যৱহৃত এক ধৰণৰ সাহিত্যিক ভাষা বিশেষ।
-
হিন্দুস্তানী ভাষা
হিন্দুস্তানী (দেৱনাগৰী: हिंदुस्तानी) হৈছে এটা বহুকেন্দ্ৰিক ভাষা যাৰ দুটা মানক উপভাষা, হিন্দী (অধিকভাৱে সংস্কৃতকৃত) আৰু উৰ্দু (বেছি পৰিমাণে ফাৰ্চী- আৰবীকৃত)।
-
খ্মেৰ ভাষা
খ্মেৰ:Khmer (/kəˈmɛər/ kə-MAIR; [3] ខ្មែរ, UNGEGN: খ্মেৰ [kʰmae]) হৈছে খ্মেৰ লোকসকলে স্থানীয়ভাৱে কোৱা এটা অষ্ট্ৰিয়া এছিয়াটিক ভাষা। এই ভাষা কম্বোডিয়াৰ চৰকাৰী ভাষা আৰু জাতীয় ভাষা। পূব থাইলেণ্ড আৰু থাইলেণ্ডৰ ইছান, ভিয়েটনামৰ দক্ষিণ-পূব আৰু মেকং বদ্বীপতো এই ভাষাটো বহুলভাৱে কয়।
-
ডিমাছা ভাষা
ডিমাছা ভাষা (Dimasa Language) ভাৰতৰ অসম বিভিন্ন ঠাইত যেনে, নগাঁও, কাৰ্বি আংলং, ডিমা হাচাও আৰু নাগালেণ্ড ৰাজ্যৰ ডিমাছা জনগোষ্ঠী সকলৰ মাতৃভাষা। ডিমাছাসকল ঘাইকৈ ডিমা হাচাও (পূৰ্বৰ উত্তৰ কাছাৰ) জিলাত বাস কৰে৷ ডিমাছাসকল অসমৰ আদিম অধিবাসীসকলৰ অন্যতম৷ ডিমাছাসকল তিব্বত-বৰ্মী শাখাৰ বড়োসকলৰ সৈতে প্ৰায়…
-
দেউৰী ভাষা
দেউৰী ভাষা হৈছে উত্তৰ পূব ভাৰতৰ অসম আৰু অৰুণাচল প্ৰদেশৰ অধিবাসী দেউৰী জনগোষ্ঠীৰ লোকসকলৰ দ্বাৰা ব্যৱহৃত চীনা-তিব্বতীয় ভাষা পৰিয়ালৰ অন্তৰ্গত এটা মান-তিব্বতীয় ভাষা। দেউৰী জনগোষ্ঠীৰ অন্তৰ্ভুক্ত তিনিটা প্ৰধান বংশৰ ভিতৰত কেৱল দিবঙীয়া (Dibongya) নামৰ ঠালটোয়েহে দেউৰী ভাষা বৰ্তাই ৰাখিছে।
-
পশতু ভাষা
পশতু ভাষা (پښتو) ভাৰত-ইউৰোপীয় ভাষা পৰিয়ালৰ এটা পূব ইৰাণী ভাষা। ঐতিহাসিক পাৰ্চী সাহিত্যত ইয়াক আফগানী নামেৰে জনা যায়।
-
অসমীয়া-বঙালী ভাষাগোষ্ঠী
অসমীয়া-বঙালী ভাষাগোষ্ঠী (বা বঙালী-অসমীয়া ভাষাগোষ্ঠী) হৈছে ভাৰত-আৰ্য ভাষা পৰিয়ালৰ পূব এলেকাৰ গোষ্ঠী। এই গোষ্ঠীটোৰ ভাষাবিলাক হ’ল:
-
চাকমা ভাষা
চাকমা ভাষা (; autonym: 𑄌𑄋𑄴𑄟𑄳𑄦 𑄞𑄌𑄴, Changmha Bhach) হৈছে চাকমা আৰু দাইঙেত জনগোষ্ঠীৰ লোকে কোৱা এটা ভাৰত-আৰ্য ভাষা। বাংলাদেশৰ চট্টগ্ৰামীয়া ভাষা, তাঞ্চঙীয়া, ৰাখাইনীয়া আদি ভাষাৰ সৈতে এই ভাষাৰ কিছু মিল আছে।
-
নাগপুৰী ভাষা
নাগপুৰী বা সাদৰী (চাদ্ৰী) এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা যি মুখ্যতঃ ভাৰতৰ ঝাৰখণ্ড, ছত্তীশগঢ়, উৰিষ্যা আৰু বিহাৰ ৰাজ্যত কোৱা হয়। ই ঘাইকৈ ছোটা নাগপুৰ অঞ্চলৰ পশ্চিম আৰু কেন্দ্ৰীয় ভাগত ব্যৱহৃত। কোনো কোনোৱে এই ভাষাক ভোজপুৰীৰ উপভাষা আখ্যা দিয়ে।
-
বালি ভাষা
বালি ভাষা বা বালিনীজ ভাষা (ইংৰাজী: Balinese language / বালি ভাষা: ᬪᬵᬱᬩᬮᬶ ᬩᬲᬩᬮᬶ; Basä Bali) হৈছে এটা মালয়ো-পলিনেছিয়ান ভাষা, যি অষ্ট্ৰ'নেছিয়ান ভাষা পৰিয়ালৰ অন্তৰ্গত।
-
মগহী ভাষা
মগহী (Kthi) বা মগধী (Kthi) এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা যি ভাৰতৰ বিহাৰ, ঝাৰখণ্ড আৰু পশ্চিমবংগত ব্যৱহাৰ কৰা হয়। নেপালৰ তেৰাঈ অঞ্চলতো মহগী কোৱা হয়। অসমীয়া, বাঙালী আৰু ওড়িয়াৰ দৰে অন্য পূৰ্বী ভাৰতীয়-আৰ্য ভাষাসমূহৰ দৰেই, এই ভাষাৰ জনকো মাগধী প্ৰাকৃত, যাৰ নামৰ পৰাই এই ভাষাৰ নামো আহিছে।
-
কোচ ভাষা
কোচ হৈছে ভাৰত আৰু বাংলাদেশৰ কোচ লোকসকলে কোৱা এটা তিব্বত-বৰ্মী ভাষা। ভাৰতৰ কোচসকলে মেঘালয়, অসম আৰু উত্তৰ বংগৰ কিছুমান অঞ্চলত তথা বাংলাদেশৰ কোচসকলে বৃহত্তৰ মৈমনসিং জিলাৰ শ্বেৰপুৰ, নেত্ৰকোনা, কিশোৰগঞ্জ, গাজীপুৰ আৰু বৰেন্দ্ৰ অঞ্চলৰ পাবনা, বগৰা, ৰাজশাহী, মালদাহ, ৰংপুৰ, দিনাজপুৰ, জয়পুৰহাট আৰু নাওগাঁও…
-
তুৰ্কী ভাষা
তুৰ্কী ভাষা হ'ল তুৰ্কী ভাষা পৰিয়ালৰ অন্তৰ্গত ভাষাসমূহৰ ভিতৰত আটাইতকৈ বেছি প্ৰচলিত। পৃথিৱীত প্ৰায় ৯ কোটি তুৰ্কী ভাষী লোক আছে। ই তুৰস্কৰ ৰাষ্ট্ৰীয় ভাষা আৰু চাইপ্ৰাছৰ দুটা চৰকাৰী ভাষাৰ ভিতৰত অন্যতম। সৰ্বাধিক কথিত ভাষাৰ তালিকাত তুৰ্কী ভাষা ১৮ নং স্থানত আছে।
-
নাগামিজ
নাগামিজ (Nagamese) নাগালেণ্ডত প্ৰচলিত এটা মিশ্ৰ ভাষা (Creole)। অসমীয়া ভাষাক ভিত্তি কৰিয়েই ইয়াৰ সৃষ্টি হৈছে। তাৰ লগতে বঙালী, হিন্দী, বিভিন্ন নগা ভাষা আৰু আন আন ভাষাৰো কিছু সমলো ইয়াত দেখা যায়। পাঁচ লাখতকৈও বেছি নাগালেণ্ডৰ বিভিন্ন ভাষাৰ মানুহে ইয়াক যোগাযোগৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰে।
-
অংগিকা ভাষা
অংগিকা, অংগ, অংগিকাৰ বা ছিকা-ছিকী এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা যি ভাৰতৰ বিহাৰ, ঝাৰখণ্ড আৰু নেপালৰ কোনো কোনো অংশত কোৱা হয়। অংগিকা চুবুৰীয়া মৈথিলী, অসমীয়া, বাঙালী, ভোজপুৰী আৰু মগহীৰ সৈতে সম্বন্ধিত। ঐতিহাসিকভাৱে এই ভাষা অংগ লিপি ব্যৱহাৰ কৰি লিখা হৈছিল।
-
অপভ্ৰংশ
অপভ্ৰংশ (अपभ्रंश) হৈছে পতঞ্জলিৰ সময়ৰেপৰা বৈয়াকৰণা অৰ্থাৎ স্থানীয় ব্যাকৰণবিদসকলে আধুনিক ভাষাসমূহৰ উত্থানৰ পূৰ্বে উত্তৰ ভাৰতৰ কথিত ভাষাসমূহ বুজাবলৈ ব্যৱহাৰ কৰা এক শব্দ।
-
চাটগাঁইয়া ভাষা
চাটগাঁইয়া, চট্টগ্ৰামীয়া, চাটগাঞা, বা চিটাইঙ্গা হৈছে বাংলাদেশৰ চট্টগ্ৰাম আৰু দক্ষিণ-পূৰ্বাঞ্চলত প্ৰচলিত এটা ভাৰত-আৰ্য ভাষা। বঙালী ভাষাৰ সৈতে এই ভাষাৰ ওতপ্ৰোত সম্পৰ্ক থকাৰ বাবেই ইয়াক সাধাৰণতে বঙালী ভাষাৰ অ-মান্য উপভাষাৰূপে বিবেচিত হয়, কিয়নো এই ভাষাৰ কওঁতাসকলে নিজক জাতিগতভাৱে বঙালী বুলি পৰিচয়…
-
মান্য চীনা ভাষা
মান্য চীনা ভাষা বা মাণ্ডাৰিন বা পুটংঘুৱা বা গুৱয়ু চীন আৰু টাইৱানৰ একমাত্ৰ আনুষ্ঠানিক ভাষা আৰু চিংগাপুৰৰ চাৰিটা আনুষ্ঠানিক ভাষাৰ অন্যতম। এই ভাষাৰ উচ্চাৰণ চীনা ভাষাৰ বেইজিং উপভাষাৰ ওপৰত আধাৰিত, শব্দাৱলী উত্তৰ চীনৰ বিভিন্ন চীনা উপভাষাৰ পৰা গ্ৰহণ কৰা আৰু ব্যাকৰণ বিংশ শতিকাৰ আধুনিক চীনা সাহিত্যৰ পৰা…
-
কাংগড়ী
কাংগড়ী (টাকৰী লিপিত: 𑚊𑚭𑚫𑚌𑚪𑚯) এটি পাহাড়ী ভাৰতীয়-আৰ্য ভাষা যি উত্তৰ ভাৰতত কথিত। এই ভাষা মুখ্যতঃ হিমাচল প্ৰদেশৰ কাংগড়া, উনা আৰু হমীৰপুৰ তথা পাঞ্জাবৰ গুৰদাসপুৰ, ৰূপনগৰ আৰু হোশ্বিয়াৰপুৰত ব্যৱহাৰ কৰা হয়। এই ভাষাৰ সৈতে কাংগড়া উপত্যকাৰ লোক জড়িত। ২০১১ চনত ১১ লাখ কাংগড়ী ভাষী লোক আছিল।
-
কুমাঊঁনী ভাষা
কুমাঊঁনী (कुमाऊँनी, কুমাওনি) এটি ভাৰতীয়-আৰ্য ভাষা যি ২ নিযুততকৈ অধিক লোকৰ দ্বাৰা ভাৰতৰ উত্তৰাখণ্ড ৰাজ্যৰ কুমাঊঁ অঞ্চল আৰু পশ্চিম নেপালৰ ডোটী অঞ্চলত ঘাইকৈ কথিত। ১৯৬১ চনৰ জনগণনাত ১,০৩০,২৫৪ ভাৰতৰ কুমাঊঁনীভাষী লোক চিহ্নিত হৈছিল। এই সংখ্যা বাঢ়ি ২০১১ চনত ২.২ নিযুত হ'ল।
-
গঢ়ৱালী ভাষা
গঢ়ৱালী (গঢ়ৱালী ভাষাত: गढ़वळि, ) এটি ভাৰতীয়-আৰ্য ভাষা যি কেন্দ্ৰীয় পাহাড়ী উপ-গোটৰ। এই ভাষা মুখ্যতঃ হিমালয়ী ৰাজ্য উত্তৰাখণ্ডৰ গঢ়ৱাল প্ৰান্তত গঢ়ৱালী লোকে কয়। গঢ়ৱালীৰ কেইবাটাও স্থানীয় উপ-ভাষা আছে।
-
জাভা ভাষা
জাভা ভাষা বা জাভানীজ ভাষা এটা অষ্ট্ৰ'নেছিয়ান ভাষা৷ ইণ্ডোনেছিয়াৰ জাভা দ্বীপ আৰু ইয়াৰ আশে-পাশে থকা দ্বীপসমূহৰ প্ৰায় ৮ৰ পৰা ১ কোটি লোকে ইয়াক এই ভাষা কয়। মালয়েছিয়াতো ইয়াৰ জনপ্ৰিয়তা আছে। ই সৰ্বাধিক ভাষী থকা অষ্ট্ৰ’নেছিয়ান ভাষা।
-
দিভেহি ভাষা
দিভেহি ভাষা হ'ল মালদ্বীপৰ ৰাষ্ট্ৰীয় ভাষা। বৰ্তমান বিশ্বত এই ভাষা ব্যাবহাৰকাৰীৰ সংখ্যা প্ৰায় চাৰি লাখ। ইয়াৰে অধিকাংশই মালদ্বীপৰ মানুহ। মালদ্বীপ বাহিৰেও মালয়েচিয়া আৰু মিনিকয় দ্বীপকে ধৰি আন কিছুমান ঠাইত এই ভাষা কোৱা হয়।
-
ধ্বনি
ধ্বনি হৈছে ভাষাৰ মূল। মানুহে মনৰ ভাৱ ভাষাৰ জৰিয়তে মুখেৰে প্ৰকাশ কৰে। কথা কোৱাৰ সময়ত মুখৰ ভিতৰলৈ সোমাই যোৱা বায়ু আৰু ভিতৰৰ পৰা বাহিৰলৈ ওলাই অহা বায়ুৰ মুখ-গহ্বৰত সংঘৰ্ষৰ সৃষ্টি হয়, সেয়াই ধ্বনি। মানুহৰ মুখখনেই হ’ল ঘাই বাক্যন্ত্ৰ।
-
ফিজি হিন্দী
ফিজি হিন্দী ভাষা (ৰোমান হিন্দী ভাষাত: Fiji Hindi; হিন্দী ভাষাত: फिजी हिन्दी) - এই ভাষাটো ভাৰতীয় বংশোদ্ভূত ফিজিয় নাগৰিকসকলৰদ্বাৰা সৰ্বাধিক ব্যৱহৃত ভাষা। ফিজি হিন্দীত মূলত ফিজি আৰু তাৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ প্ৰায় ৩ লাখ ৮০ হাজাৰ মানুহে কথা পাতে।
-
মৰাণ ভাষা
মৰাণ ভাষা (Moran language) বড়ো-গাৰো পৰিয়ালৰ অন্তৰ্গত আৰু পূৰ্ব্বতে উত্তৰ পূব ভাৰতৰ অসম (বিশেষভাৱে তিনিচুকীয়া জিলা)-ত কথিত এটা বিলুপ্ত ভাষা। এই ভাষা অসমৰে আন এক ভাষা ডিমাছাৰ সৈতে সম্পৰ্কিত। তথ্য অনুসৰি মৰাণভাষী লোকৰ সংখ্যা ১৯০১ চনৰ লোকপিয়লত ৭৮, ১৯১১ চনত ২৪ আৰু ১৯৩১ চনত ০ আছিল।
-
ক্ৰা-ডাই ভাষা
ক্ৰা ডাই ভাষা বা টাই কাডাই ( দায়িক আৰু কাডাই) হল এক প্ৰকাৰৰ ভাষা সমূহ যাক চীন,ম্যানমাৰ, থাইলেণ্ড,লাওছ আৰু উত্তৰপূব ভাৰতত পোৱা যায়। চীনত ইয়াক চীনা-তিব্বতীয় ভাষাৰ শাখা মঙ-মিয়াও ভাষাৰ অন্তগত বুলি ধৰা হয়। ইয়াৰে থাই ভাষা আৰু লাও ভাষা ক্ৰমে থাইলেণ্ড আৰু লাওছ দেশৰ ৰাষ্ট্ৰভাষা।
-
চম্বয়ালী
চম্বয়ালী (টাকৰী লিপিত: 𑚏𑚢𑚶𑚠𑚣𑚭𑚥𑚯) এটি পাহাড়ী ভাৰতীয়-আৰ্য ভাষা যি উত্তৰ ভাৰতৰ হিমাচল প্ৰদেশৰ চম্বা জিলাত ঘাইকৈ ব্যৱহাৰ কৰা হয়।
-
তঞ্চঙ্গ্যা ভাষা
তঞ্চঙ্গ্যা হৈছে বাংলাদেশৰ পাৰ্বত্য চট্টগ্ৰাম, ভাৰতৰ ত্ৰিপুৰা আৰু মিজোৰাম ৰাজ্য আৰু ম্যানমাৰৰ ৰাখাইন ৰাজ্যত প্ৰচলিত এটা ভাষা। ই এটা ভাৰত-আৰ্য ভাষা যদিও কোনো কোনো বিদ্বানৰ মতে ই তিব্বত-বৰ্মীয় ভাষা। ইয়াৰ চাকমা আৰু চট্টগ্ৰামীয়া ভাষাৰ সৈতে ওতঃপ্ৰোত সম্পৰ্ক আছে।