বুক্সা, বুক্সাৰী বা ভোক্সা এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা যি ভাৰতৰ উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশ ৰাজ্যৰ বুক্সা লোকে মুখ্যতঃ ব্যৱহাৰ কৰে। ই অসমীয়া, বাঙালী, মৈথিলী, ভোজপুৰী আদি ভাষাৰ ভগ্নী ভাষা।
উত্তৰাখণ্ডত বুক্সাভাষী লোক ঘাইকৈ উধম সিংহ নগৰ জিলাত পোৱা যায়, যি ৰাজ্যখনৰ পূব দিশৰ কুমাঊঁ অঞ্চলৰ দক্ষিণ ভাগত স্থিত। তাত বজপুৰ আৰু গদৰপুৰ অঞ্চলত বুক্সা ভাষী লোক অধিক সংখ্যাত আছে। নৈনীতাল জিলাৰ ৰামনগৰ অঞ্চলতো কেইবাখনো গাঁৱত বুক্সাৰী ভাষী লোক পোৱা যায়। তদুপৰি ৰাজ্যখনৰ মুখ্য মহানগৰসমূহ, যেনে দেহৰাদূন, হৰিদ্বাৰ আৰু পাউৰীত বুক্সা লোক থাকে।১
বুক্সা ভাষাৰ কোনো লিখিত সাহিত্য নাই। কিন্তু এই ভাষাৰ এক স্বকীয় মৌখিক লোকগাথা আৰু লোকগীতৰ পৰম্পৰা আছে।২
গ্ৰন্থৰ সূচী
- Pant, Jagdish. (2015). The Languages of Uttarakhand. People's Linguistic Survey of India. Orient Blackswan. পৃ. 3–26. ISBN 9788125056263
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বুক্সা ভাষা” প্ৰবন্ধৰ সংশোধন ৩৮৮৮৭০ (২৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।