পাকিস্তানৰ ব্যক্তি
১১৪ প্ৰবন্ধ
-
নুৰ জাহান
নুৰ জাহান (Noor Jehan; জন্ম নাম: আল্লাহ ৱাচাই; ২১ চেপ্তেম্বৰ ১৯২৬–২৩ ডিচেম্বৰ ২০০০) এগৰাকী পাকিস্তানী নেপথ্য কণ্ঠশিল্পী তথা অভিনেত্ৰী আছিল। তেওঁৰ কৰ্মজীৱনৰ আৰম্ভণি হৈছিল ব্ৰিটিছ ভাৰতত। ১৯৪৭ চনত দেশ বিভাজনৰ সময়ত তেওঁ পাকিস্তানলৈ গুছি গৈছিল।
-
মালালা ইউছুফজাই
মালালা ইউছুফজাই (Malala Yousafzai জন্ম: ১২ জুলাই ১৯৯৭) ১৩ বছৰ বয়সতে তেওঁ তাহৰিক-এ-তালিবান শাসনৰ অত্যাচাৰৰ বিষয়ে "গুল মাকাই" ছদ্ম নাম লৈ "বিবিচি"ৰ বাবে ব্লগিঙৰ দ্বাৰা স্বাতৰ লোকৰ মাজত নায়িকা হৈ পৰে।
-
বেনাজিৰ ভুট্টো
বেনজীৰ ভুট্টো (بینظیر بھٹو; জন্ম: ২১ জুন ১৯৫৩ আৰু মৃত্যু: ২৭ ডিচেম্বৰ ২০০৭) আছিল এগৰাকী পাকিস্তানী ৰাজনীতিবিদ যিয়ে ১৯৮৮ চনৰ পৰা ১৯৯০ চনলৈ আৰু পুণৰ ১৯৯৩ চনৰ পৰা ১৯৯৬ চনলৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত আছিল।
-
আতিফ আচলম
আতিফ আচলম (; জন্মগত নাম মহম্মদ আতিফ আচলম, জন্ম ১২ মাৰ্চ ১৯৮৩) এজন পাকিস্তানী পপ গায়ক আৰু চলচ্চিত্ৰ অভিনেতা। তেওঁ বলিউডৰ কেইবাখনো ছবিত কেমিঅ' ভূমিকাত অবতীৰ্ণ হৈছে। ২০১১ চনত পাকিস্তানী চলচ্চিত্ৰ বোলত তেওঁ প্ৰথম অভিনেতা হিচাপে অৱতীৰ্ণ হৈছিল। তেওঁ কেইবাটাও জনপ্ৰিয় গীত গাইছে।
-
ইমৰান খান
ইমৰান খান নিয়াজি পাকিস্তানৰ বৰ্তমান প্ৰধানমন্ত্ৰী, পাকিস্তান জাতীয় ক্ৰিকেট দলৰ প্ৰাক্তন খেলুৱৈ আৰু অধিনায়ক। খেলুুুৱৈ জীৱনৰ শেষত তেওঁ ৰাজনীতিৰ সৈতে জড়িত হৈ পৰে। তেওঁ বিশ্ব ক্ৰিকেটৰ সৰ্বকালৰ শ্ৰেষ্ঠ অলৰাউণ্ডাৰসকলৰ ভিতৰত অন্যতম। তেওঁৰ অধিনায়কত্বতে পাকিস্তানে ১৯৯২ চনৰ বিশ্বকাপ জয় কৰিছিল।
-
খুৰশীদ বানো
খুৰশীদ বানো (Khursheed Bano; ১৪ এপ্ৰিল ১৯১৪-১৮ এপ্ৰিল ২০০১) এগৰাকী অভিনেত্ৰী আৰু কণ্ঠশিল্পী আছিল। ১৯৩১ চনত তেওঁ নিৰ্বাক চলচ্চিত্ৰৰে কৰ্মজীৱনৰ পাতনি মেলি একে বছৰৰ ভিতৰত সবাক চলচ্চিত্ৰত জড়িত হৈছিল।
-
ফৈজ আহমদ ফৈজ
ফৈজ আহমদ ফৈজ (Faiz Ahmad Faiz; ১৩ ফেব্ৰুৱাৰী ১৯১১ – ২০ নৱেম্বৰ ১৯৮৪) এগৰাকী পাকিস্তানী কবি আৰু পাঞ্জাৱী আৰু উৰ্দু সাহিত্যৰ সাহিত্যকাৰ। ফৈজ তেওঁৰ সময়ৰ আটাইতকৈ প্ৰসিদ্ধ, জনপ্ৰিয় আৰু প্ৰভাৱশালী উৰ্দু লেখকসকলৰ মাজৰ এগৰাকী আছিল।
-
ৰাহত ফটেহ আলি খান
ৰাহত ফটেহ আলি খান (Rahat Fateh Ali Khan; উৰ্দু: راحت فتح علی خان; জন্ম: ৯ ডিচেম্বৰ ১৯৭৪) তেওঁ ফাৰুক ফটেহ আলি খানৰ পুত্ৰ, কাৱালী গায়ক ফটেহ আলি খানৰ নাতি আৰু নুছৰত ফটেহ আলি খানৰ ভতিজা। কাৱালীৰ উপৰিও, তেওঁ গজল আৰু অন্যান্য ফিল্মী সংগীত পৰিৱেশন কৰে।
-
নুছৰত ফটেহ আলি খান
{{Infobox person | honorific_prefix = ওস্তাদ | name = নুছৰত ফটেহ আলি খান | honorific_suffix = প্ৰাইড অৱ পাৰ্ফমেঞ্চ | image = Nusrat Fateh Ali Khan.jpg | caption = নুছৰত ফটেহ আলি খান | alias = শ্বাহেনশ্বাহ-এ-কাৱালী কিং অৱ কিংচ্ অৱ কাৱালী | native_name = NFAK | birth_name = পাৰভেজ ফটেহ আলি খান |…
-
ৰোচন আৰা বেগম
ৰোচন আৰা বেগম ( Roshan Ara Begum; ১৯১৭- ৬ ডিচেম্বৰ ১৯৮২) এগৰাকী পাকিস্তানী শাস্ত্ৰীয় সঙ্গীতৰ কণ্ঠশিল্পী আছিল। আব্দুল হক খানৰ জীয়ৰী হিচাপে তেওঁৰ সম্পৰ্কীয় ভাতৃ আব্দুল কৰিম খানৰ যোগেদি পৰা শাস্ত্ৰীয় সঙ্গীতৰ কিৰানা ঘৰানাৰ সৈতে সংযোগ আছিল।
-
আবিদা পাৰবীন
আবিদা পাৰবীন (Abida Parveen; সিন্ধি: عابده پروين; উৰ্দু: عابدہ پروین; জন্ম: ২০ ফেব্ৰুৱাৰী ১৯৫৪) এগৰাকী পাকিস্তানী গায়ক, সুৰকাৰ আৰু চুফী সংগীতৰ বিশেষজ্ঞ। তেওঁ এগৰাকী চিত্ৰশিল্পী আৰু উদ্যোগীও। পাকিস্তানৰ সৰ্বাধিক উপাৰ্জন কৰা গায়কসকলৰ মাজত তেৱোঁ এগৰাকী। পাৰবীনক চুফী সংগীতৰ ৰাণী বুলি অভিহিত কৰা হয়।
-
আব্দুছ ছালাম
আব্দুছ ছালাম (Abdus Salam; জন্ম: ২৯ জানুৱাৰী, ১৯২৬ – মৃত্যু: ২১ নৱেম্বৰ, ১৯৯৬) আছিল এগৰাকী পদাৰ্থবিজ্ঞানী। তেওঁ ইটালীৰ ট্ৰিয়েষ্টিত থকা "ইণ্টাৰনেচনেল চেণ্টাৰ ফৰ থিয়ৰেটিকেল ফিজিক্স" অৰ্থাৎ "তাত্ত্বিক পদাৰ্থবিজ্ঞানৰ আন্তৰ্জাতিক কেন্দ্ৰ"ৰ প্ৰতিষ্ঠাপক বিজ্ঞানী আছিল।
-
খাদিজা মাস্তুৰ
খাদিজা মাস্তুৰ (Khadija Mastoor; উৰ্দু: خدیجہ مستور; ১১ ডিচেম্বৰ ১৯২৭ – ২৫ জুলাই ১৯৮২) এগৰাকী পাকিস্তানী চুটি গল্প লেখক আৰু ঔপন্যাসিক। তেওঁ আছিল উৰ্দু সাহিত্যৰ এগৰাকী বিশিষ্ট সাহিত্যকাৰ।
-
গোলাম আলি
ওস্তাদ গোলাম আলি (Ustad Ghulam Ali; জন্ম: ৫ ডিচেম্বৰ, ১৯৪০) পাতিয়ালা ঘৰাণাৰ এগৰাকী পাকিস্তানী গজল গায়ক। তেওঁ বলিউডৰো এগৰাকী খ্যাতনামা গায়ক। তেওঁ বড়ে গোলাম আলি খানৰ শিষ্য আছিল। বড়ে (ডাঙৰ) গোলাম আলি খানৰ ভাতৃ বৰকত আলি খান আৰু মুবাৰক আলি খানৰপৰাও তেওঁ সংগীতৰ তালিম লৈছিল।
-
পেচেন্চ কুপাৰ
পেচেন্চ কুপাৰ (Patience Cooper; ১৯০৫–১৯৯৩) ভাৰতত জন্মগ্ৰহণ কৰা এগৰাকী পাকিস্তানী চলচ্চিত্ৰ অভিনেত্ৰী আছিল। কলকাতাৰ ইংগ-ভাৰতীয় সম্প্ৰদায়ৰ কুপাৰে নিৰ্বাক আৰু সবাক দুয়োবিধ চলচ্চিত্ৰতে সফলতাৰে অভিনয় কৰি গৈছে। তেওঁ বলীউডৰ প্ৰথমাৱস্থাৰ এগৰাকী তাৰকা শিল্পী আছিল।
-
ফাতিমা জিন্নাহ
ফাতিমা জিন্নাহ (; জন্ম: ৩১ জুলাই ১৯৮৩ - মৃত্যু: ৯ জুলাই ১৯৬৭) আছিল এগৰাকী পাকিস্তানী দন্ত চিকিৎসক, জীৱনীকাৰ আৰু পাকিস্তান গঠনত বৰঙনি আগবঢ়োৱা ব্যক্তি সকলৰ মাজত অন্যতম। তেওঁ আছিল মহম্মদ আলি জিন্নাহৰ কনিষ্ঠ ভগ্নী।
-
মলীকা পোখৰাজ
মলীকা পোখৰাজ – ১৯১২ - ২০০৪) পাকিস্তানৰ এগৰাকী গজল আৰু লোকগীতৰ কণ্ঠশিল্পী আছিল। তেওঁ সচৰাচৰ 'মলীকা', যাৰ অৰ্থ ৰাণী, নামেৰে পৰিচিত আছিল। তেখেত হাফিজ জলন্ধৰীৰ নাজম গীত, অভি ত' মেঁ জৱান হুঁ (মই এতিয়াও তৰুণ)-ত কন্ঠদান কৰাৰ বাবে অত্যন্ত জনপ্ৰিয়তা লাভ কৰিছিল, যিটো কেৱল পাকিস্তানতে নহয় ভাৰততো জনপ্ৰিয়…
-
মহচিন হামিদ
মহচিন হামিদ (Mohsin Hamid; জন্ম: ২৩ জুলাই ১৯৭১) এগৰাকী পাকিস্তানী ব্ৰিটিছ ঔপন্যাসিক, লেখক আৰু কোম্পানী পৰামৰ্শদাতা (ব্ৰেণ্ড কনচালটেণ্ট)। তেওঁৰ উপন্যাসসমূহ হৈছে; ‘মথ স্মক’ (২০০০), ‘দ্য ৰিলাকটেণ্ট ফাণ্ডামেণ্টেলিষ্ট’ (২০০৭), ‘হাও টু গেট ফ্লিথি ৰিচ্ ইন ৰাইজিং এছিয়া’ (২০১৩), ‘একজিট ৱেষ্ট’ (২০১৭) আৰু…
-
মহম্মদ নিছাৰ
শ্বেইখ মহম্মদ নিছাৰ (Mohammad Nissar; (জন্ম ১ আগষ্ট ১৯১০, মৃত্যু ১১ মাৰ্চ ১৯৬৩) বিভাজনৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দলৰ হৈ তথা ব্ৰিটিছ শাসিত ভাৰত আৰু পাকিস্তানৰ ঘৰুৱা দলৰ হৈ খেলা এজন বেগী বলাৰ। হ'চিয়াৰপুৰ, পঞ্জাবত জন্মলাভ কৰা এইজন খেলুৱৈক পূৰ্ব-বিভাজিত ভাৰতৰ সকলোতকৈ বেগী বলাৰ বুলি গণ্য কৰা হৈছিল।
-
মেহদি হাছান
মেহদি হাছান খান (উৰ্দু: مہدی حسن خاں; ১৮ জুলাই ১৯২৭ – ১৩ জুন ২০১২) এগৰাকী পাকিস্তানী গজল গায়ক আৰু পাকিস্তানী চলচ্চিত্ৰ উদ্যোগৰ এগৰাকী নেপথ্য গায়ক। তেওঁক গজলৰ ইতিহাসৰ সৰ্বশ্ৰেষ্ঠ আৰু প্ৰভাৱশালী ব্যক্তিসকলৰ ভিতৰত এজন বুলি গণ্য কৰা হয়। হাছানক শ্বাহেনশ্বাহ-এ-গজল (গজলৰ সম্ৰাট) বুলি কোৱা হয়।
-
শ্বীমা কেৰমানী
শ্বীমা কেৰমানী (Sheema Kermani; জন্ম: ১৬ জানুৱাৰী ১৯৫১) এগৰাকী পাকিস্তানী শাস্ত্ৰীয় নৃত্যশিল্পী আৰু সমাজ কৰ্মী। তেখেত তেহৰিক-ই-নিছৱান কালচাৰেল একচন গ্ৰুপ (মহিলা আন্দোলন)ৰ প্ৰতিষ্ঠাপক। তেখেত ভাৰতনাট্যম নৃত্যৰ প্ৰতিনিধিও।
-
অৰ্শদ নাদীম
অৰ্শদ নাদীম (Arshad Nadeem; জন্ম ২ জানুৱাৰী, ১৯৯৭) এজন পাকিস্তানী জেভেলিন নিক্ষেপকাৰী। আৰু বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ যিকোনো ট্ৰেক এণ্ড ফিল্ড ইভেণ্টৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰা তেওঁ প্ৰথমজন পাকিস্তানী খেলুৱৈ।
-
আইছা খালিদ
আইছা খালিদ ( Aisha Khalid; জন্ম: ১৯৭২ চনত পাকিস্তানৰ ফৈছালাবাদত) এগৰাকী মহিলা সমসাময়িক ভিচুৱেল শিল্পী, যিয়ে স্থাপত্য স্থানত ক্ষুদ্ৰ চিত্ৰকলা, বস্ত্ৰশিল্প, ভিডিঅ' আৰু নিৰ্দিষ্ট ইনষ্টলেচনৰ সৈতে কাম কৰে।
-
আছমা জাহাংগীৰ
আছমা জিলানি জাহাংগীৰ (Asma Jahangir; ২৭ জানুৱাৰী ১৯৫২ - ১১ ফেব্ৰুৱাৰী ২০১৮) আছিল এগৰাকী পাকিস্তানী মানৱ অধিকাৰ অধিবক্তা আৰু সমাজ কৰ্মী; যি পাকিস্তানৰ মানৱ অধিকাৰ আয়োগ আৰু এ জি এইচ এছ আইনী সাহায্য কোষৰ সহ-প্ৰতিষ্ঠাপক আৰু অধ্যক্ষ আছিল।জাহাংগীৰ উকীল আন্দোলনত বিশিষ্ট ভূমিকা গ্ৰহণ কৰাৰ বাবে পৰিচিত আছিল…
-
আজিজ মিঞা
আজিজ মিঞা কাৱাল (উৰ্দু: عزیز میاں قوال; জন্ম: ১৭ এপ্ৰিল ১৯৪২ – ৬ ডিচেম্বৰ ২০০০) এগৰাকী পাকিস্তানী পৰম্পৰাগত কাৱাল; যি তেওঁৰ নিজা শৈলীত কাৱালী আৰু গজল গোৱাৰ বাবে বিখ্যাত আছিল। তেওঁক দক্ষিণ এছিয়াৰ এগৰাকী অন্যতম মহান কাৱাল বুলি গণ্য কৰা হয়।
-
আতা উল হক কাচ্মি
আতা উল হক কাচ্মি (Ata ul Haq Qasmi) এগৰাকী উৰ্দু ভাষাৰ পাকিস্তানী স্তম্ভলেখক, নাট্যকাৰ আৰু কবি। তেওঁ প্ৰায় বিশখন কিতাপ লিখাৰ উপৰিও পাকিস্তানৰ আগশাৰীৰ বাতৰি কাকতৰ বাবে বিভিন্ন বিষয়ৰ ওপৰত বহুতো প্ৰবন্ধ লিখিছে।
-
আমজাদ সাবৰি
আমজাদ ফৰিদ সাবৰি (Amjad Sabri; ২৩ ডিচেম্বৰ ১৯৭৬ – ২২ জুন ২০১৬) এগৰাকী পাকিস্তানী কাৱাল, নাত খাৱান (নাত কবিতাৰ আবৃত্তিকাৰ) আৰু চুফী মুছলমান পৰম্পৰাৰ প্ৰবক্তা আছিল।
-
আশা পোছলে
ছাবিৰা বেগম ( Asha Posley; উৰ্দু: آشا پوسلے; ১৯২৭ – ২৫ মাৰ্চ ১৯৯৮) পাকিস্তানী ছবিৰ প্ৰথম নায়িকা আছিল।তেওঁ আশা পোছলে নামেৰে অধিক পৰিচিত আছিল।
-
আহমদ নাদিম কাচ্মি
আহমদ নাদিম কাচ্মি (Ahmad Nadeem Qasmi; ২০ নৱেম্বৰ ১৯১৬ - ১০ জুলাই ২০০৬; জন্ম নাম:আহমদ শ্বাহ আৱান) এগৰাকী উৰ্দু ভাষাৰ পাকিস্তানী কবি, সাংবাদিক, সাহিত্য সমালোচক, নাট্যকাৰ আৰু চুটি গল্প ৰচয়িতা আছিল। তেওঁ কবিতা, কল্প-কাহিনী, সমালোচনা, সাংবাদিকতা আৰু কলাৰ ওপৰত প্ৰায় ৫০ খন কিতাপ লিখিছিল।
-
আহমদ ফৰাজ
চৈয়দ আহমদ শ্বাহ (উৰ্দু: سید احمد شاہ; ১২ জানুৱাৰী ১৯৩১-২৫ আগষ্ট ২০০৮) তেওঁৰ পেন নেম অৰ্থাৎ কলম নাম আহমদ ফৰাজ ৰূপে জনপ্ৰিয়। তেওঁ এগৰাকী পাকিস্তানী উৰ্দু কবি, চিত্ৰনাট্যকাৰ আৰু পাকিস্তান একাডেমী অৱ লেটাৰচ্ৰ প্ৰতিষ্ঠাপক মহানিৰ্দেশক (পিছত অধ্যক্ষ)। তেওঁ ফৰাজ ছদ্মনামেৰে কবিতা লিখিছিল।