অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মহম্মদ নিছাৰ

শ্বেইখ মহম্মদ নিছাৰ (Mohammad Nissar; (জন্ম ১ আগষ্ট ১৯১০, মৃত্যু ১১ মাৰ্চ ১৯৬৩) বিভাজনৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দলৰ হৈ তথা ব্ৰিটিছ শাসিত ভাৰত আৰু পাকিস্তানৰ ঘৰুৱা দলৰ হৈ খেলা এজন বেগী বলাৰ। হ'চিয়াৰপুৰ, পঞ্জাবত জন্মলাভ কৰা এইজন খেলুৱৈক পূৰ্ব-বিভাজিত ভাৰতৰ সকলোতকৈ বেগী বলাৰ বুলি গণ্য কৰা হৈছিল।

হালনাগাদ: ১৫ জানুৱাৰী ২০২৬ ৩৩৯ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

শ্বেইখ মহম্মদ নিছাৰ (Mohammad Nissar; (জন্ম ১ আগষ্ট ১৯১০, মৃত্যু ১১ মাৰ্চ ১৯৬৩) বিভাজনৰ পূৰ্বে ভাৰতৰ ৰাষ্ট্ৰীয় পুৰুষ ক্ৰিকেট দলৰ হৈ তথা ব্ৰিটিছ ৰাজ আৰু পাকিস্তানৰ ঘৰুৱা দলৰ হৈ খেলা এজন বেগী বলাৰ।১ হ'চিয়াৰপুৰ, পঞ্জাব, ভাৰতত জন্মলাভ কৰা এইজন খেলুৱৈক পূৰ্ব-বিভাজিত ভাৰতৰ সকলোতকৈ বেগী বলাৰ বুলি গণ্য কৰা হৈছিল।১

ভাৰতীয় বেট্‌ছমেন আৰু আৰু অধিনায়ক চি কে নাইডুৱে তেওঁৰ লেখাত প্ৰকাশ কৰিছিল যে প্ৰথম স্পেলত নিছাৰৰ বলৰ বেগ ১৯৩২ চনৰ কুখ্যাত বডীলাইন চিৰিজত অষ্ট্ৰেলিয়াক সংকটত পেলোৱা ইংৰাজ বলাৰ হেৰল্ড লাৰউডতকৈ বেছি আছিল।২

নিছাৰৰ সৈতে অমৰ সিঙৰ ফাষ্ট বলিং যুটীক ১৯৩০ৰ দশকত বিশ্বৰ ভিতৰতে অন্যতম শ্ৰেষ্ঠ বুলি গণ্য কৰা হৈছিল।

ক্ৰিকেটৰ বাহিৰে তেওঁ এটা ডাঙৰ পাছটুন জনজাতিৰ দলপতি আছিল আৰু লগতে পাকিস্তানৰ সপক্ষে কোৱা নেতা আছিল। তেওঁৰ স্মৃতিকথাত মহম্মদ আলি জিন্না, বাৰ্মাৰ লৰ্ড মাউণ্টবেটেন, আৰু মোহনদাস কৰমচান্দ গান্ধীৰ চিঠি সন্নিবিষ্ট আছে। পাকিস্তান ক্ৰিকেট ব'ৰ্ডৰ তেওঁ এজন প্ৰতিষ্ঠাপক আছিল আৰু তেওঁক প্ৰথম পাকিস্তানী ক্ৰিকেটাৰ বুলি গণ্য কৰা হয়।

১৯৪৭ চনত তেওঁ পাকিস্তানলৈ প্ৰবজন কৰে আৰু ১৯৬৩ চনত লাহোৰত মৃত্যুবৰণ কৰে।

খেলুৱৈ জীৱন

১৯৩২ চনত ইংলেণ্ড ভ্ৰমণ কৰিবলগীয়া ভাৰতীয় দলত নিছাৰক অন্তৰ্ভুক্ত কৰা হৈছিল। এই দলত চি কে নাইডু, ভাতৃদ্বয় ৱাজিৰ আলি আৰু নাজিৰ আলি, অমৰ সিং আদি খেলুৱৈ আছিল। নিছাৰ আছিল ভাৰতৰ হৈ টেষ্ট ক্ৰিকেটত উইকেট দখল কৰা প্ৰথম বলাৰ। ১৯৩২ চনৰ ২৫ জুনত জীৱনৰ প্ৰথমখন টেষ্ট খেলৰ দ্বিতীয় অ'ভাৰৰ প্ৰথম বলতে তেওঁ হাৰ্বাট ছাট্‌ক্লিফক ৩ ৰাণত ব'ল্ড আউট কৰিছিল। তাৰপিছত একে অ'ভাৰৰ পঞ্চম বলত তেওঁ আনজান ইংৰাজ অ'পেনাৰ পাৰ্চী হ'ম্‌ছক ব'ল্ড কৰে।৩ ইয়াৰ মাথোঁ দহদিন আগতে হ'ম্‌ছ আৰু চাট্‌ক্লিফে য়ৰ্কশ্বায়াৰৰ হৈ অ'পেনিং যুটীত ৫৫৫ ৰাণ কৰিছিল।১ ২৬ অ'ভাৰৰ স্পেলত নিছাৰে ৯৩ ৰাণ খৰছ কৰি পাঁচটা উইকেট দখল কৰে৪ আৰু ইংলেণ্ডৰ দলে ২৫৯ ৰাণত সকলো উইকেট হেৰুৱায়। দ্বিতীয় ইনিংছত নিছাৰে ১৮ অ'ভাৰ বলিং কৰি ৪২ ৰাণত ৱাল্টাৰ ৰবিন্‌ছৰ উইকেট লাভ কৰিছিল। গোটেই মেট্‌ছখনত তেওঁৰ ৪৪ ষ্ট্ৰাইক ৰে'টসহ ১৩৫ ৰাণত ৬টা উইকেট লাভ কৰিছিল।

সেই ভ্ৰমণত খেলা অন্য প্ৰথম শ্ৰেণীৰ মেট্‌ছসমূহত নিছাৰে ১৮.০৯ গড়ে ৭১টা উইকেট লাভ কৰিছিল। ১৯৩৫ চনত জেক ৰাইডাৰৰ নেতৃত্বত অষ্ট্ৰেলিয়ান একাদশে মহাৰাজা "ভিজী" ভিজিয়ানগৰমৰ ভাৰতীয় দলৰ বিৰুদ্ধে খেলিবলৈ ভাৰত ভ্ৰমণ কৰোঁতে নিছাৰে তিনিখন আনুষ্ঠানিক টেষ্টত ১২টা উইকেট আৰু চাৰিখন অনানুষ্ঠানিক টেষ্টত ৩২টা উইকেট দখল কৰিছিল।

খেলুৱৈ জীৱনত মুঠ ছখন টেষ্ট খেলত নিছাৰে ৪৮.৪ ষ্ট্ৰাইক ৰে'টসহ ২৫টা উইকেট লাভ কৰিছিল। ৯৩ খন প্ৰথম শ্ৰেণীৰ ক্ৰিকেট খেলত তেওঁ ৩৮.০ ষ্ট্ৰাইক ৰে'টেৰে ৩৯৬টা উইকেট লাভ কৰিছিল।১

১৯৩৬ চনত ইংলেণ্ডৰ বিৰুদ্ধে অ'ভেলত মহম্মদ নিছাৰে অন্তিমখন টেষ্ট খেলে। খেলখনত তেওঁ এটা ইনিংছত পাঁচটা উইকেটসহ মুঠ ছটা উইকেট লাভ কৰিছিল।৫

ঐতিহ্য

প্ৰতিবছৰে ছেপ্টেম্বৰ মাহত ভাৰতৰ ৰঞ্জী ট্ৰফীৰ বিজয়ী আৰু পাকিস্তানৰ কাইদ-ই-আজম ট্ৰফীৰ বিজয়ীৰ মাজত "মহম্মদ নিছাৰ ট্ৰফী" অনুষ্ঠিত কৰা হয়।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Mohammad Nissar. Espncricinfo.com
  2. ↑ (June 10, 2003). Fast bowling legacy: Nissar and Amar Singh. Cricketnetwork.com
  3. ↑ England v India 1932. Espncricinfo.com
  4. ↑ Only Test: England v India at Lord's, Jun 25-28, 1932. espncricinfo
  5. ↑ Statsguru, bowling innings list

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ক্ৰিকেটাৰপাকিস্তানৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহম্মদ নিছাৰ” প্ৰবন্ধৰ সংশোধন ৫৭০১৭১ (১৫ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।